সরাসরি প্রধান সামগ্রীতে চলে যান

কংকন ডেকাই চিনেকৰ্মৰে বাস্তৱৰ মুখামুখী হৈছে, দৰ্শকক বাস্তৱৰ সৈতে মুখামুখী কৰাইছে। প্ৰথম পৰিচালনা "বিউটিফুল লাইভ্‌জ"তো, দ্বিতীয় পৰিচালনা "উপসৰ্গ"তো।

চিনেমাৰ বাস্তৱবাদ গল্প বা কাহিনী আৰু দৃশ্য বাস্তৱতা দুয়োটাৰে ওপৰত নিৰ্ভৰশীল। পলায়নবাদী কল্পনাৰে যে সফল চিনেকৰ্ম হব নোৱাৰে, তেনে কোনো কথা নাই বা চিনেব্যাকৰণ নাই বুলিয়ে আমি জানো। কংকন ডেকাই চিনেকৰ্মৰে বাস্তৱৰ মুখামুখী হৈছে, দৰ্শকক বাস্তৱৰ সৈতে মুখামুখী কৰাইছে। প্ৰথম পৰিচালনা "বিউটিফুল লাইভ্‌জ"তো, দ্বিতীয় পৰিচালনা "উপসৰ্গ"তো।
ফৰাচী চলচ্চিত্ৰ নিৰ্মাতা জিন ৰেনোৱাৰ (Jean Renoir)। চিনেমাৰ বাস্তৱবাদৰ গডফাদাৰ। নিৰ্মতা গৰাকীয়ে কৈছিল-- "দৃশ্য বাস্তৱতাহে মুল কথা বা ধৰ্ম, বাস্তৱবাদৰ মুলমন্ত্ৰ।" চিনেমা নিৰ্মাতা গৰাকীয়ে বাস্তৱ লোকেশ্বনৰ কথা প্ৰসংগক্ৰমে কেইবাবাৰো উল্লেখ কৰিছে। কিন্তু নিজৰ চিনেমাৰ লোকেশ্বন বাস্তৱ নাছিল। পৰিচালক গৰাকীয়ে বেছিভাগ চিনেমাৰ শ্বুটিং চেটত কৰিছিল।  পৰিচালক-চিত্ৰনাট্যকাৰ গৰাকীৰ "লা গ্ৰেণ্ড ইলুজন"(La grande illusion / 1937)
আৰু "দ্য ৰুলছ অৱ দ্য গেম" (The Rules of the Game /1939) -ক কোৱা হয়  চিনেমাত বাস্তৱবাদৰ প্ৰৱৰ্তনৰ প্ৰধান অনুঘটক। চিনেমা দুখনৰ "বাস্তৱ অভিনয়"ৰ বাবে এনেদৰে কোৱা হয়। "উপসৰ্গ"কো এই একেটা কাৰণতে "বাস্তৱবাদ"ৰ বুনিয়াদত নিৰ্মিত সু-পৰিকল্পিত ৰূপালী গল্প বুলি কম। আমি "নৈ"ৰ অভিনয় প্ৰসংগত উল্লেখ কৰা বিন্দু কেইটা "উপসৰ্গ"তো স্পষ্ট।
এই খিনিত কব পাৰি "নৈ" আৰু "উপসৰ্গ" প্ৰসংগত কোৱা "বাস্তৱতা" দৰাচলতে “নতুন বাস্তৱতা" হে। ইটালিৰ চিনেক্ষেত্ৰত আৰম্ভ হোৱা। "নতুন বাস্তৱতা"ৰ বিন্দু--  (ক)অপেশাদাৰী অভিনেতাৰ ব্যৱহাৰ, (খ)কম নিৰ্মাণ খৰচ, (গ)সমসাময়িক পৰিঘটনা আৰু কম বাজেটৰ কথা মনত ৰাখি কাহিনী নিৰ্বাচন আৰু চিত্ৰনাট্য ৰচনা। (উৎস: Cinesprint, নন্দন) দক্ষিণ ভাৰতত এই চিনেধাৰাই স্থানীয় বজাৰ দখল কৰিছে। সফল হৈছে। কম বাজেট, কম দৰ্শকেৰে বাণিজ্যিক সফলতা। এনে সফলতা আজিৰ তাৰিখত অসমীয়া চিনেমাৰ বাবে প্ৰয়োজন। মূলতঃ চিনেশিল্পৰ ধাৰাবাহিক নিৰ্মণকৰ্মৰ স্বাৰ্থত। গতিকে আমি ভাবো, "নৈ", "উপসৰ্গ"ৰ দৰে চিনেমাৰে অসমতো সৰু বজাৰ এখন নিৰ্মাণ হ'লে অসমীয়া চিনেমাৰ উত্তৰণৰ নতুন বাট মুকলি হব। আৰু তেতিয়া "বঁটাৰ ৰাজনীতি"য়ে চিনেশিল্পৰ বাবে চিনেকৰ্ম কৰা চিনেকৰ্মী সকলক চুব নোৱাৰিব। --এই প্ৰসংগ পাছলৈ ৰাখি "উপসৰ্গ"লৈ আহিছো। চিনেমা খনৰ পৰিচালনা, প্ৰযোজনা তথা কাহিনী, চিত্ৰনাট্য কংকন ডেকাৰ। বিষয়বস্তুত অনুভৱ কৰিছো দুটা বিন্দু-- (ক)টকা সকলোকে লাগে!
(খ)থলুৱা সংস্কৃতিকৰ্মীৰ দুখ-দুর্দশা। বিষয়বস্তুৰ আশ্ৰয়ত কাহিনী নিৰ্মাণ কৰিছে। কাহিনীক গতি দিবলৈ নিৰ্মাণ কৰিছে কিংকৰ,অনিল, ৰেণু আদি চৰিত্ৰ।
  অনিল-কিংকৰ বাল্যবন্ধু। অনিলে বেণ্ডপাৰ্টীৰ দল এটাত বজায়। মনেৰে বজোৱা কৰ্ম কৰে; কিন্তু এই শিল্প কৰ্মই  আৰ্থিক সমস্যা দূৰ নকৰে। আৰ্থিক সমস্যা হেচা কিছু পতল কৰিবলৈ মাজে সময়ে  ৰাজমিস্ত্ৰীৰ সহায়ক হিচাপেও কাম কৰে।
  কিংকৰ ওজাপালিৰ ওজা। সেই একেই অৱস্থা! ওজাপালিয়ে পেট নভৰাই। ককায়েকৰ সৈতে  মতবিৰোধ হয়।  চাপৰিলৈ উঠি আহি খেতি-বাতিত ধৰে।
  ৰেণুৱে ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰে। পতিয়ে এৰি যোৱা মহিলা। শিশু সন্তান এটিও আছে। কিংকৰ-অনিলৰ দৰে ৰেনুৰো টকাৰ প্ৰয়োজন।
  চিনেমা খনৰ গল্পৰ মাজলৈ আহে এটা বোঁবাৰ চৰিত্ৰ। দৰাচলতে বোবা নহয়, গাড়ী চোৰ, পুলিছৰ পৰা ৰক্ষা পাবলৈ বোবাৰ অভিনয় কৰি গাওঁ খনত লুকাই থাকে। এই গাড়ী চোৰ গৰাকীয়ে চমু বাটেৰে টকা ঘটাৰ লোভ দিয়ে কিংকৰ-অনিল, ৰেনুক। লোভত পৰে। চিনেমা লেখক-পৰিচালকে উৎকণ্ঠাৰ সৃষ্টি কৰে। -- এই উৎকণ্ঠাই যে দৰ্শকক বহুৱাই ৰাখিব সন্দেহ নাই। আমাকো বহুৱাই ৰাখিছিল। কিন্তু আমাক আকৰ্ষণ কৰিছে উৎকণ্ঠা সৃষ্টি হোৱাৰ আগলৈকে কৰা চিনেকৰ্মই। থলুৱা গীত-সংগীত চিনেমা খনৰ মূল অলংকাৰ, সন্দেহ নাই। মূল সৌন্দৰ্য কিন্তু অভিনয়হে। প্ৰতিটো চৰিত্ৰৰ অভিনয় শিল্পীয়ে "চৰিত্ৰ"ত বাস কৰিছে, "চৰিত্ৰ"টো বিশ্বাসযোগ্য কৰি দৰ্শকৰ ওচৰলৈ নিছে। দৰ্শকক আৱেগিক কৰিবলৈ চেষ্টা কৰা নাই, আমি দেখি থকা সমাজৰে "এজন" হৈ দৰ্শকক চুই গৈছে। বিশেষকৈ কিংকৰৰ অভিনয় চিনেমা খনৰ বিশেষ চমক। এই চমকে যে "বঁটা"ৰ বাবে "শ্ৰেষ্ঠ অভিনেতা" নিৰ্বাচন কৰা জুৰীকো চুব, সন্দেহ নাই। (আৰু আছে)

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...