দ্বিতীয় উদ্দেশ্যৰ কথা মনত ৰাখি আমি ঘোষণা কৰিছিলো ২০২১ বৰ্ষৰ শিল্পী। ২০২১ বৰ্ষৰ "সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা"ৰ বাবে বাছনি কৰিছিলো ৰাভা লোক সঙ্গীতৰ সাধনাত ব্ৰতী তথা সম্ভাৱনাময় উদীয়মান গায়িকা বৰষা ৰাভাক। আৰু ২০২২ বৰ্ষত বাছনি কৰা হ'ল বৰপেটাৰ নুপুৰ জ্যোতি মেধিক। উদীয়মান শিল্পী গৰাকীয়ে খোলবাদন, ভোৰতাল নৃত্য, সত্ৰীয়া নৃত্যৰে অসমীয়া সংস্কৃতিৰ উত্তৰণ আৰু প্ৰচাৰত সহায় কৰি আহিছে।--অভিনন্দন নুপুৰ জ্যোতি মেধি!
আর্থিক সমস্যাৰ হেঁচাতে এদিন শিল্পীগৰাকীৰ মৃত্যু হয়। প্ৰকৃত শিল্পী। শিল্প কৰ্ময়ে জীৱন। নিজে একো নাপালেও কিবা কিছু দি যায়। "শল্প" ভঁৰাল চহকী কৰি যায়। মৃত্যুৰ পাছত, সেই শিল্পকৰ্মৰ 'মূল্য' আমি বুজিবলৈ আৰম্ভ কৰোঁ। বা শিল্পী গৰাকীৰ নামত বঁটা ইত্যাদি ঘোষণা কৰো। দুখ কৰোঁ "শিল্পীৰাকীক জীবিত কালত যে আমি চিনি নাপালো ইত্যাদি কৈ। "শিল্পী গৰাীকক জীৱিত কালত চিনি নোপোৱাৰ বাবে আক্ষেপ কৰি, নিজকে গালি পাৰিও আমি নিজে "মহান", হবলৈ চেষ্টা কৰো। কোন "শিল্পী"? শিল্পী গৰাকী সংগীতকাৰো হ'ব পাবে, কোনো ভাইবাও হ'ব পাৰে।
আনৰ কথা বাদ দিয়ক, জীবিত কালত, জীবনৰ শেষ সময়ছোৱাত সংগীত সূর্য ভূপেন হাজৰিকাৰ ওচৰত কেইজন ব্যক্তি আছিল? মৃত্যুৰ পাছত কিন্তু হৈছিল 'প্রতিযোগিতা', কোনে 'শিল্পীৰাকীক ভালদৰে বুজিছিল, কিমান ভাল পাইছিল, কিমান ওচৰৰ আছিল ইত্যাদি। চগ বুজি শিল্পীগৰাকীৰ সৈতে উঠা ফটো দি প্ৰচাৰ নকৰাকৈ থকা নাছিল। "শিল্পী"গৰাকীৰ শেষ সময়ছোৱাত শিল্পীগৰাকীৰ সপক্ষে 'কিছু কথা কোৱা "অসনীয়া মানুহৰো আকাল হৈছিল। এবাৰ মোৰ প্ৰিয় সম্পাদক অজিত কুমাৰ ভূঞাৰ নিৰ্দেশত সংগীত সুৰ্যৰ সপক্ষে কোৱা পাঁচঘৰাকী বিশেষ "ব্যক্তি"ৰ সন্ধান কৰিছিলোঁ। বিচাৰি কিন্তু পোৱা নাছিলো। কোনো এজনেও ৰাজি হোৱা নাছিল, শিল্পীগৰাকীৰ সপক্ষে ক'বলৈ। সঁচা কথা সেইটোৱে আছিল সংগীত সূৰ্যৰ আর্থিক সমস্যা যেতিয়া বাঢ়ি গৈ আছিল তেতিয়া শিল্পীগৰাকীক "ভালপোৱা" বহুতো আঁতৰি গৈছিল। কাৰণ সেইসকলৰ "ভালপোৱা" আত্মিক নাছিল, আৰ্থিকহে আছিল। শিল্পীৰ মৃত্যুৰ পাছত কিন্তু "ভূপেন প্ৰেমী সাজ" পিন্ধি লবলৈ পাহৰা নাছিল। মৃত্যুৰ পাছত এতিয়া সুযোগ পাসেই এইসকল ব্যক্তিয়ে চিঞৰে— ভূপেন হাজৰিকাক জীয়াই ৰাখিবলৈ কি কৰিব লাগে? --হাঁহি উঠে। দুখ লাগে।
--এয়াই আমাৰ শিল্পীক সন্মান জনাবলৈ তৈয়াৰ কৰি ৰখা অলিখিত নিয়ম। কেৱল অসমতে নহয়, অসমৰ বাহিৰতো মৃত্যৰ পাছত শিল্পীক সন্মান জনোৱাতহে বেছি গুৰুত্ব দিয়া হয়। "মৃত্যু তিথি"ত বিশেষ গুৰুত্ব দিয়া হয়।
--জীৱনৰ শেষ সময় চোৱাত প্ৰচাৰৰ দূৰত থাকি শিল্পকৰ্ম কৰি ভালপোৱা শিল্পীৰ কথা বাদেই দিলো, অলেখ "তৰা"ৰো বিননি শুনা যায়। অকলে জীৱন পাৰ কৰা "তৰা"ৰ মৃত্যুৰ পাছত বন্ধ কোঠাৰ পৰা মৃতদেহ উদ্ধাৰ কৰা খবৰো আমি পাইছো। সেই "তৰা"ৰ নামত বঁটা ঘোষণা কৰা, জীৱন কালত এবাৰো খবৰ নোলোৱা আন "তৰা"ই বঁটা লৈ "জীৱন কালত তেওঁক একো দিয়া নহ'ল, এতিয়া তেওঁক আমিয়ে জীয়াই ৰাখিব লাগিব" বুলি স্মৃতি ৰক্ষাৰ কচৰৎ কৰাও আমি দেখিছো।
--এই যে দেখি আহিছো, শুনি আহিছো ইয়াৰ বিপৰীতে আমি কিবা এটা কৰিব নোৱাৰো নে? --জীৱন কালতে "শিল্পী"ক সন্মান জনোৱাৰ কথা চিন্তা কৰিব নোৱাৰো নে! জীৱন কালতে লোকসংগীতৰ সাধক প্ৰভাত শৰ্মাক সন্মান জনাব নোৱাৰোনে?... ( এই চৰ্চা প্ৰকাশ পাইছিল "দৈনিক জনমভূমি"ত, ১৪/০৫/২০২১ সংখ্যাত।)
--এনে চিন্তাৰে পৰিকল্পনা কৰিছিলো "সংগীতশ্ৰী প্ৰভাত শৰ্মা বঁটা"। আমাৰ চিন্তাক আগবঢ়াই নিয়াত সহায় কৰিবলৈ আগবাঢ়ি আহিছিল গ্ৰন্থ প্ৰকাশক "চিত্ৰাচল"। ২০১৮ বৰ্ষত এটা বঁটা দিছিলো লোকবাদ্যৰ শিল্পী গীৰেণ কলিতাক। ২০১৯ বৰ্ষত এই বঁটাৰে উৎসাহ দিয়া হৈছিল হীৰক জ্যোতি শৰ্মাক। হীৰক জ্যোতি শৰ্মাক নিৰ্ধৰিত সময়ত বঁটা দিয়াৰ পৰিবেশ নাছিল। COVID-19 সমস্যাৰ বাবে ২০২১ চনত, প্ৰভাত শৰ্মাৰ কায়িক মৃত্যুৰ পাছতহে দিয়া হৈছিল। এই সময় চোৱাত আমাৰ মনলৈ আহিছিল-- প্ৰভাত শৰ্মাৰ কায়িক অবৰ্তমানত "সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা" প্ৰদানৰ যুক্তি থাকিব জানো!
--আমাৰ মনলৈ আহিল "সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা" প্ৰদানৰ দ্বিতীয় উদ্দেশ্য, লোক-সংগীত, লোক-বাদ্য, লোক-নৃত্যৰ তৰুণ সাধকক উৎসাহ দিয়া। (প্ৰথম উদ্দেশ্য --জীয়াই থাকোতেই শিল্পীক শ্ৰদ্ধা জনোৱা।) দ্বিতীয় উদ্দেশ্যৰ কথা মনত ৰাখি আমি ঘোষণা কৰিছিলো ২০২১ বৰ্ষৰ শিল্পী। ২০২১ বৰ্ষৰ "সংগীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা"ৰ বাবে বাছনি কৰিছিলো ৰাভা লোক সঙ্গীতৰ সাধনাত ব্ৰতী তথা সম্ভাৱনাময় উদীয়মান গায়িকা বৰষা ৰাভাক। আৰু ২০২২ বৰ্ষত বাছনি কৰা হ'ল বৰপেটাৰ নুপুৰ জ্যোতি মেধিক। উদীয়মান শিল্পী গৰাকীয়ে খোলবাদন, ভোৰতাল নৃত্য, সত্ৰীয়া নৃত্যৰে অসমীয়া সংস্কৃতিৰ উত্তৰণ আৰু প্ৰচাৰত সহায় কৰি আহিছে।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন