সরাসরি প্রধান সামগ্রীতে চলে যান

জীৱেশ্বৰ ডেকা

 বুজা - নুবুজা বয়সতে প্ৰথমবাৰ লগ পাইছিলো জীৱেশ্বৰ ডেকাক ( জন্ম : ১৯৪৬ চনৰ ২০ জুলাইত নলবাৰী জিলাৰ বেলশৰ গাঁৱত। মৃত্যু : ২০২০ চনৰ ২৪ আগষ্টত গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় হস্পিটেলত।)। মনত 'ভয়' লৈ ইটো - সিটো কথা সুধিছিলো। আৰু পৰিপাটিকৈ লিখি 'তিনিদিনীয়া অগ্ৰদূত"লৈ প্ৰেৰণ কৰিছিলো। কিছু অংশ প্ৰকাশ হৈছিল। পিছত সেই লেখাটোৱে আৰু এখন কাকতত ছপা হৈছিল। সেই তেতিয়াৰে ( ১৯৮০) ৰে পৰা ২০০৮ -০৯ লৈ অনুভৱ কৰিছিলো অভিনেতা গৰাকীৰ অভিনয় শৈলী , অভিনয় ক্ষমতা। মাজতে ১৯৯৪ - ২০০১ সময় চোৱাত মোৰ কৰ্মস্থল মুম্বাই হোৱাত অভিনেতা গৰাকীৰ সৈতে দূৰত্ব স্বাভাৱিকতে বাঢ়িছিল। দূৰত্ব কমাইছিল মুম্বাইৰ পৰা ৮ বছৰ মান পিছত উভতি আহি অজিত কুমাৰ ভূঞা সম্পাদিত 'আজি'ৰ সম্পাদনা বিভাগৰ এজন হোৱাৰ পিছত। হঠাতে এদিন 'আজি'ৰ কাৰ্যালয়লৈ আহিছিল আমাৰ পৰিয়ালৰে এজন দিলীপ মেনাৰ সৈতে। কৈছিল -- 'আমি নিজাকৈ থিয়েটাৰ খুলিম। তুমি সহায় কৰিব লাগিব।' যিমান খিনি সম্ভৱ সহায় কৰিছিলো। ভ্ৰাম্যমাণ নাট্যদলটোৰ নাম ৰাখিছিল -- অনুৰাগ। নাট্যকাৰ উগ্ৰ মেনাৰ শেষ ৰচনা 'তোমাৰ জন্মদিনত' মঞ্চস্থ হৈছিল 'অনুৰাগ'ত। এই নাটক খনেৰে যাত্ৰা কৰিছিল নাট্যদলটোৱে। সংগীতশিল্পী তৰালি শৰ্মাক লৈ গৈছিলো যাত্ৰা আৰম্ভ কৰাৰ বাবে। 'কিমান নাটকত যে অভিনয় কৰিলো! আনৰ চিন্তাৰে কিমান চৰিত্ৰত যে অভিনয় কৰিলো! ভাল লগা চৰিত্ৰত , বেয়া লগা চৰিত্ৰত! গতিকে এইবাৰ নিজৰ চিন্তাৰে কৰিম বুলি ভাবিছো। নাটকৰ বাবে নাটক কৰিম 'অনুৰাগ'ৰ মঞ্চত।' -- সেই সময়ত পৰিবৰ্তনৰ নামত ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত বলিউড আৰু দক্ষিন ভাৰতীয় চিনেমাৰ জনপ্ৰিয় শৈলীক ব্যৱহাৰ কৰিছিল , কেইবা খনো আগশাৰীৰ থিয়েটাৰেও। হেমন্ত দত্ত , মুনিন বৰুৱা , সেৱাব্ৰত বৰুৱা আদিৰ 'ভ্ৰাম্যমাণ থিয়েটাৰ বিশুদ্ধ নাট্যচিন্তা'ক নিস্প্ৰভ কৰাৰ অঘোষিত যুজ আৰম্ভ হৈছিল। আৰু সৰহ সংখ্যক থিয়েটাৰ মালিক আৰু প্ৰযোজকে বেপাৰৰ আশাত বা স্বাৰ্থত বলিউড - দক্ষিন ভাৰতীয় চিনেমাৰ জনপ্ৰিয় শৈলীক সমৰ্থন কৰিছিল। এই কামে দুখ দিছিল জীৱেশ্বৰ ডেকাক। সেয়েহে হয়তো কৈছিল -- 'ভ্ৰাম্যমাণ থিয়েটাৰৰ নিজা নাট্যশৈলী আছে। এই বিশেষ শৈলীৰ পৰা আঁতৰি যোৱা মানে ভ্ৰাম্যমাণ থিয়েটাৰক হত্যা কৰা। মই মন কৰিছো বৰ্তমান কেইবাখনো থিয়েটাৰৰ জকাটোহে ( পেণ্ডেল) আছে , আত্মা ( বিশুদ্ধ ভ্ৰাম্যমাণ শৈলীৰ নাটক) নাই। অচ্যুত লহকৰে বহু পৰিশ্ৰম কৰি নিৰ্মাণ কৰা নাট্য শৈলীক বাদ দিলে ভ্ৰাম্যমাণ থিয়েটাৰক লৈ গৌৰৱ কৰিব লগীয়া আমাৰ একো নাথাকিব।' জীৱেশ্বৰ ডেকা অভিনেতা গৰাকী নিৰ্মাণ হৈছিল নাটকৰ চৰিত্ৰৰে। মঞ্চত কৰা অভিনয়ৰে। নাট্যকাৰ, পৰিচালক, অভিনেতা, চিত্ৰকৰ ভবেন বৰুৱাৰ সৈতে ( ১৯ ৮৮ - ১৯৯৪ সময় চোৱাত ) প্ৰায়ে নাটকৰ কথা পাতিছিলো। কথা প্ৰসংগত এবাৰ কৈছিল -- 'নলবাৰীত আমাৰ নাটকৰ গ্ৰুপ এটা আছিল। আমাৰ সৈতে প্ৰতিবাৰে প্রতিদ্বন্দীতা হৈছিল বেলশৰৰ পৰা অহা গ্ৰুপ এটাৰ। গ্ৰুপটোৰ মূল মানুহ তিনিজন আছিল -- ভৈৰৱ বৰ্মন, উগ্ৰ মেনা আৰু জীৱেশ্বৰ ডেকা। নলবাৰীত হোৱা নাটকৰ এই প্ৰতিযোগীতাত 'ভাগ্যদেৱী'ৰ প্ৰযোজক শৰৎ মজুমদাৰে বেলশৰৰ গ্ৰুপটোৰ নাটক ভাল পাইছিল। আৰু নাটক শেষ হোৱাৰ পিছত ভৈৰৱ বৰ্মনক প্ৰস্তাৱ দিছিল : আপোনালোক ভাগ্যদেৱীলৈ ( 'ভাগ্যদেৱী নাট্য সমিতি' / ১৯৭০-৭১ নাট্যবৰ্ষত) আহক! আৰু সেই বছটোতে মঞ্চস্থ কৰিছিল 'মিলন - মালা'। নাট্যকাৰ উগ্ৰ মেনাৰ, পৰিচালক ভৈৰৱ বৰ্মন, অভিনয়ত জীৱেশ্বৰ ডেকা। মিলনৰ চৰিত্ৰত জীৱেশ্বৰ ডেকাক দৰ্শকে পছন্দ কৰিছিল। আৰু সেই সময়তে জীৱেশ্বৰ ডেকাৰ গুৰুত্ব বাঢ়িছিল। ... ' মই 'মিলন'ক দেখা নাছিলো, 'নন্দ পাঠক'কহে দেখিছিলো। মহেন্দ্ৰ বৰঠাকুৰৰ ৰচনা 'দধিচী'ৰ মূল চৰিত্ৰ নন্দ পাঠক। ৪১ বছৰীয়া জীৱেশ্বৰ ডেকাই ৯৫ বছৰীয়া নন্দ পাঠকৰ চৰিত্ৰত কৰা আভিনয় আছিল পৰিপাটি 'নাট্যচমক' ( এই নাট্যচমকৰ বাবে জীৱেশ্বৰ ডেকাক ১৯৮৮ চনত অসম চৰকাৰে ‘নটসূৰ্য ফণী শৰ্মা বঁটা’ প্ৰদান কৰিছিল )। 'দধিচী'ৰ পূৰ্বে জীৱেশ্বৰ ডেকাৰ অভিনয় দেখিছিলো উগ্ৰ মেনাৰ 'বিপ্লৱীৰ চেতনা'ত। পিছত চৰ্চালৈ আহিছিল ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ নাটক 'দীনবন্ধু'ত কৰা অভিনয়ৰ বাবেও। ১৯৬৭ চনত ‘বেলশৰ স্মৃতি নাট্যসংঘ’ত কৰা অভিনয়ৰে 'অভিনয় কেৰিয়াৰ' আৰম্ভ কৰা জীৱশ্বৰ ডেকাৰ প্ৰসঙ্গত কোৱা হয় -- 'বৃদ্ধৰ চৰিত্ৰ'ৰ অপ্ৰতিদন্দী অভিনেতা। এয়া সম্ভৱ হৈছিল অভিনেতা গৰাকীৰ আঙ্গিক - বাচিক অভিনয় ক্ষমতাৰ বাবে। ২০০ৰো অধিক নাটকত অভিনয় কৰা জীৱেশ্বৰ ডেকাই নাটক লিখিছিল , নাটক পৰিচালনা কৰিছিল। কিন্তু 'নাট্যকাৰ - পৰিচালক জীৱেশ্বৰ ডেকা' আঁৰতে থাকি গ'ল 'অভিনেতা জীৱেশ্বৰ ডেকা'ৰ।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...