মই পিকাচোই, মই এম এফ হুচেইনে কৈ যোৱাৰ দৰে চিত্ৰকৰ্ম কৰিম। ( কোনো চিত্ৰকৰৰ চিত্ৰকৰ্মৰ প্ৰভাৱ আন কোনো চিত্ৰকৰৰ সৃষ্টিত পৰাৰ উদাহৰণ আছে। সময়ে সময়ে 'নকল'ৰ অভিযোগো উত্থাপন হোৱাৰ ঢেৰ উদাহৰ আছে। Screenplay refers to the script of a film plan. The screenplay was originally written to work with the camera.
-- চিত্ৰনাট্য চিনেমাৰ বুনিয়াদ। এই কথা স্পষ্ট -- চিত্রনাট্য লেখাৰ কোন বিধিবদ্ধ নিয়ম নাই। চেপলিৰ সময়তো চিত্ৰনাট্য ৰচনা কৰা হৈছিল। বিখ্যাত ৰুছ চিনেমাৰ পৰিচালক ছের্গেই আইজেনষ্টাইনেও চিত্রনাট্য ৰচনা কৰাৰ তথ্য পোৱা যায়। চিনেপণ্ডিত সকলে কৈ আহিছে -- আইজেনষ্টাইনে ( কর্মজীবন :
১৯২৩-১৯৪৬ ) চিত্ৰনাট্য প্ৰসংগত সময়ে সময়ে বহু কথা কৈছিল। আৰু সেই কথাবোৰ চিত্ৰনাট্যৰ, চিনেমাৰ নিজস্ব ব্যাকৰণৰনলৈ ৰূপান্তৰ হৈছিল। আন দেশৰ লগতে ভাৰতৰ চিত্ৰনাট্যকাৰেও সেই ব্যকৰণ মানি লৈছিল। কিন্তু আইজেনষ্টাইনে কৈছিল-- 'মোৰ লিখাৰ, কেমেৰাৰে কাম কৰাৰ যি কৌশল, সেয়া কেৱল মোৰ। মোৰ কৌশল আনক জাপি দিয়াটো মুৰ্খৰ কাম হব। অৱশ্যে সেই সকলে নিশ্চয় মোৰ কৌশল ব্যৱহাৰ কৰিব পাৰে, যি সকলে চিত্ৰনাট্য লিখাৰ সময়ত বা কেমেৰাৰে কাম কৰাৰ সময়ত অনুভৱ কৰে মোৰ কৌশলে সহায় কৰিব। মোৰ কৌশলৰ কথা মনত ৰাখি কামত আগবাঢ়িলে বেবেৰিবাং হোৱাৰহে সমভৱনা বেছি।' (উৎস : Screenwriting / Film Journal )
আইজেনষ্টাইনৰ কথাত স্পষ্ট হৈ আছে-- scriptwriting is the art. চিত্ৰকৰে চিত্ৰকৰ্ম কৰাৰ সময়ত কোন বিধিবদ্ধ নিয়ম মানি নচলে। বৃত্ত এটাৰ মাজত বন্দি হৈ কাম নকৰে। কোনো চিত্ৰকৰে কোৱা মনত নপৰে -- মই পিকাচোই, মই এম এফ হুচেইনে কৈ যোৱাৰ দৰে চিত্ৰকৰ্ম কৰিম। ( কোনো চিত্ৰকৰৰ চিত্ৰকৰ্মৰ প্ৰভাৱ আন কোনো চিত্ৰকৰৰ সৃষ্টিত পৰাৰ উদাহৰণ আছে। সময়ে সময়ে 'নকল'ৰ অভিযোগো উত্থাপন হোৱাৰ ঢেৰ উদাহৰ আছে। এনে 'উদাহৰণ'ৰ সৈতে কোন বিধিবদ্ধ নিয়মৰ সম্পৰ্ক আছে বুলি নাভাবো।) কিন্তু চিনেকৰ্মৰ চৰ্চাত এনে কথা শুনা যায়-- মোৰ চিত্ৰনাট্য 'পথেৰ পাঁচালী'ৰ দৰে, চিত্ৰনাট্য কিন্তু 'A Separation'ৰ দৰে হব লাগিব! (উদাহৰণ : আমি নিজে শুনা। প্ৰথমটো এগৰাকী অসমীয়া চিনেমাৰ চিত্ৰনাট্যকাৰে কোৱা। দ্বিতীয়তো চিত্ৰনাট্যকাৰ এগৰাকীক অসমীয়া চিনেমাৰ পৰিচালক এগৰাকীয়ে কোৱা।) এনে উদাহৰণক বাদ দি ছের্গেই আইজেনষ্টাইনৰ 'কৌশল'ক বিধিবদ্ধ নিয়ম বুলি মানি লোৱা প্ৰসঙ্গ উল্লেখ কৰিব পাৰি।
দাদা চাহেব ফাল্কেয়ে (চিনেকৰ্মত সক্ৰিয় :১৯১২ - ১৯৪৪) কিন্তু চিত্ৰনাট্য ৰচনাৰ সময়ত কোনো বিধিবদ্ধ কৌশল মনা নাছিল। স্বাভাবিকতে 'ব্রিটিছ চিনেমা'ৰ প্ৰভাৱ মুক্ত নাছিল; কিন্তু 'ব্ৰিটিছ চিনেমা'ৰ চিত্ৰনাট্য কৌশল, কেমেৰা কৌশলৰ আতৰত থাকি কাম কৰিছিল। '... সেই সময়ত বোম্বাইত ছবি প্ৰদৰ্শণ হৈছিল। ছুটি ছুটি। ফাল্কেৰ ভাষাত -- চলা ফুৰা অদ্ভুত ছবি। ছবিৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছিল আৰু এদিন শিকিবলৈ জল পথেৰে বিদেশ পাইছিল। শিকি বুজি ছবি নিৰ্মাণ কৰি বিদেশত প্ৰদৰ্শন কৰিছিল। আৰু বিদেশত বজাৰো পাইছিল। প্ৰযোজক পাইছিল। পোৱাৰ কাৰণ আছিল -- ফাল্কেৰ নিৰ্মণ শৈলী আছিল বহু ব্যতিক্ৰম।' ব্ৰিটিছ চিনেকৰ্মী আৰ এণ্টনীয়ে সুধিছিল -- 'তুমি আমাৰ পৰা শিকিছিলা; কিন্তু তুমি যি কৰিছা, সেয়া আমি শিকোৱা নহয়। কেনেকৈ সম্ভৱ হ'ল?' উত্তৰত ফাল্কেয়ে কৈছিল -- 'ৰীল, কেমেৰাহে নাজানিছিলো! বাকী সৰুৰে পৰা আজিলৈকে দেখি বুজি শিকা। খাটি মাৰাঠী।' বিদেশত ফাল্কেৰ চিনেমাই বজাৰ-প্ৰযোজক পোৱাৰ কাৰণ আছিল সেই সময়ৰ বিধিবদ্ধ নিয়মৰ বাহিৰত কাম কৰা বাবে। সেই সময়ত 'চিনেমা'য়ো আছিল ব্ৰিটিছৰ দখলত। ব্ৰিটিছৰ বিধিবদ্ধ নিয়মৰে হৈছিল চিনেকৰ্ম। বিপৰীতে নাটক, চিত্ৰৰ সংমিশ্ৰণত লিখিছিল 'ৰাজা হৰিচন্দ্ৰ'ৰ (১৯১৩) চিত্ৰনাট্য। ৯৫ খন পূর্ণদৈর্ঘ, ২৬খন কম দৈর্ঘৰ ছবি নির্মাণ কৰিছিল ফাল্কেয়ে। ইয়াৰে ৪৮ খনৰ চিত্ৰনাট্য লিখা নাছিল। ফাল্কে চিত্রকৰ ৰাজা ৰবি বর্মাৰ অংকনশৈলীৰ ভক্ত আছিল। আৰু স্বাভিবিকতে চিত্ৰকৰ গৰাকীৰ কৰ্মৰ প্ৰভাৱ ফাল্কেৰ চিনেকৰ্মত পৰিছিল। আৰু প্ৰথম ভাৰতীয় চিনেমা নিৰ্মাতা গৰাকীয়ে অনুভৱ কৰিছিল চিত্ৰকৰ্ম চিত্ৰনাট্যৰ বিকল্প হব পাৰে। চিত্ৰকৰ্মক চিত্ৰনাট্যৰ সলনি ব্যৱহাৰ কৰি ফাল্কেয়ে সাত খন চিনেমা নিৰ্মাণ কৰিছিল। (উৎস : আজছা চিত্ৰপট / গ্ৰন্থৰ লেখক : অজয় মাহত্ৰে) এই শৈলীৰে পৰবৰ্তী সময়ত চিনেকৰ্ম কৰিছিল সত্যজিৎ ৰায়, মকবুল ফিদা হুছেইনে।
ভাৰতীয় চিনেকৰ্মী সকলে ফাল্কেৰ বাটেৰে আগবাঢ়িব নোৱাৰাৰ কোনো কাৰণ নাছিল। কিন্ত আগবাঢ়িল আইজেনষ্টাইনৰ বাটেৰে। ফলত আইজেনষ্টাইনে কোৱাৰ দৰে 'বেবেৰিবাং' নিৰ্মাণ হৈছিল।
'বেবেৰিবাং'ৰ মাজতে ভাল কামো নহোৱা নহয়। আৰু ইয়াৰ মাজতে একাংশ পৰিচালকে ভাৰতীয় চিনেমাৰ নিজা শৈলী নিৰ্মাণৰ চেষ্টা নকৰাকৈ থকা নাছিল। অন্যতম আছিল গুৰু দত্ত ( কর্মজীবন : ১৯৪৪-১৯৬৪)। আবৰাৰ আলভীৰ (Abrar Alvi ) সৈতে চিত্ৰনাট্যৰ সময়ত নিজে বহিছিল। চিত্ৰনাট্যকাৰ আলভীক গুৰু দত্তই কৈছিল-- 'মই সম্পূর্ণ স্বাভাবিকবাদী লাইটিং আৰু মৌলিক কেমেৰৰ গতিৰ সন্ধানত আছো। এই কাম ফ্ল'ৰত কৰা অসম্ভৱ, মোৰ ধাৰণাত। কাগজত কৰি লোৱাৰ বাহিৰে অন্য বাট নাই।' পৰিচালক-প্ৰযোজক গৰাকীয়ে চিত্রনাট্যতে কাট, জাম্প কাট, ইন্টাৰ কাট, মিক্স বা ভিজলভ, ফেড আউট, ফেডইন ইত্যাদি লিখাই লৈছিল। পৰিচালক গৰাকীয়ে বিশ্বাস কৰিছিল -- 'এই বোৰেই ছবিৰ ব্যকৰণ। যতিচিহ্ন -- দাৰি,কমা।' সত্যজিত ৰায়ে প্ৰসংগক্ৰমে কৈছিল-- 'চিত্ৰনাট্য এবং সিনেমাটোগ্রাফির সর্বশ্রেষ্ঠ উদাহরণ মেলে ‘প্যাসা’, ‘কাগজ কে ফুল’ , ‘সাহিব, বিবি আউর গুলাম’ ছবিতে। ভারতীয় সিনেমায় শাদা-কালাে চলচ্চিত্র-প্রতিমার বিবর্তনের ক্ষেত্রে অবিস্মরণীয় হয়ে আছে।' (উৎস: উল্টোৰথ, চিত্রালী, The History of Indian Film Music )
উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে। ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন