সরাসরি প্রধান সামগ্রীতে চলে যান

দুখেৰ আৰম্ভ কৰিছিল "অভিনয়"ৰ সুখৰ জীৱন...

    অনুপমা ভট্টাচাৰ্য ( জন্ম: ২৩ আগষ্ট, ১৯২৮, শিৱসাগৰ / মৃত্যু: ৩০ জানুৱাৰী,২০২২, গুৱাহাটী)
       -----------------------------
দুখেৰ আৰম্ভ কৰিছিল অভিনয়ৰ সুখৰ জীৱন। দুখৰ মাজত জুপুকা মাৰি থকা সময়তে এদিন নটসূৰ্য ফনী শৰ্মা আৰু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আহি ক'লে-- তুমি অভিনয় কৰা! মন মুকলি লাগিব! আমি 'ছিৰাজ' কৰিম! তোমাৰ দেউতাক কৈছো। ফাতেমাৰ চৰিত্ৰটোত তুমি অভিনয় কৰিবা বুলি ধৰি লৈয়ে আমি আহিছো! কিছু সময় ল'লে। আৰু নিৰ্দিষ্ট সময়ত  অনুপমা ভট্টাচাৰ্যই ক'লে-- মই অভিনয় কৰিম।
--অনুপমা ভট্টাচাৰ্যই কৈ গৈছিল।
 ২০০৩ চনৰ কোনো এটা দিনত। সেই সময়ত আমি দৈনিক কাকত "আজি"ৰ সম্পাদনা বিভাগৰ কৰ্মী। সম্পাদক অজিত কুমাৰ ভূঞা আৰু লেখক-অভিনেতা দিলীপ কুমাৰ হাজৰিকাই অভিনেত্ৰী গৰাকীৰ বিষয়ে বহু কথা কৈছিল। দিলীপ কুমাৰ হাজৰিকাই কৈছিল --"এই বোৰ কথা লিখিব লাগে। আমি কোৱা ধৰণে নহয়, অনুপমা ভট্টাচাৰ্যই কোৱা ধৰণে। তুমি এদিন গৈ কথা পাতি আহা।" আমি গৈছিলো। আমি জানিব বিছৰাত কৈ গৈছিল। ("এইবোৰ জানিবলগীয়া কথা নে! লিখিলেনো কি হব!"  বুলি কৈ গৈছিল।) 
"সেই সময়ত মোৰ বয়স কিমান আছিল! ভালদৰে মনত নাই। খেলাৰ বয়স আছিল। আজি-কালি সিমান বয়সত দৰা-কইনা খেলে। মই পিছে সচাকৈয়ে কইনা হৈছিলো। কইনাৰ সাজ-অলংকাৰ পিন্ধি বিয়াত বহিছিলো। মোকনো এই গধুৰ সাজ-অলংকাৰ পিন্ধাই কিয় বিয়া দিলে! --বুজি লোৱাৰ আগতে এদিন ওচৰৰ তিৰোতাবোৰে আহি মোৰ গহনা-গাঁথৰি খুলি পেলালে, কপালৰ ফোঁট মচি দিলে। মই মাত্ৰ কান্দিছিলো, বিয়াৰ দিনা কন্দাৰ দৰে। আন বহুতে কন্দা বাবে। আনহাতে ভালো পাইছিলো সাজ-পাৰৰ বোজা এৰি খেলিবলৈ সুবিধা কৰি দিয়া বাবে। মোৰ মন কিন্তু দুখেৰে ভৰি আছিল, মোক বিয়া দিয়া ল'ৰা জন যে মৰি থাকিল, সেই বাবেই হয়তো! খেলত মন দিব পৰা নাছিলো।" 
 --হয়, বিয়াৰ বিয়াৰ কেইমাহমানৰ পিছতে অনুপমা ভট্টাচাৰ্যৰ স্বামীৰ মৃত্যু হৈছিল। 
--সময়ত‘চিৰাজ’ৰ কাম আৰম্ভ হৈছিল। আৰু চিত্ৰগ্ৰহণৰ সময়তেই সংগীত পৰিচালক শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ লগত পুনৰ বিবাহত বহিছিল। "আৰু বিয়াত বহিলো যে! আইদেউ সন্দিকৈৰ দৰে বিপদত নপৰিলো। কিন্তু মহিলাই চিনেমাত অভিনয় কৰা কামটো সেই সময়তো অপৰাধ আছিল। আৰু সমাজৰ পৰা পোৱা লাঞ্ছনা গঞ্জনা সহ্য কৰিব লগিয়া হৈছিল। সমাজে আমাৰ ঘৰখনক এৰিছিল।" 
--ৰৈ থকা নাছিল। অভিনয় কৰি গৈছিল। সৰাপাত, নিমিলা অংক, বিপ্লৱী, মানৱ আৰু দানৱ, তৰামাই, ‘নতুন পৃথিৱী’, 'মৰম', 'ৰাংঢালী', 'আদালত', 'অকণ'কে ধৰি ১৪ খন অসমীয়া চিনেমাত অভিনয় কৰিছিল। 
অভিনয় কৰিছিল ভ্ৰাম্যমাণ থিয়েটাৰতো। ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম গৰাকী 'নায়িকা' বুলি কোৱা হয় অনুপমা ভট্টাচাৰ্যক। ( নটৰাজ থিয়েটাৰৰ প্ৰথম নাট্যবৰ্ষৰ অভিনেত্ৰী:  জ্যোৎস্না দেৱী, অনুপমা ভট্টাচাৰ্য, স্বৰ্ণলতা বৰা, বনিতা বৰঠাকুৰ)। এনেদৰেও কব পাৰি --ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰা প্ৰথম গৰাকী (চিনে গ্লেমাৰ!) অভিনেত্ৰী। "নাটকত সৰুৰে পৰা অভিনয় কৰিছিলো। সৰুৰে পৰা নাটকৰ মানুহ দেখিছিলো। (('দৈনিক অসম'ৰ পৰা সংযজন: অসমীয়া সাহিত্যৰ কাণ্ডাৰী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ আজোনাতিনী আছিল অনুপমা ভট্টাচার্য। তেওঁৰ পিতৃৰ নাম আছিল গোপাল বেজবৰুৱা আৰু মাতৃ আছিল গুণদা বেজবৰুৱা। বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা আছিল শিল্পীগৰাকীৰ মোমায়েক।) ১১ বছৰ মান বয়সত প্ৰথমবাৰ মঞ্চত অভিনয় কৰিছিলো। শিৱসাগৰত। গতিকে মোৰ বাবে থিয়েটাৰৰ মঞ্চত অভিনয় কৰা কামটো সহজ আছিল। অচ্যুত লহকৰৰ তাগিদা আৰু আৰ্থিক কাৰণত মই নটৰাজ থিয়েটাৰত অভিনয় কৰিবলৈ মান্তি হৈছিলো। যাত্ৰা আৰম্ভ হোৱাৰ পিছত অনুভৱ কৰিছিলো --মঞ্চত অভিনয় কৰা মোৰ বাবে কঠিন কাম নহয়; কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰত কঠিন। সময়ৰ সৈতে খোজ মিলাই অভিনয়ৰ কাম কৰিব লাগে। নাটক লৈ ইখন ঠাইৰ পৰা সিখন ঠাইলৈ যাব লাগে। শেষৰ ফালে মোৰ ভাল নলগা হৈছিল। ভ্ৰাম্যমাণত পোৱা সকলো অভিজ্ঞতা মিঠা নাছিল। বিষ্ণু ৰাভা, ফণী শৰ্মাৰ সৈতে কৰা নাটকৰ মধুৰ অভিজ্ঞতাবোৰ সদায় মনত থাকিব। মই নাটকত অভিনয় কৰিহে ভাল পাইছিলো। চিনেমাৰ পোকটো সোমাইছিল 'জয়মতী'ৰ পৰা। অভিনয় কৰিম বুলি কিন্তু কোৱা নাছিলো, ভয়ত।" --অনুপমা ভট্টাচায্যই কৈছিল। হয়তো পিতৃ গোপাল বেজবৰুৱাই পঢ়িছিল জীয়ৰীৰ মন। আৰু সমাজৰ বাধাকো আওকান কৰি 'ফাতেমা'ৰ চৰিত্ৰত অভিনয় কৰাৰ অনুমতি দিছিল। আৰু 'ফাতেমা'ৰে ৰূপালী পৰ্দাত জিলিকিছিল,দৰ্শকৰ হৃদয়ত স্থান লৈছিল। দৰ্শকৰ হৃদয়ত স্থান লোৱা 'ফাতেমা' গ'লগৈ, হৃদয়ত বহু ব্যথা লৈ। 
(অকালতে হোৱা স্বামী শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ মৃত্যু শোক, অকালতে  হোৱা কন্যা ৰুণুমী ঠাকুৰৰ মৃত্যু শোক। আৰু যে কিমান শোক!)  By: Utpal Mena
 

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...