বৃহস্পতিবার, ৩১ মার্চ, ২০২২

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৫

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৪

অতি কম সময়ৰ ভিতৰতে কলিকতাত কৰ্মৰে নিজৰ  বিশেষ স্থান দখল কৰি লৈছিল ভূপেন হাজৰিকাই। হাতলৈ কাম আহিছিল, কামৰ দাম বাঢ়িছিল, নাম হৈছিল। দাম বাঢ়িলেও "সাংস্কৃতিক বজাৰৰ বিক্ৰেতা" হব খোজা নাছিল সংগীতসূৰ্য। --এই যে নাম হৈছিল, দাম বাঢ়িছিল কথাটো সহজ ভাবে লব পৰা নাছিল কলিকতাৰ একাংশ চিনে কৰ্মীয়ে, সংগীত কৰ্মীয়ে। সংগীতসূৰ্যৰ কামত বাধা দিছিল, লেং মাৰিছিল। ("মোক মৃণাল সেন আৰু হেমন্ত কুমাৰে লেং মাৰি পেলাই দিলে। মই ব্যবসায়িক ঈৰ্ষাৰ বলি হ'লোঁ। মই সেইখন এৰি দিলোঁ। ময়ো এজন বিমল ৰয় হ'ব পাৰিলোঁহেঁতেন। তেওঁলোকে মোক বিমল ৰয় হ'বলৈ নিদিলে।" --ভূপেন হাজৰিকা)
কথাটো এনেধৰণৰ--, "এৰাবাটৰ সুৰ"ৰ পাছত ভূপেন হাজৰিকাই মনতে ঠিক কৰিছিল এখন বাংলা চিনেমা কৰিব। কাহিনী! এদিন কাহিনী হাতত লাগিল--, মহাদেৱী বাৰ্ম্মাৰ "কাহিনী"। "কাবুলীৱালা"ৰ ছাঁ পৰা কাহিনী। ("গল্পটোত কাবুলীৱালাৰ ছাঁ পৰিছে – এইটো কিন্তু চীনা ফেৰিৱালা। চীনা ফেৰিৱালা এজনে এজনী বঙালী ছোৱালীক ভনী হিচাপে ল'লে, পাচত ফেৰিৱালাজন মৰি গ'ল৷ চীনৰ নানকিঙৰপৰা আহিছিল। পীল বেচি ফুৰে। কথা একেটাই।" --ভূপেন হাজৰিকা) ছাঁ পৰিছে; কিন্তু নকল নহয়। চিত্ৰনাট্যৰ কাম আগবঢ়ালে। সংগীতসূৰ্যই  ভাবিছিল চিত্ৰনাট্য লিখাব ঋত্বিক ঘটকৰ হতুৱাই। ভবা মতে নহ'ল, ঋত্বিক বাবু ব্যস্ত। হাতত ঢেৰ চিনেমা। শেষত চিত্ৰনাট্যৰ দায়িত্ব দিলে মৃণাল সেনক। প্ৰযোজনাৰ দায়িত্ব ল'লে হেমন্ত কুমাৰে। "হেমন্ত-ভূপেন প্ৰডাক্সন"ৰ বেনাৰত। চিনেমা খনৰ মহূৰতো হ'ল, যথা সময়ত। ক্লেপষ্টিক দিলে লতা মংগেশকাৰে। কিন্তু হঠাতে হেমন্ত কুমাৰ-মৃণাল সেনৰ মাজত কিবা বুজা পৰা হ'ল। চিনেমাৰ পৰিচালকৰ আসনত হেমন্ত কুমাৰে মৃণাল সেনক বহুৱাই ভূপেন হাজৰিকাক একাষৰিয়া কৰিলে। "হেমন্ত-ভূপেন প্ৰডাশ্বন"ৰ নাম সলনি কৰি "হেমন্ত-বেলা প্ৰডাশ্বন"ৰ নামত চিনেমাৰ কাম আগবঢ়ালে। --হয়, ভূপেন হাজৰিকাৰ "চিনেচিন্তা" নিজৰ কৰি ল'লে মৃণাল সেনে। চিনে ৰাজনীতিৰ মকৰাজালত ভূপেন হাজৰিকাক বন্দী কৰি চিনেযাত্ৰা আৰম্ভ কৰিলে মৃণাল সেনে। মৃণাল সেনে নিজৰ কৰি লোৱা ভূপেন হাজৰিকাৰ সেই চিনেচিন্তাৰ নাম-- "নীল আকাশের নীচে"। সময়ত চিনেমাৰ কাম সম্পূৰ্ণ হ'ল। চিত্ৰগৃহলৈ আহিল। আৰু ঠিক সেই সময়তে "হিন্দী চিনি ভাই ভাই”ত কেনা লাগাত চিনেমা খন দৰ্শকে গ্ৰহণ নকৰিলে। "বজাৰ"ত নচলিলেও সেই চিনেকৰ্মৰ বাবেই প্ৰথমবাৰ চৰ্চালৈ আহিছিল মৃণাল সেন। "রাত-ভোর"ৰ (১৯৫৫) বিফলতাৰ পাছত "নীল আকাশের নীচে" (১৯৫৮) আছিল মৃণাল সেনৰ দ্বিতীয় পৰিচালনা। --এনেদৰে কেইবাবাৰো কলিকতাত শোষিত হৈছিল ভূপেন হাজৰিকা। কলিকতাৰ পৰা আঁতৰাবলৈয়ো ৰাজনীতি, ষড়যন্ত্ৰ কৰিছিল। এগৰাকী বিখ্যাত সংগীত পৰিচালকৰ নিৰ্দেশতে হেনো কলিকতাৰ বাটে-ঘাটে পোষ্টাৰ আৰি দিয়া হৈছিল এই বুলি--, "ভূপেন হাজারিকার ৰক্ত চাই"। কিন্তু ভূপেন হাজৰিকাক লৰাব পৰা নাছিল। যেনেদৰে বেয়া পোৱা অল্প সংখ্যক লোক আছিল, তেনেদৰে ভূপেন হাজৰিকাক ভাল পোৱা, সন্মান কৰা লোকো আছিল কলিকতাত। (আজিৰ তাৰিখতো আছে।) ভাল পোৱা, সন্মান দিয়া সকলৰ বাবেই ভূপেন হাজৰিকা নিজৰ স্থানত স্থিৰ আছিল। ("অসমত ভাষা আন্দোলন আৰম্ভ হ'ল। কলিকতাত পোষ্টাৰ এখন আঁৰিছিল— 'ভূপেন হাজারিকার ৰক্ত চাই’। সূৰ্য্য বৰা মোৰ তাৰপৰা ওলাই গৈছিল পাচদিনা সূৰ্য্য বৰাকো কাটিলে। সি বেচেৰা 'শকুন্তলা' ছবিখনৰ কাৰণেই আহিছিল। আনহাতে উত্তম কুমাৰে কৈছিল—' ভূপেনদা, যদি আপোনাৰ অকণমানো কিবা অসুবিধা হোৱা যেন দেে আপুনি মোৰ ইয়ালৈ গুচি আহিব।'
জ্যোতি বসু তেতিয়া মন্ত্ৰী হোৱা নাছিল। তেওঁ গাড়ী পঠিয়াই দিছিল ভূপেন হাজৰিকাৰ যদি মানসিকভাৱেও অসুবিধা হয়, তেন্তে মাতি আনিবা। তেতিয় কংগ্রেছ মিনিষ্টি আছিল। বিধান ৰায় মুখ্যমন্ত্ৰী আছিল। মায়া মুখার্জ্জী নে কেনাথী নামৰ ডেপুটী মিনিষ্টাৰ এগৰাকী, আৰু আভা মাইতীহঁত আছিল – তেওঁলোৱে মোক আনিবলৈ গাড়ী পঠিয়াই দিছিল। ইয়াৰ গুণ্ডা ল'ৰা কেইটামানে কৈছিল--'আমি একো নকৰোঁ। আমাৰ মৃতদেহৰ ওপৰেদিহে আপোনাৰ মৃতদেহ আহিব। অসমৰ বঙালীখিনি আহি শিয়ালদাহ পাইছেহি আৰু বহুতো তেতিয়া আহ আছিল। সিহঁতে আপোনাক কিবা কৰিব পাৰে।'
মোৰ ‘খুন’ বিচৰা পোষ্টাৰখনৰ ওচৰত জোপ লৈ বহুপৰ ৰৈ আছিল ঋত্বিক ঘটক। যিটো ল'ৰাই দ্বিতীয়খন পোষ্টাৰ লগাবলৈ আহিছিল, তাক চুলিত ধৰি একে চৰতে পঠিয়াই দিলে, ‘কোনে শিকাইছিল তোক ভূপেন হাজৰিকাৰ বিৰুদ্ধে পোষ্টৰ মাৰিবলৈ— এই বুলি। তেতিয়া দেখা গ'ল যে কোনোবা এজন মিউজিক ডাইৰেক্টৰেছ হেনো পোষ্টাৰ মৰোৱাইছিল। সেইটো বৰ নঙঠা কথা হ'ল। ক’বলৈ ভাষাই নাই।" --ভূপেন হাজৰিকা)
"ভূপেন হাজারিকার ৰক্ত চাই", "নীল আকাশের নীচে" বহুতে জনা, সংগীতসূয্যই কৈ যোৱা কথা। এনে ধৰণৰ আৰু বহু কথা আছে, যিবোৰ আঁৰতে থাকি গ'ল।
২০১৮ চনৰ জুলাই মাহৰ এটা দিনত লগ পাইছিলো অম্লান বেনাৰ্জীক, উত্তৰ কলকাতাৰ বইপাড়াৰ কলেজ ষ্ট্ৰীটৰ বিখ্যাত ইণ্ডিয়ান কফি হাউছত। সংগীতৰসিক গৰাকীয়ে কথা প্ৰসংগত কৈছিল-- "ভূপেনদাৰ আৰ্থিক সমস্যাৰ সুযোগ বহুতে লৈছিল। আৰ্থিক সহায়ৰ হাত আগবঢ়াই কলকাতাৰ কেইবা গৰাকীও নামি-দামি সংগীতকাৰে ভৃপেনদাৰ সৃষ্টি নিজৰ কৰি লৈছিল।"
--কোনে কোনে লৈছিল?
--অম্লান বেনাৰ্জীয়ে কৈছিল।
--থাকক, সেই নাম কেইটা উল্লেখ নকৰো।
২০১৯ চনৰ শেষৰ ফালে কলকতালৈ গৈ লগ কৰিছিলো গৌড় পালক। সংগীতসূৰ্যৰ সৈতে কাম কৰা, সংগীত সূৰ্যক সন্মান কৰা বাঁহীবাদক গৰাকীয়ে কথা প্ৰসঙ্গত  কৈছিল "দাদাৰ বাবে সংগীত বেপাৰ নাছিল। আৰু বেপাৰ নাছিল বাবেই কলকাতাৰ বেপাৰী সংগীত শিল্পী সকলে দাদাক একাষে ৰাখিবলৈ ভিন্ন কৌশলৰ আশ্ৰয় লৈছিল। কাৰণ দাদাৰ বাবে বহুতৰে বজাৰ বঢ়া নাছিল।"
by: Utpal Mena

বৃহস্পতিবার, ২৪ মার্চ, ২০২২

চিনেমাখনৰ ‘নায়ক’ৰ মাজত ‘সঁচা শিল্পী’ অনুভৱ কৰাত দিগদাৰ নাপালে দর্শকে। ইয়াৰ কাৰণ নায়কগৰাকীৰ অভিনয়। অভিনয় কৰিছিল বিজয় শংকৰে

চিনেমাখনৰ ‘নায়ক’ৰ মাজত ‘সঁচা শিল্পী’ অনুভৱ কৰাত দিগদাৰ নাপালে দর্শকে। ইয়াৰ কাৰণ নায়কগৰাকীৰ অভিনয়। অভিনয় কৰিছিল বিজয় শংকৰে
'এৰাবাটৰ সুৰ’ —ড° ভূপেন হাজৰিকাৰ পৰিচালনা। ‘নায়ক’ এগৰাকী শিল্পী। নাম—জয়ন্ত। পশ্চিমীয়া শিক্ষা লৈ জয়ন্তই আধুনিক ‘লাইফ ষ্টাইল’ৰ মাজত সোমাই নপৰি ‘তপত ভাত’ৰ মোহ এৰি খোজ দিয়ে এৰাবাটত, থলুৱা ‘সুৰ'ৰ সন্ধানত। চাহ বাগিচাৰ মালিক বিশ্ব ফুকনৰ সুন্দৰী, আধুনিকা তনয়া নিশাৰ ‘প্রেম’ৰ পৰা আঁতৰি থাকি ব্যস্ত হয় ৰতনপুৰ বাগিচাৰ বনুৱা মিন্নি, হাৰাণহঁতৰ মাজত। ‘চৰিত্ৰ’টোত স্পষ্ট হয় সঁচা সুৰৰ সাধকৰ প্ৰতিচ্ছবি। চিনেমাখনৰ ‘নায়ক’ৰ মাজত ‘সঁচা শিল্পী’ অনুভৱ কৰাত দিগদাৰ নাপালে দর্শকে। ইয়াৰ কাৰণ নায়কগৰাকীৰ অভিনয়। অভিনয় কৰিছিল বিজয় শংকৰে। জয়ন্ত ‘চৰিত্ৰ’টোত কৰা অভিনয়ৰে অভিনেতাগৰাকী বন্দী হৈছিল ‘ইমেজ’ত। সেই ‘ইমেজ’টোৰ বাবেই প্ৰথমবাৰৰ বাবে মুকলি মনেৰে মানি লোৱা হৈছিল— অসমীয়া চিনেমাৰ ‘নায়ক’ হিচাপে। বিজয় শংকৰৰ পূৰ্বে, বিজয় শংকৰৰ ‘সময়’ত ‘নায়ক’ৰ চৰিত্ৰত অভিনয় কৰা আন কেইবাগৰাকীও অভিনেতাই ‘নায়ক ইমেজ’ পোৱা নাছিল। বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা, 'শকুন্তলা'ৰ পৱিত্ৰ বৰকাকতি, ‘স্মৃতিৰ পৰশ'ৰ ব্ৰজেন বৰুৱা আদিক ভাল অভিনেতা বুলিহে মানি লোৱা হৈছিল। অৱশ্যে বিজয় শংকৰে সদায় নিজকে ‘অভিনেতা' বুলি কৈহে ভাল পাইছিল। নায়কগৰাকীৰ মতে ‘নায়ক’ শব্দটোৱে বিশেষ বৃত্ত এটাৰ মাজত বন্দী কৰি ৰাখে।
         "অসমীয়া চিনেমাৰ নিৰ্মাণ বাঢ়িব লাগে। আৰু চিনেমা কেইখনত মোৰ বাবে চৰিত্ৰ থাকিব লাগে।" --১৯৯৪ চনৰ এটা দিনত "আজিৰ সংবাদ" নামৰ দৈনিক কাকত খনৰ হৈ কথা পাতোতে বিজয় শংকৰে কৈছিল। সেয়াই আছিল অভিনেতা গৰাকীৰ সৈতে মোৰ শেষ সাক্ষাৎ। ২৫ মাৰ্চ, ১৯৯৬। সেই সময়ত মোৰ কৰ্মস্থান মুম্বাই। বিশেষ কাম এটাত "সহায় কৰিবা পাৰিবা নেকি" বুলি আমাৰ প্ৰিয় অভিনেতা বিজু ফুকনে  ফোন কৰিছিল। আৰু নিৰ্দিষ্ট "কাম"ৰ কথা শেষ হোৱাৰ পাছত কৈছিল-- "তুমি বেয়া খবৰটো পাইছা নে নাই? বিজয় শংকৰ ঢুকাল নহয়!" শংকৰদা ঢুকাল!
         সেই দিনা নহয়, কেইবাদিনো পাছত জানিব পাৰিছিলো --সেইদিনা (২৪ মাৰ্চ, ১৯৯৬) খাই ভাল পোৱা, ফুৰি ভাল পোৱা বিজয় শংকৰে গৈ সোণাপুৰ পাইছিল। যোৱাৰ বাটত যোৰাবাটত দুৰ্ঘটনা হৈছিল। আৰু সোণাপুৰলৈ যোৱা বাট এৰি উভতি আহিব নোৱাৰা বাট লৈছিল। বয়স তেতিয়া ৬০ বছৰ (জন্ম: ৩১মাৰ্চ, ১৯৩১,যোৰহাটত)।

  || বিজয় শংকৰে অভিনয় কৰা চিনেমা ||

এৰাবাটৰ সুৰ, লটিঘটি, মানৱ আৰু দানৱ, অৰণ্য, উপগ্রহ, সন্তান, কাঁচঘৰ, পাপ | | আৰু প্ৰায়শ্চিত্ত, বনহংস, নিয়তি, অকণ, শ্রীশ্রীমা কামাখ্যা, ঘৰ-সংসাৰ, সোণমইনা,, মন মন্দিৰ, প্রেম জনমে জনমে, মৃত্যুহীন জীৱন, আমাৰ ঘৰ, পানী
( সৌজন্য: অসমীয়া চিনেমা/ উৎপল মেনা)
 



বুধবার, ৯ মার্চ, ২০২২

চিনেমাৰ সংগীত : এক অধ্যায়

        || প্রস্তাবনা পর্ব-১ ||

'No music as accompaniment, sup- port or reinforcement. No music at all. ('নোটছ অন্ চিনেমাটোগ্রাফী')।

             || প্ৰস্তাৱনা পর্ব-২ ||

‘সাংগীতিক গতিময়তাকে চিত্রগত গতিময় – তাৰ সংগে, তথা সাংগীতিক ৰূপকল্পকে দৃশ্যগত কল্পমূর্তিৰ সংগে সুনির্দিষ্টভাৱে সমন্বিত করতে পাৰাৰ মধ্যেই চিনেমাৰ সাফল্য' ('চিনেমাৰ আংগিক) 

             || পপকর্ণ সংগীত... ||

'Every night in my dreams

I see you, I feel you That is how I know you go on

Far across the distance

And spaces between us You have come to show you go on.

‘এই গীতটোত কি আছে নাজানো, বাৰে বাৰে শুনিছোঁ। প্ৰতিবাৰেই হেঁপাহ বাঢ়িছে। এই গীতটোৰ প’পকৰ্ণৰ সৈতে সম্পর্ক নাই।' —সংগীত ৰসিক আৰছদে কৈছিল। আৰছদ ৰিয়াজ চিনেমা-লেখক, সংগীত-লেখক। আৰছদৰ মতে, সৰহ সংখ্যক ভাৰতীয় চিনেমাতে ব্যৱহাৰ হয় 'পপকর্ণ সংগীত। সংগীতৰ নামত গীত। (চিনেমাৰ আত্মা হ'ব নোৱৰা গীত, গীতৰ সময়ত পপকর্ণ কিনিবলৈ চিত্ৰগৃহৰ বাহিৰলৈ গ'লেও 'গল্প' বুজাত অসুবিধা নোহোৱা গীত।) চিনেমাত গীত থাকিব লাগে বুলিয়ে ব্যৱহাৰ কৰা গীত। এনে গীত চিনেমাৰ অলংকাৰহে মাত্র। কেৱল অলংকাৰৰ দৰে ব্যৱহাৰ হোৱা চিনেমাৰ সংগীতৰ 'বিশুদ্ধতা'ৰ প্ৰশ্ন উত্থাপন হৈ আছে 'ৰাজ কাপুৰৰ সময়'ৰে পৰা। 'সত্যম শিবম সুন্দৰম'ৰ গীতৰ ‘বিশুদ্ধতা'ৰ প্ৰশ্ন উত্থাপন হোৱাত শ্ব’মেন ৰাজ কাপুৰে কৈছিল— "চিনেমাখনত ব্যৱহাৰ হোৱা প্ৰতিটো গীতেই 'বিশুদ্ধ'। চিনেমাখনত গীত অলংকাৰ নহয়, আত্মা। চিনেমাখনৰ আত্মাৰ সৌন্দৰ্য পৰিস্ফুট হৈছে গীতত। চিনেমাখনৰ এটা গীতত কেঁচি চলালেই কাহিনীয়ে ছন্দ হেৰুৱাব।”

ৰাজ কাপুৰৰ চিনেমাত গীত-সংগীতৰ বিশুদ্ধতাৰ প্রশ্ন উত্থাপন কৰাৰ বিপৰীতে সত্যজিত ৰায়ৰ চিনেমাত সংগীতৰ ব্যৱহাৰক প্ৰশংসা কৰা হৈছিল। কোৱা হৈছিল — বিষয়বস্তু, কাহিনী, কাহিনীৰ সময়ৰ মুড বুজি ব্যৱহাৰ কৰা হৈছে ৰবি শংকৰৰ সংগীত। 'পথেৰ পঁচালী'ৰ সংগীত চর্বিহীন, কোলাহল বর্জিত। কাহিনীয়ে চোৱাৰ আগতেই চুই যাব পৰা সংগীত। 
চিনেমাখনত 'পেৰেলেল' সংগীতৰ লগতে 'কাউন্টাৰ পইন্ট'ৰ অপূর্ব ব্যৱহাৰ স্পষ্ট।

ভাৰতীয় মিউজিকেল চিনেমাৰ বিশুদ্ধতাক কেন্দ্ৰ কৰিও প্রশ্ন উত্থাপন হৈছে। গীতেৰে ভৰি থকা, ৮-১০টা গীত ব্যৱহাৰ কৰিলেই চিনেমা এখন 'মিউজিকেল' হ'ব নোৱাৰে। ১৪টা গীত ব্যৱহাৰ হোৱা 'হাম আপকে হ্যায় কৌন' বহুতে কোৱাৰ দৰে 'মিউজিকেল' নহয়৷ সাতটা গীত ব্যবহাৰ হোৱা “খামোচী- না মিউজিকেল কিন্তু 'মিউজিকেল'। এই প্ৰসংগতো সংগীতৰ বিশুদ্ধতাৰ প্ৰশ্ন উত্থাপন হ'ব পাৰে।

প্ৰশ্ন উত্থাপন হ'ব পাৰে--
কোনখন মিউজিকেল?
--যিখন চিনেমা সংগীত প্রধান, (বিষয় সংগীত) সেই খন 'মিউজিকেল'!
--যিখন চিনেমাৰ ('বিষয়বস্তু'ক) গতি দায়ে সেই খন 'মিউজিকেল'!
--যিখন চিনেমাৰ আত্মা সংগীত সেই খন 'মিউজিকেল'!

এই প্ৰসংগত ভিন্নজনৰ ভিন্ন মত। এই 'ভিন্নমত' একাকাৰ কৰিলে ক'ব লাগিব ৯৯
শতাংশ ভাৰতীয় চিনেমায়েই 'মিউজিকেল'। কেইবাখনো গ্রন্থ অধ্যয়ন কৰাৰ পিছত আমাৰ ধাৰণা – সেই খনহে বিশুদ্ধ 'মিউজিকেল চিনেমা', যিখনৰ আত্মা সংগীত। সত্যজিত বায়ন মতে, সংগীত ব্যৱহাৰ নোহোৱা চিনেমা এখনো মিউজিকেল' হ'ব পাৰে। কোনো বিশেষ শব্দ, নির্জনতাও চিনেমাৰ সংগীত হ'ব পাৰে।

'চলচ্চিত্র' যেতিয়া 'কথাছবি' হোৱা নাছিল, তেতিয়াই  সংগীত ব্যৱহাৰ হৈছিল। প্ৰথম অৱস্থাত কাৰিকৰী কাৰণত, দ্বিতীয় পর্যায়ত গতি পোৱা ছবিৰ সৌন্দর্য বঢ়াবলৈ, তৃতীয় পর্যায় “শিল্প' হিচাপে। তৃতীয় পৰ্যায়ত সংগীত ব্যৱহাৰ হোৱা চিনেকর্ম 'দা গোল্ড ৰাশ' (The Gold Rush), 'বেটলশ্বিপ পটেমকিন' [Battleship Potemkin (Russian: Бронено́сец «Потёмкин», Bronenosets Potyomkin)] ইত্যাদি। সংগীতৰো  প্রতিবাদী ভাষা  যে থাকিব পাৰে 'বেটলশ্বিপ পটেমকিন'ত স্পষ্ট হৈছিল (এই তথ্য পোৱা যায় চিনে পণ্ডিত গেষ্টল ৰবাৰ্জেৰ ৰচনাত আৰু কেইবাখনো ৰচনাত।) চিনেমাত ব্যৱহাৰ কৰা আবহ সংগীতৰ বাবে জাৰ্মান চৰকাৰে চিনেমাখন দেশত নিষিদ্ধ কৰিছিল। এই কথাত স্পষ্ট সংগীত (গীত, আবহ সংগীত) কেৱল চিনেমাৰ সৌন্দৰ্য্য বঢ়োৱা আহিলা নহয়। বিমূর্ত কলা সংগীত আৰু চিনেমা এটা বিন্দুৰ নহয়, দুটা কিন্দুৰ – সম্পূর্ণ বিপৰীত বিন্দুৰ। গতি কৰা ছবিৰ শৰীৰত বিমূর্ত সংগীত ব্যৱহাৰেৰে এটা বিন্দুত স্থাপন কৰাৰ চেষ্টা আৰম্ভ হৈছিল নিৰ্বাক যুগত। আৰু সফল হৈছিল নিৰ্বাক যুগতে। প্রথম ভাৰতীয় নির্বাক চলচ্চিত্র 'ৰাজা হৰিশ্চন্দ্ৰ'ৰ যিটো প্ৰিণ্ট চোৱাৰ সুযোগ পাইছোঁ সংগীত থকা যেন নালাগিল।কিন্তু প্ৰথম সবাক ভাৰতীয় চিনেমা 'আলম আৰা'ত গীত, আবহ সংগীত ব্যবহাৰ হৈছিল। কোৱা হয়, চিনেমাখনত ব্যৱহাৰ কৰা গীতে কেৱল দৈর্ঘ্য বঢ়াইছিল। -- 'দৈর্ঘ্য বঢ়োৱাৰ’ৰ বাবে গীত ব্যৱহাৰ আজিৰ তাৰিখতো ভাৰতীয় চিনেমাত স্পষ্ট। অসমীয়া চিনেমাতো স্পষ্ট। বিপৰীতে সত্যজিত ৰায়, পদুম বৰুৱা, গুলজাৰৰ দৰে বিশুদ্ধ সংগীত ব্যৱহাৰত সফল পৰিচালকো আছে। (ক্ৰমশ:)
 by: Utpal Mena

