মঙ্গলবার, ১৪ মার্চ, ২০২৩

নাহিদৰ দোষ!

প্ৰসংগ: নাহিদ। 
প্ৰথম কথা-- ভুল "জুৰী" সকলৰ, যি সকলে শ্ৰেষ্ঠ গায়িকাৰ শিতানত নাহিদক নিৰ্বাচন কৰিছিল। যি কেইখন চিনেমাৰ পৰা শ্ৰেষ্ঠ চিনেমা ইত্যাদি নিৰ্বচন কৰা হৈছে, সেই তালিকা খন জুৰি সকলক কেইবা দিনো আগতে দিয়া হৈছিল। "চিনেমা" কেইখন "অধ্যয়ন" কৰি ল'ব নালাগিছিল নে?
ভিন্ন "চৰ্চা"ই এই ধাৰণাও আমাক দিছে-- নিৰ্দিষ্ট গীতটো নিৰ্দিষ্ট  ৮ জনীয়া জুৰী মেম্বাৰে  শুনা নাছিল। এই "খেলি মেলি বাচনি"ৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ উন্নয়ন নিগম বা বিভাগটোৰ  অধ্যক্ষ সীমান্ত শেখৰৰ দোষ মুক্ত।--৮ জনীয়া জুৰীয়ে চিল মাৰি দিয়া ফলাফলৰ খামটো বিভাগীয় মন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত খোলা নাই জানো!
অষ্টম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ এগৰাকী "জুৰী"য়ে সামাজিক মাধ্যমত লিখিছে-- "নিজে বঁটা নাপালে ষড়যন্ত্ৰত নামিব নাপায় । সংবাদমহলকো বিপথে পৰিচালিত কৰিব নাপায় । বঁটা পাবলৈ আবেদনো কৰিব লাগিব । আবেদন পত্ৰ ভালদৰে পুৰাবও জানিব লাগিব।" এই পোষ্টটোৰ তলত আন এগৰাকী "জুৰী"ৰ মন্তব্য --"... নমিনেচন ফৰ্মত প্ৰযোজক-পৰিচালকে আফ্ৰিনৰ নাম দিছে।" --এই যে মন্তব্য দিছে, মন্তব্য দিয়া গৰাকীক ২০১৯ বৰ্ষৰ "জুৰী" বুলি বঁটা প্ৰদান কৰা মঞ্চত চিনাকী কৰি দিয়া হৈছিল। নাহিদ কেন্দ্ৰীক খেলি মেলি ২০১৮ বৰ্ষৰ। "মন্তব্য"টোৱে প্ৰশ্নৰ এটা দিশ মুকলি কৰিছে-- "জুৰী" সকলৰ মাজৰ "বৰ্ষ বিভাজন" দেখাতহে নেকি? এই প্ৰশ্নটোৱে আৰু কেইবাটাও বঁটা কেন্দ্ৰীক প্ৰশ্নৰ বাট মুকলি কৰি দিছে। (এই প্ৰসংগ পাছলৈ ৰাখিছোঁ।)
whatsapp -ত এগৰাকী "জুৰী" যদুমনি দত্তক সুধিছিলোঁ, নাহিদ কেন্দ্ৰীক খেলি মেলিৰ বাবে "জুৰী" দোষী নহয় নে! "জুৰী" গৰাকীৰ মতে, "Director of a film is the captain.", 
 "Jury follow rules & regulations"
 "জুৰীৰ উপৰত chairman থাকে।" --এতিয়া কথাটো আমি এনেদৰে বুজিম নেকি--, "জুৰী"য়ে ভুল কৰা নাই, জুৰী বোৰ্ডৰ অধ্যক্ষই কৰিছে! আৰু বুজিম, "জুৰী"ৰ আসনত বহিবলৈ "চিনেমা" নাজানিলেও হয়! বোৰ্ডৰ অধ্যক্ষৰ সৈতে বহি থাকিবলৈহে "জুৰী সদস্য"! আৰুনো কি ক'ম!

অসমীয়া চিনেমাৰ সমালোচনা ইত্যাদি /২

"বঁটা"ৰ দোকানৰ কথা শুনিছিলোঁ! '"বঁটা" ক্ৰয়ৰ কথা স্পষ্ট কৰিছিল অভিনেতা ঋষি কাপুৰে। এতিয়া লাহে লাহে স্পষ্ট হৈ আছে-- "বঁটা" পোৱাৰ বাবে "ডিজাইন"ও কৰা হয়। এই প্ৰসংগ পাছলৈ ৰাখি "চিনেমা সমালোচক" প্ৰসংগলৈ আহিছোঁ। প্ৰসংগ ক্ৰমে এগৰাকী চিনেমা আলোচকে (যি গৰাকীক বহুতে সমালোচক বুলি কয়) কৈছিল-- "মই অসমীয়া চিনেমাৰ সমালোচনা লিখিব নোৱাৰো।" কাৰণ? আসমীয়া চিনেমাৰ পৰিচালক সকলক লগ পায়ে থাকে। এই গৰাকী চিনেমা আলোচক কিন্তু জাহ্নু বৰুৱা, মুনিন বৰুৱাৰ চিনেমাক লৈ কঠোৰ আছিল। এন আলোচকৰ পৰা-- অসমীয়া দৰ্শকে কেনে ধৰণৰ অসমীয়া চিনেমা পছন্দ কৰে? এই প্ৰশ্নৰ শুদ্ধ চৰ্চা আশা নকৰায়ে ভাল। 
দ্বিতীয় কথা-- চিনেমা আলোচক, চিনেমা সমালোচক সকলৰ পৰা "চিনেমাৰ শুদ্ধ বজাৰ বিশ্লেষণ" সম্ভৱ নহয়। সম্ভৱ হ'লে আগ শাৰীৰৰ  নিৰ্মাতা সকলৰ এখনো চিনেমা ফ্লপ নহ'ল হেতেন। তেলেগু, তামিল, হিন্দী আদি চিনেমাৰ নিৰ্মাতা সকলে "বজাৰ অধ্যয়ণ" কৰোৱাই বিশেষ এজেঞ্চিৰ সহায়ত। আগশাৰীৰ নিৰ্মাতা সকলে বিশেষ গোট গঠন কৰি লয়, "বজাৰ অধ্যয়ণ'ৰ বাবে। "Cinesprint" নামৰ আলোচনী খনত পঢ়িছিলোঁ-- "চিনেমাৰ বজাৰ অধ্যয়ণ মূলতঃ দুটা দিশৰে কৰা হয়। প্ৰথম দিশ-- বজাৰত কেনেধৰণৰ বিষয়বস্তুৰ, শৈলীৰ চিনেমা চলি আছে। চলি থকা চিনেমাক শৈলী কেন্দ্ৰীক তিনিটা, বিষয়বস্তু কেন্দ্ৰীক তিনিটা ভাগত ভগোৱা হয়।
দ্বিতীয়টো দিশ-- বিশেষ বিষয় কেন্দ্ৰীক চিন্তাৰে বজাৰ অধ্যয়ণ আৰু বজাৰৰ সন্ধান কৰা হয়। ধৰি লওক এখন ক্ৰিকেট খেল বিষয়ৰ চিনেমাৰ কাম নিৰ্মাতাই হাতত লৈছে। "বজাৰ অধ্যয়ণ"ত গুৰুত্ব দিয়া হয়-- যি কেইখন বজাৰত তামিল চিনেমা চলে, সেই বজাৰ কেইখন বজাৰত ক্ৰিকেট কেন্দ্ৰীক চিনেমাৰ গুৰুত্ব কিমান, আৰু নিৰ্দিষ্ট বজাৰ কেইখনৰ বাহিৰত ক্ৰিকেট কেন্দ্ৰীক চিনেমা চলাব পৰা "নতুন বজাৰ" আছে নেকি? --ভাৰতৰ, আৰু হলিউডৰো আগশাৰীৰ নিৰ্মাতা সকলে "বজাৰ অধ্যয়ণ"ৰ পাছতহে চিনেমাৰ বাজেট স্থিৰ কৰে। (আৰু আছে 😊)

"অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা" অনুষ্ঠানত আন বহু কথাৰ লগতে মনলৈ আহিল-- অপূৰ্ব শৰ্মা, জাহ্নু বৰুৱা, হেমন্ত বৰ্মন উৎপল বৰপূজাৰী, বিতোপন বৰবৰা আদিকে ধৰি চিনেমা জনা লোকো আছে অসমত

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেনো 
অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ সীমান্ত শেখৰক  "অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা" অনুষ্ঠানটো "ডাঙৰকৈ" পাতিবলৈ পৰামৰ্শ দিছিল। "ডাঙৰকৈ"য়ে পাতিলে, সুপৰিকল্পনাৰ পৰা বহু আঁতৰত থাকি। প্ৰস্তুতিপৰ্বৰ আলোচনাৰ বাবে এবাৰ আমাকো মাতিছিল।আলোচনা মানে? আমাৰ ধাৰণাত কথাটো এনেধৰণৰ, বঁটা কেনেদৰে দিয়া হ'ব বিভাগটোৰ ফালৰ পৰা "ব্লু-প্ৰিণ্ট" সাজু কৰা হৈছিল, আমাক শুনোৱা হৈছিল মাত্ৰ! গোটেই "চৰ্চা"টোত মোৰ কিবা গুৰুত্ব থকা বুলি ধাৰণা নকৰিলোঁ, মোক কিয় আমন্ত্ৰণ কৰা হৈছিল-- নুবুজিলোঁ। গতিকে সেই প্ৰসংগ সিমানতে মনৰ পৰা উলিয়াই, "চৰকাৰী কাম এনে ধৰণৰে" বুলি ধৰি লৈ নিজৰ কামত মন দিছিলোঁ। পৰৱৰ্তী সময়ত "জুৰী"ৰ বাবেও আমন্ত্ৰণ কৰিছিল। খেলি মেলিৰ বাবে আঁতৰি আহিলোঁ। গতিকে ক'ব পাৰো-- খেলি মেলি প্ৰস্তুতি পৰ্বৰ পৰা কালি বঁটা প্ৰদান অনুষ্ঠানটোলৈকে। সেই দিনা আলোচনাত সীমান্ত শেখৰে কৈছিল, "ৰাজ্যিক চলচ্চিত্ৰ বঁটা"ৰ অনুষ্ঠানটো ৰাষ্ট্ৰিয় চলচ্চিত্ৰ বঁটাৰ দৰে কৰিব। সেয়েহে আমি ভাবিছিলোঁ-- যিদৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ৰাষ্ট্ৰপতি বা উপ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰে, তেনেদৰে ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ মৰ্যাদা ৰাখি পুৰস্কাৰ সমূহ মাননীয় ৰাজ্যপালৰ হতুৱাই প্ৰদান কৰিব! --সীমান্ত শেখৰে আৰু কৈছিল গীত-মাতৰ কোনো অনুষ্ঠান নাথাকিব। দেখিলোঁ, বিপৰীত ছবি। ভাষনো শুনিলোঁ, ৰাজনীতিকৰ। উপস্থিত দৰ্শকৰ মুখত জুৰীয়ে "বঁটা" লোৱা চৰ্চাও শুনিলোঁ। বাহিৰত সুন্দৰকৈ সজোৱা চিনেমাৰ পোষ্টাৰৰ মাজত ভিডিঅ' চিনেমাৰ পোষ্টাৰো দেখিলোঁ।
কালি প্ৰদান কৰা ২০১৮ আৰু ২০১৯ বৰ্ষৰ "অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা" অনুষ্ঠানত আন বহু কথাৰ লগতে মনলৈ আহিল-- অপূৰ্ব শৰ্মা, জাহ্নু বৰুৱা, হেমন্ত বৰ্মন, উৎপল বৰপূজাৰী বিতোপন বৰবৰা আদিকে ধৰি চিনেমা জনা লোকো আছে অসমত।

সোমবার, ১৩ মার্চ, ২০২৩

অসমীয়া চিনেমাৰ সমালোচনা ইত্যাদি /১

"চিনেমা চোৱা মানুহ" --লিখিছিলোঁ ২০০৩ চনত। "বিস্ময়"ত প্ৰকাশ পাইছিল। লেখাটো মোৰ "চিনেমা-চিনেমা" গ্ৰন্থত আছে।
---------------------------------------->>>
অসমীয়া দৰ্শকে কেনে ধৰণৰ অসমীয়া চিনেমা পছন্দ কৰে? --এখন চিনেমা কেন্দ্ৰীক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত সাংবাদিক গৌতম শৰ্মাৰ প্ৰশ্ন। সাংবাদিক গৰাকীয়ে এই প্ৰসংগত 'চিনেমা সমালোচক' সকলে চৰ্চা কৰাৰ প্ৰয়োজন থকাৰ কথা ক'লে। প্ৰথম কথা-- চিনেমা 'আলোচক' (negotiator), চিনেমাৰ 'প্ৰচাৰক' (publicity designer), চিনেমা 'লেখক' (writer) আৰু চিনেমাৰ  'সাংবাদিক' (correspondent) আৰু চিনেমা 'সমালোচক' (critic, reviewer) একাকাৰ। কোনোকালে চিনেমাৰ সমালোচনা এটা নিলিখা চিনেমাৰ প্ৰচাৰত সহায় কৰা সংবাদদাতাকো 'চিনেমা সমালোচক'ক বুলি ধৰি লৈ বঁটা দিয়াৰ, 'চলচ্চিত্ৰ বঁটা'ৰ জুৰীৰ আসনত বহুওৱাৰ উদাহৰণো আছে। 'বঁটা'ই নিৰ্মাণ কৰা চিনেমা সমালোচকো আছে। কিন্তু এইটোৱে সত্য--  অসমত অসমীয়া চিনেমাৰ সমালোচকৰ সংখ্য তেনেই কম। অপূৰ্ব শৰ্মা, মনোজ কুমাৰ গোস্বামী, ঘন হাজৰিকা 
 বিতোপন বৰবৰা, মনোজ বৰপূজাৰী, অপৰাজিতা বৰপূজাৰীকে ধৰি কম সংখ্যকৰ পৰাহে অসমীয়া চিনেমাৰ সমালোচনা পাইছো। ইয়াৰ বিপৰীতে অসমীয়া চিনেমা কেন্দ্ৰীক আলোচনা, লেখা লিখা লোকৰ সংখ্যা কম নহয়। ইয়াৰে একাংশই লিখে প্ৰচাৰৰ কথা মনত ৰাখি, একাংশই বিশেষ ধাৰাৰ কথা মনত ৰাখি আৰু কম সংখ্যকে বিশেষ চিনেমাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰি। ইয়াৰ মাজৰে একাংশই (হয়তো অপ্ৰিয়, কিন্তু সত্য) মুষ্টিমেয় একাংশৰ চিনেকৰ্মৰ সপক্ষে, মুষ্টিমেয় একাংশৰ চিনেকৰ্মৰ বিপক্ষে লিখে, আৰু সেয়া 'সমালোচনা'ৰ নামত কাকত-আলোচনীত ছপা হয়। বিশ্লেষণ কৰিলে স্পষ্ট হয়--, এনে লেখাই কোনো পক্ষৰ ক্ষতি কৰে, কোনো পক্ষৰ কেতিয়াবা লাভ হয়, স্থানীয় বজাৰত। আৰু লোকচান হয় চিনেমাৰ। (সাংবাদিক গৌতম শৰ্মাই ভাষণ প্ৰসংগত সপক্ষে-বিপক্ষে 'প্ৰচাৰ' কৰাৰ কথাও কৈছিল।) এই যে চিনেমাৰ লোকচান হৈছে, হৈ আছে --একমাত্ৰ সংবাদ মাধ্যমৰ দোষত। (আৰু আছে😊)cinema by Utpal Mena

রবিবার, ১২ মার্চ, ২০২৩

বৃহস্পতিবার, ৯ মার্চ, ২০২৩

সতীশ কৌশিক ... হঠাতে উভতি নহা বাটেৰ যোৱা খবৰটো চিত্ৰৰসিক, চিনেকৰ্মীৰ বাবে --বিনা মেঘে বজ্রপাত

