রবিবার, ২৫ মে, ২০২৫

প্ৰসংগক্ৰমে "ভাইমন দা"/চিনেচৰ্চা

"গান্ধী" --ৰিচাৰ্ড এটেনব'ৰ'ৰ পৰিচালনা। চিনেমা খনৰ লেখক: জন ব্ৰাইলি। মূল চৰিত্ৰটো নিৰ্মাণ কৰিছিল বেন কিংছলিকলৈ। ১৯৮২-ত চিত্ৰগৃহলৈ অহা এই biographical চিনেমা খনে চিত্ৰৰসিকক সন্তুষ্ট কৰিছিল, বাণিজ্যিক দিশতো সফল হৈছিল। (বাজেট: ২২ মিলিয়ন ডলাৰ, আয়: ১২৭.৮ মিলিয়ন ডলাৰ)

"এম এছ ধোনী: দ্য আনটল্ড ষ্ট'ৰী"। ৩০ ছেপ্টেম্বৰ ২০১৬-চিত্ৰগৃহলৈ অহা এই biographical sports drama চিনেমা খনৰ পৰিচালক নীৰজ পাণ্ডে। মূল চৰিত্ৰটো নিৰ্মাণ কৰিছিল সুশান্ত সিং ৰাজপুতকলৈ।--এই চিনেমা খনো দৰ্শকে পছন্দ কৰিছিল, বাণিজ্যিক দিশতো সফল হৈছিল। (চিনেমা খনৰ বাজেট: ১০৫ কোটি টকা, আয়: ২২০ কোটি টকা)

আন এখন biographical sports drama চিনেমা "83"। কবীৰ খানৰ পৰিচালনা। ১৫ ডিচেম্বৰ ২০২১-ত চিত্ৰগৃহলৈ অহা এই চিনেমা খনৰ কাহিনী ৰেখা ১৯৮৩ চনৰ ক্ৰিকেট বিশ্বকাপ জয়, কপিল দেৱৰ নেতৃত্বত ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ। কপিল দেৱৰ চৰিত্ৰটো নিৰ্মাণ কৰিছিল ৰণবীৰ সিং-কলৈ। --এই চিনেমা খন দৰ্শকে পছন্দ কৰাৰ বিপৰীতে বাণিজ্যিক দিশত সফল হোৱা নাছিল। (চিনেমা খনৰ বাজেট: প্ৰায় ২৭০ কোটি টকা,আয়: প্ৰায় ১৯৩.৭৩ কোটি টকা)

biopic চিনেমা এখনৰ সফৰতাৰ প্ৰথম সূত্ৰ "চৰিত্ৰ নিৰ্মাণ"। "চৰিত্ৰ"ৰ মাজত দৰ্শকক বাস্তৱৰ "নিৰ্দিষ্ট চৰিত্ৰ"টো অনুভৱ কৰাব লাগিব। ওপৰত উল্লেখ কৰা চিনেমা তিনিখনত ক্ৰমে মহাত্মা গান্ধী, মহেন্দ্ৰ সিং ধোনি, কপিল দেৱক দৰ্শকে অনুভৱ কৰিছিল। লগতে আনুভৱ কৰিছিল কাহিনীৰ গতিত পৰ্দালৈ অহা প্ৰতিটো চৰিত্ৰ। তেনদৰে আমি "ভাগ মিলখা ভাগ" (পৰিচালক: ৰাকেশ ওমপ্রকাশ মেহৰা/ চিত্ৰগৃহলৈ আহিছিল ১২ জুলাই ২০১৩-ত। বাজেট: ৩০ কোটি টকা, আয়: ১৬৪ কোটি টকা।), "গোল্ড: দ্য ড্ৰিম ডেট ইউনাইটেড আৱাৰ নেচন" (পৰিচালক: ৰীমা কাগতি/ চিত্ৰগৃহলৈ আহিছিল ১৫ আগষ্ট ২০১৮-ত। বাজেট: প্ৰায় ৬০ কোটি টকা, আয়: প্ৰায় ১৬০ কোটি টকা), "গুৰু" (পৰিচালক: মণি ৰত্নম/ চিত্ৰগৃহলৈ আহিছিল ১২ জানুৱাৰী ২০০৭-ত। বাজেট: ২২ কোটি টকা, আয়: প্ৰায় ৮৫ কোটি টকা।) আদিৰ সফলতাৰ ব্যাখ্যা এনেদৰে কৰিব পাৰোঁ।

biopic চিনেমাৰ দ্বিতীয়টো সফলতাৰ মন্ত্ৰ-- পৰিৱেশ নিৰ্মাণ, শুদ্ধ তথ্য প্ৰয়োগৰ লগতে কেমেৰা-সাহিত্যৰ ভাষাৰ পৰিপাটি প্ৰয়োগ (cinematic treatment)। স্বাভাবিকতে আমি (দৰ্শকে) পৰিপাটি কাহিনীৰ গতিত ৰূপালী গল্পটোত "নিৰ্দিষ্ট ব্যক্তি" গৰাকীক, সেই "সময়" অনুভৱ কৰিবলৈ চেষ্টা কৰিম। অনুভৱত বাধা পালে স্বাভাৱিকতে ক'ম (দৰ্শকে ক'ব)-- চিনেমা খন ভাল নালাগিল।

আহিছোঁ অসমীয়া biopic "ভাইমন দা"লৈ। চিনেমা খনৰ লেখক-পৰিচালক: শশাংক সমীৰ। চিনেমা খনৰ বিষয়-বস্তু মুনিন বৰুৱাৰ চিনেকৰ্ম (নাট্যকাৰ-নাট পৰিচালক মুনিন বৰুৱাক ৰূপালী গল্পটোত গুৰুত্ব দিয়া নাই), কাহিনী-ৰেখা মুনিন বৰুৱা কেন্দ্ৰিক। ৰূপালী গল্পটোৰ মূল বিন্দু স্বাভাৱিকতে মুনীন্দ্রনাথ বৰুৱা, মুনিন বৰুৱা বা ভাইমনদা। "কৈশোৰ ভাইমন"ৰ পৰা "ৰামধেনু"ৰ সফলতালৈ কাহিনী ৰেখা। "চৰিত্ৰ"টোৰ নিৰ্মাণ পৰ্ব, আয়োজনৰ বাবে পৰিচালক (আৰু অভিনেতা নিৰ্বাচক) প্ৰশংসাৰ পাত্ৰ। তেনেদৰে মূল বিন্দুৰ গতিত কাহিনীলৈ অহা "চৰিত্ৰ" নিৰ্মাণৰ আয়োজনো ইতিবাচক। (এনে আয়োজন সহজ নহয়।)

--প্ৰথমে মুনিন বৰুৱা নহয়, আন চাৰিটা চৰিত্ৰৰ কথাহে উল্লেখ কৰিম। শিৱ প্ৰসাদ ঠাকুৰ (সমূদ্ৰগুপ্ত দত্তকলৈ নিৰ্মাণ কৰিছে), পবিত্ৰ কুমাৰ ডেকা (অসীম কৃষ্ণ বৰুৱাকলৈ নিৰ্মাণ কৰিছে), জুবিন গাৰ্গ (পাৰ্থ প্ৰতীম হাজৰিকাকলৈ নিৰ্মাণ কৰিছে), মানস বৰুৱা (গীতাৰ্থ শৰ্মাকলৈ নিৰ্মাণ কৰিছে)। এই চৰিত্ৰ চাৰিটাৰ স্তৰ নাপালে বনদীপ শৰ্মাকলৈ নিৰ্মাণ কৰা মূল "চৰিত্ৰ"টো। "চৰিত্ৰ"টোৰ মাজত আমি ওচৰৰ পৰা পোৱা ভাইমনদাকক (মুনিন বৰুৱাক) অনুভৱ কৰাত দিগদাৰ পাইছোঁ। চিনেমা, কেৱল (দেশ-বিদেশৰ) চিনেমাৰ আড্ডা দি ভাল, মানুহৰ মাজত থাকি ভালপোৱা ভাইমনদাক নাপালোঁ। আমি অনুভৱ কৰা "কোমল মন"ৰ ভাইমনদাক সংলাপ প্ৰক্ষেপণ, চেহেৰাৰ ভাষাত ("চৰিত্ৰ"টোৰ মাজত) অনুভৱ নকৰিলোঁ। নিৰ্মাণ কৰা "চৰিত্ৰ"টো আৰু আমি ওচৰৰ পৰা পোৱা ভাইমনদাৰ মাজত দূৰত্ব অনুভৱৰ বাট নাথাকিলে মুকলি মনেৰে চিনে-সুখ অনুভৱ কৰিলো হেঁতেন! (এই কথা ঠিক-- এই ত্ৰুটিয়ে "ৰূপালী গল্প"টোৰ  ক্ষতি কৰা নাই!) 

অতীত-চাৰণৰ অপৰিপাটি প্ৰয়োগৰ পাছতো ক'ব পাৰি-- কাহিনীয়ে দৰ্শকক চুইছে। সাহিত্যৰ ভাষা (‘লাফাংগা’, ‘মাল’টো খুৱাব...ৰ দৰে কেইটামান সংলাপক বাদ দি। চিনেমা খনৰ "ইতিহাসে" মনত ৰাখি এনে সংলাপ প্ৰয়োগৰ প্ৰয়োজন নাছিল। প্ৰয়োজন নাছিল-- মদ খোৱাৰ প্ৰয়োজনতকৈ বেছি ছিকুৱেন্সৰ।)-কেমেৰাৰ ভাষা প্ৰয়োগ ৰূপালী সৌন্দৰ্যলৈ ৰূপান্তৰ হৈ গতি নিৰ্মাণত সহায় কৰিছে। 

কিশোৰ ভাইমনক মৌজাদাৰ দেউতাকে (চৰিত্ৰটোত কৰা গুণাকৰ দেৱগোস্বামীৰ অভিনয়ে মন চুই থাকিল। দেহ-চেহেৰাৰ ভাষা, সংলাপ প্ৰক্ষেপণত "অভিনয় ক্ষমতা" স্পষ্ট।) গোলাঘাটৰ পৰা দিল্লীৰ ৰামযশ কলেজলৈ পঠিওৱা, ফৰকাটিঙৰ পৰা দিল্লীমুখী ৰে’লত উঠিবলৈ লোৱা সুপৰিকল্পিত  ছিকুৱেন্সটো, "মঞ্জুলা-মুনিনৰ প্ৰেম কাহিনী"টোৰ লগতে গীতৰ চিত্ৰায়ণ আৰু প্ৰয়োগ ৰূপালী গল্পটোৰ বিশেষ অলংকাৰ বুলি ক'ব পাৰি। বিশেষকৈ 

"এৰা এৰি ক্ষনিকৰে

অচিৰে তুমি মই মিলিম

দুয়ো পাৰে পৃথিৱী থৈ

ভাল পোৱাৰ ডিঙা মেলিম..." (কথা: দীগন্ত ভাৰতী, সুৰ: জুবিন গাৰ্গ, কণ্ঠ: জুবিন গাৰ্গ, অমৃতপ্ৰভা মহন্ত)

গীতটো। গীতটো চিনেমেটিক সৌন্দৰ্যৰে ভৰপূৰ। এই গীতটোৰ লগতে কাহিনী-ৰেখাৰ গতিত ব্যৱহাৰ কৰা আন কেইটা গীতো অংগলৈ ৰূপান্তৰ কৰিছে, কাহিনীৰ গতি দ্ৰুত কৰাত ব্যৱহাৰ কৰিছে। 

"...ৰং ধেমালিৰ মন কাহিনী

চৌপাশে বিয়পা সুৰ বাহিনী

মৌ বৰষা হাঁহি পিন্ধি 

জয়মতী আজিও ৰয় জিলিকি...

যুগমীয়া আমাৰ জ্যেতিৰ কাৰেং...."

যুগমীয়া আমাৰ জ্যেতিৰ কাৰেং...." (কথা: শশাংক সমীৰ, সুৰ: পৰাণ বৰকটকী, কণ্ঠ: ৰূপম ভূঞা) টোৰ কথা-গয়কী চুই যোৱা। গীতৰ লগতে পৰিৱেশ নিৰ্মাণত সহায় কৰা সংগীতৰ ইতিবাচক কামৰ বাবে পৰিচালকৰ লগতে স্বাভাৱিকতে প্ৰশংসা কৰিম সংগীত পৰিচালকক। সংগীত জুবিন গাৰ্গ আৰু পৰাণ বৰকটকীৰ।

--গীত ব্যৱহাৰৰ আৰু এটা বাট আছিল। গীতেৰে ৰূপালী সৌন্দৰ্য বঢ়োৱাৰ সুযোগ আছিল। 

পৰিচালকে সেই বাট কিয় নললে? --চিনেমা খনৰ দৰ্শক হোৱাৰ পাছত এই প্ৰশ্নই আমাক চুই গ'ল। 

--হয়, মুনিন বৰুৱাৰ চিনেমাত ব্যৱহাৰ হোৱা গীতৰ (আৰু নাটকীয়) ছিকুৱেন্স ব্যৱহাৰেৰে ৰূপালী গল্পটোৰ সৌন্দৰ্য বঢ়োৱাৰ লগতে দৰ্শকক "মুনিন বৰুৱাৰ কাম" অনুভৱৰ সুযোগ দিব পাৰিলে হেতেন! চিনেমা খনৰ বিষয়-বস্তু, মজবুট হ'ল হেতেন! স্পষ্ট হ'ল হেঁতেন। 

--হয়, "ভাইমন দা" চিনেমা খনৰ বিষয়-বস্তু স্পষ্ট কৰাত ব্যৰ্থ পৰিচালক, চিত্ৰনাট্যকাৰ (আৰু গৱেষণাৰ প্ৰয়োজন আছিল)। মুনিন বৰুৱা চিনেমাৰ মানুহ আছিল, সংগীতৰ মানুহ আছিল, ভিডিঅ' চিনেমাৰ বাবে কিয় কাম কৰিছিল-- পৰিচালকে পৰিপাটিকৈ চুই গৈছে; কিন্তু "ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যকাৰ-পৰিচালক মুনিন বৰুৱা"ক গুৰুত্ব নিদিলে। গুৰুত্ব নিদিলেও চুই যোৱাৰ প্ৰয়োজন নাছিলনে? (মুনিন বৰুৱাৰ সৰহ সংখ্যক চিনেমাৰে শিপা ভ্ৰাম্যমাণ থিয়েটাৰত মঞ্চস্থ নাটক।) বিপৰীতে চিনেমা খনত অপ্ৰয়োজনীয় ছিকুৱেন্স ৰাখিছে, (হয়তো বজাৰ চিন্তাৰে। এয়া পৰিচালকৰ ইতিবাচক চিন্তা।) জুবিন গাৰ্গৰ চৰিত্ৰটোক অধিক গুৰুত্ব দিছে। জুবিন চৰিত্ৰটোৰ "hero entry"য়ে মূল বিষয়-বস্তুক গতি অৱশ্যেই দিছে; কিন্তু ক্ষতি কৰিছে। "জুবিনে" নিস্প্ৰভ কৰিছে "ভাইমনদা চৰিত্ৰটো"। তেনেদৰে ৰূপালী গল্পটোৰ প্ৰথমৰ ফালে "শিৱ প্ৰসাদ বৰঠাকুৰৰ চৰিত্ৰটো"ই নিস্প্ৰভ কৰিছে "ভাইমনদা চৰিত্ৰটো"। --এয়া চিনেমা খনৰ ইতিবাচক দিশ নহয়।

কাহিনী-ৰেখাৰ মূল বিন্দুটো শেষ বিন্দু এটালৈ নি সুখকৰ সমাপ্তিৰ বাবে মানস বৰুৱা চৰিত্ৰটো (মূল বিন্দুটোৰ পুত্ৰ) নিৰ্মাণ, প্ৰয়োগ ৰূপালী গল্পটোৰ ইতিবাচক দিশ। অবাধ্য, খঙাল পুত্ৰৰ পিতৃৰ প্ৰতি থকা ভালপোৱা সুন্দৰকৈ, কম ছিকুৱেন্সতে স্পষ্ট কৰিছে। কিন্তু এই চৰিত্ৰটোৰ সুপৰিকল্পিত নিৰ্মাণে (বিশেষকৈ acting power-এ) নিস্প্ৰভ কৰিছে মূল চৰিত্ৰটো। কাহিনী-ৰেখাৰ শেষৰ ভাগ "ভাইমনদা"ৰ হৈ নাথাকিল, "মানস বৰুৱা"ক দখল কৰালে। "নায়ক"লৈ ৰূপান্তৰ কৰিলে। দুখ-হতাশাৰ মাজত থকা পিতৃক পুত্ৰই সুখ দিলে-- (ভাইমনদাৰ) জন্মস্থানৰ বহুদিন বন্ধহৈ থকা চিত্ৰলেখা চিত্ৰগৃহত "ৰামধেনু" প্ৰদৰ্শন কৰোৱাই। কাহিনী-ৰেখাত (বাস্তৱতো) দেখা যায় মুনিন বৰুৱাক সন্তুষ্ট কৰে চিনেমাৰ "স্থানীয় বজাৰ" সফলতাই। "দীনবন্ধু"লৈ ৰাষ্ট্ৰীয় বঁটা অহাৰ পাছতো সুখ অনুভৱ কৰা নাছিল চিনেমা খন "স্থানীয় বজাৰ"ত সফল নোহোৱা বাবে। "ৰামধেনু"ৰ বাণিজ্যিক সফলতাৰ পাছতো কিন্তু সুখ অনুভৱ কৰা নাই মুনিন বৰুৱাই। পৰিচালক গৰাকীৰ নিজৰ জন্মস্থানত চিনেমা খন প্ৰদৰ্শন কৰিব নোৱাৰাৰ দুখ। একমাত্ৰ চিত্ৰগৃহটো বন্ধ হৈ আছে। কেনেকৈ প্ৰদৰ্শন কৰিব! বাদুলীয়ে বাহলোৱা, কেইবা মাহৰো বিদ্যুৎৰ বিল দিব থকা চিত্ৰগৃহটোত কম সময়ত চিনেমা প্ৰদৰ্শন কৰা কামটো সহজ নাছিল। অসম্ভৱ আছিল। অসম্ভৱ কামটো সম্ভৱ কৰিছিল মানসে,  পিতৃক সুখ দিবলৈ (পিতা-পুত্ৰ কেন্দ্ৰিক এখন চুই যোৱা চিনেমা! পিতা-পুত্ৰ কেন্দ্ৰিক অংশত স্পষ্টহৈ আছে শশাংক সমীৰৰ "directors powers"। মুকলি মনেৰে ক'ব পাৰি-- দক্ষিণ ভাৰতীয় বা বলিউডৰ চিনে-শৈলীৰ আঁতৰত থাকি সুপৰিকল্পিত, বজাৰ-চিন্তাৰে "মৌলিক চিনেমা" দিব পৰা পৰিচালক এজন "অসমীয়া চিনেমা"ই পালে। চিনেমা লেখক-পৰিচালক মুনিন বৰুৱাই চহকী কৰা "অসমীয়া চিনেমা"ৰ বাটটোত শশাংক সমীৰৰ সবল খোজ।)। 

কাহিনী-ৰেখাৰ গতিত লেখক-পৰিচালকে "অসমীয়া চিনেমা"ক ক্ষতি কৰা পাইৰেচি, চিত্ৰগৃহ (চিত্ৰগৃহ বন্ধ হৈ যোৱা, অসমতে অসমীয়া চিনেমাক চিত্ৰগৃহৰ মালিকে গুৰুত্ব নিদিয়া) সমস্যা আদি প্ৰসংগ পৰিপাটিকৈ আনিছে। কিন্তু অসমীয়া চিনেমা বা অসমীয়া চিনেমাৰ সমস্যা ৰূপালী গল্পটোৰ বিষয়-বস্তু নহয়, অংগও নহয়, অংশহে। অংগ কৰাৰ বাট আছিল, লেখক-পৰিচালক গুৰুত্ব নিদিলে। (প্ৰচাৰত কোৱাৰ দৰে চিনেমা খনলৈ "অসমীয়া চিনেমা"ৰ উত্থান-পতন অনা নাই, মুনিন বৰুৱা জড়িত থকা চিনেমাৰহে  কথা আছে।)

চৰিত্ৰ নিৰ্মাণ (শব্দযন্ত্ৰী সতীশ চৌহান,মঞ্জুলা বৰুৱাকে ধৰি কেইটামাণ চৰিত্ৰ নিৰ্মাণত সাজসজ্জা-ৰূপসজ্জা ত্ৰুটি আছে যদিও), সংগীতৰ পাছতে প্ৰশংসা কৰিব পৰা, ইতিবাচক দিশ সাজ-সজ্জা। বিষয়-বস্তু, কাহিনীৰ ইতিহাস মনত ৰাখিছে সাজ-সজ্জাৰ দায়িত্বত থকা গৰীমা শইকীয়া গাৰ্গে। ইতিবাচক দিশ-- অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাইৰ ছাউণ্ড ডিজাইনা, ভাঞ্চিনাথন মুৰুগেচনৰ চিনেমাট’গ্ৰাফী।

"ভাইমন দা"ৰ প্ৰযোজক শ্যামন্তক গৌতমক ধন্যবাদ জনাই এই চৰ্চাৰ আৰম্ভণিতে উল্লেখ কৰা চিনেমা কেইখনৰ কথা মনত ৰাখি কৈছোঁ-- বিষয় যিমানেই বিশাল নহওক কিয়, বিশেষকৈ চিত্ৰনাট্য পৰ্যায়ত পৰিশ্ৰম কৰি, শুদ্ধ গৱেষণাৰে মূল বিষয়-বস্তুক ২ ঘণ্টা ৩০-৪০ মিনিটত ৰূপালী পৰ্দালৈ আনিব নোৱাৰাৰ কাৰণ নাই। আৰু বজাৰৰ কথা মনত ৰাখি বাজেট নিৰ্ধাৰণ কৰিলেহে বাণিজ্যিক সফলতাৰ বাট দেখে। প্ৰায় ১৯৩.৭৩ কোটি টকা আয়ৰ পাছতো "ফ্লপ চিনেমা"ৰ তালিকা ভুক্ত হৈ থাকিল "83"। 

"ভাইমন দা"ৰ Box office Collection-এ আমাক আনন্দ দিছে। বাজেটৰ কথা মনত ৰাখি "বাণিজ্যিক সফল" বুলি ক'ব পাৰিলে সুখ অনুভৱ কৰিম। 

শেষত:

"ভাইমণ দা" এখন পৰিপাটি, দৰ্শকক চুব পৰা চিনেমা; কিন্তু সফল biopic নহয়।

(প্ৰকাশ: বিস্ময়/ জুলাই ২০২৫)






শনিবার, ২৪ মে, ২০২৫

দাৰা আহমেদ/ স্মৰণ



#চিনেমা জনা মানুহ জন, চিনেমাৰ ভাষা ব্যবহাৰত গুৰুত্ব দিয়া পৰিচালক জন, কাৰিকৰী দিশত দক্ষ চিনেকৰ্মী জনৰ প্ৰসঙ্গত কম চৰ্চা হৈছে। 

--হয়, দাৰা আহমেদৰ চিনে কৰ্মৰ চিনেচৰ্চাৰ কথা কৈছোঁ। কেৱল 'গল্প'ৰ বাবে চিনেমা নিৰ্মাণ কৰা পৰিচালক নাছিল, 'চিনেমা'ৰ বাবে চিনেমা পৰিচালনা কৰিছিল। ১৯৮৪ চনত পৰিচালনা কৰে "দেৱী" (শম্ভু গুপ্তৰ সৈতে তেওঁৰ যুটীয়া পৰিচালনা )। ১৯৮৫ চনৰ ২০ ডিচেম্বৰত মুক্তি পায় দাৰা আহমেদৰ স্বাধীন পৰিচালনা 'পূজা'। ব্যৱসায়িক ভাৱে অতি সফল হৈছিল। চিত্ৰগৃহলৈ আহে 'মধুচন্দা' (১৯৮৬) , 'প্ৰতিদান'(১৯৮৭) ,'বৰদৈচিলা'(১৯৮৯), 'ধ্ৰুৱতৰা'(১৯৯০), 'যখিনী'(১৯৯১), 'ৰিক্সাৱালা'(১৯৯৩), 'উৰ্বশী'(১৯৯৫) 'দেৱতা'(১৯৯৮)। অসমীয়া চিনেমাক নতুন গতি দিয়া ব্ৰজেন বৰুৱাৰ ব্যৱসায় সফল জনপ্ৰিয় ছবি 'ডক্টৰ বেজবৰুৱা'ৰ সহকাৰী পৰিচালক হিচাপে দাৰা আহমেদৰ প্ৰথম খোজ। পৰৱৰ্তী সময়ত আব্দুল মজিদকো পৰিচালনাত সহায় কৰে 'চামেলী মেমচা'ব' আৰু 'পোনাকন'ত। এই চিনেকৰ্ম বিশ্লেষণ কৰিলে 'চিনেমাৰ মানুহজন'ক সহজতে অনুভৱ কৰিব। এয়া স্পষ্ট --- দাৰা আহমেদৰ চিনেকৰ্মক সাৰ্থক চিনেকৰ্মৰ তালিকা ভুক্ত কৰিব নোৱাৰি। আৰু আজিৰ তাৰিখত কাৰিকৰী দিশতো প্ৰশংসা কৰিব নোৱাৰি। আমি প্ৰশংসা কৰিছো ১৯৮৪ -- ১৯৯৮ সময় চোৱাৰ অসমীয়া চিনেকৰ্মৰ কথা মনত ৰাখি। সেই সময় চোৱাত তিনি গৰাকী অসমীয়া চিনেমাৰ পৰিচালকৰ কামত কাৰিকৰী ক্ষমতা অনুভৱ কৰিছিলোঁ-- জনছ মহলীয়া , দাৰা আহমেদ , জাহ্নু বৰুৱাৰ। সেই সময় চোৱাৰ সৰহ সংখ্যক অসমীয়া চিনেমাৰ পৰিচালকে 'কাৰিকৰী উপদেষ্টা' ৰ আশ্ৰয় লৈছিল, লবলৈ বাধ্য হৈছিল।

 "কাৰিকৰী জ্ঞান নথকা চিনেমা পৰিচালক ভাষাৰ ব্যাকৰনৰ জ্ঞান নথকা কবিৰ দৰে"! --দাৰা আহমেদে কৈছিল। পৰিচালক গৰাকীৰ নিজৰ কথা নাছিল | আইজেনষ্টাইনৰহে আছিল। কেচা ফিল্মৰ অভাৱত আইজেনইষ্টানে চিনেমাৰ তৃতীয় ভাষা মন্টাজ আৱিস্কাৰ কৰিছিল, ব্যৱহাৰ কৰিছিল। আইজেনষ্টাইনৰ সময়ত হলিউডৰ তুলনাত চোভিয়েত ৰাচিয়াত প্ৰাযুক্তিক সুযোগ-সুবিধা কম আছিল , অতি কম। সীমাবদ্ধ প্ৰাযুক্তিৰেই কিন্তু আইজেনষ্টাইনৰ দৰে উৰ্বৰ চিনেচিন্তাৰ চিনেকৰ্মীয়ে অতুলনীয় চিনেশৈল্পিক সাফল্য অৰ্জন কৰিছিল। আৰু সেই সময়ত, পৰৱৰ্তী সময়তো চাৰ্লি চেপলিনৰ চিনেকৰ্মতকৈ আইজেনষ্টাইনৰ চিনেকৰ্মক শ্ৰেষ্ঠ বুলি কোৱা হৈছিল। কিন্ত জনপ্ৰিয় হৈছিল চেপলিনৰ গতিয়ে গুৰুত্ব পোৱা চিনেকৰ্ম। ভাৰততো চেপলিনৰ চিনেশৈলিয়ে বা পৰ্দাত গল্প কোৱা পদ্ধতি জনপ্ৰিয় হৈছিল। আৰু স্বাভাবিকতে ভাৰতীয় চিনেকৰ্মীয়ে 'জনপ্ৰিয় ধাৰাটো'ক গুৰুত্ব দিছিল। কব পাৰি-- চাৰ্লিৰ ধাৰাটো ভাৰতীয় চিনেধাৰালৈ ৰূপান্তৰ কৰিছিল ৰাজ কাপুৰে। "ৰাজ কাপুৰৰ চিনেমাই মোক আকৰ্ষন কৰিছিল। মই আইজেনষ্টাইনৰ চিনেমাও চাইছো। আইজেনষ্টাইনৰ A × B = C পদ্ধতিয়ে মোক আকৰ্ষণ কৰিছিল। ভাবিছিলো-- ময়ো এদিন চিনেমা পৰিচালনা কৰিম! আইজেনষ্টাইনৰ দৰে মন্টাজ ব্যবহাৰ কৰিম! মই জন ফোৰ্ড, জৰ্জ ষ্টিফেনৰ , সত্যজিত ৰায় , মৃণাল সেন , তপন সিনহা আদিৰ চিনেমাও হজম কৰিছিলোঁ। কিন্তু ব্ৰজেন বৰুৱাৰ সান্নিধ্যই মোক সলনি কৰিলে। সেই সময়ত মই 'ডক্টৰ বেজবৰুৱা'ৰ কামত ব্যস্ত। ৰাতি দেৰকৈ ঘৰ সোমাই বিছনাত পৰি আছিলোঁ। মনৰ মাজত চিনেমাৰ বহুকথা। বাৰে বাৰে মোৰ মনটো ৰৈ গৈছিল ৰাজ কাপুৰৰ চিনেমাত  সেই ৰাতি মই ঠিক কৰিছিলো, মই দৰ্শকৰ বাবেহে চিনেমা পৰিচালনা কৰিম! আৰু সেই ৰাতি মই অনুভৱ কৰিছিলোঁ-- মোক ছুই আছে ৰাজ কাপুৰৰ পৰিচালনা ষ্টাইলে। সেই ৰাতিৰ পৰা মই হিন্দী, বংলা, তামিল ইত্যাদি ভাষাৰ ব্যৱসায়িক সফল চিনেমা চোৱাত ব্যাস্ত হলো। আজি মই বিশ্বাস কৰো চিনেমা বিনোদন, কেৱল বিনোদনৰ বাবে। অৱশ্যেই পৰিচালকে সামাজিক দায়িত্বৰ কথা মনত ৰাখিব লাগিব। এয়া মোৰ ধাৰণা। " -- দাৰা আহমেদে কৈছিল | স্বাভাবিকতে দাৰা আহমেদৰ চিনেমাত বলীউডৰ শৈলী আৰু বংলা চিনেমাৰ ' গল্প ' কোৱাৰ কৌশল স্পষ্ট হৈছিল।

 --এই যে স্পষ্ট হৈছিল, অস্বীকাৰ কৰা নাছিল পৰিচালক গৰাকীয়ে। 

-- ১৯৯৪ চন | 'আজিৰ সংবাদ' নামৰ (অধুনালুপ্ত দৈনিক কাকত) খনৰ সম্পাদনা বিভাগত ব্যস্ত আছিলোঁ। "উৰ্বশী" চিনেমা খনৰ খবৰ লৈ আহিছিল দাৰা আহমেদ। কৈছিল-- " মই দাৰা আহমেদ | মোৰ নতুন চিনেমাৰ খবৰ লৈ আহিছোঁ | ছপালে ভাল লাগিব ! " সেয়াই প্ৰথম মুখা মুখী | সেই দিনা আমি ( মানে মই , কাকত খনৰ নিৱন্ধ সম্পাদক দিগন্ত ওজা , বতৰি সম্পাদক পুলিন ডেকা আৰু ষ্টাফ ৰিপ'ৰ্টাৰ শংকৰ লস্কৰ) বহু কথা পাতিছিলোঁ | পৰিচালক গৰাকীৰ তেতিয়ালৈকে চিত্ৰগৃহলৈ অহা চিনেমা কেইখনৰ নাম উল্লেখ কৰি কৈছিলোঁ-- আপোনাৰ চিনেমা মৌলিক বুলি কম জানো! হিন্দী-বংলা চিনেমাৰ ছাঁ ... "পৰিব পাৰে! মই কেতিয়াও দাবি কৰা নাই , নকৰো মোৰ নিজা শৈলী আছে বুলি। মই অসমীয়া ভাৰতীয় চিনেমা নিৰ্মান কৰি আহিছোঁ , নিৰ্মান কৰিম। ছাঁ-পোহৰৰ চিনেমা নিৰ্মান নকৰো। মোৰ ধাৰণাত চিনেমা মানেই কালাৰফুল। " --- আমাৰ প্ৰশ্ন শেষ হোৱাৰ আগতে দাৰা আহমেদে কৈছিল। 

সেই দিনা দিগন্ত ওজাই দাৰা আহমেদক 'আজিৰ সংবাদ'ৰ দ্বিতীয় প্ৰস্তাৱনা সংখ্যাটো দিছিল। সেই সংখ্যাত আইজেনষ্টাইন প্ৰসংগত লিখিছিলোঁ | সেই লেখাটোত চকু ফুৰায়ে দাৰা আহমেদে কৈছিল -- "কাৰিকৰী জ্ঞান নথকা চিনেমা পৰিচালক ভাষাৰ ব্যাকৰণৰ জ্ঞান নথকা কবিৰ দৰে |"

#দাৰা_আহমেদ : আজিৰ দিনটোতে উভতি নহা বাটেৰে আঁতৰি গৈছিল। শ্ৰদ্ধাৰে..

[জন্ম: ১০ জুন, ১৯৪৬, মৃত্যু: ২৪ মে', ২০২১]

#উৎপল_মেনা

২৫মে' ২০২১

রবিবার, ১৮ মে, ২০২৫

ভিলেজ ৰকষ্টাৰ্ছ/ চিনচৰ্চা

কি আছে-- "ভিলেজ ৰকষ্টাৰ্ছত"? এটা সৰল কাহিনী, গম্ভীৰ বিষয়বস্তু। কাহিনীৰ কেন্দ্রবিন্দু ধুনু নামৰ এগৰাকী কিশোৰী (চৰিত্ৰটোত নিৰ্মাণ কৰিছে ভনিতা দাসকলৈ)। ধুনুৰ দেউতাক নাই। মাকেই যেন সকলো। 'ছোৱালী হৈয়ো ...' তাই ল'ৰাৰ স'তে ওমলে। ল'ৰাবোৰৰ সৈতে ঘূৰি ফুৰে। তাতেই যেন তাই জীৱনৰ ছন্দ বিচাৰি পায়। লোকে কয়-- ধুনু ছোৱালী, ছোৱালীৰ দৰে আচৰণ কৰিব লাগে। তাইক গাঁৱৰ মহিলাকেইগৰাকীমানে তিৰস্কাৰো কৰে--ছোৱালী হৈ ছোৱালীৰ দৰে নাথাক কিয়! --মাকে কিন্তু সদায় ধুনুৰ পক্ষ লয়। মাকে ধুনুক সাহসী হ'বলৈ কয়, সাঁতুৰিবলৈ শিকায়। মাকে কয়, সাঁতুৰিবলৈ নিশিকা বাবেহে তাইৰ দেউতাক বানত বুৰি মৰিল।

কষ্টৰ বোজা লৈ জীৱনৰ বাটত আগবঢ়া ধুনুৱে এদিন দেখিলে--কেইজনমান ল'ৰাই টেপত এটা জনপ্রিয় গীত বজাইছে; আৰু ল'ৰাকেইজনে থার্মোকলেৰে সাজি লোৱা গীটাৰ-ড্রাম আদি লৈ বজোৱাৰ দৰে আচৰণ কৰিছে। মাকৰ সৈতে ফুৰিবলৈ গৈ দেখা সেই আচৰণে ধুনুক চুই যায়। পিছত তাইয়ো লগৰ ল'ৰাকেইজনমানৰ সৈতে তেনে আচৰণ কৰিব ধৰিলে। আৰু এদিন তাই মাকক ক'লে, তাইক এখন আচল গীটাৰ লাগে। --আৰম্ভ হয় ধুনুৰ সপোন। সপোনৰ লগত আগবাঢ়ে সময়। ধুনু গাভৰু হয়। গাঁৱৰ তিৰোতাসকলে ৰীতি-নীতি পালনৰ মাজেৰে কিছুমান 'পাঠ' দিয়ে। সেই পাঠ আছিল 'গাভৰু ধুনু' সজাত বন্দী হোৱাৰ পাঠ। কিন্তু তাই সজাত বন্দী হৈ নাথাকিল। এদিন মাকে পুৰণি গীটাৰ এখন কিনি আনি ধুনুৰ হাতত দিয়ে। মাকৰ চেহেৰাত গর্ব।

一গীটাৰৰ তাঁৰত ধনুৱে আঙুলি বুলায়। শব্দ হয়। শব্দত সুৰ নাথাকে। সুৰ নথকা সেই শব্দৰ সৈতে তাল মিলাই ল'ৰাহঁতে নাচ আৰম্ভ কৰি দিয়ে। কাহিনীৰ মাজলৈ মুনু নামৰ ছাগলী এটাও আহে। ছাগলীটোৰ সৈতে ধুনুব আত্মিক সম্পৰ্ক চিত্রায়ণ কৰে। কাহিনীত দেখা যায় এবাৰ মাকে মুনু নামৰ এই ছাগলীজনীক বিক্ৰী কৰি এখন গীটাৰ কিনিব নেকি বুলি মাকে প্রশ্ন কৰে, মাকৰ প্রশ্নত ধুনুৱে হাহাকাৰ অনুভৱ কৰে। সেই মুনু এদিন হেৰাই থাকে। এই যে মুনু হেৰাই থাকে, সেইখিনিতে পৰিচালকে কেমেৰাৰ ভাষাৰে হৃদয় চুই যোৱা 'খেল খেলে'। মন-মগজু চুই যোৱা এই ছিকুৱেন্স দর্শকৰ মনত যে সেউজ হৈ থাকিব সন্দেহ নাই।

এতিয়া আহিছোঁ বিষয়বস্তুলৈ। ধুনুৰ 'সপোন'ৰ লগতে চিনেমাখনৰ বিষয়বস্তু বানে গৰকা এখন গাঁও। প্রতি বছৰে খেতি কৰে। প্ৰতি বছৰে গাঁওখন বানৰ কবলত পৰে। 

পানীয়ে খেতি নষ্ট কৰিব বুলি জানিও খেতি কিয় কৰে?--ধুনুব প্রশ্ন। মাকে কয়-- 'কর্মই ধর্ম'। 

কাহিনীৰে বিষয়বস্তু অতি সুন্দৰভাৱে কেমেৰাৰ ভাষাৰে 'আঁকিছে' পৰিচালকে। কোনো এটা ছিকুৱেন্সতে "যান্ত্ৰিকতা"নাই। নিৰ্মল প্ৰাকৃতিক ছন্দ ৰূপালী গল্পটোৰ সৌন্দৰ্য। এই চিনে সৌন্দর্যই হৈছে চিনেমাখনৰ মূল সম্পদ। তেনেদৰে চৰিত্ৰ নিৰ্মাণ কৰিছে বাস্তৱিক অভিনয় (realistic acting)-ৰে। ছয়গাৱৰ (চিনেমা খনৰ পটভূমি) বাস্তৱৰে যেন "চৰিত্ৰ"! (চিনেমা খনত ব্যৱহাৰ কৰা সাহিত্যৰ ভাষা: ছয়গাৱৰ প্ৰচলিত ভাষা।)




শেষত:

পৰিচালক, চিত্ৰনাট্যকাৰ, চিত্ৰগ্ৰহণকাৰী ৰীমা দাস চৰ্চাৰ বিষয় হৈ পৰিছে 'চিনেমাৰ পৃথিৱী'ত। "অস্কাৰ দৌৰ"তো অংশ লৈছে।


প্রযোজক, পৰিচালক, চিত্রগ্রহণ, সম্পাদনা, সংগীতঃ * বীমা দাস, অভিনয়তঃ বনিতা দাস, মানরেন্দ্র দাস, বাসন্তী দাস, বিষ্ণু কলিতা, বিংকু দাস, বলোৰাম দাস, কুলদা কুমাৰ ভট্টাচার্য, চিত্রগৃহলৈ আহিছিল: ২৮ ছেপ্টেম্বৰ, ২০১৮


শনিবার, ১৭ মে, ২০২৫

অগ্নিস্নান/ চিনেচৰ্চা

[১৯৮৯ চনৰ #চৰ্চা । #ইস্তাহাৰ নামৰ সাপ্তাহিক কাকত এখনত প্ৰকাশ পাইছিল। সম্পাদনা কৰি ছপাইছিল। আধাৰো বেছি অংশ বাদ দিছিল।]


সাহিত্যৰ চিনেমা "অগ্নিস্নান"। পৰিচালক-চিত্ৰনাট্যকাৰ ভবেন্দ্রনাথ শইকীয়াৰ এই চিনমা খনৰো শিপা নিজৰে উপন্যাস "অন্তুৰীপ"ৰ একাংশ। এই চিনেমা খনৰো সৌন্দৰ্য-- পৰিপাটি, চুই যোৱা (সংলাপ) সাহিত্যৰ ভাষা প্ৰয়োগ। কেমেৰাৰ গতি, কেমেৰাৰ ভাষা প্ৰয়োগ সাহিত্যৰ ভাষা কেন্দ্ৰিক। কেমেৰাৰ ভাষাৰ স্বতন্ত্ৰ প্ৰয়োগ চিত্ৰৰসিকক চুব পৰাকৈ চিনেমা খনত আছে বুলিব নোৱাৰি। প্ৰথম দুখন পৰিচালনাতকৈ (সন্ধ্যাৰাগ,অনিৰ্বাণ) এই তৃতীয় পৰিচালনাত অধিক পৈনত, সু-পৰিকল্পিত "চিনেমা পৰিচালক, সংলাপ লেখক ভবেন্দ্ৰ নাথ শইকীয়া"ক চিত্ৰৰসিকে অনুভৱ কৰাৰ বাট পাইছিল। কিন্তু "সচেতন পৰিচালক" হিচাপে গুৰুত্ব থকা বাবে চিনেমাখন চিত্রগৃহলৈ অহাৰ পাছত শইকীয়াৰ "সামাজিক দায়বদ্ধতা"ৰ প্রসংগত প্রশ্নও উত্থাপন হৈছিল। বিতৰ্কলৈ আহিছিল মূলতঃ এই কেইটা সংলাপ, ছিকুৱেন্স-- 

মহীকান্ত: তই মোৰ কথামতে মোৰ কোঠালিলৈ আহিবি নে নাই?

মেনকা: নাযাওঁ।

মহীকান্ত: কিয় নাহিবি? তই মোৰ ঘৈণী হয় নে নহয়? তোক মই খানা-পিনা দিছোঁ নে নাই? মাছ, মাংস, ঘিউ, জহা চাউল দিছোঁ নে নাই?

মেনকা: সেইবোৰ মই ঠিকমতে সিজাই দি আছোঁ। বহি বহি খোৱা নাই নহয়। কাম কৰিছোঁ, খাইছোঁ।

মহীকান্ত: কাম কৰিলেই হ'ল নেকি? তই বান্দী নেকি? বান্দীৰ নিচিনাকৈ কাম কৰিলেই ৱাইফ হয় নেকি?

মেনকা: আৰু কি কৰিব লাগে? ৰাতি শুব লাগে?

মহীকান্ত: আলবৎ।

মেনকা: লগত শুবলৈ মানুহ আছে নহয়।

মহীকান্ত: সেইবোৰ কথাৰ তোৰ দৰকাৰ নাই। মই তোক এৰি দিছোঁ নেকি? নাই দিয়া। মই কেতিয়া কাৰ লগত শুম, সেইটো মই ঠিক কৰিম। মোৰ খুচি। এইফালে আহ...!


মহীকান্ত-কিৰণৰ শৃংগাৰৰ শব্দই মেনকাক স্পৰ্শ কৰা আদি প্রতীকৰ সহায়ত বুজোৱাৰ বিপৰীতে ওপৰত উল্লেখ কৰা ধৰণৰ 'বোল্ড' সংলাপ চিনেমাখনত কিয় ব্যৱহাৰ কৰা হ'ল, সেয়াই আছিল মূলতঃ বিতৰ্কৰ বিষয়। পৰ্যালোচনা কৰি চালে কিন্তু এটা দিশ স্পষ্ট হৈ পৰে চিনেমাখনৰ বিষয়বস্তুৱেই 'বোল্ড'। সংলাপসমূহ ছিকুৱেন্স নিৰ্মাণৰ স্বাৰ্থত কৰা স্বাভাৱিক ব্যৱহাৰ। গতিকে এনে বিষয়বস্তু কিয় নির্বাচন কৰে, সেয়া বিতৰ্কৰ বিষয় হ'ব পাৰে; কিন্তু 'বোল্ড' সংলাপ ব্যৱহাৰ বিতৰ্কৰ বিষয় হ'ব নোৱাৰে। কাৰণ সংলাপ ব্যৱহাৰ পৰিৱেশ সাপেক্ষ, স্বাভাৱিক।

--চিনেমা খনৰ ৰূপালী সৌন্দৰ্য "চৰিত্ৰ" নিৰ্মাণ। বিজু ফুকনকলৈ নিৰ্মাণ কৰিছে কাহিনীৰ এটা বিন্দু মহীকান্ত নামৰ চৰিত্ৰটো। ন-ধনী, অর্ধ-চহৰীয়া, ধনগৰ্বী, মতগৰ্বী মহীকান্তৰ মাজত হেৰাই থাকিল "জনপ্ৰিয় হিৰো বিজু ফুকন" ইমেজ। এই হেৰাই থাকিল বুলিছো, এয়াই সফলতা। বিজু ফুকনৰ অভিনয় শক্তি প্ৰয়োগৰ সফলতা।

মেনকা চৰিত্ৰটো নিৰ্মাণ কৰিছে মলয়া গোস্বামীকলৈ। অভিনেত্ৰী গৰাকীৰ প্ৰথম খন চিনেমা। চিনেমা খনৰ আন এক সৌন্দৰ্য। চৰিত্ৰটোৰ মুখত দিয়া সংলাপ আছিল সু-পৰিকল্পিত, 'বিতর্কিত'। মহীকান্তৰ পত্নী মেনকা। মহীকান্তই দ্বিতীয় বিবাহ কৰায়। মেনকা থাকোঁতে যদি মহীকান্তই দ্বিতীয় পত্নী কিৰণৰ সৈতে একেখন বিছনাত শোৱে, মেনকাই মহীকান্ত-কিৰণৰ শৃংগাৰৰ শব্দ 'সহ্য' কৰিব লগা হয়-- তেনেহ'লে? "ৰাম থাকিলেহে সীতা থাকিব..." মেনকাৰ যুক্তি। তাই প্রতিবাদৰ ভাষা বিচাৰি লয়। চিনেমাখনৰ এটা চৰিত্ৰ-- মদন চোৰ (চৰিত্ৰটো নিৰ্মাণ কৰিছে অৰুণ নাথকলৈ। মদনক তাইৰ সৈতে দৈহিক সম্পর্ক কৰিবলৈ বাধ্য কৰিলে। তাইৰ এটা সন্তানৰ পিতৃ-- মদন। মেনকাৰ সৈতে মদনৰ দৈহিক সম্পৰ্কৰ সৈতে মেনকাৰ কামনা-বাসনাৰ সম্পৰ্ক নাছিল। সেয়া আছিল 'ব্যৱস্থা', মহীকান্তক এসেকা দিয়াৰ 'ব্যৱস্থা' (মহীকান্তৰ এটা সন্তানৰ মাতৃ মেনকা নহয়, কিৰণ। ইয়াৰ প্ৰতিবাদ)। মদনে 'সহায়' কৰিছিল। চৰিত্ৰটো সহজ-সৰল নাছিল। জটিল, অতি জটিল আছিল। হয়তো মলয়া গোস্বামীৰ বাবে, 'চিনেমা কেৰিয়াৰ'ৰ প্ৰথমখন চিনেমাতে এনে জটিল চৰিত্ৰত অভিনয় কৰাটো সহজ নহয়, নাছিল। এই যে 'সহজ কাম' নাছিল সেয়া স্পষ্ট হৈছিল 'মুখৰ অভিব্যক্তি'ত। দক্ষতাৰে ভিন্ন, পৰিৱৰ্তিত অভিব্যক্তি স্পষ্টভারে ফুটাই তোলাত ব্যর্থ হৈছিল। কিন্তু চৰিত্ৰটো নিৰ্মাণত পৰিচালকক সহায় নকৰা বুলি ক'ব নোৱাৰি। 'চৰিত্ৰ'টোক বিশেষ পর্যায়লৈ নিব পাৰিছিল।

--সাহিত্যৰ ভাষা গুৰুত্ব দিয়া চিনেমা খনৰ গতিসূত্ৰ, ভূগোল-ইতিহাস, কেমেৰা ডিজাইন, কেমেৰাৰ ভাষা প্ৰয়োগ চিত্ৰৰসিকৰ মন চুই যোৱা নহয়।

বুধবার, ১৪ মে, ২০২৫

প্ৰিয়দৰ্শন

[চিত্ৰগৃহত এখন অসমীয়া চিনেমা-- "কেচটো নগেন"। চোৱা নাই। চাম। চিনেমা খনৰ "প্ৰচাৰ চৰ্চা"ত অনুভৱ কাৰৰ সময়ত মনলৈ আহিছে-- প্ৰিয়দৰ্শন। কিয়? চিনেমা খন চোৱাৰ পাছত চৰ্চা কৰিম।]

পৰিচালক গৰাকীৰ নাম-- প্ৰিয়দৰ্শন। চিনেযাত্ৰা আৰম্ভ কৰিছিল ১৯৭৮ চনত। পৰিচালনা কৰা প্ৰথম খন  চিনেমা (মালয়ালম) "পূচককোৰু মুক্কুথি" (Poochakkoru Mookkuthi)। চাৰ্লছ ডিকেন্সৰ নাটক "The Strange Gentleman"ৰ আধাৰত পৰিচালক গৰাকীয়ে চিত্ৰনাট্য-সংলাপ লিখিছিল, কেমেৰা ডিজাইন (চিত্ৰগ্ৰহণ: এছ কুমাৰ) কৰিছিল। চিনেমা খনৰ প্ৰচাৰত ব্যৱহাৰ কৰিছিল-- "সকলো শ্ৰেণীৰ দৰ্শকে চিনে-আনন্দ অনুভৱ কৰিব পৰা screwball comedy" (ৰোমান্টিক কমেডি ঘৰানাৰ)। ১৭ মাৰ্চ ১৯৮৪-ত চিত্ৰগৃহলৈ অহা চিনেমা খন কেৰেলাৰ এটা চিত্ৰগৃহত একেলগে ১০০দিন চলিছিল। চিনেমা আলোচকৰো আশীৰ্বাদ পোৱা এই চিনেমা খন পৰৱৰ্তী সময়ত আন ভাষাৰ লগতে হিন্দী (বলিউড) ভাষাতো নিৰ্মাণ হৈছে "হাংগামা" (২০০৩) নামেৰে। ১০০খনৰো অধিক চিনেমাৰ কাম কৰা প্ৰিয়দৰ্শনৰ এই "কমেডি ধাৰা"ই বলিউড বজাৰত সফলতাৰ নতুন বাট কাটিছিল। এই শৈলীৰেই বলিউড বজাৰত নিজৰ চিনেমাৰ গুৰুত্ব বঢ়াইছিল, জনপ্ৰিয় হৈছিল-- প্ৰিয়দৰ্শন। 
বলিউডলৈ আহি  "মুস্কুৰাহাট" (১৯৯২), "গাৰ্ডিছ" (১৯৯৩), "বিৰাসত" (১৯৯৭), "সাত ৰং কে সপনে" (১৯৯৮), "কভি না কভি" (১৯৯৮), "ডলী সাজা কে ৰাখনা" (১৯৯৮) পৰিচালনা কৰিছিল। পৰিচালনা শৈলী, গল্পৰেখা এটা বৃত্তৰ নহয়, ভিন্ন। সেই সময়লৈকে পৰিচালক গৰাকীৰ "পৰিচয়" আছিল  Indian Malayalam-language epic historical drama film "কালাপানী" (৬ এপ্ৰিল ১৯৯৬)-ৰপৰিচালক। চিনেমা খনেৰে পৰিচালক গৰাকীয়ে চিনেমা আলোচক, চিত্ৰৰসিকৰ পৰা প্ৰশংসা পাইছিল; কিন্তু "জনপ্ৰিয় প্ৰশংসা" নাছিল। "জনপ্ৰিয় প্ৰশংসা" পাইছিল "হেৰা ফেৰী" (২০০০) চিত্ৰগৃহলৈ অহাৰ পাছত। 
"হেৰা ফেৰি"-- চৰিত্ৰ নিৰ্মাণ ৰূপালী গল্পটোৰ প্ৰধান সৌন্দৰ্য। অক্ষয় কুমাৰ, সুনীল শ্বেট্টীৰ দৰে সেই সময়ত "এক্‌চন হিৰো ইমেজ"ত বন্দী নায়কক ৰূপান্তৰ কৰিছে "কমেডি হিৰো"লৈ। পৰিপাটি পৰিচালনা শৈলীৰ বাবে "ইমেজ ৰূপান্তৰ"-এ দৰ্শকক চুইছে। ৰূপালী গল্পটোৰ শ্ৰেষ্ঠ চৰিত্ৰ নিৰ্মাণ (পৰেশ ৰাৱালক লৈ) --বাবুভাই। বাবুৰাও গণপাত্ৰাও আপ্টে। খলনায়ক ইমেজেৰে দৰ্শকৰ ওচৰত থকা অভিনেতা গৰাকীক লৈ "কমডি ইমেজ"ত নিৰ্মাণ কৰা বাবুভাই প্ৰিয়দৰ্শনৰ চিনে-চিন্তা আৰু পৰিচালনা শক্তিৰ এটা উদাহৰণ। কেৱল হহুৱাবৰ বাবে কাহিনী ৰেখাক গতি দিয়া নাছিল। কাহিনী ৰেখাৰ গতিত পৰিপাটিকৈ ভাৰতৰ নিম্ন মধ্যবিত্ত পৰিয়ালৰ অৰ্থনৈতিক সমস্যাৰৰ হেচাৰ ছবি এখন পৰ্দালৈ আনিছিল। চৰিত্ৰ নিৰ্মাণ আৰু কাহিনী ৰেখাৰ এই "সফল দিশ"টোৰ বাবে cult classic-ৰ তালিকাভুক্ত এই চিনেমা খনক সৰ্বকালৰ শ্ৰেষ্ঠ ভাৰতীয় কমেডি চিনেমা কেইখনৰ এখন বুলি কোৱা হয়। প্ৰায় ৮ কোটি টকা বাজেটৰ চিনেমা খনে উপাৰ্জন কৰিছিল প্ৰথম পৰ্যায়ত প্ৰায় ১২ কোটি টকা। এই খিনিতে অৱশ্যেইই উল্লেখ কৰাৰ প্ৰয়োজন আছে-- ১৯৭১ চনৰ আমেৰিকান টিভি  চিনেমা "ছি দ্য মেন ৰাণ"ৰে  অনুপ্ৰাণিত মালয়ালম চিনেমা "ৰামজী ৰাও স্পিকিঙ" (১৯৮৯) "হেৰাফেৰি"ৰ শিপা। পৰৱৰ্তী সময়ত এই চিনেমা খন তেলেগু ভাষাত পুনৰ নিৰ্মাণ কৰে শিৱ নাগেশ্বৰ ৰাৱে, "ধনলক্ষ্মী, আই লাভ ইউ " (২০০২) নামেৰে।
"হেৰাফেৰি"ৰ পাছত প্ৰায় একে শৈলী ব্যৱহাৰ কৰি প্ৰিয়দৰ্শনে পৰিচালনা কৰে-- "য়েহ তেৰা ঘৰ য়েহ মেৰা ঘৰ" (২০০১), "হাংগামা" (২০০৩), "হুলচুল" (২০০৪),"গৰাম মছলা" (২০০৫), "ভাগম ভাগ" (২০০৬), "মালামাল সাপ্তাহিক" (২০০৬), "চুপ চুপ কে" (২০০৬), "ঢোল" (২০০৭), "ভূল ভুলাইয়া" (২০০৭), "মেৰে বাপ পেহলে আপ" (২০০৮), "বিলু" (২০০৯), "ডা ডানা ডেন" (২০০৯), "খট্টা মীথা" (২০১০), "কমল ধমাল মালামাল" (২০১২), "হাংগামা ২" (২০২১)।ইয়াৰ মাজতে পৰিচালনা কৰে কমেডি বৃত্তৰ বাহিৰৰ, ভিন্ন শৈলীৰ "কিঊ কি" (২০০৫), "বাম বাম বলে" (২০১০), "আক্ৰোশ" (২০১০), "টেজ্জ" (২০১২) আৰু "ৰেংগ্ৰেজ" (২০১৩) চিনেমা কেইখন।

()

পৰিচালক প্ৰিয়দৰ্শনৰ সৈতে আমাৰ পৰিচয় "মুস্কুৰাহাট"ৰে। পৰিচালক গৰাকীৰ নিজা মালয়ালম চিনেমা "কিলুক্কাম"ৰ পুনৰ্নিৰ্মাণ। "comedy-drama" কিন্তু পৰিচালনা শৈলীত বজাৰ-চিন্তা আছিল বুলিব নোৱাৰি। গোপিচণ্ড ভাৰ্মা ৰূপালী গল্পটোৰ মূল বিন্দু। পৰিয়ালৰ পৰা বহুদিন বিচ্ছিন্ন হৈ থকা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ। চৰিত্ৰটো নিৰ্মাণ কৰিছিল অমৃশ পুৰীক লৈ। অমৃশ পুৰী পুৰিকলৈ আন এটা চৰিত্ৰ নিৰ্মাণ কৰিছিল "বিৰাসত"ত। তামিল চিনেমা "থেভাৰ মগান" (Thevar Magan) এই চিনেমা খনৰ শিপা। প্ৰিয়দৰ্শনৰে পৰিচালনা। কাহিনী  কমল হাছানৰ। চিনেমা খনৰ সৌন্দৰ্য চৰিত্ৰ নিৰ্মাণৰ লগতে আৱেগ নিৰ্মাণ আৰু সংগীত। ৪৩ সংখ্যক ফিল্মফেয়াৰ বঁটাত এই চিনেমা খন জিলিকিছিল। এই চিনেমা খনেৰে "দক্ষিণ ভাৰতৰ চিনেমা"ই বলিউড বজাৰ দখলৰ নতুন বাট কাটিছিল। আৰু বাট বহল কৰিছিল "হেৰাফেৰি"য়ে।

বলিউড বজাৰত প্ৰিয়দৰ্শনৰ উত্থানৰ পাছতে "বলিউডী চিনেমা" বজাৰ সমস্যা বঢ়াইছিল। আৰু আজি! আজি দক্ষিণ ভাৰতীয় চিনে-চিন্তাৰ দখলত বলিউড বজাৰ। বলিউডৰ পৰা নিৰ্মাণ হোৱা প্ৰিয় ভাগ সফল চিনেমাৰে চিনে-চিন্তা "দক্ষিণ ভাৰতৰ চিনেমা"ৰ। বলিউডতে শেষ নহয়, অসমীয়া চিনেমাকো গ্ৰাস কৰিছে দক্ষিণ ভাৰতীয় চিনে-চিন্তাই। 

(৩)

"মোৰ চিনেমাক সংলাপৰ ভাষাই নিয়ন্ত্ৰণ নকৰে। মোৰ চিন্তা কাহিনী কেন্দ্ৰিক, বিষয়-বস্তু কেন্দ্ৰিক। মই মোৰ চিন্তৰ আঁতৰলৈ আহি চিনেমাৰ কাম কৰিব নোৱাৰো। বহুতে কৈছে 'সাত ৰং কে সপনে'ৰ বাণিজ্যিক বিফলতাৰ কাৰণ-- নিৰ্মাণশৈলী বলিউডৰ চিনেমাৰ দৰে নহয়, দক্ষিণ ভাৰতীয় চিনেমাৰ দৰে! কিন্তু মোৰ 'বিৰাসত' সফল হোৱা নাই জানো! এই কথা মোৰ মনে নামানে-- বজাৰ দখলৰ সৈতে শৈলীৰ সম্পৰ্ক আছে। আপোনাৰোকে অপেক্ষা কৰক-- দেখিব, দক্ষিণ ভাৰতীয় চিনেমাৰ শৈলীৰ চিনেমা বলিউডৰ চিনেমাত অভ্যস্ত দৰ্শকেও গ্ৰহণ কৰিব।" --প্ৰিয়দৰ্শনে কৈছিল। ১৮জুন ১৯৯৭-ত, মুম্বাইত, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত। (উৎস: কিংষ্টাৰ/ ভাল লগা অনুভৱ-- সেই সংবাদমেলত আমিয়ো উপস্থিত আছিলোঁ। সংবাদমেৰ কথা "বিস্ময়"ত চৰ্চা কৰিছিলোঁ। সেইদিনা অনুভৱ কৰিছিলোঁ-- প্ৰিয়দৰ্শন নিজকে এৰি নিদিয়া পৰিচালক। নিজৰ চিনে-চিন্তাক, বাণিজ্যিক সফলতাৰ স্বাৰ্থত এৰি নিদিয়া পৰিচালক। --এই যে বলিউড বজাৰতো "দক্ষিণ ভাৰতীয় পৰিচালকৰ শৈলী" বা নিজৰ চিনে-চিন্তাৰে চিনেমা পৰিচালনা কৰি গ'ল, সেয়াই সফলতাৰ মন্ত্ৰ।)

--প্ৰিয়দৰ্শনে যি কৈছিল, পৰৱৰ্তী সময়ত সেয়াই হ'ল। বলিউডৰ পৰিচালকে বজাৰ দখলৰ বাবে দক্ষিণ ভাৰতীয় চিনে-চিন্তাক গুৰুত্ব দিবলৈ বাধ্য হ'ল। লাহে লাহে নিস্প্ৰভ হ'ল-- "বলিউড শৈলী"। একাংশ পৰিচালকক দক্ষিন ভাৰতৰ চিনেমাৰ কাহিনীত বলিউডি ফৰ্মূলা প্ৰয়োগ কৰা দেখা গ'ল। বজাৰত সফলতাৰ বাট কিন্তু নাপালে। 

এটি উদাহৰণ: ত্রিবিক্রম শ্রীনিবাসৰ পৰিচালনাৰে নিৰ্মিত এখন তেলুগু ভাষাৰ চিনেমা "আলা বৈকুণ্ঠপুৰমুলু" (Ala Vaikunthapurramuloo)। চিনেমা খন আমি কেইবাৰো চাইছোঁ। আমনি নলগা। ১০০ কোটি টকা বাজেটৰ চিনেমা খনৰ প্ৰথম পৰ্যায়ত  আয় প্ৰায় ৩০০ কোটি টকা। এই চিনেমা খনৰে ৰোহিত ধৱনে কৰা হিন্দি ৰি-মেক "শ্বেহজাদা"।  বলিউডী শৈলীত কাহিনীক গতি দিয়া চিনেমা খনৰ আয়  ৪৭.৪৩ কোটি টকা (বাজেট: ৬৫ কোটি)। এনেধৰণৰ উদাহৰণ ঢেৰ আছে। 

সোমবার, ১২ মে, ২০২৫

জাহ্নু বৰুৱা

[জাহ্নু বৰুৱাৰ সৈতে মোৰ এই 'আলাপ' আছিল ২০০৩ৰ ছেপ্টেম্বৰ সংখ্যাৰ #বিস্ময় ৰ বাবে।  তেতিয়ালৈকে জাহ্নু বৰুৱাই পৰিচালনা কৰিছিল-'অপৰূপা', 'পাপৰি', 'হালধীয়া চৰায়ে বাওধান খায়', 'কুশল', 'বনানি', 'ফিৰিঙতি', 'সাগৰলৈ বহু দূৰ', 'পখী', 'কণিকাৰ ৰামধেনু' আৰু 'তৰা'।]

#ভাৰতীয় চিনেমাৰ 'ধাৰা' প্ৰসংগক লৈ চিনেমা আলোচক, চীনেমা পৰিচালকসকলৰ মাজত আজিৰ তাৰিখতো বিতর্ক চলি থকা দেখা যায়।
মূল ধাৰা আৰু সমান্তৰাল ধাৰা-- চিনেমাৰ এই বিভাজনক যিসকলে সমর্থন কৰিছে, কৰি আহিছে, সেইসকলেও কিন্তু ধাৰা দুটাৰ প্ৰসংগত স্পষ্ট সংজ্ঞা দেখা নাযায়। চিনেমাৰ ধাৰা বিভাজনক সমর্থন কৰা পৰিচালক #জাহ্নু বৰুৱাৰ মতে--"শিল্পী এগৰাকীৰ চিন্তাধাৰা সৰ্বসাধাৰণ মানুহতকৈ সদায় অলপ বেলেগ হয়। সাধাৰণ মানুহতকৈ আগতে ভাবে। এয়া হয় কেৱল তেওঁৰ সৃষ্টিশীল মনটোৰ বাবে। শিল্পী এজনৰ চিন্তা কামৰ মাজেৰে তেওঁ মানুহক কি দিব পাৰে? কিন্তু সাধাৰণতে শিল্পী আৰু সাধাৰণ মানুহৰ চিন্তাধাৰাৰ মাজত কিছু দূৰত্ব থাকি যায়। কোনো শিল্পীয়ে নিজৰ চিন্তাধাৰাৰ কথা মনত নাৰাখি সাধাৰণ 
মানুহৰ চিন্তাধাৰাত গুৰুত্ব দিয়ে, কোনো কোনোরে নিদিয়ে-- সৃষ্টিৰ সময়ত নিজৰ চিন্তাধাৰাৰ কথাহে মনত ৰাখে। চিনেমাৰ ক্ষেত্ৰতো এচামে দৰ্শকৰ কথা মনত নাৰাখি, সাধাৰণ মানুহে কি বিচাৰিব পাৰে সেই কথা মনত নাৰাখি 'সৃষ্টি'ৰ সময়ত কেৱল নিজৰ চিন্তাধাৰাকহে গুৰুত্ব দিয়ে।"
জাহ্নু বৰুৱাৰ সৈতে হোৱা সুদীর্ঘ আলাপত এটা কথা স্পষ্ট হৈ পৰিল দর্শকক বা সাধাৰণ মানুহক গুৰুত্ব দি 'ট্রিট' কৰা চিনেমাবোৰ হ'ল মূল ধাৰাৰ, আৰু পৰিচালকৰ নিজৰ চিন্তাধাৰাক গুৰুত্ব দি 'ট্রিট' কৰা চিনেমাবোৰ হ'ল-- সমান্তৰাল ধাৰাৰ। পৰিচালকগৰাকীৰ সৈতে মত-বিনিময় কৰি আৰু পৰিচালকগৰাকীৰ চিনেমাৰ দৰ্শক হৈ অনুভৱ কৰিছোঁ-- পৰিচালকগৰাকীয়ে দৰ্শকৰ কথা মনলৈ আনি নিজৰ চিন্তাধাৰাক কেমেৰাত বন্দী কৰাৰ সময়ত কোনো কালেই 'কম্প্র'মাইজ' কৰা নাই। তেনেহ'লে আমি নিশ্চয় ক'ব পাৰোঁ- জাহ্নু বৰুৱা সমান্তৰাল ধাৰাৰ ছবিৰ পৰিচালক।

শৈশৱৰ সপোন:

নাই, চিনেমা পৰিচালনা কৰাৰ সপোন শৈশৱত এবাৰো অহা নাছিল আজিৰ সচেতন পৰিচালক, "অসম গৌৰৱ" জাহ্নু বৰুৱাৰ। শৈশৱত সপোন দেখিছিল-- উৰাজাহাজাত উৰি ফুৰাৰ, সাগৰ চোৱা। পৰিচালকগৰাকীৰ ভাষাত- "...শিশু চৰিত্ৰসমূহত মোৰ নিজৰ ল'ৰালি কালৰ কিছুমান ঘটনা, ইচ্ছা অৱশ্যেই প্রতিফলিত হৈছে। সাগৰ চোৱা মোৰ এক ধৰণৰ ইচ্ছা আছিল আৰু সাগৰ দেখি কেনে লাগিব সেয়া ভাবি ভাল লাগিছিল। মই ঘৰৰ বাহিৰলৈ ওলাই আহিলোঁ বাবে সাগৰখনে মোৰ দৃষ্টিত বেলেগ ধৰণে ধৰা দিলে।...
কিন্তু মোৰ মনলৈ আজিও বাৰে বাৰে আহে-- সাগৰ নেদেখা সেই 'মই'জনৰ কথা। সাগৰ কিমান দ, কিমান বিশাল হ'ব? সাগৰক মই প্রতীকৰূপে ব্যৱহাৰ কৰিছোঁ। চিনেমাৰ মাজেৰে মই ক'ব খুজিছোঁ যদি সৰু ল'ৰা-ছোৱালীৰ কোনো ধৰণৰ হাবিয়াস থাকে, কিবা এটা কৰাৰ ইচ্ছা থাকে, ডাঙৰসকলে সহায় কৰিব লাগে। সাগৰ চাম চাম বুলি ভাবি থকা শিশু এজনে যেতিয়া সঁচাসঁচি সাগৰ দেখা পায়, তেতিয়া শিশুজনৰ মনৰ অনুভূতি কেনে হ'ব পাৰে সেয়া ডাঙৰে উপলব্ধি কৰা উচিত।

? সাগৰ চোৱাৰ বাহিৰে কিশোৰ জাহ্নু বৰুৱাৰ কিবা সপোন...?

আমাৰ প্ৰশ্নৰ উত্তৰত জাহ্নু দাই ক'লে-- মহাকাশলৈ যোৱাৰ সপোন দেখিছিলোঁ। মই তেতিয়া স্কুলত পঢ়ি আছোঁ। এদিন বাতৰিকাকতত এটা খবৰ ওলাল-- কেতিয়াবা ভাৰতে যদি মহাকাশলৈ কাৰোবাক পঠিয়ায়, কাৰ কাৰ মহাকাশলৈ যোৱাৰ ইচ্ছা আছে লিখি জনাব পাৰে। তেতিয়া ময়ো লিখি পঠিয়াইছিলোঁ।

? চিনেমৰ প্ৰতি আকর্ষণ কেতিয়া অনুভৱ কৰিলে?

কলেজ পোৱাৰ পাছত।... কুৰুশ্ব'বা, সত্যজিৎ ৰায় আদিৰ চিনেমাইয় মোক মাধ্যমটোৰ প্ৰতি আকর্ষণ কৰিছিল।

? চিনেমা পৰিচালনাৰ ক্ষেত্ৰত খোজ দিয়াৰ পাছত, আজি কোনগৰাকী পৰিচালকৰ বিষয়বস্তু নির্বাচনে আপোনাক আকৰ্ষণ কৰে?

: ঋত্বিক ঘটক, জি অৰবিন্দম আৰু গিৰীশ আছৰাৱলীৰ...।

?...আৰু "ট্রিটমেন্ট'?

: কোনো বিশেষ পৰিচালকৰ চিনেমাৰ 'ট্রিটমেন্ট'-এ নহয়, পৰিচালকৰ কোনো কোনো 'ছিকুবেন্স'ৰ ট্রিটমেন্টেহে মোক আকৰ্ষিত কৰে।

যি কৰিছোঁ নিজৰ চেষ্টাতে কৰিছোঁ:

আমাৰ আলাপৰ গতি মসৃণ নাছিল। যেনিয়ে-তেনিয়ে গৈছিল। ইয়াৰ কাৰণ হ'ব পাৰে পৰিচালকগৰাকীয়ে আমাক দিয়া সময় কম, সুধিবলৈ আছিল বহু প্রশ্ন। পৰিচালক গৰাকীয়ে অসমীয়া চিনেমাৰ উত্তৰণৰ বাবে, "চিনেমাৰ সুস্থ পৰিবেশ" নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে মন নিদিয়াৰ বাবে ক্ষোভ প্ৰকাশ কৰিছিল। কৈছিল-- "অসমত সুস্থ চিনেমা নৰ্মাণ কৰিব পৰা পৰিচালক আছে। চৰকাৰে এই সকল পৰিচালকক চিনেমা নিৰ্মাণত সহায় কৰিব লাগে। সুস্থ চিনেমাৰ পৰিবেশ, দৰ্শক নিৰ্মাণত চৰকাৰে সহায় কৰিব লাগে। কিন্তু এই দিশত চৰকাৰে মন নিদিয়ে। আমি যি কৰিছোঁ, কৰি আছোঁ নিজৰ চেষ্টাতে কৰি আছোঁ।..."

? চিনেমাৰ সংখ্যা কিন্তু বেছ বাঢ়িছে...?

: বাঢ়িছে, কিন্তু আশা কৰিব লগা একো দেখা নাই। ব্যৱসায়ৰ কথা মনত ৰাখি চিনেমা কৰিবলৈ আহিলেও পৰিচালকৰ পৰিচালনাৰ জ্ঞানৰ প্ৰয়োজন। কিন্তু শেহতীয়াভাৱে চিনেমা পৰিচালনা কৰিবলৈ অহা কেইজনৰনো আছে...! 
--উৎপল মেনা 

মঙ্গলবার, ৬ মে, ২০২৫

পদুম বৰুৱা

["পদুম বৰুৱা" চৰ্চা কৰিছিলোঁ দৈনিক কাকত "আজি"ত, কাকত খনৰ সম্পাদক অজিত কুমাৰ ভূঞাৰ "আদেশ", লেখক-অভিনেতা দিলীপ কুমাৰ হাজৰিকাৰ তাগিদাত। "জয়মতী"ৰে আৰম্ভ হোৱা অসমীয়া চিনেমাৰ সৱল শৈলীক আৰু এখোজ আগবঢ়াই নিয়া পৰিচালক গৰাকীক তিনিবাৰ লগ কৰিছিলোঁ। পৰিচালক গৰাকীয়ে কোৱা কথাৰে যুগুত কৰিছিলোঁ, এই লেখা। যেনেদৰে ছপা হৈছিল, তেনেদৰে আগবঢ়ালোঁ।]


 "সপোন বোলা বস্তুটো মই বেয়া পাওঁ। মোৰ চিনেমাখনত কোনো সপোন নাই। দর্শকক সপোন দেখুৱাব খোজা নাই। বাস্তৱৰ মুখামুখি কৰাব খুজিছোঁ।" --এয়া পদুম বৰুৱাই কোৱা কথা। তেওঁ পৰিচালনা কৰা একমাত্র চিনেমা "গঙাচিলনীৰ পাখি"ৰ প্রসংগত কৈছিল এই কথা। সন্দেহ নাই যে পদুম বৰুৱাৰ এই অসমীয়া চিনেমাখন আজিৰ তাৰিখতো অসমৰ চিত্ৰৰসিকৰ বাবে গৌৰৱ। এই লেখাৰ প্ৰসংগ পিছে 'গঙাচিলনীৰ পাখি' নহয়, পদুম বৰুৱাহে।

চিনেমাৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ আছিল পদুম বৰুৱাৰ। তেতিয়া তেওঁৰ বয়স ন নে দহ। তেওঁ ঠিক কৰিছিল-- যিকোনো প্ৰকাৰে চিনেমা এখন চাব! চোৱাৰ সুযোগো পালে। ডগলাছ ফেয়াৰবেংকছৰ (Douglas Fairbanks) নিৰ্বাক ছবি এখন। তাৰ পাছত ১৯৩৫ চনত যোৰহাটৰ ভ্ৰাম্যমাণ ছবিগৃহত "জয়মতী" চোৱাৰ সুযোগ পালে। মূলতঃ এই দুখন চিনেমাই পদুম বৰুৱাক "চিনেমা অনুভৱ" কৰিবলৈ শিকালে। তেওঁ মাধ্যমটোৰ গভীৰতা উপলব্ধি কৰিলে পুডভকিনৰ (Vsevolod Illarionovich Pudovkin) "চুভৰভ" (Suvorov)

চোৱাৰ পাছত। এইবোৰ কথা দক্ষ পৰিচালক গৰাকীয়ে আমাক (অধুনালুপ্ত দৈনিক কাকত "আজি"ৰ হৈ গ্ৰহণ কৰা সাক্ষাৎকাৰত) কৈছিল। আৰু কৈছিল, তেওঁক চিনেমা মাধ্যমটোৰ প্ৰতি অধিক আগ্রহী কৰি তুলিছিল চার্লি চেপলিন (Sir Charles Spencer Chaplin), জন ফ'ৰ্ড (John Ford), ভিক্টৰ ফ্লেমিং (Victor Fleming), হিচকক (Alfred Hitchcock), উইলিয়াম ৱাইলাৰ (William Wyler)-ৰ চিনেমাই। আৰু তেওঁ চিনেমাৰ মাজত সোমাই পৰিছিল মেলভিলৰ (melville) "দি ফিল্ম" নামৰ কিতাপখন পঢ়াৰ পাছত। তেওঁৰ মনলৈ আহিল তেওঁৰ দ্বাৰা চিনেমা পৰিচালনা কৰিব পৰা নাযাব কিয়?

পদুম বৰুৱাৰ কেৱল তেনে আগ্রহ নাছিল-- এদিন চিনেমা পৰিচালনা কৰিব। তেওঁৰ মূল উদ্দেশ্য আছিল তেওঁ কাম কৰা সমাজখনত চিনেমাৰ সুস্থ পৰিবেশ গঢ়ি তুলিব আৰু তাৰেই এটা অংশ হ'ল সুস্থ চিনেমা পৰিচালনা।

কাশীত 'অধ্যয়ন' কৰি থকা সময়ত ভালেমান শ্রেষ্ঠ চিনেমা চোৱাৰ, চৰ্চা কৰাৰ সুযোগ পায়ছিল পদুম বৰুৱাই। তেওঁ উপলব্ধি কৰে ভাল চিনেমা চালেই নহ'ব। চোৱাৰ পাছত চৰ্চাৰো প্ৰয়োজন। তেতিয়াহে সুস্থ চলচ্চিত্র আন্দোলন সম্ভৱ হ'ব পাৰে। 'পঢ়া-শুনা' শেষ কৰি যেতিয়া ১৯৪৮ চনত অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ চাকৰিত যোগ দি শ্বিলঙত থাকিবলৈ লয়, তেতিয়া চিনেমা চোৱা, চৰ্চা কৰাত গুৰুত্ব দিলে। গঠন হ'ল ফিল্ম ছ'চাইটী। ১৯৬৩ চনত শ্বিলঙৰ ফিল্ম ছ'চাইটীৰ বেনাৰত সত্যজিৎ ৰায়ৰ "পথেৰ পাঁচালী" প্ৰদৰ্শনৰ ব্যৱস্থা কৰে। এই চিনেমাখন প্রদর্শন হোৱাৰ পাছত পদুম বৰুৱাই উপলব্ধি কৰে-- "পথেৰ পাঁচালী"ৰ শৈলীৰ চিনেমা অসমীয়া ভাষাতো সম্ভব। অৱশ্যে সেই সময়ত অসমীয়া চিনেমাৰ 'বজাৰ' আছিল অতি দুখলগা। তথাপি তেওঁৰ মনৰ ভাব বুজি আগবাঢ়ি আহিছিল মহম্মদ ছাদুল্লা। তাৰ পাছত...?

মহম্মদ ছাদুল্লাৰ প্রস্তাৱ-- "মনৰ মাজতে আৰু কিমান দিন ৰাখিব। কিবা এটা কৰি পেলোৱা উচিত। মই উপন্যাস এখন আনিছোঁ। এই উপন্যাসৰ কাহিনীভাগ লৈয়ে আগবাঢ়িব নোৱাৰোঁনে?..." উপন্যাসখনৰ নাম 'গঙাচিলনীৰ পাখি'। লক্ষ্মীনন্দন বৰাৰ উপন্যাস। প্রথমে পদুম বৰুৱাই গুৰুত্ব দিয়া নাছিল। কিন্তু হাতত তুলি লোৱাৰ পাছত, যেতিয়া ক্রমে উপন্যাসখনৰ মাজত সোমাই পৰিল, অনুভৱ কৰিলে-- হয়, পৰা যায়। চিত্রনাট্য ৰচনাৰ কাম আগবাঢ়িল। লগে লগে ব্যস্ত হৈ পৰিল অভিনেতা-অভিনেত্রী, বিশেষকৈ মূল 'নায়িকা'ৰ সন্ধানত। প্রথমে ঠিক কৰিলে সত্ৰৰ গোসাঁইৰ ছোৱালী এগৰাকী। ঘৰত আপত্তি। ছোৱালীগৰাকীয়ে কেমেৰাৰ সন্মুখত অভিনয় কৰাৰ অনুমতি নাপালে। নায়িকাৰ ছাদুল্লা ব্যস্ত হ'ল ভ্রাম্যমাণ থিয়েটাৰত। পদুম বৰুৱা অন্য স্থানত। অৱশেষত পদুম বৰুবাই টীয়ক কলেজত "নায়িকা" গৰাকী বিচাৰি পালে। নাম বীণা বাৰৱতী। কাম আৰু কিছু আগবাঢ়িল। পদুম বৰুৱাই শেষত হাতত থকা নিজৰ সঞ্চিত কিছু টকা ছাদুল্লাক দিলে কলকাতালৈ যাবলৈ। প্ৰাৰম্ভিক কামৰ বাবে। কেমেৰামেন ঠিক কৰা হ'ল নলীন দুৱৰাক। কলকাতাৰ পৰা সহায় কৰাৰ বাবে আহিল ফটিক মজুমদাৰ।

তেনেতে সমস্যা এটা হ'ল, যাৰ বাবে নলীন দুৱৰাই দায়িত্ব ল'ব নোৱাৰিলে আৰু কেমেৰাৰ দায়িত্ব দিয়া হ'ল ইন্দুকল্প হাজৰিকাক। ১৯৬৮ চনৰ মে' মাহত 'গঙাচিলনীৰ পাখি'ৰ শুভ মহুৰৎ হ'ল। ...আকৌ সমস্যা। এইবাৰ টকাৰ। সহায়ৰ হাত আগবঢ়ালে মাতৃয়ে। মাকৰ পৰা ৭,০০০ টকা লৈ আৰু কিছু কাম

আগবঢ়ালে। ৰাজ্যিক লটাৰী বিভাগৰ পৰাও ৩০,০০০ টকা ল'লে, ওভতাই দিয়াৰ চুক্তিৰে। তেনেদৰে ১৯৭২ চনত চিনেমাখনৰ চিত্ৰগ্ৰহণৰ কাম কোনোমতে শেষ কৰে। বাকী কামখিনি শেষ কৰে অসম ফিল্ম ফাইনেন্স ডেভেলপমেন্ট কৰ্প'ৰেচনৰ পৰা তিনিটা কিস্তিত উলিয়াবলৈ সক্ষম হোৱা ৪৫,০০০ টকাৰে। উলিয়াবলৈ সক্ষম হোৱা বুলি এই কাৰণেই কৈছোঁ, এই টকাখিনিৰ বাবে পদুম বৰুৱাই অন্য এক সংগ্রাম কৰিবলৈ বাধ্য হৈছিল। সেয়া যি কি নহওক, ১৯৭৬ চনত চিনেমাখন সম্পূর্ণ হয় আৰু চিত্ৰগৃহলৈ আহে সেই বছৰটোৰে ১২ মাৰ্চত। পদুম বৰুৱা আছিল সংগীত জনা মানুহ, সংগীত বুজা মানুহ। সেয়ে 'গঙাচিলনীৰ পাখি'ৰ সংগীত ৰচনাৰ কাম আনক দিয়া নাছিল। নিজে কৰিছিল। তেওঁ চিনেমাখনৰ চৰিত্ৰ, পৰিৱেশ আদিৰ লগতে সংগীতকো 'বাস্তৱ'ত ৰাখিবলৈ চেষ্টা কৰিছিল। "বাস্তৱ"ৰ পৰা বুটলি আনিছিল সংগীতকো। তেওঁ তেতিয়া যোৰহাটত বাঁহীবাদনৰ শিক্ষাদান কৰে। যোৰহাটত যিটো ঘৰত আছিল, তাৰ ওচৰতে আছিল এগৰাকী যুৱতী। হয়তো সেই যুৱতীৰ সৈতে যুৱক এজনৰ প্ৰেমৰ সম্পৰ্ক হয়, কাৰণ জনা নাযায়-- প্রতিটো নিশা হাতত বীণ এখন লৈ যুৱকে কিয় যুৱতীৰ ঘৰৰ ওচৰ চাপে? কিয় বীণত কৰুণ সুৰ বজায়? সেয়া যি কি নহওক, বীণৰ সেই কৰুণ সুৰে বিশাল গভীৰতা বঢ়াইছিল। চিনেমাখনত তেনে পৰিৱেশ এটা 'ৰচনা' কৰিবলৈও পদুম বৰুৱাই সেই যুৱকগৰাকীয়ে বজোৱাৰ দৰে বীণৰ সুৰ ব্যৱহাৰ কৰিছিল। তেনেদৰে 'বাস্তৱতা'ৰ স্বাৰ্থত এটা গীত গোৱাইছিল যোৰহাটৰ ফুটপাথত বহি সুৰেৰে জীৱিকা চলাই থকা তিতাবৰৰ মাণিক সন্দিকৈৰ হতুৱাই।

--উৎপল মেনা

১৮/১২/২০০২







সাগৰলৈ বহু দূৰ /চিনেচৰ্চা

["সাগৰলৈ বহু দূৰ" চিনেমা খনৰ এই চৰ্চা প্ৰকাশ পাইছিল অধুনালুপ্ত সাপ্তাহিক কাকত "জনক্ৰান্তি"ত। যেনেদৰে প্ৰকাশ পাইছিল, তেনেদৰে আগবঢ়ালোঁ। আজিৰ তাৰিখত চিনেমা খনৰ #চৰ্চা স্বাভাৱিকতে এনেৰণৰ নহব। ]


#সাগৰলৈ_বহু_দূৰ তিনিটা জেনেৰেচনৰ কাহিনী। আর্থ-সামাজিক অৱস্থাৰ পটভূমিত তিনিটা জেনেৰেচনৰ সংঘাত আৰু প্রতিক্রিয়া হ'ল চিনেমা খনৰ বিষয়বস্তু। 

#ৰূপালী গল্পটোৰ মূল বিন্দু এজন নাৱৰীয়া। পোৱাল দিহিঙীয়া। আদবয়সীয়া ঘাটুৱৈ পোৱাল দিহিঙীয়া, যাৰ ককাক, দেউতাক আৰু সৰু পুতেকজনো আছিল ঘাটুৱৈ। সৰু পুতেক-বোৱাৰীয়েকৰ মৃত্যুৰ পিছত নাতিয়েকৰ সৈতেই পোৱাল দিহিঙীয়াৰ সংসাৰ। নাতিয়েকক লৈয়ে তেওঁৰ সপোন। গাঁওখনৰ মানুহক ইপাৰ-সিপাৰ কৰিয়ে চলাই থাকে তেওঁলোকৰ সংসাৰ। কিন্তু দিহিং নৈৰ ওপৰত দলং এখন হোৱাত পৰিয়ালৰ জীৱিকাৰ পথ বন্ধ হয়। উপায়বিহীন পোৱালে দলংখনৰ ওপৰতে প্রতিশোধ ল'ব খোজে যদিও নাতিয়েকৰ বাধাই তেওঁৰ সম্বিৎ ফিৰাই আনে। নতুন জীৱিকাৰ পথৰ সন্ধান কৰে পোৱাল দিহিঙীয়াই। 

চিনেমি খনত উপ-কাহিনী এটাও আছে। পোৱাল দিহিঙীয়াৰ বৰপুত্ৰৰ পিতৃৰ প্ৰতি অকণো অনুকম্পা নাই। দিহিঙীয়াৰ নামত চহৰত থকা মাটিখিনি বিক্ৰী কৰাৰ স্বাৰ্থতেই ভালৰি লগাই মাতি পঠিয়ায়, আৰু পুতেক-বোৱাৰীয়েকে তেওঁক কৃত্রিমভাবে সোধা-পোছা কৰে; যিটো কথা পিছত জানিব পাৰি তেওঁ আঘাত পায়।

#জাহ্নু বৰুৱাৰ এই চিনেমা খনৰ প্ৰধান সৌন্দৰ্য গল্প, গল্প কোৱাৰ শৈলী। পৰিপাটি, স্পষ্ট গল্পৰ গতি।

খোকোজা নলগাকৈ আগবঢ়াই নিছে কাহিনীৰ লগতে উপ-কাহিনী। মনৰ বিপৰীতে গৈ দলং সজা কামত সমর্থন দিয়া আৰু দলং সাজোঁতে সহায় কৰা অৱস্থাত দিহিঙীয়াৰ মুখত ফুটি উঠা অভিব্যক্তি ধৰি ৰখা শ্বটকেইটাই আমাক, চিত্ৰৰসিকক চুই গৈছে। সন্দেহ নৰখাকৈ  ক'ব পাৰি বিষ্ণু খাৰঘৰীয়াৰ স্পৰ্শকাতৰ অভিনয় ৰূপালী গল্পটোৰ বিশেষ সৌন্দৰ্য। এই খিনিতে এনেদৰে ক'ব পাৰি-- চৰিত্ৰ নিৰ্মাণ পৰ্ব পৰিপাটি, বাস্তৱৰ ওচৰৰ (শিশুশিল্পী সুশান্ত বৰুৱা, অৰুণ নাথ, কাশ্মীৰী শইকীয়া, মিৰেল কুদ্দুছকে ববি প্রতিগৰাকী শিল্পী নিজৰ নিজৰ চৰিত্ৰটোৰ সৈতে একাত্ম হৈ পৰিছে যদিও সকলোকে নিষ্প্রভ কৰি পেলাইছে বিষ্ণু খাৰঘৰীয়াই। দাৰা আহমেদৰ 'বিক্সাৱালা', হেৰাই যোৱা 'বৃষ্টি'ৰ বিষ্ণু খাৰঘৰীয়াক আমি ওভতাই পালোঁ 'সাগৰলৈ বহু দুৰ'ত। আগতকৈও সুন্দৰ ৰূপত।)। মন কৰিবলগীয়া আন এটা দিশ হ'ল সহজ-সৰল সংলাপৰ ব্যৱহাৰ (বাস্তৱৰ ওচৰৰ সংলাপ প্ৰয়োগ)। কোনো এটি সংলাপেই মাত্রা চেৰাই যোৱা নাই। যিটো চৰিত্ৰৰ মুখত যেনেধৰণৰ সংলাপ দিয়া উচিত, তেনে সংলাপেই ব্যৱহাৰ কৰা হৈছে।

ছিকুৱেন্স নিৰ্মাণ, শ্বটৰ গাণিতিক আৰু কলাত্মক প্ৰয়োগ (স্বাভাৱিকতে দৃশ্যগ্রহণকাৰী পি ৰাজনকো অৱশ্যেই ধন্যবাদ জনাব লাগিব।), সংগীত প্ৰয়োগৰ (ছিকুৱেন্সক প্রাণ দিছে প্রয়াত সত্য বৰুৱাৰ সংগীতে।) লগতে মেদহীন সাহিত্যৰ ভাষা প্ৰয়োগ ৰূপালী গল্পটোৰ ইতিবাচক দিশ।

কাহিনীৰ গতিত কম ফুটেজতে বহু কথা কৈছে পৰিচালকে। এয়া চিনেমা খনৰ আন এক সৌন্দৰ্য। উদাহৰণ: (ক) পোৱাল দিহিঙীয়াই গাত চাদৰ এখন মেৰিয়াই নৈৰ ঘাটলৈ গৈ ব্যায়াম কৰি, প্ৰাতঃকৰ্ম কৰি ঘুৰি অহাৰ একেখিনি কথাকেই পুনৰ দেখুওৱা হৈছে

নাতিয়েকৰ ক্ষেত্ৰত।

 (খ) চহৰত টিভিত দেখা পাশ্চাত্য সংস্কৃতিৰ অনুকৰণ কৰিছে দিহিঙীয়াৰ নাতিয়েকে। বিছনাৰ ওপৰত উলংগ হৈ নাচি গাইছে 'আমি অসমীয়া নহওঁ দুখীয়া...'। (এনে ধৰণৰ ছিকুৱেন্সে কাহিনীক আৰু বাস্তৱৰ ওচৰ চপাই।) 

শেষত:

দলং এখন পর্যায়ক্রমে সাজি, অসমীয়া ছবিৰ সীমিত বাজেটেৰে পর্যায়ক্রমে দৃশ্যগ্রহণ কৰা সম্ভৱ নহয়। অসম্ভৱটোকে সম্ভৱ কৰি তোলা হ'ল 'সাগৰলৈ বহু দূৰ'ত। ইয়াৰ বাবে প্রযোজক, পৰিচালকক ধন্যবাদ দি আমাৰ প্ৰশ্ন, পৰিচালক জাহ্নু বৰুৱাক: চিনেমা খনৰ কাহিনীভাগ এটা ঋতু বা কালতে আবদ্ধ আছিল নেকি? নদীৰ সোঁতত কিন্তু ঋতু পৰিৱৰ্তনৰ কোনো চিন দেখা নগ'ল।

#উৎপল_মেনা

১০/১৯৯৫



শুক্রবার, ২ মে, ২০২৫

বাহাৰুল

REDMI 12C | NEERNAYAN


বাহাৰুল ইছলাম


(চন: ১৯৯৩। দিন, তাৰিখ মনত ৰখা নাই। গুৱাহাটী।)

বাহাৰুল দা ঘৰত আছেনে?

 "সাধাৰণ" মানুহজনে মোৰ ফালে চালে।

 মোৰ পৰিচয় দিলো। 

নম্রভাৱে মানুহজনে ক'লে-- "আহক! ভিতৰলৈ আহক।" মোক বহিব দিলে। মানুহজনো বহিল। মানুহজনে মোৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিলে। মই দিগদাৰ অনুভৱ কৰিলোঁ। বিৰক্ত হ'লোঁ। বিৰক্তিখিনি ঢাকি ৰাখি আকৌ সুধিলোঁ-- বাহাৰুলদা ঘৰত আছেনে? 

এইবাৰ মোৰ আচৰিত হোৱাৰ পাল!

"আমি বোধহয় লগ হোৱা নাই। ময়ে বাহাৰুল ইছলাম।..."

"সাধাৰণ" মানুহজনে "অসাধাৰণ" বাহাৰুলদা!

লাজ পালোঁ!

দুঃখিত! মই ক'লোঁ।

"আহা, আমি ভিতৰত বহি কথা পাতিব পাৰোঁ!"

--আমি কথা পাতিলোঁ। অসহজ হৈ পৰা মোক বাহাৰুলদাই সহজ কৰি দিলে।

প্রশ্ন-উত্তৰৰ মাজত সোমাই পৰিলোঁ।

ক্রমে সহজ পৰিলোঁ। সেই প্রথম সাক্ষাতত স্পষ্ট হৈ পৰিল-- "নাটক" বিষয়ত বাহাৰুলদা স্পষ্ট। "সমাজৰ বাবে নাটক। নাট্যকাৰ-পৰিচালকৰ সামাজিক দায়বদ্ধয় আছে। নাটকৰ সৈতে 'ব্যৱসায়'ৰ সম্পৰ্ক আছে। ব্যৱসায়ক বাদ দি ধাৰাবাহিকনটা চর্চা অসম্ভব।"

বাহাৰুলদাই আৰু ক'লে-- "নাটক নাটকেই। ভ্রাম্যমাণ থিয়েটাৰৰ নাটক, ৰবীন্দ্ৰ ভৱনৰ নাটকৰ মাজত দূৰত্ব থাকিব লাগে বুলি মই নাভাবো। দূৰত্বৰ কথা মনত ৰাখিলে নাট্যকাৰৰ 'সৃষ্টি'ত ক্ষতি হোৱাৰ ভয় থাকে।..."

নাটক কেন্দ্ৰিক আৰু কিছু কথা পাতিছিলোঁ। আমাৰ এই প্ৰথম সাক্ষাৎকাৰ প্ৰকাশ পাইছিল অধুনালুপ্ত সাপ্তাহিক কাকত "জনক্ৰান্তি"ত।

**********************

সেই যে প্রথমবাৰ লগ পাইছিলোঁ।.. তাৰ পাছত আৰু কেইবাবাৰো লগ পাইছিলোঁ। ওচৰৰ পৰা বাহাৰুলদাৰ সৃষ্টি অনুভৱ কৰাৰ সুযোগ পাইছিলোঁ। 'ইমুখ'ৰ কামত সহায় কৰাৰ সুযোগ পাইছিলোঁ। 'ইমুখ' বাহাৰুল ইছলামৰ সম্পদনাৰে প্ৰকাশ পোৱা আলোচনী। নাটক-চিনেমাৰ আলোচনী। কোনো সন্দেহ নৰখাকৈ ক'ব পাৰি-- ইমুখৰ দৰে উন্নতমানৰ নাটক-চিনেমাৰ আলোচনী আজিলৈকে ওলোৱা নাই। পিছে দুখৰ বিষয় আলোচনীখনৰ দুটা সংখ্যাহে ওলাল, মানে প্রকাশ পালে। তাৰ পাছত 'ব্রেক'। মোৰ কাৰ্যক্ষেত্ৰত মুম্বাইত হোৱাক ১৯৯৪-২০০০ চনলৈ, দীর্ঘ সময় বাহাৰলদাৰ সৈতে যোগাযোগ নাছিল। দীর্ঘ দিনৰ পিছত যোগাযোগ হ'ল 'আছেনে কোনোবা হিয়াত' চিনেমাখন চিত্রগৃহলৈ অহাৰ আগে আগে। চিনেমাখনৰ কেইটামান শ্বট দেখুৱাইছিল 'সৰু পর্দা'ত। নৃত্য আছে। গীত আছে। ক'ব পাৰি গীতৰ সু-চিত্রায়নে গুৰুত্ব পাইছিল চিনেমাখনত। আমি মঞ্চত বাহাৰুলদাৰ ভালেমান পৰিচালনা চাইছো। গতিকে স্বাভাৱিকতে ধাৰণা কৰি লৈছিলো চিনেমাখন কেনে হ'ব পাৰে। পৰিচালনা শৈলী কেনে হ'ব পাৰে। কিন্তু আমি যেনে ভাবিছিলো, তেনে নহ'ল। পৰিচালনা শৈলী আমি ভৱাৰ সম্পূৰ্ণ বিপৰীত। বাহাৰুলদাৰ পিনে চালো। আমি কিবা এটা পোৱাৰ আগতে বাহাৰুলদাই ক'লে-- 'চিনেমা চিনেমাৰ দৰে হ'ব লাগে। দর্শকে ভাল পাব লাগে। আধা এন্ধাৰ-আধা পোহৰ ব্যৱহাৰ কৰি মই চিনেমাখন নিৰ্মাণ কৰিব খোজা নাই।...' বুজিলো-- বাহাৰুল দাৰ উদ্দেশ্য 'কালাৰফুল' চিনেমা নিৰ্মাণৰ। কিন্তু 'কালাৰফুল' চিনেমা মানেই 'ভাল' চিনেমা নহয়। আমাক চিনেমাখনে সন্তুষ্ট কৰিব নোৱাৰিলে। পিছত বাহাৰুলদাৰ সৈতে কথা পাতি বুজিব পাৰিলো-- চিনেমাখনক লৈ বাহাৰুলদা নিজেও সন্তুষ্ট নহয়। 

*********

বাহাৰুল দাই  যে সদায় " নতুন কিবা " কৰাৰ চিন্তাত থকে সেয়া  অনুভৱ কৰিছিলো ১৯৮৩-৮৪ৰ সময় চোৱাত। মহানগৰীৰ জু ৰোডৰ জুৰণি  উপ পথটো য'ত শেষ হৈছে তাতেই বাহাৰুল দাৰ ঘৰ । সেই চৌহদৰে এটা ঘৰৰ ভাড়াটিয়া মোৰ অতি ওচৰৰ বন্ধু , লেখক - সাংবাদিক দিগন্ত ওজা । দিগন্তুৰ ঘৰত আড্ডা বহে, আজৰি সময়ত । কবি-সমালোচক ৰবীন্দ্ৰ বৰা , দিগন্তৰ বাইদেউ কবি অজন্তা ওজা , ফটো সাংবাদিক চিন্ময় ৰয় , প্ৰমোদ দা (বৰ্তমান  অসম প্ৰকাশন পৰিষদৰ সচিব) , আৰু ... ( দীঘল তালিকা ) । আৰু মাজে মাজে  কম সময়ৰ বাবে বাহাৰুল দা  , আহিয়ে নতুন-নতুন " চিন্তা " কয় । 

বাহাৰুল দা খুব ব্যস্ত । চৌহদতে " ছিগাল " । মোৰ ধাৰণাত " actor factory " । (  ১০ ডিচেম্বৰ , ১৯৯০ দুৱাৰ মুকলি হৈছিল আৰু তেতিয়াৰ পৰা অভিনেতা - অভিনেত্ৰী নিৰ্মাণ কৰ্ম চলি আছে । " ছিগাল "ত অভিনয়ৰ  নহয়  , অভিনয় বিজ্ঞানৰ পাঠ দিয়ে । -- এয়া মোৰ ধাৰণা । ) এদিন  আহি ক'লে , " নাটকৰ আলোচনী এখন কৰো আহা ! নাম ঠিক কৰিছো -- ' ইমুখ '। তোমালোকে সহায় কৰিলে খাটাং ওলাব । " যেনেধৰনে বিচিৰিছিল সহায় কৰিলো । ওলাল । উন্মোচন কৰিছিল শিল্পী নীলপৱন বৰুৱাই , পবিত্ৰ দাৰ ঘৰত ( লেখক - সংবাদিক পবিত্ৰ কুমাৰ ডেকাৰ ঘৰত থকা ব্যক্তিগত কাৰ্যালয়টোৱে আছিল " অসম চিত্ৰ সাংবাদিক সংস্থাৰো  কাৰ্যালয় । ) । সেই আলোচনী খনৰ মাজত অনুভৱ কৰিছিলো " দক্ষ সম্পাদক বাহাৰুল ইছলাম" ক ।  লেখক বাহাৰুল ইছলামক অনুভৱ কৰিব পাৰি  "একান্ত মনেৰে " ," সীমাৰ সীপাৰে " ," বিয়ণ্ড দা অব্‌ভিয়াছ " ." খিৰিকী খুলিয়েই" ," কিছু কথা কিছু নাটক "  আদি গ্ৰন্থত।  

            "বাহাৰুল ইছলাম " ৰ বিষয়ে জানিবলৈ বাহাৰুল দাৰ সৈতে প্ৰথমবাৰ বহোতে জানিব পাৰিছিলো--  জন্ম ১৯৬৩ চনৰ ১০ অক্টোৰত । ৰংজুলীত। পিতৃৰ নাম  আব্দুছ ছামাদ , মাতৃৰ নাম  আজিজা খাতুন । দেউতাকৰ কৰ্মসূত্ৰে বাহাৰুল ইছলামে ৰংজুলীৰপৰা গৈ  লক্ষীপুৰত  প্ৰাথমিক শিক্ষা আৰম্ভ কৰে । শেষ কৰে গুৱাহাটীত । ১৯৮৬ চনত আৰ্য বিদ্যাপীঠ কলেজৰপৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে আৰু  ১৯৮৭ - ১৯৯০ ত  নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত আভিনয়ৰ  পাঠ লয় ।  অভিনয়ৰ স্নাতক ডিগ্ৰী লাভ কৰি বলিউড বা আন কৰোবাত অভিনয় কেৰিয়াৰৰ সন্ধান নকৰি অসমলৈ উভতি আহে। আৰু অসমৰ নাট্য উত্তৰণৰ স্বাৰ্থত কাম কৰে । আৰু নাটকৰ লগতে চিনে কৰ্মতো মন দিয়ে । অভিনয় কৰা অসমীয়া চিনেমা : সূৰুয , পিতা-পুত্ৰ ,  সংকল্প , প্ৰভাতী পখীৰ গান , আপোনজন ,  মৰম নদীৰ গাভৰু ঘাট, ৰঙা মদাৰ (চিত্ৰগৃহলৈ নাহিল ) ,  বাৰুদ , বাঘ মানুহৰ খেলা (চিত্ৰগৃহলৈ নাহিল ) , মায়া , বৈভৱ , অন্তহীন যাত্ৰা ,  সমীৰণ বৰুৱা আহি আছে, আছেনে কোনোবা হিয়াত , জাতিঙ্গা ইত্যাদি , বহ্নিমান , ফেঁহুজালি , ৰক্তবীজ , কানীন , দ্য আণ্ডাৰৱ'ৰ্ল্ড  , গৰু ।  -- নাটখৰ দৰে বাহাৰুল ইছলামৰ বাবে অসমীয়া চিনেমাৰ বাট সিমান  মসৃন নাছিল । "সূৰুয"ৰ লুঙি পিন্ধি জপিয়াই থকা " বাহাৰুল "ক সহ্য কৰিব পৰা নাছিলো । টি ভি চাই সাংবাদিকতা কৰা " সমীৰণ বৰুৱা আহি আছে "ৰ " বাহাৰুল "কো সহ্য কৰিব পৰা নাছিলো! "সম্পূৰ্ণ অভিনেতা বাহাৰুল"ক দেখিলো ২০২১ চনতহে , হিমাংশু প্ৰসাদ দাসৰ "গৰু"ত । চেহেৰা - শৰীৰৰ অসাধাৰণ অভিনয় ! আমাৰ মন ভৰাই  যোৱা এই চৰিত্ৰটোৰ বাবে বাহাৰুল দাই  যিমান পৰিশ্ৰম কৰিছিল তাতকৈ কম পৰিশ্ৰম কৰা নাছিল "সূৰুয" আদি চিনেমাৰ চৰিত্ৰ নিৰ্মানতো । আমি সহ্য কৰিব পৰা নাছিলো  পৰিচিলকে অভিনেতা গৰাকীৰ অভিনয় শক্তি ব্যৱহাৰত মন নিদিয়া বাবেহে । (ক্ৰমশঃ)


        


বৃহস্পতিবার, ১ মে, ২০২৫

সঞ্জয় লীলা

["কেৱল তোমাৰ বাবেই..." --এই চৰ্চা প্ৰকাশ হৈছিল #বিস্ময় ত। পাছত #ৰাফকাট সংকলনত সন্নিবিষ্ট কৰিছিলোঁ।]


তেওঁৰ নাম সঞ্জয় লীলা ভাঞ্চালী (নে বাঞ্চালী! কোনো কোনো কাকতত, বিশেষকৈ মুম্বাই কেন্দ্ৰিক চিনেমা বিষয়ৰ আলোচনী সমূহত বাঞ্চালী বুলি সঞ্জয় লীলাৰ উপাধিটো ব্যৱহাৰ কৰি আহিছে। শুনা যায় চিনেমাৰ ক্ষেত্ৰখনলৈ অহাৰ পূৰ্বে তেতিয়াৰ নাট্যকর্মীগৰাকীক সঞ্জয় লীলা বাঞ্চালী বুলি জনা গৈছিল)। সেই যে, সেইদিনা লগ পোৱা হৈছিল, সন্মুখৰ পৰা (ওচৰৰ পৰা)

দেখাৰ সুযোগ পাইছিলো সেইদিনাই অনুভৱ কৰিছিলো-- পৰিচালকগৰাকীয়ে কথ কৈ বেয়া পায়। সেইদিনা মই আছিলো শ্রোতা! বেছি কথা কৈছিল অজয় বেনার্জীয়ে। প্রথম পৰিচালনাৰ কথা ওলাইছিল। অজয়ৰ প্রশংসা। সঞ্জয়ৰ মুখত মিঠা হাঁহি।

--সকলোৱে জানে, চিত্ৰৰসিকৰ হৃদয় চুই গৈছে, হৃদয়ত বৈ গৈছে সঞ্জয় লীলাৰ প্ৰথম পৰিচালনা। 'খামোচী- দ্য মিউজিকেল" আছিল চিনেমাখনৰ নাম। নিঃশব্দ; কিন্তু নিঃশব্দতাত আছে সংগীত। চিনেমাখনৰ 'নায়ক-নায়িকা'ৰ মুখত মাত নাই। জীৱনত কিন্তু সংগীত আছে। সুখৰ, দুখৰ। সুন্দৰভাৱে, হৃদয় চুই যোৱাকৈ ব্যৱহাৰ কৰিছে পৰিচালকে। নানা পাটেকাৰ-সীমা বিশ্বাসৰ অভিনয় আছিল চিনেমাখনৰ অন্যতম যোগাত্মক দিশ। কিন্তু এই যোগাত্মক দিশ নিষ্প্রভ হৈ পৰিছিল যতীন-ললিতৰ কথা-সুৰৰ মাজত। সেই চিনেমাখনতে স্পষ্ট হৈছিল সঞ্জয় লীলাই সংগীত দিশটোত কিমান সচেতন। এই একেটা দিশ স্পষ্ট হৈছে পৰৱৰ্তী পৰিচলানাতো। সেইবোৰ কথায়ে কৈ গৈছিল অজয়ে। বেছি সময় নহয়। ২০ মিনিট। আমি এৰা-এৰি হৈছিলো। এৰা-এবি হোৱাৰ আগ মূহূৰ্তত পৰিচালকগৰাকীয়ে মাত্র কৈছিল "সকলো আপোনালোকৰ বাবেই। আপুনি আনন্দ অনুভৱ কৰিছে, মই সুখী।"

সেই একে সুৰতেই, একেদৰেই কোৱা বুলি শুনা যায় আৰু এদিন-- "কেৱল তোমাৰ বাবেই...।" এই কথাখিনি কৈছিল ধীৰাজে। কোন ধীৰাজ। ধীৰাজ হৈছে সঞ্জয় লীলাৰ সোঁ হাত বুলি জনা যায়, পৰিচালনাৰ ক্ষেত্রত।... কৈছিল, সঞ্জয় লীলাই যেতিয়া মাধুৰীক ওচৰত পাইছিল। 

"খামোচী-দ্য মিউজিকেল"ৰ চিত্রনাট্য হাতত লোৱাৰ সময়ৰ কথা। গোটেই চিত্রনাটাখন ৰচনা কৰা হৈছিল কেৱল মাধুৰী দীক্ষিতৰ কথা মনত ৰাখি। সঞ্জয় লীলই আশা কৰিছিল চিত্রনাট্যখন পঢ়ি সেই সময়ৰ শীর্ষ স্থানত থকা নায়িকাগৰাকীয়ে না নকৰিব। এই খিনিতে কিছু কথা উল্লেখ কৰিলেহে স্পষ্ট হ'ব-- সঞ্জয় লীলাই কিয় মাধুৰীক কেন্দ্ৰ কৰি চিত্ৰনাট্য ৰচনাত ব্যস্ত হৈছিল। ইতিমধ্যে আমি উল্লেখ কৰিছো যে, সঞ্জৎ লীলা আছিল এগৰাকী নাট্যকর্মী। তেওঁৰ হেনো সপোন আছিল এদিন মঞ্চলৈ মাধুৰীক আনিব, তেওঁৰ কল্পনাৰে চৰিত্ৰ নির্মাণ কৰি মাধুৰীক নাট্যৰসিকৰ মাজলৈ লৈ যাব। কিয়নো সেই সময়ত সঞ্জয়ৰ প্রিয় অভিনেত্ৰীগৰাকী মাধুৰীৰ বাহিৰে আন কোনে নাছিল। কিন্তু সঞ্জয়ে দেখিলে মাধুৰীক মঞ্চলৈ অনা কামটো কোনোপধ্যেই সন্ত্রা নহয়। সেয়ে তেওঁ ঠিক কৰিলে কেৱল মাধুৰীৰ বাবে, মাত্র মাধুৰীৰ বাবে তেওঁ এখন চিনেমা নির্মাণ কৰিব। আৰু তেওঁ যি সপোন দেখি আহিছে তাক বাস্তবত ৰূপ দিব "পর্দা"ত। সেয়েহে মাধুৰী কেন্দ্রিক 'খামোচী'ৰ চিত্রনাট্য পর্ব। এদিন চিত্রনাট্য সম্পূর্ণ হ'ল। বন্ধু এজনৰ সহায়ত মাধুৰীয়ে সেই সময়ত শ্বট দি থকা চিনেমা এখনৰ ফ্ল'ৰলৈ 

যোৱাৰ সুযোগ কৰি ল'লে সঞ্জয় লীলাই। হাতত সেই চিত্রনাট্যখন। বন্ধুজনৰ সহায়ত সঞ্জয় লীলাই নিজৰ মনৰ কথা মাধুৰীক জনালে। কিন্তু দুখৰ বিষয়টো প্রায় এমাহ সময় অপেক্ষা কৰিও কোনো ধৰণৰ সঁহাৰি নাপালে। এদিন বন্ধুজনৰ সহায়ত জোৰ দি ধৰাত মাধুৰীয়ে হেনো ক'লে-- এনে ধৰণৰ নতুন পৰিচালক প্ৰতিদিনেই মোৰ এচবলৈ ১০/১২ গৰাকী আহে। মই যদি প্রতিখন চিত্রনাট্য পঢ়াত সময় দিওঁ, তেনেহ'লে কাম কৰিম কেতিয়া? তাৰ পাছত আৰু সঞ্জয় লীলাই মাধুৰীৰ কথা অন্ততঃ প্রথম পৰিচালনাখন সম্পূর্ণ নোহোৱালৈকে মনৰ পৰা আঁতৰাই ৰাখিলে। সঞ্জয়ে ঠিক কৰিলে এই চিনেমাখনৰ কাম শেষ হ'লে, চিত্রগৃহলৈ গ'লে এটা পৰিচয় পোৱা যাব, আৰু সেই পৰিচয়ৰে নিশ্চয় মাধুৰী দীক্ষিতৰ দৰে নায়িকাক লগ কৰা কামটো সম্ভৱ হ'ব। 

-- প্রথম পৰিচালনা সম্পূর্ণ হ'ল। প্রশংসা পালে সঞ্জয় লীলাই। ব্যৱসায়িক দিশত অৱশ্যে সফল হ'ব পৰা নাছিল। সেয়া যি নহওক পৰিচালকগৰাকী ব্যস্ত হৈ পৰিল দ্বিতীয়খন চিনেমাত। চিত্রনাট্য ৰচনাৰ কাম আৰম্ভ হ'ল। এইবাৰো চিত্রনাট্য ৰচনাৰ কাম আগবঢ়ালে, মূল নাৰী চৰিত্ৰটো ৰচনা কৰিলে মাধুৰী দীক্ষিতৰ কথা মনত ৰাখি। এইবাৰো পিছে মাধুৰীয়ে নিৰাশ কৰিলে। মাধুৰীৰ ঘৰৰ বাহিৰত তিনিদিন অপেক্ষা কৰিও চিত্রনাট্যখন শুনাবলৈ সুযোগ নাপালে সঞ্জয় লীলাই। সঞ্জয় লীলাৰ ফালৰ পৰা হেনো অনুৰোধ কৰা হৈছিল-- অভিনয় কৰিব নালাগে বাৰু! অন্ততঃ আপোনাৰ বাবে নিৰ্মাণ কৰা চৰিত্ৰটো চাই লওক। চিত্রনাট্যখনত এবাৰ চকু ফুৰাই চাওক। কিন্তু মাধুৰীৰ ফালৰ পৰা হেনো স্পষ্টভাৱে কৈ দিয়া হৈছিল-- মোৰ হাতত 'তাৰিখ' নাই। মাধুৰীয়ে নিজে কোৱা নাছিল, তেওঁৰ সচিব বিকুৰ দ্বাৰা কোৱাইছিল। সেইগৰাকী মাধুৰীয়ে এদিন নিজে ফোন কৰিছিল সঞ্জয় লীলাক। দ্বিতীয় পৰিচালনা "হাম দিল দে চুকে চনম" চিত্রগৃহলৈ অহাৰ পাছত। চিনেমাখন চোৱাৰ ইচ্ছা প্রকাশ কৰিছিল মাধুৰীয়ে ।... সঞ্জয়ৰ আনন্দৰ সীমা নাই! তেওঁৰ প্রিয় নায়িকাই, নিজেই তেওঁৰ চিনেমা চাবলৈ ইচ্ছা কৰিছে! চিনেমাখন চোৱাৰ ব্যৱস্থা কৰি দিলে। মাধুৰীয়ে প্ৰশংসাৰ পাছত প্রশংসা কৰি গ'ল। সঞ্জয়ে একো নক'লে।... তাৰ পিছত সঞ্জয় ব্যস্ত হৈ পৰিল 'দেৱদাস'ৰ কামত। 'দেৱদাস'ৰ চিত্ৰনাট্য ৰচনাত ব্যস্ত আছিল সঞ্জয় লীলা। সেই যে মাধুৰীয়ে সঞ্জয় লীলাৰ "হম দিল দে..." চাই গৈছিল তাৰ এমাহ পাছৰ কথা। পুনৰ মাধুৰীৰ ফালৰ পৰা সঞ্জয় লীলালৈ ফোন আহিল-- তোমাৰ চিনেমাত মই কাম কৰিব খোজো। তুমি হেনো "দেৱদাস" কৰিবা! মোৰ বাবে কিবা চৰিত্ৰ আছে নে? (উৎস: সাপ্তাহিক কাকত  "ফিল্মচিটি")

-- কিয় নহ'ব! সঞ্জয় লীলাই কৈছিল। কিন্তু দুখৰ বিষয় আছিল সেই সময়ত সঞ্জয় লীলাই এবাৰলৈ হ'লেও "দেৱদাস"ৰ কোনো চৰিত্ৰৰ বাবে মাধুৰীক ভবা নাছিল।

সঞ্জয়ে চিত্ৰনাট্যৰ কাম কৰিছিল শ্বাহৰুখ খানৰ বিপৰীতে ঐশ্বৰ্য ৰায়-ৰাণী মুখার্জীৰ কথা মনত ৰাখি। কিন্তু মাধুৰীৰ সেই "ফোন"টোৱে চব ওলট-পালট কৰি দিলে। মাধুৰীক কেন্দ্ৰ কৰি চৰিত্ৰ ৰচনাত ব্যস্ত হৈ পৰিল পৰিচালকগৰাকীয়ে। কেৱল চিত্রনাট্যয়ে নহয়, চেট আদি ডিজাইনতো নিজেই ব্যস্ত হৈ পৰিল। নপৰিবনে! এই চেটতেই যে শ্বট দিব পৰিচালকগৰাকীৰ প্রিয় নায়িকা গৰাকীয়ে! চিত্রনাট্য সম্পূৰ্ণ হোৱাৰ পাছত পৰিচালকগৰাকীৰ ফালৰ পৰা এদিন মাধুৰীক নিমন্ত্ৰণ কৰা হ'ল। দুপৰীয়াৰ আহাৰ, চিত্রনাট্য আৰু অন্যান্য প্রসংগত সেইদিনা কিছু সময় খৰছ কৰাৰ কথা ক'লে-- কিছু সময় দিব পাৰিবনে? যদি পাৰে আপুনি মোৰ নির্মাণ হৈ থকা চেটলৈ আহিব পাৰে। সঞ্জয় লীলাৰ ফালৰ পৰা কোৱা হৈছিল। যথা সময়ত মাধুৰী আহি উপস্থিত হৈছিল "দেৱদাস"ৰ নিৰ্মাণৰত চেটত। আহিয়ে হেনো মাধুৰী অবাক! সঞ্জয় লীলা এচুকত বহি আছে। চেটৰ মাজত ধীৰাজ আৰু অন্যান্য সহকাৰী পৰিচালকসকল। চেটৰ মাজত সোমায়ে মাধুৰীয়ে প্রশংসা কৰি গ'ল প্ৰতিটো দিশ-- ইমান সুন্দৰ! ইমান সুন্দৰ! কোনে কৰিলে? এই চিনেমাখনৰ বাবেই নে?... প্রায় ১০ মিনিটমান সময় প্রশংসাৰ পাছত মাধুৰীৰ প্ৰতি সঞ্জয় লীলাই মাত্র এটা বাক্যই কৈছিল "কেৱল তোমাৰ বাবেই"... (सिर्फ तुम्हारे लिए...)।

(বিধু বিনোদ চোপ্ৰাৰ অপৰাধ থ্ৰিলাৰ "পৰিন্দা"ত নিশ্চয় সঞ্জয় লীলা ভাঞ্চালীয়ে মাধুৰীক পাইছিল! বলিউডৰ বাটে-ঘাটে শুনা চৰ্চা-- চিনেমা খনৰ গীতাংশ ডিজাইনত হেনো আগভাগ লৈছিল চিনেমা খনৰ সহকাৰী পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ে। ভাঞ্চলী আছিল "পৰিন্দা "(১৯৮৯), "১৯৪২: এ লাভ ষ্ট’ৰী" (১৯৯৪) সহ-পৰিচালক, লেখক আৰু সহকাৰী নৃত্য পৰিচালক।)

--উৎপল_মেনা

মুম্বাই/ ডিচেম্বৰ ১৯৯৯