যুতি দিলোঁ গৰু গাড়ী
অ' দেখিছানে হাতীয়ে চলায়..."
এটা জনপ্ৰিয় গীত। চিনেমাটিক। চুই থকা।
(গীতটোৰ কথা: কেশৱ মহন্ত। কণ্ঠ: কোকিলা গোস্বামী। সুৰ-সংগীত: ৰমেন বৰুৱা।)
চাৰি দশকৰো অধিক সময় পাৰ হৈ গ'ল। কিন্তু গীতটোৰ প্ৰথম দুটামান শাৰী আজিও কাণত পৰিলেই মনটো অতীত সময়লৈ উভতি যায়।
--যেন ধূলিময় গাঁৱৰ পথ!
-- যেন দূৰৰপৰা ভাঁহি অহা মাইকৰ শব্দ!
--যেন বাঁহৰ খুঁটিত টানি দিয়া টিৰ্পালৰ চিত্ৰগৃহ!
--যেন হাতীৰ পিঠিত বহি থকা এটা কিশোৰ!
আশীৰ দশকৰ বহু কিশোৰৰ দৰেই আমাৰ বাবেও চিনেমাখন আগতে অহা নাছিল; আগতে আহিছিল গীতবোৰ।
"ঐ কলিৰ কৃষ্ণ বুলি হাঁহিলি...", "পোহনীয়া চৰাইটি উৰিলে...", "এই ৰ'দালী..."
আৰু সেইবোৰৰ মাজত আটাইতকৈ বেছি ভাল লগা গীতটো আছিল—"এক দুই তিনি চাৰি..."।
১৯৮৩ চনৰ ১৮ নৱেম্বৰত মুক্তি পোৱা নিপ বৰুৱাৰ "ককাদেউতা নাতি আৰু হাতী" সেই সময়ৰ এখন অত্যন্ত জনপ্ৰিয় চিনেমা। বক্স-অফিচতো লাভ কৰিছিল উল্লেখযোগ্য সফলতা। কিন্তু আমাৰ দৰে বহুজনৰ বাবে চিনেমা খনৰ সম্পৰ্ক প্ৰথমে ৰূপালী পৰ্দাত নহয়, গীতৰ মাজেৰেহে হৈছিল।
সেই সময়ত অকলে গৈ চিত্ৰগৃহত চিনেমা চোৱাৰ অনুমতি নাছিল। "বয়স"-- তাৰ কাৰণ। সেয়েহে চিনেমা খন আমি চাইছিলোঁ চাৰি বছৰ পাছত, ১৯৮৮ চনত, টিৰ্পালেৰে সজা এটা অস্থায়ী চিত্ৰগৃহত। আজিৰ বহুজনৰ বাবে কথাটো হয়তো কল্পনাৰ দৰে লাগিব। কিন্তু এসময়ত গাঁৱৰ মুকলি পথাৰত, মেলাৰ বাকৰিত, টিৰ্পালৰ তলত গঢ় লৈ উঠা সেই অস্থায়ী #চিত্ৰগৃহ বোৰেই আছিল আমাৰ "মাল্টিপ্লেক্স"।
আৰু সেই পৰ্দাৰ ওপৰত আমি দেখিছিলোঁ এটা হাতী-- বৃকোদৰ।
দেখিছিলোঁ-- এজন ককাদেউতা।
আৰু দেখিছিলোঁ এটি কিশোৰ—মাইনা।
আজিৰ শিশুসকলে হয়তো ডাইন'ছৰ, ছুপাৰহিৰো বা ডিজিটেল জগতৰ কল্পনাৰ চৰিত্ৰৰ সৈতে ডাঙৰ হয়। আমাৰ শৈশৱৰ নায়ক হ'ব পাৰিছিল এটা হাতীও। বৃকোদৰ আছিল-- বন্ধু, সংগী, চিনেমাৰ পৰিয়ালটোৰ সদস্য। সেইবাবেই বৃকোদৰ আৰু মাইনাৰ বন্ধুত্বই আমাৰ মন চুই গৈছিল।
সেই সময়ত আমি জনা নাছিলোঁ-- হাতীৰ পিঠিত বহি থকা কিশোৰটোৰ নাম "মাষ্টাৰ হিমন্ত"।
জনা নাছিলোঁ-- বহু বছৰৰ পাছত সেই শিশুশিল্পী গৰাকী অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা হিচাপে পৰিচিত হ'ব!
আমি কেৱল মাইনাক চিনিছিলোঁ।
কাহিনী আগবাঢ়িছিল। মাইনা ডাঙৰ হৈছিল। ডাঙৰ মাইনাৰ চৰিত্ৰত অভিনয় কৰিছিল প্ৰাঞ্জল শইকীয়াই। ককাদেউতাৰ মৰম, মাকণৰ নীৰৱ ভালপোৱা, জীৱনৰ উত্থান-পতন আৰু হাতী বৃকোদৰৰ সঙ্গ—সকলো মিলি মাইনা দৰ্শকৰ নিজৰ মানুহ যেন হৈ পৰিছিল।
সেইবাবেই হয়তো "ককাদেউতা নাতি আৰু হাতী" এখন সফল চিনেমাৰ সীমা অতিক্ৰম কৰি এটা প্ৰজন্মৰ স্মৃতি হৈ উঠিছিল।
সময় ৰৈ নাথাকে।
এদিন ককাদেউতাও নাথাকে।
নাতিও ডাঙৰ হয়।
আৰু সেই নাতিয়েই ককা হৈ পৰে।
অহা ৩ জুলাইত মুক্তি পাব "ককাদেউতা নাতি আৰু হাতী-২"।
আৰু এইবাৰ একালৰ সেই নাতি ককাৰ ৰূপত উভতি আহিব।
প্ৰথমখন চিনেমাৰ ডাঙৰ মাইনাৰ চৰিত্ৰত অভিনয় কৰা প্ৰাঞ্জল শইকীয়াক এইবাৰ দেখা পাম ককাৰ চৰিত্ৰত। অৰ্থাৎ যিজনে একালত নাতিৰ ভূমিকাত অভিনয় কৰিছিল, সেইজনেই আজিৰ ককাদেউতা।
একালৰ নাতি আজিৰ ককা।
পৰ্দাত মাইনাৰ বয়স বাঢ়িল।
বয়স আমাৰো বাঢ়িছে।
সেই টিৰ্পালৰ চিত্ৰগৃহবোৰ নাই। বহু গীত কেছেটৰ সৈতে হেৰাই গ'ল। বহু মুখ আজিৰ স্মৃতিৰ এলবামতহে জীৱন্ত। বহু মানুহো আমাৰ মাজত নাই।
কিন্তু আশ্চৰ্যজনকভাৱে, কিছুমান চৰিত্ৰৰ বয়স নাবাঢ়ে।
কিছুমান গীত পুৰণি নহয়।
কিছুমান চিনেমা শেষ নহয়।
মোৰ বাবে "ককাদেউতা নাতি আৰু হাতী-২" কেৱল এখন নতুন চিনেমা নহয়। এটা প্ৰজন্মৰ বাবে স্মৃতিৰ দুৱাৰ পুনৰ খোলাৰ এক উপলক্ষ। সেই সময়লৈ উভতি যোৱাৰ সুযোগ, য'ত হাতীৰ পিঠিত বহি থকা এটা কিশোৰক চাই আমি আনন্দ পাইছিলোঁ।
হয়তো অহা ৩ জুলাইত বা ৩ জুলাইৰ পাছত আমি কেৱল এখন চিনেমা চাবলৈ নাযাওঁ!
আমি চাবলৈ যাম আমাৰ নিজৰ এচোৱা শৈশৱ!
আৰু হয়তো চিত্ৰগৃহৰ পৰা ওলাই অহাৰ সময়ত মনৰ গভীৰতাত পুনৰ এবাৰ বাজি উঠিব--
"এক দুই তিনি চাৰি
যুতি দিলোঁ গৰু গাড়ী..." (চিনেমা খনত গীতটো হয়তো আছে! হয়তো নাই!)
কাৰণ সময় পাৰ হয়।
মানুহ সলনি হয়।
নাতি ককা হয়।
কিন্তু স্মৃতিবোৰ--
স্মৃতিবোৰ আজিও সিমানেই সৰু হৈ থাকে।
স্মৃতিৰ পৃথিৱীত মাইনা আজিও হাতীৰ পিঠিত বহি আছে!
|| "ককাদেউতা নাতি আৰু হাতী"ৰ মনলৈ অহা চৰিত্ৰ... ||
১। মইনা / প্ৰশান্ত শইকীয়া
কাহিনীটোৰ নায়ক। সৰুতে দেউতাকক হেৰুৱাই ককাক সৰ্বেশ্বৰ শইকীয়া আৰু মাক লখিমীৰ তত্ত্বাৱধানত ডাঙৰ হয়। উচ্চশিক্ষিত, আধুনিক চিন্তাধাৰাৰ যুৱক। কান্তাৰ প্ৰেমত পৰে যদিও শেষত মাকণৰ লগতেই মিলন ঘটে।
২। মাকণ
কাহিনীটোৰ নায়িকা। সৰ্বেশ্বৰ শইকীয়াই নিজৰ ছোৱালীৰ দৰে ডাঙৰ-দীঘল কৰা অনাথ কিশোৰী। সৰুৰে পৰা মইনাক নিঃস্বাৰ্থভাৱে ভাল পায়। ধৈৰ্য, ত্যাগ আৰু সহনশীলতাৰ প্ৰতীক।
৩। সৰ্বেশ্বৰ শইকীয়া
মৌজাদাৰ। মইনাৰ ককাক। পৰম্পৰা, প্ৰতিশ্ৰুতি আৰু আত্মসম্মানৰ প্ৰতিনিধি। নাতিয়েকৰ প্ৰতি গভীৰ মৰম থাকিলেও নিজৰ সিদ্ধান্তত অটল।
৪। বৃকোদৰ
মৌজাদাৰৰ মৰমৰ হাতী। কাহিনীটোৰ এক বিশেষ চৰিত্ৰ। মানুহৰ দৰে অনুভূতিশীল আচৰণেৰে কাহিনীৰ আৱেগিক দিশ শক্তিশালী কৰে। বিশেষকৈ মাকণক ঘূৰাই অনা ঘটনাটোত গুৰুত্বপূৰ্ণ ভূমিকা লয়।
৫। লখিমী
মইনাৰ মাক। পুত্ৰ আৰু দেউতাকৰ সংঘাতত মানসিকভাৱে ভাঙি পৰে আৰু শেষত মৃত্যুবৰণ কৰে।
৬। কান্তা
মইনাৰ কলেজীয়া প্ৰেমিকা। প্ৰতিষ্ঠিত উদ্যোগপতিৰ জীয়েক। শেষত আন এজন ডাক্তৰৰ লগত বিবাহপাশত আবদ্ধ হয়।
৭। হৰগোবিন্দ ফুকন
কান্তাৰ দেউতাক। ধনী উদ্যোগপতি। মইনাক জীয়েকৰ বাবে যোগ্য পাত্ৰ বুলি ভাবি বিদেশত পঢ়াৰ খৰচ বহন কৰিবলৈও সাজু হয়।
৮। কান্তাৰ মাক
স্বামীৰ সৈতে মইনা-কান্তাৰ বিয়াৰ প্ৰস্তাৱ লৈ মৌজাদাৰৰ ওচৰলৈ যায়।
৯। ফিয়েট হাজৰিকা
মইনাৰ কলেজৰ অন্তৰংগ বন্ধু। হোষ্টেলৰ ‘গেৰেজ’ গোটৰ সদস্য।
১০। এম্বেচেডৰ চলিহা
মইনাৰ বন্ধু। ফিয়েট আৰু গেজেলৰ সৈতে মিলি কাহিনীত হাস্যৰসৰ পৰিৱেশ সৃষ্টি কৰে।
১১। গেজেল বৰা
মইনাৰ আন এজন ঘনিষ্ঠ বন্ধু। বন্ধুত্বৰ প্ৰতীকস্বৰূপ চৰিত্ৰ।
১২। শান্তি
সৰ্বেশ্বৰ শইকীয়াৰ ভগ্নী। কাহিনীৰ আংশিক নেতিবাচক চৰিত্ৰ। মাকণৰ জীৱনত দুখ-কষ্ট বৃদ্ধি কৰে।
১৩. শান্তিৰ জীয়েক
মাকৰ সৈতে আহি মৌজাদাৰৰ ঘৰত থাকে। কাহিনীত সীমিত ভূমিকা।
১৪। মাকণৰ ককাক
সৰ্বেশ্বৰ শইকীয়াৰ বন্ধু। কাহিনীৰ আৰম্ভণিতে উল্লেখিত। তেওঁৰ মৃত্যুৰ পাছতেই মাকণে মৌজাদাৰৰ ঘৰত আশ্ৰয় লাভ কৰে।
১৫। ডাক্তৰ
শেষত-- কান্তাৰ বিয়া হয়। কাহিনীত প্ৰত্যক্ষ উপস্থিতি কম, কিন্তু ঘটনাপ্ৰবাহ সলনি কৰাত ভূমিকা আছে।
কোন মন্তব্য নেই:
একটি মন্তব্য পোস্ট করুন