কেলেণ্ডাৰ (মিষ্টাৰ ইণ্ডিয়া /১৯৮৭), পাপ্পু পেজাৰ (দীৱানা মাস্তানা /১৯৯৭)-- একোটা হাঁহিৰ ঢৌ। হিন্দী চিনেমাৰ দৰ্শকৰ মনত স্থান লোৱা ইমেজ। 'ইমেজ'ৰ নাম-- সতীশ কৌশিক। হঠাতে, আজি সেই হাঁহিৰ ঢৌ হেৰাই থাকিল, অভিনেতা অনুপম খেৰৰ 'টুইট'ত আহিল দুখৰ খবৰটো-- "जानता हूँ 'मृत्यु ही इस दुनिया का अंतिम सच है!' पर ये बात मैं जीते जी कभी अपने जिगरी दोस्त SatishKaushik के बारे में लिखूँगा, ये मैंने सपने में भी नहीं सोचा था।45 साल की दोस्ती पर ऐसे अचानक पूर्णविराम !! Life will NEVER be the same without you SATISH ! ओम् शांति!" ৬৬ বছৰীয়া চিনেমা নিৰ্মাতা, অভিনেতা গৰাকী এনেদৰে, হঠাতে উভতি নহা বাটেৰ যোৱা খবৰটো চিত্ৰৰসিক, চিনেকৰ্মীৰ বাবে --বিনা মেঘে বজ্রপাত। 
সতীশ কৌশিকৰ প্ৰথম পৰিচয়-- মঞ্চাভিনেতা। আৰু তাৰ পাছত চিনেমাৰ অভিনেতা। মূলতঃ কমেডী চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিছিল। চৰ্চালৈ আহিছিল কেলেণ্ডাৰ-পাপ্পু পেজাৰ (চৰিত্ৰ দুটাত কৰা অভিনয়ৰে।) নামেৰে। 
নেচনেল স্কুল অৱ ড্ৰামা, ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানত অভিনয়ৰ শিক্ষা লৈ, অৰ্থাৎ অভিনয়ৰ সম্পূৰ্ণ পাঠ অধ্যয়ণ কৰিহে বলিউদৰ বাটত খোজ দিছিল সতীশ কৌশিকে। " কিৰোৰী মাল কলেজ (দিল্লী বিশ্ববিদ্যালয়) -ত পঢ়ি থকা সময়তে ঠিক কৰিছিলো, মই অভিনয় কৰিম, অভিনয় শিকিহে অভিনয় কৰিম। মোৰ ধাৰণাত যি কোনো কামেই পৰিপাটিকৈ তেতিয়াহে কৰিব পাৰি, যেতিয়া বিষয়টোৰ গণিত-বিজ্ঞান সকলো আয়ত্ব কৰি লোৱা হয়।"
মঞ্চত 'Willy Loman', 'Death of a Salesman' আদি নাটকত কৰা অভিনয়ৰে চৰ্চালৈ অহা কৌশিকে  অভিনয় কৰা চিনেমাৰ তালিকা খন চুটি নহয়। জানে ভি দো ইয়াৰো, ৱ' সাত দিন, মাসুম, উৎসব, কাশ, ঠিকানা, ৰাম লখন, জামাই ৰাজা, আন্দাজ, পযদেশী বাবু, ঘৰৱালি বাহাৰৱালি, হাছিনা মান যায়েগি, চল মেৰে ভাই, কলকাতা মেইল, মিলেংগে মিলেংগে, অতিথি তুম কাব যাওগে, ডাবল ধামাল, ছালাং, থৰ আদি। দেখা যায়-- খলনায়ক আদি চৰিত্ৰটো অভিনয় কৰিছিল কৌশিকে।
১৯৮৭-৮৮ চনৰ কথা। শেখৰ কাপুৰে হাতত লৈছিল এখন বিগ-বাজেটৰ চিনেমা। বনি কাপুৰৰ প্ৰযোজনা। নাম-- "ৰূপ কি ৰাণী চোৰন কা ৰাজা"। সেই সময়ত বনি-শেখৰ বলিউদ বাজাৰত চৰ্চাৰে শীৰ্ষত। "মিষ্টাৰ ইণ্ডিয়া"ৰ সফলতাৰ বাবে। বিৰাট সফলতাৰ বাবে। এই সফলতাৰ বুনিয়াদতে ঠিয় হৈ বনি কাপুৰে আকৌ শেখৰ কাপুৰক আৰু এটা চিনে-পৰিকল্পনাৰ বাবে, পৰিচালনাৰ বাবে অনুৰোধ কৰিলে। মান্তি হ'ল। "মিষ্টাৰ ইণ্ডিয়া"ৰ চিত্ৰনাট্যকাৰ চেলিম–জাভেদক চিত্ৰনাট্য ৰচনাৰ দায়িত্ব দিয়া হ'ল। শেষত চিত্ৰনাট্য লিখিলে জাভেদ আখতাৰে। চিত্ৰনাট্য পৰ্ব শেষ হোৱাৰ পাছত শেখৰ কাপুৰৰ ফালৰ পৰা কোৱা হ'ল-- "মোৰ দ্বাৰা 'ৰূপ কি ৰাণী চোৰন কা ৰাজা' সম্ভৱ নহব!" প্ৰায় কাম আগবঢ়া চিনেমা খনক লৈ বিপদত পৰিল বনি কাপুৰ। আৰু সেই বিপদৰ সময়ৰ সিদ্ধান্ত-- 'ৰূপ কি ৰাণী চোৰন কা ৰাজা' প্ৰথম সহকাৰী পৰিচালক সতীশ কৌশিকে পৰিচালনাৰ দায়িত্ব ল'ব। তেনেদৰেই বলিউদত 'পৰিচালক সতীশ কৌশিক'ৰ প্ৰথম খোজ। ৯ কোটি টকা (সেই সময়ত বিগ বাজেট। সেই সময়ত 'ৰূপ কি ৰাণী চোৰো কা ৰাজা'ৰ লগতে ১০ খন বিগ বাজেটৰ চিনেমা ফ্লপ হৈছিল।) বাজেটৰ চিনেমা খনক বক্স অ'ফিচ বৈতৰণী পাৰ কৰাব নোৱাৰিলে কৌশিকে। প্ৰথম খোজতে পিছল খাইছিল।
চিনে পণ্ডিত সকলে ধাৰণা কৰিছিল-- সতীশ কৌশিক'ৰ পৰিচালক কেৰিয়াৰ ইমানতে ইতি! কিন্তু বিফলতাৰ দুবছৰতে চিত্ৰগৃহলৈ আহিল কৌশিকৰ পৰিচালনাৰে বনি কাপুৰ দ্বিতীয় খন চিনেমা-- "প্ৰেম' (৫ মে’ ১৯৯৫ চন) । কম বাজেটৰ চিনেমা। বক্স-অ'ফিচ চৰ্চাৰ বহু আঁতৰতে ৰৈ যোৱা এখন চিনেমা। 
সফলতাৰ বাটৰ সন্ধানত দক্ষিণ ভাৰতৰ চিনেমাত চকু দিলে কৌশিকে। চিত্ৰনাট্য সাজু কৰিলে  তেলেগু চিনেমা "পবিত্ৰ বন্ধম"ৰ আধাৰত "হুম আপকে দিল মেই ৰেহতে হায়"ৰ (চিত্ৰগৃহলৈ আহিছিল ২২ জানুৱাৰী ১৯৯৯ -ত। ৬.২৫ কোটি টকা বাজেটৰ চিনেমা খনে ব্যৱসায় কৰিছিল  ৩৬.৬৫ কোটি টকা)। এই চিনেমা খনৰ বক্স-অ'ফিচ সফলতাই "পৰিচালক  কৌশিক"ৰ বলিউদৰ দুৱাৰ খন বহলকৈ মেলি দিছিল। পৰিচালনা কৰিছিল-- 'হামাৰা দিল আপকে পাস হ্যায়', 'মুঝে কুছ কেহনা হ্যায়', 'বাধাই হো বাধাই', 'তেৰে নাম', 'ৱাদা', 'ছাদি ছে পেহলে', 'কৰ্জ', 'তেৰি ছং', 'মিলেংগে মিলেংগে', 'গেং অব ঘোষ্ট' আৰু 'কাগজ'। 
(আৰু লিখিম)

ৰঞ্জন বেজবৰুৱা

আন দহজনৰ দৰে ৰঞ্জন বেজবৰুৱাৰ সংগীত-কৰ্ম নহয়। সংগীত- কৰ্মীগৰাকীৰ সংগীতৰ ভাষা- সংস্কৃত। কথা প্ৰসংগত জানিব বিচাৰিছিলোঁ তেওঁৰ গীতৰ ভাষা সংস্কৃত কিয়? উত্তৰত কৈছিল- ১) সংস্কৃত অতি সাংগীতিক আৰু শ্ৰুতিমধুৰ ভাষা। যিকোনো কথা সংস্কৃতত উচ্চাৰণ কৰিলে সি অধিক আৱেদনময় হৈ পৰে। গীতৰ ক্ষেত্ৰত এই আৱেদন হয় সৰ্বাধিক। সেয়েহে সংস্কৃতৰ দৰে এটি অৰ্থ-গৌৰৱময় ধ্ৰুপদী ভাষাত গীত ৰচনা কৰা বা অন্য ভাষাৰ গীত ৰূপান্তৰ কৰি গোৱাটো মোৰ বাবে হৈ পৰিল এক স্বপ্ন, এক সাধনা । ২) সংস্কৃত ভাষাত মৌলিক বা অনূদিতৰূপত গীত পৰিৱেশন কৰিলে কেইবাটাও উদ্দেশ্যে সিদ্ধি হ'ব পাৰে। প্ৰথমে- আমাৰ প্ৰান্তীয় সংগীত-ধাৰাই অৱধাৰিতভাৱে লাভ কৰিব পাৰে- এক নতুন ব্যাপ্তি, নতুন দীপ্তি তথা ধ্ৰুপদী মহিমা। গীতে-সংগীতে, ধ্বনিয়ে-প্ৰকাশে- এক অনুপম 'ভাৰতীয়ত্ব' ইয়াত নতুনকৈ যুক্ত হ'ব পাৰে। তাৰ দ্বাৰা আমাৰ জাতীয় সংগীতধাৰা হৈ পৰিব পাৰে বিশ্বজনীন। কিয়নো সংস্কৃত একে সময়তে ভাৰতীয় আৰু আন্তৰ্জাতিক ভাষা। ভাষাতত্ত্বৰ ইতিহাসৰ দৃষ্টিৰে প্ৰায় পাঁচ হেজাৰ বছৰীয়া ইণ্ডো-ইউৰোপীয় ভাষা গোষ্ঠীৰ জ্যেষ্ঠ দুহিতা সংস্কৃতৰ লগত আছে বিশ্বৰ বহু প্ৰসিদ্ধ প্ৰধান ভাষাৰ নাড়ীৰ সংযোগ। আছে সমন্বয় বা সামঞ্জস্য। পৃথিৱীৰ নানা দেশত ইয়াৰ চৰ্চা কৰা হয়- সংস্কৃতৰ এই মহৎ সাংস্কৃতিক বৈভৱ বা ঐতিহ্যৰ বাবেই। ৩) যি কোনো আৰ্যমূলীয় ভাৰতীয় ভাষা- যেনে অসমীয়া, বঙলা, উড়িয়া, হিন্দী, ৰাজস্থানী, গুজৰাটী, মাৰাঠী আদিত লিখা গীত আটাইতকৈ সফলভাৱে অনুবাদ হ'ব পৰা ভাষাটো- আমি ভাৱোঁ- সংস্কৃত। কিয়নো ভাষাগত বৈশিষ্ট্যৰ বাবেই সংস্কৃতত আছে অপৰিসীম শব্দ-সম্ভাৰ, সমাৰ্থক শব্দমালা, ধ্বন্যাত্মক প্ৰকাশভঙ্গী। আপুনি যি ভাৱেই পোনাব খোজে, সেই ভাৱেই পোন হয় সংস্কৃত। সংস্কৃত অতি নমনীয়, 'সৰবৰহী' ভাষা। ৪) ইয়াৰ উপৰি সংস্কৃতত গীত পৰিৱেশনে সামাজত বহুখিনি ইতিবাচক প্ৰভাৱ পেলাব পাৰে। নতুন প্ৰজন্মই ক্ৰমাৎ অৱলুপ্তিৰ ফালে যোৱা সংস্কৃত ভাষাক পুনৰ স্বমহিমাৰে প্ৰতিষ্ঠা কৰিব পাৰে। পৰিচয় কৰাই দিব পাৰে আমাৰ সুমহান সাংস্কৃতিক পৰম্পৰাক। সংস্কৃত সংগীতৰ মাধ্যমেৰেই তেওঁলোকে সংস্কৃত শব্দমালা শিকিব, শিকিব তাৰ ব্যৱহাৰ,শিকিব মূল আধুনিক ভাষাৰ লগত তাৰ সম্বন্ধ-সংগতিৰ বহু নজনা কথা। শিকিব আমাৰ দেশীয় সাহিত্যৰ আঁতি-গুৰিও।" এতিয়ালৈ এশৰো গীত সংস্কৃতলৈ ৰূপান্তৰ আৰু ৰচনা কৰা ৰঞ্জন বেজবৰুৱাৰ শ্ৰৱ্য সংকলন কেইটি- মনোমোহিনী (২০০৮), মৃগনয়না(২০০১১), সাগৰসংগমঃ(২০১২), যশোদানন্দন (২০১৪), আনন্দিনী(২০১৯)- শ্ৰব্য সংকলন

সোমবার, ৬ মার্চ, ২০২৩

অসমীয়া চিনেমাৰ বজাৰ কেন্দ্ৰীক চিন্তা

অসমীয়া চিনেমা কেন্দ্ৰীক তিনিটা বিশেষ খবৰ-- 
(১) প্ৰযোজক পক্ষৰ মতে, আসমীয়া চিনেমা "ডক্তৰ বেজবৰুৱ- ২" ব্যৱসায়িক দিশত সফল। অসমীয়া চিনেমাৰ স্থানীয় বজাৰত শীৰ্ষস্থান দখল কৰিছে হেনো! যোৱা ২৫ ফেব্ৰুৱাৰী তাৰিখে সংবাদ মাধ্যমক প্ৰযোজক পক্ষই জনাইছিল-- চিনেমা খনৰ বক্স অ'ফিচ কালেকচন ৬.৫ কোটি টকা। তাৰ পাছৰ তথ্য চকুত পৰা নাই। 
(২) "অনুৰ" স্থানীয় বজাৰত যিমান সফল হ'ব বুলি আমি ধাৰণা কৰিছিলোঁ, তাতকৈ বেছি সফল। এক উন্নত মানৰ চিনেকৰ্ম স্বাভাৱিকতে চিত্ৰ ৰসিকৰ বাবে আনন্দৰ খবৰ, উৎসাহৰ খবৰ।
(৩) বহুতৰে ধাৰণা-- অসমীয়া চিনেমা চোৱাৰ বিশেষ "সময়" থাকে। "বিশেষ সময়" নোপোৱাত চিত্ৰগৃহৰ পৰা আঁতৰাই নিলে "ব্লেক এণ্ড হোৱাইট", প্ৰযোজক পক্ষৰ হৈ, সংবাদ মেলত ঘোষণা কৰিলে চিনেমা খনৰ আভিনেতা ৰবি শৰ্মাই। (আৰু আছে)

বৃহস্পতিবার, ২ মার্চ, ২০২৩

আৰু সান্নিধ্য: উৎপল দত্ত

নলবাৰীৰ "মিনাৰ্ভা বুক ডিপো" --১৯৮৯-৯২ সময় চোৱাত আমাৰ নিয়মীয়া আড্ডাৰ স্থান। সাহিত্য-নাটক-চিনেমা ইত্যাদি আছিল আমাৰ সেই আড্ডাৰ মূল বিষয়। "মিনাৰ্ভা বুক ডিপো" আছিল প্ৰশান্ত দাৰ। চলাইছিল হৰেকৃষ্ণ দাসে। সেই আড্ডা আছিল কেইবা খনো কাকত-আলোচনীৰ কাৰ্যালয়ৰ দৰে। সেই আড্ডা স্থলিলৈকে এদিন সোমাই আহিছিল উৎপল দত্ত "হৰেকৃষ্ণ, দবা (Chess)
 ক'ত চলি আছে" বুলি আমাৰ ফালে চাইছিল। কিছু সময় পূৰ্বে "দবা খেল চলি আছে হৰিমন্দিৰত, তাৰ পৰা আহো" বুলি শিল্পী আদ্য শৰ্মাই আমাক মাত লগাই গৈছিল। গতিকে হৰেকৃষ্ণ দাসে কিবা কোৱাৰ আগতে আমাৰ ওঁঠত লাগি থকা "উত্তৰ"টো দিছিলোঁ। "উত্তৰ"টো পোৱা মাত্ৰকে সাউতকৈ অহা উৎপল দত্ত, সাউতকৈ আঁতৰি গৈছিল। "উত্তৰ" দিয়াৰ সময়ত জনা নাছিলোঁ, আঁতৰি যোৱাৰ পাছতহে হৰেকৃষ্ণ দাসে কৈছিল-- "কোন চিনি পালা জনো! --উৎপল দত্ত। তাৰিখ, চন, বাৰ মনত নাই।
 কিন্তু মনত আছে, দ্বিতীয়বাৰ লগ পোৱাৰ আনুমানিক তাৰিখ, চন। ৪ জানুৱাৰীৰ ১৯৯৪ -ৰ পাছৰ এটা দিনত, অসম সাহিত্য সভাৰ মৰিগাঁও অধিৱেশনত।
 আমাৰ সৈতে যোৱা এগৰাকীয়ে কৈছিল-- সেইজন উৎপল দত্ত। সেই সময়ত উৎপল দত্তৰ "অপৰূপা আন্দামান" (ভ্ৰমণ কাহিনী) কেন্দ্ৰীক চৰ্চ চলি আছিল। গ্ৰন্থ খনৰ বেটুপাত অশ্লীলতাৰ দোষৰ পৰা মুক্ত নহয় বুলি বহুতে সমালোচনা কৰিছিল। সেইবাবেই হয়তো "সেইজন উৎপল দত্ত" শুনা মাত্ৰকে আমাৰ ওচৰত থকা বহুজনে কৈছিল-- অ' আন্দামান! 
 আমি গৈ উৎপল দত্তৰ সৈতে চিনাকী হৈছিলোঁ। উৎপল দত্তই কৈছিল-- "শ্ৰীময়ী" (পষেকীয়া অসমীয়া আলোচনী/ সম্পাদক: হেমন্ত বৰ্মন) -ৰ শেষ পৃষ্ঠাত এইসংখ্যাত আৰ ডি বৰ্মনৰ বিষয়ে লিখিছা নহয়! পঢ়িছোঁ। ভাল লিখিছা।" --এই "প্ৰশংসা"ৰ বাবেই উৎপল দত্তক দ্বিতীয়বাৰ লগ পোৱাৰ সময় মনত ৰৈ গ'ল। (কায়িক মৃত্যুৰ পাছ দিনা আৰ ডি বৰ্মনৰ বিষয়ে লিখি "শ্ৰীময়ী"ৰ কাৰ্যালয়ত দি আহিছিলোঁ। সংগীত শিল্পী গৰাকীৰ কায়িক মৃত্যুৰ তাৰিখ: জানুৱাৰী ১৯৯৪, মুম্বই।)
 পাছত, আৰু পাছত উৎপল দত্তক কিমান দিন লগ পালোঁ (লগ পাই আছোঁ), হিচাপ ৰখা নাই। কাৰণ-- হিচাপ ৰাখিব পাৰি বিশেষ সংখ্যালৈকহে! এই যে লগ পাইছোঁ, লগ পাই আছোঁ--, কাৰণ মোৰ প্ৰিয় বিষয় চিনেমা। উৎপলদাৰ চিনেচিন্তাৰ সৈতে মোৰ চিনেচিন্তাৰ মিল কম, অমিল বেছি। (আৰু আছে 😊)
 

প্ৰভাত শৰ্মা: আৰু এখিলা

লিখিছিলোঁ-- "আত্মলিপিৰ ১৬ খিলা"। লিখা হোৱা নাছিল সাজু কৰি ৰখা প্ৰায় কুৰি খিলা। লিখাৰ সুযোগ নিদিলে " আস্থিৰ সময়" -এ। আন বহু কামৰ লগতে এটা ভাইৰছৰ বাবে "সামাজিক দূৰত্ব কাল" আৰম্ভ হোৱাত অপেক্ষা কৰিছিলোঁ "স্থিৰ সময়"লৈ। সময় কিছু স্থিৰ হৈছিল! মনতে ঠিক কৰিছিলোঁ, শিল্পীৰ জন্মদিন ৭ জুলাইৰ আগতে শেষ কৰিম বাকী কেইখিলাৰ কাম। কিছু কাম আগো বঢ়াইছিলোঁ। কিন্তু শিল্পীক শুনোৱাৰ আগতে আমাৰ মাজৰ পৰা আঁতৰি গৈছিল শিল্পী, লোক সংগীতৰ সাধক প্ৰভাত শৰ্মা।
--হয়, "আত্মলিপিৰ ১৬ খিলা" লোক সংগীতৰ সাধক প্ৰভাত শৰ্মাৰ আত্মকথা। শিল্পী গৰাকীয়ে কৈ গৈছিল, আমি শুনি গৈছিলোঁ, পাছত আমাৰ বাক্যশৈলীৰে লিখিছিলোঁ। লিখি শিল্পীক শুনাইছিলোঁ। শিল্পীয়ে "ভাল হৈছে হা বাপু" বুলি কোৱাৰ পাছত "সেই অধ্যায়" সম্পূৰ্ণ হোৱা বুলি ধৰি লৈছিলোঁ। --এনেদৰে সম্পূৰ্ণ হৈছিল ১৬ টা খণ্ড। ৰৈ গৈছিল বহু তথ্য, সম্পূৰ্ণ নোহোৱা খণ্ড কেইটা সম্পূৰ্ণ নোহোৱাত।
প্ৰভাত শৰ্মাই কৈছিল, মই শুনিছিলোঁ, শুনোৱাৰ আগতে আমাৰ মাজৰ পৰা কায়িক ভাৱে আঁতৰি গৈছিল (২মাৰ্চ ২০২১ -ত)। ১৭, ১৮ ... খণ্ড ফাইলৰ চেপাত ৰৈ গৈছিল। ১৮ খণ্ডটৈত কৈছিল --, বাংলা চিনেমা এখনৰ বাবে বাঁহী বজোৱাৰ কথা। বিশেষ তথ্য শিল্পী গৰাকীৰ হাতত নাছিল, ইমান খিনিয়ে কৈছিল, "ৰত্ন ওজাৰ সৈতে গৈ ভূপেনদাৰ ঘৰ পোৱাৰ তিনদিন মান পাছৰ কথা। আমাক শ্বুটিং দেখুৱাবলৈ নিছিল। উত্তম কুমাৰক ওচৰৰ পৰা দেখিছিলোঁ। আৰু কাৰোবাক কাৰোবাক দেখিছিলোঁ, মনত নাই। মনলৈ আহিলে তোমাক ক'ম। তাতেই লগ পাইছিলোঁ এজন মানুহক। মানুহ জনৰ সৈতে ভূপেনদাই কিবা কথা পাতিছিল। মানুহ জন যেন কিবা বিপদত পৰিছে! কিছু সময় পাছত মানুহ জনৰ সৈতে ভূপেনদা ৰত্ন ওজা-মোৰ ওচৰলৈ আহিল। মোক দেখুৱাই ভূপেন দাই মানুহজনক ক'লে-- 'এও প্ৰভাত শৰ্মা, গৌড় গোস্বামীৰ শিষ্য। তুমি বিছৰা ধৰণে তোমাক সহায় কৰিব পাৰিব।' ভূপেনদাই কথা খিনি বাংলাত কৈছিল। মই বুজিছিলোঁ। খং উঠিছিল! কলিকাতালৈ গৈ সেই সময়ত নিজকে 'সহায়' কৰিব পৰা নাছিলোঁ, অচিনাকী মানুহ এজনক সহায় কৰাৰ কথা কৈছে! কলিকতাৰ বাট-পথ চিনিয়ে নাপাও! কিন্তু অচিনাকী মানুহ জনে কোৱা কথা শুনি মোৰ খং কমিল। মানুহজন সংগীত ব্যৱস্থাপক। বাংলা চিনেমা এখনৰ আৱহ সংগীতৰ কাম চলি আছিল। হঠাতে বাঁহীৰ সুৰ দুটা মানৰ প্ৰয়োজন হৈছিল। হঠাতে চিনেমা খনৰ প্ৰয়োজনত বাঁহী বজাব পৰা মানুহ পোৱাতো সেই সময়ৰ কলিকতাত সম্ভৱ নহয়! গতিকে মানুহ জনৰ কথা--, ভূপেনদাই কৈছে যেতিয়া চিনেমা খনৰ প্ৰয়োজন পূৰাব পৰাকৈ মই বাঁহী বজাব পাৰিম! পাছদিনা মানুহজনে ভূপেনদাৰ ঘৰৰ পৰা মোক লৈ আহিছিল। মই বজাইছিলোঁ। মোক ৭০০ টকা পাৰিশ্ৰমিক দিছিল।" 
