সরাসরি প্রধান সামগ্রীতে চলে যান

ভনিতা হতে "অভিনয়" বুজাৰ আগতে যেন ধৰি ৰাখিছে স্বাভাৱিক আছৰণ, কথা বতৰা। এই একে অনুভৱ হৈছে জয়ছেং জয় দহোটিয়াৰ "হান্দুক" চোৱাৰ সময়ত ...

এই কথা আমি নিশ্চয় জানো, চিনেমা চৰ্চা কৰা সকলে নিশ্চয় জানে-- ক্রিষ্টোফাৰ নোলানে (Christopher Nolan/ British-American film director) সত্যজিত ৰায়ৰ 'পথেৰ পাঁচালী'ক অসাধাৰণ চিনেকৰ্মৰ টুকুৰা বুলি কৈছিল। কৈছিল "...এতিয়ালৈকে (১৯৯৯) নিৰ্মাণ হোৱা অন্যতম শ্ৰেষ্ঠ চিনেমা।" আন এগৰাকী পৰিচালক মার্টিন স্কোৰছেজিয়ে (Martin Scorsese/ American film director) কৈছে --"তেওঁৰ (সত্যজিত ৰায়ৰ) ছবিবোৰে মোৰ মনটো মুকলি কৰি দিলে। তেওঁৰ কামে মোক অনুপ্ৰাণিত কৰিলে। তেওঁৰ ছবিৰ প্ৰভাৱ মোৰ ওপৰতে যে পৰিছিল অস্বীকাৰ নকৰো। তেওঁৰ ছবিবোৰ মোৰ বাবে আজিও সিমানেই  ৰোমাঞ্চকৰ, যিমান প্ৰথমবাৰ সন্মুখীন হোৱাৰ সময়ত অনুভৱ কৰিছিলো। তেওঁৰ চিনে প্ৰকাশ মন চুই যোৱা।" উল্লেখিত চিনেকৰ্মী দুগৰাকীৰ লগতে সত্যজিত ৰায়ৰ চিনেকৰ্মই বিশ্বৰ বহুতকে আকৰ্ষণ কৰিছিল, চিনেকৰ্মৰ প্ৰেৰণা হৈছিল ৰূপালী গল্প কোৱাৰ শৈলীৰ বাবে। বাস্তৱতাৰ সৈতে অতি ক্ষীণ ৰেখা টানি ৰূপালী গল্গ নিৰ্মাণ কৰিছিল বাবে। বাস্তৱতাৰ সৈতে আন কেইবাগৰাকীও পৰিচলকৰ লগতে ছাৰ্গেই আইজেনষ্টাইনৰ চিনেকৰ্মৰো দূৰত্ব নাছিল। কিন্তু আইজেনষ্টাইনৰ লোকেশ্বন বাস্তুৱ নাছিল, চিনেমাৰ বেছি ভাগৰে চিত্ৰগ্ৰহণ কৰিছিল মঞ্চত বা চেটত। আইজেনষ্টাইনৰ আৰু পৰৱৰ্তী সময়ৰ চিনেকৰ্মত ৰূপালী গল্প আৰু বাস্তৱতাৰ মাজৰ ৰেখাদাল সিমান ক্ষীণ নাছিল, যিমান ক্ষীণ "পথেৰ পাঁচালী" আদিৰ। আৰু এই "ক্ষীণ ৰেখা ডালে"ই সত্যজিত ৰায়ৰ সফলতাৰ মন্ত্ৰ। এই সফলতাৰ মন্ত্ৰৰ বুনিয়াদতে ৰীমা দাসে নিৰ্মাণ কৰিছে "ভিলেজ ৰকষ্টাৰ্ছ"। চিনেমা খনৰ গল্প, চলমান ছবি, অভিনয়ৰ ভেটি নিৰ্মল "বাস্তৱবাদ"। পৰিচালকৰ চিনেচিন্তা মৌলিক। কাৰিকৰী ত্ৰুটি মুক্ত নাছিল যদিও এই অসমীয়া চিনেমা খনে "চিনেমা বিশ্ব" জয় কৰিছিল "বাস্তৱতা মন্ত্ৰ"ৰ সফল প্ৰয়োগৰ বাবে। "চিনেমাত বাস্তৱবাদ" অসমীয়া চিনেমা কেন্দ্ৰীক চৰ্চা যদি কৰা হয়, চৰ্চা এই চিনেমা খনৰ দৃশ্য বাস্তৱতাৰে আৰম্ভ কৰিব লাগিব। "নৈ" আৰু "উপসৰ্গ"ৰ ভাল অভিনয় প্ৰসংগত যি কেইটা বিন্দুৰ কথা উল্লেখ কৰিছো, সেই বিন্দু কেইটাৰ সফল প্ৰয়োগ "ভিলেজ ৰকষ্টাৰ্ছ"ত স্পষ্ট। পৰিচালকে ভনিতা দাস, বাসন্তী দাস, মানবেন্দ্ৰ দাস, বলোৰাম দাস, ৰিংকু দাস, বিষ্ণু কলিতা আদিক স্বাভাৱিক আছৰণ (অভিনয়) কৰাইছে। পৰিচালকে সুপৰিকল্পিত ভাবে প্ৰতিটো চৰিত্ৰৰ আছৰণ ধৰি ৰাখিছে। --হয়, ধৰি