মঙ্গলবার, ১ মার্চ, ২০২২

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৪

bhupen hazarika"বিপ্লৱী" নামৰ অসমীয়া চিনেমা খনেৰে চিনেকৰ্ম আৰম্ভ কৰিছিল অসিত সেনে। প্ৰথম পৰিচালনাৰ সফলতাই পৰিচালক গৰাকীক বাংলা আৰু পৰৱৰ্তী সময়ত হিন্দী চিনেমালৈ আগবাঢ়িবলৈ উৎসাহ দিছিল। প্রায় ২০ খন  হিন্দি আৰু বাংলা চিনেমা পৰিচালনা কৰিছিল। কোৱা হয় "সত্যজিৎ-মৃণাল-ঋত্বিক" ত্রয়ৰ ব্যাপক খ্যাতি আৰু জনপ্ৰিয়তাই ঢাকি ৰিখিছিল অজয় কৰ, পিনাকী মুখার্জি, নীৰেন লাহিড়ীৰ দৰে প্রতিভাবান চিনেকৰ্মীৰ লগতে অসিত সেনকো। আৰু কোৱা হয়--, "বাংলা চিনেমাৰ স্বর্ণযুগ" চৰ্চা অসিত সেনৰ চিনেমাক বাদ দি সম্ভৱ নহয়। আৰু কোৱা হয়--অসিত সেনৰ "চলচ্চিত্রেৰ স্তম্ভ হয়ে উঠেছিল শক্তিশালী চিত্রনাট্য, নাৰী চৰিত্রেৰ শক্তিশালী চিত্রায়ন, উজ্জ্বল অভিনয় এবং অবশ্যই, গান।"
  --অসিত সেনক চিনেমাৰ "বিভাজন"-এ চুব পৰা নাছিল। "মূলধাৰা বা সমান্তৰাল"ৰ বিশেষ শৈলীৰে চিনেমা পৰিচালনা কৰা নাছিল। চিনেমা আলোচক সকলে কৈছিল--, অসিত সেনে নিজৰ শৈলীৰে কাম কৰিছিল। ভূপেন হাজৰিকাই কৈছিল-- "আমাৰ অসিত সেনে 'অসমীয়া চিনেমা'ক (নিশ্চয় শৈলীৰ কথা কৈছিল) বংগ-বোম্বাইলৈ আনিলে।" এই গৰাকী অসিত সেনে কৈছিল-- "মই বিচাৰিছিলো আমাৰ ভূপেন হাজৰিকাই মোৰ প্ৰতিখন চিনেমাৰে সৌন্দৰ্য বঢ়াওক, সংগীতেৰে। বয়সত মই ডাঙৰ, কেইবছৰমান। মই কিন্তু দা বুলিছিলো, সামাজিক স্থানত। ভূপেনদা বুলিছিলো। সেই সময়ত মই কলিকতাৰ বাট-পথ চিনি লৈ কাম আৰম্ভ কৰিছিলো। এদিন হেমন্ত কুমাৰ মুখার্জ্জীয়ে কৈছিল--, ভূপেন হাজৰিকাক কৈছো, 'তুমি কলিকতাৰ বাসিন্দা হোৱা।' কালি খবৰ পালো, ভূপেন হাজৰিকাই কলিকতাত বেছিভাগ সময় থকাৰ সিদ্ধান্ত লৈছে।...' [কলিকতালৈ যোৱাৰ আগে আগে মই মতামত বিচাৰিছিলোঁ হেমাঙ্গদাৰ (হেমাঙ্গ বিশ্বাস) পৰা। তেওঁ তেতিয়া ক'লে— 'পৃথিৱীৰ মানুহে তোমাক বিচাৰে। সেয়ে তুমি অকল অসমত থাকিলেই নহ'ব। তোমাক অসমৰ মানুহে বুজি পালেও নেতাসকলে বুজি নাপাব। পৃথিৱীৰ সৈতে যুঁজি জয়ী হ'বলৈ হ'লে কলিকতা মহানগৰীলৈ গুচি আহাঁ।' একেদৰে কৈছিল হেমন্ত কুমাৰ মুখার্জ্জীয়েও। --ভূপেন হাজৰিকা] ভূপেন হাজৰিকা আহিব! মোৰ মন ভৰিল। মোৰ হাতত তেতিয়া কেইবাখনো ছবিৰ কাম। মনতে ভাবিছিলো--, চিনেমা কেইখনৰ সংগীতৰ কাম ভূপেন হাজৰিকাৰ হতুৱাই কৰাম। ভূপেন হাজৰিকাই নিশ্চয় নকৰো বুলি নকব! কলিকতালৈ আহিব যেতিয়া টকাৰ বাবে নিশ্চয় কাম কৰিব! মোৰ ধাৰণা শুদ্ধ নাছিল। ভূপেন হাজৰিকাই নিজৰ ধাৰণাৰে সংগীতৰ কাম কৰিছিল। "বৈৰাগ"ৰ (১৯৭৬ চনত চিত্ৰগৃহলৈ আহিছিল। দিলীপ কুমাৰ-চায়েৰা বানু অভিনীত) চিত্ৰনাট্য লৈ মই ভূপেন হাজৰিকাৰ ওচৰ পাইছিলো। মন দি শুনিছিল। উৎসাহ দিছিল। আৰু কৈছিল--'এই চিনেমা খনত মোৰ সংগীত খাপ নাখাব।' তেনেদৰে 'উত্তৰ ফাল্গুনী'ৰো কাম প্ৰত্যখ্যান কৰিছিল। অৱশ্যে সংগীতত মোক পৰামৰ্শ দিছিল। আৱহ সংগীততো সহায় কৰি দিছিল। ছবি খনত ব্যৱহাৰ কৰা গীত কেইটা সুৰেৰে সজাই দিছিল ৰবীন চট্টোপাধ্যায়ে। ভূপেন হাজৰিকাই  চিনেমাৰ সংখ্যা বঢ়াব খুজিলে বা কেৱল টকাৰ বাবে সংগীতৰ কাম কৰিব খুজিলে বাংলা-হিন্দী ছবিৰ কেইবগৰাকীয়ো সংগীত পৰিচালকে 'জনপ্ৰিয়তাৰ বাট' বিছাৰিয়ে নাপালে হেতেন।..."
এতিয়া আমি এনেদৰে ব্যাখ্যা কৰিব পাৰো--, ভূপেন হাজৰিকাই সংগীতক "প্ৰডাক্ট"লৈ ৰূপান্তৰ কৰাৰ পক্ষত নাছিল। আৰু এই বাবেই ভাৰতৰ সংগীত ক্ষেত্ৰখনৰ বিশেষ স্থানত বহি আছিল। --হয়, বলিউড, টালিগঞ্জৰ "এন্দুৰ দৌৰ"ত কোনো দিনে অংশ লোৱা নাছিল, সংগীতসূৰ্যই। কিন্তু সংগীতসূৰ্যৰ কৰ্ম বা সৃষ্টিক নিৰ্লজ্যভাবে নিজৰ কৰি লৈ বহুতে "এন্দুৰ দৌৰ"ত অংশ লৈছিল। সংগীতসূৰ্যৰ উদাৰ মনৰ সুযোগ লৈছিল। সংগীতহসূৰ্যৰ সৃষ্টিক নিজৰ কৰি লোৱাৰ "সুপৰিকল্পিত কাম" কলকাতাৰ একাংশ "শিল্পী"য়ে কৰি আছে, আজিৰ তাৰিখতো (১/৩/২০২২) এটা উদাহৰণ "দৈনিক অসম"ৰ ২৫ চেপ্তেম্বৰ, ২০২১ সংখ্যাত প্ৰকাশ পোৱা এই লেখা। লিখিছিলো-- ৰহা (Raha) লৈ নহয়, ৰোহা (Roha) লৈ গৈছিলোঁ। #Maharashtra-ৰ #Raigad_district জিলাৰ এখন সৰু কিন্তু তাৎপৰ্যপূৰ্ণ চহৰ ৰোহা। মুম্বাইৰ পৰা প্ৰায় ১২০ কিলোমিটাৰ দক্ষিণ-পূৱত অৱস্থিত এই চহৰখন কোঙ্কণ অঞ্চলৰ এক স্বকীয় ভৌগোলিক পৰিসৰ বহন কৰে—এফালে আৰৱ সাগৰৰ আর্দ্ৰ বতাহ, আনফালে পশ্চিমঘাটৰ সেউজীয়া পাহাৰীয়া বেষ্টনী। ইয়াতেই #KonkanRailway-ৰ আৰম্ভণি আৰু #CentralRailway-ৰ অন্তিম সীমা। কুণ্ডলিকা (#Kundalika) নদীৰ পাৰত, কলাছগিৰি (#Kalasgiri) পাহাৰৰ মাজত অৱস্থিত এই চহৰখন প্ৰাকৃতিক সৌন্দৰ্যৰে সমৃদ্ধ। কুণ্ডলিকা নদী মহাৰাষ্ট্ৰত ৰিভাৰ ৰাফ্টিঙৰ বাবে সুপৰিচিত— এই নদী আৰু পাহাৰৰ সংযোগে স্থানীয় জীৱনযাপন, অৰ্থনীতি আৰু পৰ্যটনৰ মাজত এক বিশেষ ছন্দ সৃষ্টি কৰিছে। সংস্কৃতিক দিশৰ পৰা ৰোহা কোঙ্কণী-মাৰাঠী জীৱনধাৰাৰ এক মিলনক্ষেত্ৰ। Ganesh Chaturthi ইয়াত অতি উল্লাসেৰে পালন কৰা হয়; লোকসংগীত, ঢোল-তাশাৰ তাল, আৰু গণ-অংশগ্ৰহণে উৎসৱক এক সামাজিক-সাংস্কৃতিক মহোৎসৱত পৰিণত কৰে। চহৰখনত ক্ষুদ্ৰ উদ্যোগ— বিশেষকৈ ৰাসায়নিক আৰু কাগজ উদ্যোগ গঢ় লৈ উঠিছে, যাৰ বাবে ই কেৱল প্ৰাকৃতিক সৌন্দৰ্যৰ স্থান লগতে এক অৰ্থনৈতিক চৌহদ হিচাপেও গুৰুত্ব বহন কৰে। মুম্বাইৰ পৰা ৰেলেৰে প্ৰায় ৩ ঘণ্টা ৩৪ মিনিট সময় লাগে। ১৯৯৫ চনৰ মাৰ্চ মাহৰ এটা দিনত আমি ৰেলেৰে গৈ নিৰ্দিষ্ট সময়ত ৰোহাত উপস্থিত হৈছিলোঁ। তাৰ পিছত আমি নিৰ্দিষ্ট স্থনলৈ বুলি বাট বিচাৰি ফুৰিছিলোঁ। মই এজন লোকক কৈছিলোঁ— “মুম্বাইৰ পৰা আহিছোঁ।” তেওঁ মোক মাৰাঠীত ক’লে— "তুমি মাৰাঠী নাজানা!" মই ক’লোঁ— "নাজানো। মই অসমৰ। মই অসমীয়া।" এইবাৰ তেওঁ হিন্দীত ক’লে— "অসমীয়া! তেনেহ’লে ‘দিল হুম হুম...’ গোৱা।” —অদ্ভুত পৰিস্থিতি! মই অপ্ৰস্তুত হৈছিলোঁ। মই ক’লোঁ— "মই গীত গোৱা মানুহ নহও।" তেওঁ হাঁহি ক’লে— “ময়ো জানোঁ তুমি গায়ক নহয়, ময়ো নহওঁ।" তাৰ পাছতে তেওঁ নিজেই ‘দিল হুম হুম...’ গাবলৈ ধৰিলে, সুৰত থাকি। আৰু ক’লে— "তুমি অসমীয়া নহয়! হ’লে ভূপেন হাজৰিকাক লৈ গৌৰৱ কৰিলা হয়, গৌৰৱ কৰিবলৈ তেওঁৰ গীত শিকিলা হয়।" সেই দিনা ‘অসমীয়া হ’ব নোৱাৰা’ৰ লাজে আজিও মাজে মাজে মোক কষ্ট দিয়ে। পাছত আৰু এবাৰ— ২০ ছেপ্তেম্বৰ, ২০২১। সেই সংগীত-ৰসিক বিশাল ঘাট্‌নেৰ সৈতে কথা পাতোঁতে আকৌ একেধৰণৰ লাজ অনুভৱ কৰিলোঁ। প্ৰথমবাৰ লগ পোৱাৰ পাছত বিশাল ঘাট্‌নেৰ সৈতে আমাৰ বন্ধুত্ব ধীৰে ধীৰে গভীৰ হৈছিল। মাৰাঠী কাকত-আলোচনীত ‘সংগীত বিশ্লেষক’ হিচাপে তেওঁ #BhupenHazarika -ক কেন্দ্ৰ কৰি কেইবাটাও লেখা লিখিছে। সেইদিনা কথা প্ৰসংগত মই ক’লোঁ— ভূপেনদাৰ এটা গীত ‘ৰবীন্দ্ৰ সংগীত’ হিচাপে অন্তৰ্ভুক্ত হৈছে। এই বিষয়টো লৈ কিছু চৰ্চা অনুভৱ কৰিছোঁ। মোৰ কথা শুনি বিশাল হাঁহিৰে। ক’লে— "এইটো নতুন কথা নহয়। এই বিষয়ত মই ইতিমধ্যে লিখিছোঁ— প্ৰায় এবছৰ হ’ল। আৰু এটা গীত নহয়, কেইবাটাও।” কিছু সময়ৰ পাছত তেওঁ এটা লিংক পঠিয়ালে। দেখিলোঁ— এটা নহয়, মুঠ ৪৫টা গীত। গীতসমূহৰ ভিতৰত আছে— “মই এটি যাযাবৰ…”, “মানুহে মানুহৰ বাবে…”, “দোলা হে দোলা…”, “বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে…”, “এটি ক’লি দুটি পাত…”, “এটুকুৰা আলসুৱা মেঘ ভাহি যায়…”, “আমি একেখন নাৱৰে যাত্ৰী…”, “কি যে তোমাৰ সংগ প্ৰিয়া…”, “সহস্ৰ জনে মোক প্ৰশ্ন কৰে মোৰ প্ৰেয়সীৰ নাম…”, “তুমি নতুন পুৰুষ…”, “আকাশী গংগা বিচৰা নাই…” আদি। এইবোৰ গীত— ভূপেন হাজৰিকাৰ কণ্ঠত, তেওঁৰ সুৰ আৰু কথাৰ স্পৰ্শ থকা বাংলা গীত। তথাপিও, বকলাত লিখা— "ৰবীন্দ্ৰ সংগীত"। #Description -ত অৱশ্যে ভূপেন হাজৰিকা আৰু শিৱদাস বেনাৰ্জীৰ নাম উল্লেখ কৰা হৈছে। প্ৰশ্নটো উঠেই— বকলাত "ৰবীন্দ্ৰ সংগীত" কিয়? —এইটো কেৱল "বিজ্ঞাপন কৌশল" নে? —নে ইচ্ছাকৃত ভুল? —নে এক গভীৰ সাংস্কৃতিক অসতৰ্কতা, য’ত সৃষ্টিকাৰীৰ পৰিচয় ধীৰে ধীৰে অস্পষ্ট হৈ পৰে? কাৰণ যিয়েই নহওক— ফলাফলটো স্পষ্ট: "ভূপেন্দ্ৰ সংগীত"ৰ ক্ষতি হৈছে। আজিয়েই যদি এই ক্ষতিৰ বিৰুদ্ধে সজাগ নহওঁ, তেনেহ’লে ভৱিষ্যতে অধিক ক্ষতি হ’ব পাৰে। ইতিমধ্যে যেনেকৈ "জোনাকৰে ৰাতি অসমীৰে মাটি…" গীতৰ সুৰ আনৰ নামেৰে পৰিচিত হ’বলৈ ধৰিছে, তেনেকুৱা ঘটনা পুনৰ নহ’ব বুলি ক’বলৈ কোনো দৃঢ় ভিত্তি নাই। "জোনাকৰে ৰাতি…" গীতখন ১৯৫৬ চনত ৰচিত। ড° ভূপেন হাজৰিকাৰ পৰিচালনাৰে নিৰ্মিত অসমীয়া চিনেমা "এৰা বাটৰ সুৰ"ত এই গীত ব্যৱহাৰ কৰা হৈছিল। পাছত ১৯৫৮ চনত নিৰ্মিত #Sahara ছবিতো এই সুৰ ব্যৱহাৰ কৰা হয়, সংগীত পৰিচালনা কৰিছিল #HemantKumar- এ, আৰু কণ্ঠ দিছিল #LataMangeshkar- এ। ফলত, অসমৰ বাহিৰৰ বহু সংগীত-ৰসিকৰ মনত এই সুৰটো অন্যৰ সৃষ্টিৰূপেই অধিক পৰিচিত হোৱাৰ আশংকা সৃষ্টি হৈছে। [কথা প্ৰসংগত অসমীয়া চিনেমাৰ পৰিচালক, শিল্পী পুলক গগৈয়ে কৈছিল--'সেই সময়ত মই মোম্বাইত (মুম্বাই) আছিলো। ভূপেনদাই চিনেমাৰ পাৰ্টি এটালৈ মোকো লৈ গৈছিল। সেই পাৰ্টিতে লতা মংগেশকাৰে ভূপেনদাক অনুৰোধৰ সুৰত কৈছিল--'মই জোনাকৰে ৰাতি আৰু এবাৰ গাব বিছাৰো, হিন্দীত। আপুনি যদি অনুমতি দিয়ে!' সেই দিনায়ে গীতৰ সুৰটো ব্যৱহাৰ কৰাৰ অনুমতি দিছিল হেমন্ত কুমাৰক।...'] ধৰি ললোঁ— অনুমতি দিয়া হৈছিল। কিন্তু— "সুৰকাৰ ভূপেন হাজৰিকা"ৰ সৃষ্টিৰ যথোচিত স্বীকৃতি ক’ত? ["দৈনিক অসম"ৰ ২৫ চেপ্তেম্বৰ, ২০২১ সংখ্যাত প্ৰকাশিত চৰ্চা] --উৎপল মেনা