বাংলা চিনেমা খন? 
আমি লেখক-সাংবাদিক ৰত্ন ওজাৰ ওচৰ চাপিছিলোঁ। কৈছিল --"এখন নহয়, প্ৰভাত শৰ্মাই এখন নহয়, কেইবা খনো বাংলা ছবিৰ বাবে বাঁহী বজাইছিল। সেইবোৰ তথ্য মনত ৰখা নহয়। তথ্য বুলি ভৱা নহয়। এটা তথ্য তোমাক দিব পাৰোঁ, উত্তম কুমাৰে প্ৰভাত শৰ্মাৰ বাঁহী শুনিছিল। প্ৰশংসা কৰিছিল।..." --এই প্ৰসংগত আমি সম্পাদনা কৰা "সংগীতশ্ৰী প্ৰভাত শৰ্মা" সংকলনৰ বাবে লিখিবলৈ অনুৰোধ কৰিছিলো। নিলিখিলে, শাৰীৰিক অসুস্থতাৰ বাবে।
প্ৰভাত শৰ্মাই কৈছিল, "ভূপেনদাই লগ লগাই দিয়া, সেই মানুহজনে মোক আৰু কেইবা বাৰো বাঁহী বজোৱাৰ বাবে লৈ গৈছিল। বাংলা লোকগীতত দোতাৰা আৰু বাঁহী বজাইছিলোঁ। সেই যে লোকগীতত বজাইছিলোঁ, অনুভৱ কৰিছিলোঁ-- ৰাজ্যৰ মাজত সীমাৰেখা থকাৰ দৰে সংগীতৰ মাজত কোনো সীমাৰেখা নাথাকে। কামৰূপী লোকগীত আৰু মই দোতাৰা বা বাঁহী বজোৱা বাংলা লোকগীত কেইটা প্ৰায় একে। বাসু নামৰ এজনে গাইছিল-- 'মা তুই জলে না যাইও
ও হে কলঙ্কিনী ৰাধা
কদম গাছে উঠিয়াছে কানু হাৰামজাদা
মা তুই জলে না যাইও…'
 মই কৈছিলোঁ, আমাৰ কামৰূপী লোকগীত। বাসুই কৈছিল-- 'আমাৰ লোকগীত।' মই বাসুৰ কথা মানি লোৱা নাছিলোঁ, বাসুই মোৰ কথা মানি লোৱা নাছিল। বাসুই কোৱা এটা কথাই মোক চুই গৈছিল-- 'গীত-সংগীত কোনো ভাষা বা দেশৰ সীমাৰেখাৰ মাজত জীয়াই নাথাকে, জীয়াই থাকে সংগীত শিল্পী, সংগীত ৰসিকৰ মাজত।...' সেইদিনা মই অনুভৱ কৰিছিলোঁ, কামৰূপী লোকগীত তেতিয়ালৈকে আমাৰ হৈ থাকিব, যেতিয়ালৈকে আমাৰ মাজত চৰ্চা হৈ থাকে। এতিয়া মই দেখিছোঁ-- এই লোকগীতৰ চৰ্চা অসমতকৈ বংগত বেছি হয়।"
 লোকগীত-লোকবাদ্য আছিল প্ৰভাত শৰ্মাৰ বাবে আৱেগ, জীয়াই থকাৰ আৱেগ। প্ৰভাত শৰ্মাই কৈছিল-- "বিষ্ণু ৰাভাৰ পৰা শিকিছিলোঁ লোক সংগীতে জীৱন জীপাল কৰি ৰখাৰ পাঠ। 'প্ৰুভাত (বিষ্ণু প্ৰসাদ ৰাভাই প্ৰভাত শৰ্মাক প্ৰুভাত নামেৰে মাতিছিল) সংগীতৰ সৌন্দৰ্য থাকে লোক সংগীতত। তই নেৰিবি। দোতাৰা, বাঁহী বজাইছ! খোলো বজাব জান! আৰু যিমান খিনি আছে শিকি-বুজি লবি। লোক গীতৰ সুৰবোৰ ইফাল-সিফাল হ'ব নিদিবি। আমাৰ নিজা খিনি নিজৰ কৰি ৰাখিব লাগে।' মই আজি লৈকে (১জানুৱাৰী, ২০১৬) শিপা ডালত ধৰিয়ে লোক সংগীতৰ কাম কৰি আছোঁ।"