এখন গাঁও।
নামনি অসমৰ।
হঠাৎ লক ডাউন।
সমস্যাত ককবকাইছিল বিশেষকৈ নিম্ন মধ্যবিত্ত লোক।
সংস্থাপন হেৰুৱাইছিল বহুতে।
--সেই যে গাওঁ খন, ৰূপালী গল্পটোৰ গাঁৱৰো তিনিজন যুৱকেও সংস্থাপন হেৰুৱাইছিল। অভাৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল!
--উপাৰ্জনৰ বিকল্প বাট বিছাৰিছিল।
--মদৰ বেপাৰ, এটা বিকল্প বাট পাইছিল।
--বিকল্প বাটত হেঙাৰ হৈছিল পুলিছ।
--শেষত আন এটা বিকল্প বাট পাইছিল। 'ব্লু-ফিল্ম' নিৰ্মাণ। ধাৰণা কৰে গাঁৱতে 'ব্লু-ফিল্ম' নিৰ্মাণ কৰি ইন্টাৰনেটত আপলোড কৰিলে ঢেৰ টকা আহিব! নায়িকাৰ সন্ধান কৰিলে। নায়িকা পালে-- বুলু বাই। আমাৰ ধাৰণাত বুলু বাই চৰিত্ৰটো ৰূপালী গল্পটোৰ মূল বিন্দু। চিনেমা খনৰ সৌন্দৰ্য বুলু বাইক কেন্দ্ৰ কৰি আগবঢ়োৱা উপকাহিনীটো বা নিৰ্মাণ হোৱা বিষয়বস্তু। (এই খিনিতে আমি এনেদৰেও কব পাৰো, চিনেমা খনৰ নাম-- 'বুলু চিনেমা', মানে বুলুৰ চিনেমা, বুলু বায়ে অভিনয় কৰা নীলা চিনেমা। মূল ৰূপালী গল্পটোৰ লকডাউনৰ বাবে সমস্যাত পৰা তিনি চৰিত্ৰই বুলু বাইৰ 'সমস্যা' নিৰ্মাণৰ বাবেহে ব্যৱহাৰ হৈছে। কব পাৰি --উপকাহিনীটোৰ ওচৰত দুৰ্বল হৈছে বা দুৰ্বল কৰি ৰাখিছে মূল কাহিনীটো। চিনেমাৰ ব্যকৰণৰ কথা মনত ৰাখি কব পাৰি --, এয়া ত্ৰুটি। আৰু এনেদৰেও কব পাৰি-- পৰিচালকৰ নতুন চিনেচিন্তা।) ৰাজি হোৱা নাছিল বুলু বাই, "বেয়া তিৰোতা" বুলু বায়ে হিয়া ঢাকুৰি কান্দিছিল, যেতিয়া নিস্কৰ্মা ভায়েকেও ব্লু ফিল্মত অভিনয় কৰাৰ কথা কৈছিল। নিস্কৰ্মা-মদপী ভায়েকৰ কথা, টকা পাব! শব্দ-কেমেৰাৰ ভাষাৰ সৌন্দয্যই চুই যোৱা, শব্দ (কান্দোন) -ই দৰ্শকৰ মন-মগজুত বিন্ধি যোৱা দৃশ্য। দৰ্শকৰ মন-মগজুত বিন্ধি যোৱা আন এটা দৃশ্য-- সমাজৰ পৰা পোৱা গঞ্জনাত অতিষ্ঠ বুলু বাই। ব্লু ফিল্মত অভিনয় কৰাৰ প্ৰস্তাৱ দিয়া তিনি যুৱকক ক'লে-- কামটো কৰিব। নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট স্থানত উপস্থিত হ'ল বুলু বাই। চেহেৰা-দেহৰ ভাষা-কথাত শান্তু ভাৱ। সহজ ভাবেই কয় কামটো কৰিবলৈ। শৰীৰ পৰা এপদ এপদকৈ কাপোৰ মাটিত পেলাই দিয়ে। এটা চৰিত্ৰই "ধৰ্ষণ" কৰে বুলু বাইক। কেমেৰাত ধৰি ৰাখে এক যুৱকে, এক যুৱকে পোহৰৰ পেলাই যায়। "ধৰ্ষণ পৰ্ব"ত বুলু বাইৰ চকুত চকু পানী। শান্ত হাঁহি। "ধৰ্ষণ পৰ্ব" শেষ হয়। গাত কাপোৰ লৈ শান্ত মনে বুলু বাই আতৰি যায়। কাম (অভিনয়) কৰাৰ বাবে টকা নলয়, কয়-- সকলোৱে দেখিব লাগিব! ব্লু ফিল্ম কেমেৰাত বন্দী কৰিলে। কেমেৰাত বন্দী কৰাৰ সময়ত কেমেৰাৰ ভাষাক গুৰুত্ব দি দুই যুৱকৰ মানসিক পৰিৱৰ্তন স্পষ্ট কৰিছিল পৰিচালকে। যন্ত্ৰলৈ ৰূপান্তৰ হৈছিল দুই যুৱক। যান্ত্ৰিকভাবে কাম কৰি গৈছিল মাত্ৰ।)
--কেমেৰাত বন্দী কৰি অনা বুলু বাইৰ "ব্লু ফিল্ম" আপলোড কৰিবলৈ সাজু কৰা সময়তে এটা "ফোন" আহে। "ফোন"ত খবৰ পালে বুলু বায়ে আত্মহত্যা কৰিছে।
--পাছৰ দিনা পুৱাতেই তিনি যুৱকে বুলু বায়ে অভিনয় কৰা "ব্লু ফিল্ম" খন আপোলোড হবলৈ দি মুকলি আকাশৰ তললৈ ওলাই আহে। "ব্লু ফিল্ম" খন আপলোড হয়। তিনি যুৱকৰ মন মুকলি হয়। আমাৰ ধাৰণাত "ব্লু ফিল্ম" খন আপলোড কৰে বুলু বাইৰ শেষ ইচ্ছাক সন্মান জনায়-- "... তহতে বিছৰা ধৰণে হৈছে নহয়! .. পেলাই নথবি। সকলোৱে দেখিব লাগিব!"
--"বুলু চিনেমা" নাট্যকৰ্মী হিমাংশু প্ৰসাদ দাসৰ চিনেকৰ্ম। হিমাংশুৰ "ছাকিৰা আহিব বকুলতলৰ বিহুলৈ" আৰু "গৰু" চাইছো ("হিৰো" চোৱা নাই)। পূৰ্বে চোৱা চিনেমা দুখনৰ দৰে এই খনৰো চিনেচিন্তাৰ বুনিয়াদ মজবুট। কিন্তু চিনেকৰ্ম পূৰ্বে চোৱা দুখনতকৈ কম মজবুট। বিশেষকৈ চিনেমাৰ মূল "বিষয়বস্তু" নিৰ্মাণত আৰু পৰিশ্ৰমৰ প্ৰয়োজন আছিল। আমি "লকডাউন" দেখিছো, আনুভৱ কৰিছোঁ সেই অ-সময়। আমি অনুভৱ কৰা, দেখা লকডাউনৰ ছবি খন পৰিচালকে চুইহে গৈছে। (কিন্তু পৰিচালকল কথাত স্পষ্ট --চিনেমা খনৰ বিষয়বস্তু লকডাউন আৰু সেই সময়চোৱাত নিম্ন মধ্যবিত্তই চেপা খোৱা আৰ্থিক সমস্যা।) আৰু ধৰিলওক এসময় লকডাউন নেদেখা-অনুভৱ নকৰা দৰ্শকে চিনেমা খন চালে, তেওলোকক চিনেমা খনে লকডাউনৰ অ-সময় চোৱা অনুভৱ কৰাব নোৱাৰিব। --এয়া পৰিচালক গৰাকীৰ ব্যৰ্থতা।
পৰিচলকৰ "গতি" লকডাউন আৰু সেই সময়চোৱাত নিম্ন মধ্যবিত্তই চেপা খোৱা আৰ্থিক সমস্যা নহয়, বুলু বাই কেন্দ্ৰীক।
পৰিচালক গৰাকীৰ দক্ষতা-- কম ফুটেজতে সাহিত্য-কেমেৰাৰ ভাষাৰে বুলু বাই চৰিত্ৰটোৰ ইতিহাস-বুৰঞ্জি স্পষ্ট কৰিছে।
চিনেমা খনৰ আন কেইটামান চুই যোৱা দিশ-- শব্দ (সংগীত), কেমেৰাৰ ভাষাৰে নিৰ্মাণ কৰা ভালেমান ছিকুৱেন্স, চৰিত্ৰ নিৰ্মাণ। বাস্তৱসন্মত অভিনয় (realistic acting)-ৰে চৰিত্ৰ নিৰ্মাণত গুৰুত্ব দিয়া দিছে; কিন্তু চৰিত্ৰৰ সৌন্দৰ্য ম্লান কৰিছে (বাস্তৱতাক দোহাই দি!) ব্যৱহাৰ কৰা অশ্লিলতাল দোষে চুৱা ৰুঢ় সংলাপে।
(এইখিনিতে-- "শুৱা কোঠাৰ বিচনাত পতি-পত্নীৰ মাজত যি ঘটে, বাস্তৱতাক দোহাই দি আমি সকলো বোৰ দেখুৱাম নে? যি খন সমাজৰ লোকে চিনেমা খন চাব, সেই লোকেৰে গড়া সমাজ খনৰ কথা পৰিচালকে নাভাবিব নে?")
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন