১৯৯৭ চনৰ ২১ নৱেম্বৰ। পৃথ্বি থিয়েটাৰত লগ পাইছিলোঁ দেশমুখক। একেলগে বহি নাটক চাইছিলোঁ। নাটক চোৱাৰ পিছত আড্ডা দিছিলোঁ। আড্ডাত মই অমিত দেশমুখৰ মাজেৰে 'লতা মংগেশকাৰ'ক অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলোঁ
লতাজীৰ বিয়া প্ৰসংগত আৰু বিভিন্ন চর্চা শুনা যায়— দেৱদাসী হয়, সেইবাবেই বিয়া হ'ব নোৱাৰে; সংগীতৰ সৈতে বিয়া হৈছে ইত্যাদি। এয়া লতাজীৰ ‘সংবাদ মূল্য’ বঢ়াৰ সময়ৰ চৰ্চা। সন্দেহ নাই, কাকত-আলোচনীৰ প্ৰচলন বঢ়োৱাৰ স্বাৰ্থত কৰা চৰ্চা। এনেধৰণৰ আৰু বহু চর্চা চলি থকা সময়ত অমিত দেশমুখে ‘লোকমত’ (২০জুন/১৯৮৪)ত লিখিছিল— 'মই লতাজীক কেইবাবাৰো লগ পাইছোঁ। “মানুহগৰাকীৰ মাজত সংগীতৰ বাহিৰে যেন আন কোনোৰে অস্তিত্ব নাই। সংগীত, কেৱল সংগীত চর্চা। 'বজাৰকেন্দ্ৰিক সংগীতক লৈ যেন সুখী নহয়। 'সংগীতকো বজাৰ লাগিব। ভাল গীতে বজাৰ দখল কৰিলে ভাল লাগে। কিন্তু বজাৰত চলোৱাৰ উদ্দেশ্যেৰে যেতিয়া গীত গাবলগীয়া হয়— দুখ লাগে ....' -এনে ধৰণৰ আৰু বহু চৰ্চা কৰিছোঁ লতাজীৰ সৈতে। এনে চৰ্চাৰ মাজত কোনো দিনে বিয়াৰ প্ৰসংগত প্রশ্ন সুধিবলৈ সাহস কৰিব পৰা নাছিলোঁ। মোৰ ধাৰণা হৈছিল— এইগৰাকী 'মানুহে' সংগীতৰ বাহিৰে আনক ভাল পাব নোৱাৰে। ভাল পাব নোৱাৰিলে বিয়া হ'ব কিয়?— এই ধাৰণাৰ কাৰণ ? প্ৰসংগক্ৰমে লতাজীয়ে এবাৰ নিজেই কৈছিল, 'মৰম-ভালপোৱাই সম্পর্ক গঢ়ে। য'ত মৰম নাই, যাঁত ভালপোৱা নাই, তাত সম্পৰ্ক অবান্তৰ।' মোৰ ধাৰণাত লতাজীৰ বিবাহ চর্চা অবান্তৰ।"
১৯৯৭ চনৰ ২১ নৱেম্বৰ। পৃথ্বি থিয়েটাৰত লগ পাইছিলোঁ দেশমুখক। একেলগে বহি নাটক চাইছিলোঁ। নাটক চোৱাৰ পিছত আড্ডা দিছিলোঁ। আড্ডাত মই অমিত দেশমুখৰ মাজেৰে 'লতা মংগেশকাৰ'ক অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলোঁ। 'মই আচৰিত হওঁ আজিৰ তাৰিখতো লতাজীয়ে নতুন গায়িকাৰ দৰে পৰিশ্ৰম কৰে। পুৱা চাৰি বজাৰ আগতে বিছনা এৰে, সংগীত কচৰৎ কৰে। মই নিজেই দেখিছোঁ এ আৰ ৰেহমান, বিশাল ভৰদ্বাজৰ সৈতে সংগীতৰ কাম কৰা। সংগীত পৰিচালকৰ সম্পূর্ণ সন্মান দি নিজকে সাধাৰণ পৰ্যায়ৰ গায়িকাৰ স্তৰত ৰাখে। কথা প্ৰসংগত এ আৰ ৰেহমানে মোক কৈছিল—'দেশমুখজী মই যেনেদৰে ভাবিছিলোঁ সামান্যয়ো লৰচৰ নকৰাকৈ ‘আ জা চব মিলকে ৰব চে দুৱা মাংগে...' ৰেকৰ্ডিং হৈছিল মাত্ৰ এটা ট্রেকত। অসাধাৰণ।' নক্ষত্ৰ আৰু নাটক
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন