সরাসরি প্রধান সামগ্রীতে চলে যান

আব্দুল মজিদ

আব্দুল মজিদ । প্ৰথম দৃষ্টিত অসমীয়া চিনেমাৰ -- খলনায়ক । আমি যি সময়ত চিনেমা চাবলৈ আৰম্ভ কৰিছিলো , সেই সময়ত অভিনেতা গৰাকীক দেখিছিলো  ' বেয়া মানুহ'ৰ  চৰিত্ৰত । সংলাপ কোৱাৰ বিশেষ কৌশল , চেহেৰা - দেহৰ আচৰণৰে ( অভিনয় ) খলনায়কৰ বিশেষ ইমেজ নিৰ্মাণ কৰি লৈছিল । নিৰ্মাণ কৰি লোৱা বুলি কোৱাৰ কাৰণ --  একে ইমেজতে ভিন্ন পৰিচালকৰ চিনেমাত , ভিন্ন চৰিতত্ৰত দেখা গৈছিল ।  এনেদৰেও কব পাৰি -- কোনো পৰিচালকে নিৰ্মাণ কৰা এই বিশেষ ইমেজত একাংশ পৰিচালকে আব্দুল মজিদক পচন্দ কৰিছিল । আৰু যেতিয়া ' অসমীয়া চিনেমা ' জানিবলৈ চেষ্টা কৰিছিলো , তেতিয়া অনুভৱ কৰিছিলো আব্দুল মজিদ চিনেমাৰ নায়ক বা খলনায়ক নাছিল । ( ১৯৮৩ -৮৪ সময় চোৱাত আব্দুল মজিদৰ সৈতে প্ৰথমবাৰ মুখা - মুখী হৈছিলো । সোণাপুৰত । ' আজিৰ মানুহ ' নামৰ টিভি ধাৰাবাহিক এখনৰ লোকেশ্বনত । ধাৰাবাহিক খনৰ পৰিচালক অধৰ দাসৰ আমন্ত্ৰন জনোৱাত গৈছিলো ।কথা প্ৰসংগত যেতিয়া ' অসমীয়া চিনেমাৰ শ্ৰেষ্ঠ খলনায়ক ' বুলি কৈছিলো  অভিনেতা গৰাকী অসন্তুষ্ট হৈছিল । কৈছিল -- ' মই অভিনেতা । পৰিচালকে চৰিত্ৰটো যেনেদৰে বুজায় , তেনেদৰে অভিনয় কৰিবলৈ চেষ্টা কৰো । তুমিনো মোক ক'ত খলনায়ক দেখিলা ! ' ) ভাল অভিনেতা আছিল । কেইবাখনো চিনেমাত খলনায়কৰ চৰিত্ৰত অভিনয় কৰাৰ দৰে আন কেইবাখনো চিনেমাত দৰ্শকক হহুৱাইছে , সহজ - সৰল মানুহৰ , দাম্ভিক মানুহৰ , অভিজাত ভদ্ৰলোকৰ চৰত্ৰতো অভিনয় কৰিছে । সফল অভিনয় ।' ধৰিলোৱা মই পুলিঢৰ চৰিত্ৰত অভিনয় কৰিছো । যদি মোক সচা পুলিচ যেন লাগিছে -- সেয়াই সফল অভিনয় । আৰু আমি যে তুমি কোৱাৰ দৰে খলনায়কৰ চৰিত্ৰত অভিনয় কৰো , তেনে চৰিত্ৰৰ সফলতা - বিফলতা নিৰ্ভৰ কৰে দৰ্শকৰ ধাৰণাৰ ওপৰত । আমি যেনেদৰে অভিনয় কৰিছো , তেনে ধাৰণা যদি সৰহ সংখ্যক দৰ্শকে কৰে  , তেনেহলে সফল।' -- কথা প্ৰসংগত আব্দুল মজিদে কৈছিল ।

-- নাটকৰ মানুহ আব্দুল মজিদে অভিনয় কৰা প্ৰথম খন চিনেমা ' ৰঙা পুলিচ ' ।  'ৰঙা পুলিচ 'ৰ শিপা একে নামৰ এখন নাটক । ৰমেশ শৰ্মাৰ নাটক । ' ১৯৫৩ চনৰ কথা । সেই সময়ত আমি নাটক কৰো । ইখনৰ পিছত সিখন । যোৰহাটত । সেই সময়তে এটা সাংস্কৃতিক  অনুষ্ঠান গঢ়ি উঠে । নাম ৰাখো 'মিলিত শিল্পী সমাজ'  । নাট্যাচাৰ্য্য ইন্দ্ৰেশ্বৰ বৰঠাকুৰে   গুৰি ধৰিছিল। সাধাৰণ সম্পাদক আছিল ভুবন ৰঞ্জন বৰঠাকুৰ আৰু সাংস্কৃতিক সম্পাদক আছিলো মই ।  'মিলিত শিল্পী সমাজে' ৰে নাটক  'ৰঙা পুলিচ' । নাটক খন  চাবলৈ নিপ বৰুৱা আৰু ব্ৰজেন বৰুৱা গৈছিল ।  নাটক শেষ হোৱাৰ পিছত আড্ডা । আমি ক'লো -- আমিয়ো চিনেমা কৰিম  ।  চৈয়দ আব্দুল মালিকৰ 'মাটিৰ চাকি'ৰ কাহিনীৰে চিনেমা কৰিম । নিপ বৰুৱাই ক'লে -- আপোনালোকে ' ৰঙা পুলিচ' খনেই চিনেমা কৰক । নিপ বৰুৱাই কোৱাৰ দৰে আমি আগবাঢ়িলো । ১৯৫৭ চনত 'মিলিত শিল্পী চিনে প্ৰডাক্‌চনচ্‌' নামেৰে কোম্পানী এটা ৰেজিষ্ট্ৰেচন কৰো ।  আমি  'মিলিত শিল্পী সমাজে' সমজুৱা ভাবে কলো  টকা সংগ্ৰহ  আমি কৰিম । নিৰ্মাণৰ বাবে নিপ বৰুৱাক  দায়িত্ব  দিব লাগে । অভিনয়ৰ দায়িত্ব মই লোৱা নাছিলো । নিপ বৰুৱাই কৈছিল -- এই চৰিত্ৰটোত তুমি অভিনয় কৰিবা । কৰিলো । তেনেদৰেই চিনেমাৰ মাজত সোমালো । ' -- আব্দুল মজিদে কৈছিল , সেই প্ৰথম সাক্ষাতত । অভিনেতা গৰাকীয়ে অভিনয় কৰা চিনেমাৰ তালিকাত আছে -- সূৰুজ, সেন্দূৰ, উপপথ, এই দেশ মোৰ দেশ, পূজা , বোৱাৰী, সংকল্প, মমতাজ, ভাই ভাই, প্ৰতিদান, এণ্টনী মোৰ নাম, পিতা-পুত্ৰ, জুমন সুমন আদি ।

   আব্দুল মজিদৰ দ্বিতীয় পৰিচয় -- নাট্যকাৰ । আমাৰ ধাৰণাত ' পৰিচাল আব্দুল মজিদ'ৰ আঁৰতে থাকিল  দ্বিতীয় পৰিচয় ।  নাটকৰ দক্ষ পৰিচালক গৰিকীয়ে ' মৰম তৃষ্ণা' (১৯৬৮) ৰে চিনেমা পৰিচালনাত হাত দিছিল । চিনেমা খনত ব্যৱহাৰ কৰা , খগেন মহন্তই গোৱা ' দিগদাৰী দিগদাৰী মহা দিগদাৰী, গাড়ীত চাকৰি কৰা মহা দিগদাৰী ... ' গীতটো বেচ জনপ্ৰিয় হৈছিল । চিনেমা খনৰ  তিনিটা গীতত পাৰবীন চুলতানাই আৰু এটা গীতত শ্যামল মিত্ৰই কণ্ঠদান কৰাটো আছিল সেই সময়ৰ চৰ্চিত বিষয় । সংগীত পৰিচালনা কৰিছিল
বিবেকানন্দ ভট্টাচাৰ্যই । কিন্তু সংগীতৰ দৰে চৰ্চালৈ নাহিল চিনেমা খনৰ কাহিনী , পৰিচালনা শৈলী ইত্যাদি । ' মোৰ প্ৰথম পৰিচালনা দৰ্শকে ভাল নাপালে । সেই সময়ত ভূপেনদাই মোক দেখিলেই মাতিছিল -- কিহে ফ্লপ মাষ্টাৰ ? সেয়া আছিল মৰমৰ মাত । দ্বিতীয় চিনেমা খনৰ সংগীতৰ কাম ভূপেনদাই কৰিছিল । ... ' -- আব্দুল মজিদে কৈছিল । ( কেইমাহ মান ' আজিৰ অসম 'ৰ সম্পাদনা বিভাগত কাম কৰিছিলো । কাকত খনত প্ৰকাশ পোৱা ' সাত নম্বৰৰ সন্ধানত ' কেন্দ্ৰীক  খবৰ এটা পৰিচালক গৰাকীয়ে সহজ ভাবে লব পৰা নাছিল । আৰু মোক খং কৰিছিল । খং কৰাৰ পিছ দিনা পুণৰ পৰিচালক গৰাকীয়ে ফোন কৰি মোৰ সৈতে ৩০ মিনিট মান সময় কথা পাতিছিল । সেই দিন কথা প্ৰসংগত এনেদৰে কৈছিল ।)  দ্বিতীয় পৰিচালনাৰ নাম --  ' চামেলী মেমচা'ব ' ( ১৯৭৫ ) । চিনেমা খন দৰ্শকে ভাল পাইছিল । শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল । ড° ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল । ( ২০১৩ চনত গোৱাত অনুষ্ঠিত ৪৪তম ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ “Focus: North East” শাখাতো চিনেমা খন প্ৰদৰ্শিত হৈছিল  ।) ' ভূপেনদাই চিনেমা খনৰ সফলতাৰ খবৰ শুনাৰ পিছত মোক কৈছিল , বিফলতাৰ পিছত সফলতা আহিবয়ে ! সফলতাৰ আশাৰে বিফলতা সদায় মনত ৰাখিব লাগে । সেই দিনা মই বুজিছিলো --  ফ্লপ মাষ্টাৰ বুলি ভূপেনদাই মোক মোৰ বিফলতা মনত পেলাই দিছিল। ' -- আব্দুল মজিদে কৈছিল।

       আব্দুল মজিদে পৰিচালনা কৰা আন ৫ খন চিনেমা --  বনহংস ( ১৯৭৭/ নিৰোদ চৌধুৰীৰ একে নামৰ উপন্যাসৰ আধাৰত ) , বনজুই (১৯৭৮ ) , পোনাকণ (১৯৮১ ) , উত্তৰ কাল (১৯৯০) আৰু সাত নম্বৰৰ সন্ধানত (২০১৬ / জেহিৰুল হুছেইনৰ একে নামৰ চুটি গল্পৰ আধাৰত ) ।

সংযোজন :  আব্দুল মজিদৰ জন্ম   ১৯৩১ চনৰ ১৬ নবেম্বৰত , যোৰহাটৰ পুৰণি বালিবাটত ।  শিক্ষা যোৰহাট মোক্তাৱ স্কুল , যোৰহাট বেজবৰুৱা হাইস্কুল , যোৰহাট গৱৰ্ণমেণ্ট হাইস্কুল আৰু যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত । কৰ্ম স্থান :  বিদ্যুৎ পৰিষদ ।  কায়িক মৃত্যু ২৪ ছেপ্টেম্বৰ , ২০১৭ ত ।
পৰিচালনা কৰা ধাৰাবাহিক আৰু তথ্যচিত্ৰ :
“নামঘৰীয়া”, “অজাগা”, “জোৰ পুৰি হাত”, “দাপোণ” (২টা খণ্ড), “অগ্নিগৰ্ভ”, “হাতোৰা”, “শেগুন পুলি ৰুব কোনে”, “ৰাম-ৰহিম”, “ৰোমন্থন” ইত্যাদি ।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...