সরাসরি প্রধান সামগ্রীতে চলে যান

আমিৰ খান /১

cinema "লাল সিং চড্‌ঢা" ( Lal Singh Chadha )কেন্দ্ৰীক চৰ্চাৰ শেষ নাই ! 
৩১ অক্তোবৰত , ২০১৯ ত চিনেমা খন ফ্ল'ৰলৈ আহিছিল । আৰু সেই দিনটোৰে পৰা দেশৰ ১০০ ৰো বেছি  স্থানত চিত্ৰগ্ৰহন হৈছিল । শেষ হৈছিল । সম্পুৰ্ণ হৈছে । চৰ্চা হৈছে  আমেৰিকান 'হাস্য-নাট্য 'চিনেমা ' ফৰেষ্ট গাম্প ' (১৯৯৪) ৰ বুনিয়াদত চিত্ৰনাট্য ৰচনা কৰিছে এই হিন্দী চিনেমা খনৰ । চিত্রনাট্য অতুল কুলকৰ্নিৰ । ( অতুল কুলকার্নি  নাট্যকৰ্মী , অভিনেতা ।  হিন্দি, মাৰাঠি, কন্নড়, মালায়ালাম, তামিল আৰু তেলেগু ভাষাৰ চিনেমাৰ অভিনেতা । ' হে ৰাম ' আৰূ ' চাঁদনী বাৰ 'ত  কৰা অভিনয়ৰে  সহ অভিনেতাৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে । )  পৰিচালনা কৰিছে অদ্বৈত চন্দনে । -- এই যে চিনেমা খন চৰ্চাৰ বিষয় হৈছে , চৰ্চাৰ কাৰণ আমিৰ খান , কেৱল আমিৰ । কেন্দ্ৰীয় চৰিত্ৰটোত অভিনয় কৰিছে আমিৰ খানে ( আমিৰৰ বিপৰীতে কৰিনা কাপুৰ ) । কিৰণ ৰাৱৰ সৈতে আমিৰ খানে চিনেমা খন প্ৰযোজনাও কৰিছে । এই খিনিতে আমিৰ খানে  প্ৰযোজনা কৰা চিনেমা কেইখন মনত পেলাইছো : ২০০১ত ' লাগান ' (পৰিচালক : আশুতোষ গোয়াৰিকৰ ) । ২০০৭ ত ' তাৰে জমিন পৰ ' ( পৰিচালনা : আমিৰ খান ) । ২০০৮ত ' জানে তু ইয়া জানে না ' (পৰিচিলক : আব্বাছ টায়াৰৱালা ) ।
২০১০ ত ' পিপলি লাইভ' ( পৰিচিলক : আনুশা ৰিজভি ) । ২০১১ ত ' ধোবি ঘাট ' ( পৰিচিলক : কিৰণ ৰাও ) । ২০১১ত ' দিল্লি বেলি ' ( পৰিচালক : অভিনয় দেও ) । ২০১২ ত  'তালাশ ' ( পৰিচালক : ৰীমা কাকতি ) । ২০১৬ত ' দংগল ' ( পৰিচালক :  নিতেশ তিৱাৰী ) ,  ২০১৭ ত ' ছিক্রেট  ছুপাৰস্টাৰ ( পৰিচিলক : অদ্বৈত চন্দনে ) । -- আমিৰ খানে নিৰ্মাণ কৰা এই চিনেমা কেইখন বিশ্লেষণ কৰিলে স্পষ্ট হয় -- পৰিচালনা শৈলী , গল্প কোৱাৰ কৌশল , বিষয়বস্তু ব্যতিক্ৰম । ন - ন চিনেচিন্তা স্পষ্ট । 'লগান ' আৰু ' দংগল ' ত অভিনয় ক্ষমতাৰে আমিৰে ' চিনেমাৰ অভিনয় 'ক বিশেষ পৰ্যায়ত প্ৰতিস্থা কৰিছে । গতিকে আমিৰে অভিনয় কৰা , আমিৰে নিৰ্মাণ কৰা চিনেমা চৰ্চালৈ অহা আৰু চিত্ৰৰসিকে আশাৰে অপেক্ষা কৰা অস্বাভিক খবৰ নহয় ।
-- মন কৰক আমিৰে অভিনয় কৰা চিনেমাৰ তালিকালৈ : ১৯৭৩ ত ' ইয়াদোঁ কি বাৰাত ' (কিশোৰ অভিনেতা ) । ১৯৭৪ ত ' মদহোছ ' (কিশোৰ অভিনেতা ) । ১৯৮৪ ত ' হোলি '  ( চৰিত্ৰ : মদন শর্মা ) । ১৯৮৮ ত ' কেয়ামাত সে কেয়ামাত তক ' (  চৰিত্ৰ : ৰাজ ) । ১৯৮৯ত ' ৰাখ ' ( চৰিত্ৰ : আমিৰ হুসেন ) ,  ' লাভ লাভ লাভ ' ( চৰিত্ৰ : অমিত )  ১৯৯০ ত ' আৱাল নাম্বাৰ ' ( চৰিত্ৰ : ছানি) , ' তুম মেৰে হো ' ( চৰিত্ৰ : শিৱ ) ,  ' দিল ' (চৰিত্ৰ : ৰাজা  ) , ' দিৱানা মুঝছা নেহি ' (চৰিত্ৰ : অজয় শর্মা ) , ' জোৱানি জিন্দাবাদ ' ( চৰিত্ৰ : শশি) ।
১৯৯১ ত ' আফছানা প্যাৰ কা ' ( চৰিত্ৰ : ৰাজ ) ,
' দিল হ্যায় কে মানতা নেহি ' ( চৰিত্ৰ : ৰঘু  ) ,
' ইছিকি কা নাম জিন্দেগি ' ( চৰিত্ৰ : ছোটু ) ,
' দৌলত কি জং ' ( চৰিত্ৰ : ৰাজেশ চৌধুৰী ) ।
১৯৯২ত ' জো জিতা ৱহি ছিকন্দৰ ' ( চৰিত্ৰ : সঞ্জয়লাল শর্মা ) । ১৯৯৩ ত ' পৰম্পৰা ' ( চৰিত্ৰ : ৰণবীৰ পৃথ্বী সিংহ ) ,  ' হাম হ্যায় ৰাহি প্যাৰ কে  ' ( চৰিত্ৰ : ৰাহুল মালহোত্রা ) ।
১৯৯৪ ত ' আন্দাজ আপনা আপনা ' ( চৰিত্ৰ : অমৰ ) । ১৯৯৫ ত ' বাজি ' ( চৰিত্ৰ : ইন্সপেক্টৰ অমৰ দামজি ) , ' আতঙ্ক হি আতঙ্ক ' (চৰিত্ৰ : ৰহন ) , ' ৰংগীলা ' ( চৰিত্ৰ : মুন্না ) , ' আকেলে হম আকেলে তুম ' (চৰিত্ৰ : ৰহিত ) । ১৯৯৬ ত ' ৰাজা হিন্দুস্তানি ' ( চৰিত্ৰ : ৰাজা ) । ১৯৯৭ ত ' ইস্ক ' ( চৰিত্ৰ : ৰাজা ) । ১৯৯৮ ত ' গোলাম ' ( চৰিত্ৰ : সিদ্ধার্থ মাৰাঠে ) । ১৯৯৯ ত ' ছৰফৰোশ ' ( চৰিত্ৰ : অজয় সিং ৰাঠোৰ ),  ' মন ' ( চৰিত্ৰ : কৰণ দেব সিং ) , 'আর্থ ' ( চৰিত্ৰ : দিল নাভেজ ) ।
২০০০ত ' মেলা ' ( চৰিত্ৰ : কিশান পেয়াৰে ) ।
২০০১ ত ' লগান ' ( চৰিত্ৰ : ভুৱন ) , ' দিল চাহ্‌তা হ্যাঁয় ' ( চৰিত্ৰ : আকাশ মালহোত্রা ) ।
২০০৫ ত ' মঙ্গল পাণ্ডে: দ্য ৰাইজিং ' ( চৰিত্ৰ : মঙ্গল পাণ্ডে ) । ২০০৬ ত ' ৰং দে বাসন্তি ' ( চৰিত্ৰ : দালজিৎ সিং ওৰফে ডিজে ) ,  ' ফানা ' (চৰিত্ৰ : ৰেহান কাদৰি ) । ২০০৭ত ' তাৰে জমিন পৰ ' ( চৰিত্ৰ : ৰাম শঙ্কৰ )  । ২০০৮ ত ' গজনী ' ( চৰিত্ৰ : সঞ্জয় সিঙ্ঘানিয়া ) । ২০০৯ত ' থ্রি ইডিয়টছ ' ( চৰিত্ৰ : ৰেঞ্চো ) । ২০১০ ত ' ধোবি ঘাট ' ( চৰিত্ৰ : অৰুণ ) । ২০১২ ত ' তালাশ ' ( চৰিত্ৰ :  শেখাৱত )
২০১৩ত ' ধুম - ৩ ' ( চৰিত্ৰ : ছাহিৰ খান/সমৰ খান )।
২০১৪ ত ' পিকে ' ( চৰিত্ৰ : পিকে / ভিনগ্রহবাসী )।
২০১৫ ত ' দিল ধ্বকনে দো ' । ২০১৬ ত ' ডংগল ' ( চৰিত্ৰ : মহাবীৰ ফোঘট )। ২০১৭ ত ' ছিক্রেট  ছুপাৰস্টাৰ ' ( চৰিত্ৰ  : শক্তি কুমাৰ )
২০১৮ ত ' ঠগছ অব হিন্দুস্তান ' ( চৰিত্ৰ : ফিৰাংগী মাল্লা )।
 -- কব পাৰি ' গোলাম ' লৈকে ' অভিনেতা আমিৰ ' নিৰ্মাণত ব্যস্ত আছিল আমিৰ খান । এই নিৰ্মাণ যাত্ৰাত ' কায়ামাত সে কায়ামাত তক ' ৰ  গল্প আৰু  ' হাম হ্যায় ৰাহি প্যাৰ কে 'ৰ চিত্রনাট্য লিখিছিল । এই চিনেমা দুখনেৰে লৈছিল ' চকলেট হিৰো ইমেজ '। কিন্তু এই কথা ঠিক কোনো ' ইমেজ 'ত বন্দী হোৱাৰ হোৱাৰ বিপৰীতে ভিন্ন চৰিত্ৰৰ অভিনয়তহে  গুৰুত্ব দিছিল । ' অর্থ ' (১৯৮২)  , ' সাৰংশ ' (১৯৮৪ ) খ্যাত  পৰিচালক মহেশ ভাটে কৈছিল -- " ১৯৯০ চনত ' চাৰ " আৰু তাৰ পিছত ' গুমৰাহ ' , ' ক্ৰিমিনেল ' সফল হৈছিল । ভাল ব্যৱসায় কৰিছিল । 'চাৰ 'ৰ পিছতে মোৰ মনটোৱে মোক কৈছিল আমিৰ খানক লৈ ' অৰ্থ ' দৰে চিনেমা এখন কৰা উচিৎ ! কথা পাতিছিলো । আমিৰে মোক হলিউডৰ কেইখন মান ৰোমাণ্টিক চিনেমাৰ কথা কৈছিল । কলেজৰ ল'ৰা - ছোৱালীৰ পছন্দৰ ৰোমাণ্টিক উপন্যাসৰ কাহিনী শুনাইছিল । শেষত মই ঠিক কৰিছিলো হলিউডৰ ' হ্যাপেনড ৱান নাইটে ' ৰ ' ৰিমেক ' কৰিম । নাম ৰাখিলো ' দিল হ্যায় কে মনতা নাহি ' । " -- সেই সময়ত বলিউডৰ একাংশ চিনেপণ্ডিতে আমিৰ কেন্দ্ৰীক চৰ্চাত কৈছিল ,  " আমিৰে ভাল চিনেমাৰ ভাল চৰিত্ৰতকৈ ভিন্ন চৰিত্ৰত অভিনয় কৰাত গুৰুত্ব দিছে । ' অৰ্থ ' দৰে চিনেমাৰ প্ৰতি আগ্ৰহ নকৰাটো আমিৰৰ ঘাতক সিদ্ধান্ত । " কিন্তু আজি স্পষ্ট আমিৰৰ ঘাতক নহয় , সুপৰিকল্পিত সিদ্ধান্ত ।  
(-হয় , ' অৰ্থ 'ৰ দৰে চিনেমাৰ প্ৰতি আগ্ৰহ কৰা নাছিল ; কিন্তু পৰৱৰ্তি সময়ত ' অৰ্থ 'ৰ দৰে চিনেমা 'আর্থ 'ত অভিনয় কৰিছিল । চৰিত্ৰ -- দিল নাভেজ। ১৯৪৭ ৰ ভাৰত বিভাজন বিষয়ক বাপছি সিদ্ধৰ উপন্যাস " ক্রেকিং ইন্ডিয়া "ৰ আধাৰত চিত্ৰনাট্য ৰচনা কৰা চিনেমা খনত " নিগেটিভ " চৰিত্ৰত অভিনয় কৰিছে আমিৰে  । দীপা মেহতাৰ পৰিচালনা । " চকলেট হিৰো "ৰ চকুত ক্ৰুৰতা ! ভয়ানক চৰিত্ৰলৈ ৰূপান্তৰ হৈছে চেহেৰাৰ ভাষাৰে বা অভিনয়ৰে । শান্তা  চিনেমা খনৰ নায়িকা । অভিনয় কৰিছে নন্দিতা দাসে । হিন্দু সুন্দৰী শান্তৰ প্ৰেমত দুই মুছলিম যুৱক  --  দিল নাভেজ আৰু  হাছান মাছোৱাৰ  ।  নিজৰ কৰিব নোৱাৰৰ ক্ষোভত   শান্তাক দিল নাভেজে হত্যা কৰে । কোনেও কল্পনা নকৰা চৰিত্ৰ এটাত আমিৰ ! চিত্ৰৰসিকৰ বাবে -- চমক ! ) স্পষ্ট হৈছি স্পষ্ট হৈছিল ' ছৰফৰোশ ' , ' লগান ' আৰু ' দিল চাহ্‌তা হ্যাঁয় ' ত । আৰু অধিক স্পষ্ট হৈছিল  ' ছিক্রেট  ছুপাৰস্টাৰ ' ত । অদ্বৈত চন্দনৰ পৰিচালনা । আমিৰে সংগীত পৰিচালক শক্তি কুমাৰ চৰিত্রত অভিনয় কৰিছে ।আমাৰ ধাৰণা হয় এই 'ইমেজ 'টোৰেই যেন শক্তিশালি প্ৰকাশ লাল সিং চড্‌ঢা ! চৰিত্ৰ ভিন্ন , ' ইমেজ 'ৰ কথাহে কৈছো । ("official remake of the 1994 American film Forrest Gump, Laal Singh Chaddha shows events in India`s history unfold through the perspective of a man with a low IQ." ) 
--আমিৰক  লৈ অদ্বৈতৰ এয়া দ্বিতীয় পৰিচালনা ।
২০০৭ত চিত্ৰগৃহলৈ অহা ' হানিমুন ট্রাভেলস প্রাঃ লিমিটেড 'ৰ উৎপাদন সহকাৰিৰ দায়িত্বৰে বলিউডৰ বাটত অদ্বৈতৰ প্ৰথম খোজ । পৰৱৰ্তি সময়ত আমিৰ অভিনিত ' তাৰে জমিন পৰ ' আৰু ' ধোবি ঘাট 'ত সহকাৰী পৰিচিলক আৰু পোস্ট প্রোডাকশন সুপাৰভাইজাৰৰ দায়িত্ব পালন কৰে । " এই সময় ছোৱাতে মই আমিৰ ছাৰক জনাৰ সুযোগ পাও আৰু নিশ্চয় আমিৰ ছাৰেও মোক বুজে ! আৰু মোৰ প্ৰথম স্বাধীন পৰিচালনা
' ছিক্রেট সুপাৰস্টাৰ ' ত অভিনয় কৰে । প্ৰযোজনাৰ দায়িত্ব লৈ উৎসাহিত কৰে । আৰু আমিৰ ছাৰৰ প্ৰেৰনাতে শেষ কৰিলো ' লাল সিং চড্‌ঢা ' । " -- পৰিচালক অদ্বৈতই ক'লে । (:লাল সিং চড্‌ঢা ' চিত্ৰগৃহলৈ অহাৰ তাৰিখ আছিল ডিচেম্বৰ ,২০২০ । ক'ৰ'ণা সমস্যাই আহিব নিদিলে । আহিব ২৪ ডিচেম্বৰ ২০২১ত । চিনেমা খনৰ সংগীত প্ৰীতমৰ । চিত্ৰগ্ৰহণ সেতু ( সত্যজিৎ পাণ্ডেৰ )ৰ । সম্পাদনা মানিকৰ । )

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...