সরাসরি প্রধান সামগ্রীতে চলে যান

অদম্য

অদম্য ' ৰ (২০১৪) ৰ কাহিনী আগবাঢ়ে জুৰি (প্ৰণামী বৰা)ক কেন্দ্ৰ কৰি । বিষয়বস্তু : এইড্‌ছ ৰোগ সমস্যা । কোনো দোষ নাছিল জুৰিৰ । সুন্দৰ সপোন লৈ বিয়াত বহিছিল । গাৱৰ জুৰি চহৰ পাইছিল এগৰাকী অভিযন্তাৰ সৈতে বিয়া হৈ। বিয়াৰ ৬ মাহ পাৰ হয় । জুৰিয়ে জানিব পাৰে  -- স্বামী  এইড্‌ছ ৰোগত আক্ৰান্ত । স্বামীৰ মৃত্যু হয় । সেই সময়ত জুৰি গৰ্ভৱতী । পৰীক্ষা কৰি গৰ্ভৱতী জুৰিৰ দেহতো  এইড্‌ছ ৰোগ ধৰা পেলালে চিকিৎসকে । অসহায় অনুভৱ কৰে জুৰিয়ে । স্বামীৰ ঘৰত , মাকৰ ঘৰত 
 ' অস্পৃশ্য ' হোৱা জুৰিয়ে মাকৰ ঘৰৰ ওচৰতে জুপুৰি এটাত থাকে । আৰু জীৱন যুদ্ধত নামে । এটি কন্যা সন্তানো জন্ম দিয়ে । সন্তানটি  এইড্‌ছ ৰোগ মুক্ত । কিন্ত সমাজৰ হীন ব্যৱহাৰৰপৰা সাৰি নাযায় । কন্যাসন্তানটোৰ নাম ৰাখে জোনাক ।জোনাক জুৰিৰ সপোন । ' জোনাকৰ পোহৰত 'সংগ্ৰাম আৰম্ভ কৰে  জুৰিয়ে । কাহিনীৰ শেষত  দৰ্শকে অনুভৱ কৰে জুৰিৰ জয় । -- এয়া স্পষ্ট , পৰিচালকৰ উদ্দেশ্য গল্প কোৱা নহয় ( গল্পটো  অবশ্যেই পৰিপাটিকৈ কৈছে । জুৰিৰ মানসিক যন্ত্ৰণা , সংঘৰ্ষ কেমেৰাৰ ভাষাৰে - প্ৰণামি বৰাৰ চেহেৰাৰ ভাষাৰে  ' গতি 'ক গুৰুত্ব দি আঁকিছে । চৰিত্ৰটোক কোনো মূহুৰ্ততে অস্বাভাবিক বা ' নাটকীয় ' আছৰণ কৰিব দিয়া নাই । ) , এইড্‌ছ ৰোগৰ অশুদ্ধ ধাৰণাৰ বিৰুদ্ধে ' সমাজ 'ক সজাগ কৰা । আমাৰ এই ধাৰণা নিশ্চয় শুদ্ধ । আৰু নিশ্চয় কম -- পৰিচালক ববী শৰ্মা বৰুৱাৰ এয়া সফল চিনেকৰ্ম  'অদম্য ' । চিনেমাৰ সার্থকতা যান্ত্রিক উপায়ে বাস্তবতাক পুনঃনির্মাণ কৰাৰ মাজত নিহিত।  " Cinemas are a form of visual entertainment . "  -- কব পাৰি  এই কথা পৰিচালকে , চিত্ৰনাট্যকাৰে ' অদম্য ' ৰচনাৰ সময়ত মনত ৰাখিছিল ।
  ' স্থানীয় বজাৰ'ত অসফল চিনেমা খনৰ 'মহোৎসৱ যাত্ৰা ' সুখকৰ । ত্ৰয়োদশ ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত  শ্ৰেষ্ঠ চিনেমাৰ (Spiritual film শাখা) বঁটা প্ৰাপ্ত চিনেমা খন  পঞ্চদশ ৰেইনবো ফিল্ম ফেষ্টিভেল - লণ্ডন (২০১৪ ) , প্ৰথম আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱ - বাংলাদেশ ( ২০১৪ ) , Cana ফিল্ম ফেষ্টিভেল - ছিংগাপুৰ ( ২০১৪ ) , দ্বাদশ Third Eye এছিয়ান ফিল্ম ফেষ্টিভেল ( ২০১৪ ) , Kala Godha Arts festival (২০১৪ ) , তৃতীয় দিল্লী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (২০১৪ ) , মুম্বাই আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱ ( ২০১৪ ) , চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ( ২০১৪ ) আৰু  বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ( ২০১৪ ) ত দেশ - বিদেশৰ চিত্ৰৰসিকক সন্তুষ্ট কৰৰ খবৰ কাকত - আলোচনীত পঢ়িছো । কিন্তু পৰিচালকৰ কষ্ট অধিক সাৰ্থক হ'ল হেতেন , যদিহে অসমৰ বিভিন্ন প্ৰান্তত চিনেমা খন প্ৰদৰ্শন কৰা  হ'ল হেতেন ! অসমীয়া চিনেমা খনৰ প্ৰদৰ্শন  অসমৰ বিভিন্ন প্ৰান্তত জৰুৰী আছিল । সেই সময়ত , এই সময়তো ।






সংযোজন : পৰিচালক ববী শৰ্মা বৰুৱাই ' অদম্য 'ৰ পূৰ্বে ২০০৬ চনত প্ৰথমটো চিনেকৰ্ম কৰিছিল ।বিষয় : অসমৰ চাহ জনগোষ্ঠী । পৰৱৰ্তী সময়ত  "সোণতৰা", "চহৰৰ গধূলি"  আদি গীতৰ দৃশ্য এলবাম , কেইবা খনো   তথ্যচিত্ৰ , টিভি ধাৰাভাহিক পৰিচালনা - নিৰ্মাণ কৰে।  কোৱা হয় চুটি চিনেমা  "ৱেটিং ফৰ এ ক'ল", "দেউতা এণ্ড মিৰ'ৰ" আদি পৰিচালক গৰাকীৰ চিনেকৰ্মৰ বুনিয়াদ । এই বুনিয়াদত পোন হৈ ক্ৰমে -- অদম্য (২০১৪ ), সোণাৰ বৰণ পাখি (২০১৬ ) আৰু  য়েছে দৰজে ঠংচিৰ ‘মিচিং’ নামৰ উপন্যাসখনৰ আধাৰত পৰিচালনা কৰে  "মিচিং - দ্য এপাৰেশ্যন "।  চিনেমা খনে লাভ কৰে শ্ৰেষ্ঠ শ্বেৰদুকপেন ভাষাৰ চিনেমাৰ " ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ২০১৯ " । ' সোণাৰ বৰণ পাখি 'য়ে  ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল লছ এঞ্জেলেচ, ২০১৭ - ত লাভ কৰে শ্ৰেষ্ঠ চিনেমাৰ গ্ৰেণ্ড জুৰী বঁটা । আৰু 
শ্ৰেষ্ঠ চিনেমাৰ  দৰ্শক বঁটা লাভ কৰে ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ - ২০১৭ত । চিনেমা খনৰ বিষয় গোৱালপৰীয়া লোকগীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডে ।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...