ৰাখিছে। ভনিতা হতে "অভিনয়" বুজাৰ আগতে যেন ধৰি ৰাখিছে স্বাভাৱিক আছৰণ, কথা বতৰা। এই একে অনুভৱ হৈছে জয়ছেং জয় দহোটিয়াৰ "হান্দুক" চোৱাৰ সময়ত। "মূল চৰিত্ৰটো যি গৰাকীয়ে অভিনয় কৰিছে, অভিনয় নুবুজে। অভিনয় বুজালেও নুবুজে।" কথা প্ৰসংগত জয়ছেং জয়ে কৈছিল। চিনেমা খন চোৱাৰ আগতে। চিনেমা খন চোৱাৰ সময়ত কিন্তু এই যে "অভিনয় নুবুজে" বুলিছে, সেয়া ক্ষণিকো অনুভৱ কৰা নাই। এয়া পৰিচালকে সম্ভৱ কৰিছে সুপৰিকল্পিত শ্বট নিৰ্বাচন আৰু শ্বটৰ সফল গাণিতিক প্ৰয়োগেৰে। আমি নিশ্চয় এনেদৰেও কব পাৰো চিনেমা দুখনৰ "চৰিত্ৰ" ভাল অভিনয়ৰে নিৰ্মাণ কৰিছে পৰিচালক দুগৰাকীয়ে। বিপৰীতে "উপসৰ্গ"ৰ অভিনয় শিল্পীয়ে অভিনয় বুজি অভিনয় কৰিছে --আমাৰ ধাৰণাত। অভিনয় বুজি ভাল বাস্তৱসন্মত অভিনয় (realistic acting) কৰা আন কেইখন মান অসমীয়া চিনেমাৰ অভিনয় শিল্পীৰ নাম এই খিনিতে উল্লেখ কৰিলো-- বীণা বাৰুৱতী, বসন্ত শইকীয়া,বসন্ত দুৱৰা... (চিনেমা: গঙা চিলনীৰ পাখি), বিদ্যাৱতী ফুকন, ৰূপম চেতিয়া ( চিনেমা: আই ক'ত নাই), আদিল হুছেইন (চিনেমা: মাজ ৰাতি কেতেকী), তপন দাস (চিনেমা: দীনবন্ধু), নিকুমণি বৰুৱা (চিনেমা: মৎস্যগন্ধা), মলয়া গোস্বামী (চিনেমা: ফিৰিঙতি),
মনোজ বৰকটকী (চিনেমা: মিডনাইট ছং), বাহাৰুল ইছলাম (চিনেমা: গৰু, কানীন), লিমা দাস, অৰ্ঘ্যদ্বীপ বৰুৱা (চিনেমা: আমিষ), পাকিজা বেগম (চিনেমা: বুলবুল কেন্‌ ছিং, বিউটিফুল লাইভ্‌জ), চন্দনা শৰ্মা (চিনেমা: আইদেউ)। এই প্ৰসংগত "বিজু ফুকন" চৰ্চাৰ অৱকাশ অৱশ্যেই আছে। এই খিনিতে আৰু এটা কথা উল্লেখ নকৰিলে আধৰুৱা হব, আমি বাস্তৱিক অভিনয়ৰ সফল প্ৰয়োগ  অনুভৱ কৰা প্ৰথম খন অসমীয়া চিনেমা-- গঙা চিলনীৰ পাখি। এই খন "অসমীয়া বাস্তৱবাদ চিনেমা"ৰ প্ৰথম উদাহৰণ। ভেটি "জয়মতী" বুলি কব পাৰো; কিন্তু "পথেৰ পাঁচালী"ৰ প্ৰভাৱ অস্বিকাৰ কৰিব নোৱাৰো। অসমীয়া চিত্ৰৰসিকৰ বাবে সুখৰ খবৰ নাছিল "গঙা চিলনীৰ পাখি"ৰ ব্যৱসায়। ১৫০,০০০ টকা ("My Years with Apu"-ত সত্যজিত ৰায়ে লিখিছিল "পথেৰ পাঁচালী"ৰ বাজেট আছিল ৭০ হাজাৰ টকা। পশ্চিমবঙ্গ চৰকাৰৰ নিৰ্দিষ্ট বিভাগৰ পৰা লোন লৈছিল। কিন্তু ১৯৭০ চনত এক সাক্ষাৎকাৰত পৰিচালক গৰাকীয়ে কৈছিল চিনেমা খন নিৰ্মাণত ১লাখ ৫০ হাজাৰ টকা খৰচ হৈছিল।) খৰচ কৰি নিৰ্মাণ কৰা "পথেৰ পাঁচালী"য়ে কিন্তু ব্যৱসায় কৰিছিল প্ৰায় ১১ কোটি টকা। এই সফলতাই বংগৰ চিনেমাক বহুদূৰ আগুৱাই নিছিল। বংগত চিনেশিল্প কৰ্মৰ, চৰ্চাৰ বাট মুকলি কৰিছিল। (আৰু আছে)অসমীয়া চিনেমা by Utpal Mena

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...