ভগৱান আমাৰ মাজতো, মানুহৰ ৰূপতো আছে। সমস্যা বা আক্ষেপ সেইখিনিতে, যেতিয়া মানুহৰ মাজৰে যি সকলক ভগৱান বুলি ভাৱো, প্ৰয়োজনত সহায়ৰ হাত আগ নবঢ়াই, জীৱন বাটত সমস্যাৰ মাজত কক বকাই থকা জনক বেলকনিৰ পৰা চাই থাকে। অসহায় খগেনে মৃত পত্নীৰ নিথৰ দেহটো চাইকেলতে কঢ়িয়াই যেতিয়া ঘৰলৈ যোৱা খলা-বামা পথেৰে আগবিঢ়িছিল, তেতিয়াও "মানুহ ভগৱান" বেলকনিৰ পৰা নামি অহা নাছিল। ৰাজনীতিৰ চিন্তাত আছিল, টি আৰ পিৰ অংকত আছিল।
খগেন দাসে এম্বুলেন্সৰ ড্ৰাইভাৰ নথকাত মৃত পত্নীৰ শৰীৰটো ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰি লৈছিল, জীয়েকজনীৰ সৈতে ঘৰলৈ উভতিছিল। উভতাৰ বাটত দুই সাংবাদিকক লগ পায়। এই যে লগ পায়, এই খিনিতে ৰূপালী গল্পটোৰ প্ৰথমটো বিন্দু অনুভৱ কৰে দৰ্শকে, চিত্ৰৰসিকে। আৰু এই বিন্দুটোৰ পৰায়ে "বেলকনিত ভগৱান" (God on the Balcony) ৰূপালী গল্পটোৰ সৰল ৰৈখিক গতি আৰম্ভ হয়। বিন্দুটো পোৱাৰ পাছতহে চিনেমা খনৰ প্ৰতি আমাৰ আগ্ৰহ বাঢ়ে। (ইয়াৰ কাৰণ অৱশ্যেই চিনেমা খনৰ প্ৰচাৰ ডিজাইন। প্ৰচৰত এই বিন্দুটোহে হাইলাইট কৰিছে।) বিন্দুটো পোৱাৰ আগতে খগেনৰ দৃষ্টিৰে পৰিচালকে ফ্লেচ-বেকত পৰিয়ালটোৰ "গল্প" কয়। পত্নী নুমলী, জীয়েক কুঁৱলীক লৈ খগেন দাসৰ পৰিয়ালটো। খাদ্যৰ সন্ধানত জনাঞ্চললৈ অহা হাতীৰ গচকত নুমলীয়ে আঘাত পায়, আৰু চিকিৎসালয়ত চিকিৎসা পোৱাৰ আগতে মৃত্যু হয়। সময়ত চিকিৎসা নোপোৱাৰ কাৰণ --খগেন দাসৰ গাঁও খনত চিকিৎসাৰ কোনো ব্যৱস্থা নাই, বাট-পথ বেয়া, মাত্ৰ এখন বাঁহৰ দলঙেৰে আন অঞ্চলৰ সৈতে সংযোগ থকা গাঁও খনৰ যাতায়ত ব্যৱস্থা সাধাৰণো নহয়। আৰু যি খন চিকিৎসালয়লৈ নিছিল, সেই গ্ৰাম্য চিকিৎসালয় খনত নিশা চিকিৎসক নাথাকে। নুমলীয়ে যন্ত্ৰনা লৈ চিকিৎসাৰ অপেক্ষাত থকা সময়ত, চিকিৎক গৰাকী ৰাসৰ সভাত গামোচা লোৱাত ব্যস্ত। নুমলীৰ মৃত্যুৰ মাজেৰে পৰিচালকে গ্ৰাম্য চিকিৎসাৰ দুৰ্বল-কদৰ্য ছবি খন স্পষ্ট কৰিছে কম ফুটেজতে। --ৰূপালী গল্পটোৰ শেষত আমি অনুভৱ কৰিছো, নুমলীৰ মৃত্যু, নুমলীৰ মৃত শৰীৰ চাইকেলত বান্ধী কঢ়িয়াই নিয়া কাৰ্য তপত খবৰ হৈছে, প্ৰতিবাদ হৈছে, ৰাজনীতি হৈছে, এখন নতুন দলঙৰ আাধাৰশিলা হৈছে। এইবোৰে কিন্তু চুব নোৱাৰে খগেন দাস হতক, খগেন দাস হতৰ সমাজ খনক। ঠেলা গাড়ীয়েই খগেন দাস হতৰ বাবে এম্বুলেন্স। চিকিৎসাৰ বাবে ঠেলাযাত্ৰা, ঠেলাতেই মৃত্যু "গ্ৰাম্য চিকিৎসা"। --এয়া অসমৰ গ্ৰাম্য চিকিৎসাৰ কাল্পনিক ছবি নিশ্চয় নহয়! চিনেমা খনৰ লেখক-পৰিচালকে ভাৰতৰ, অসমৰ "গ্ৰাম্য চিকিৎসা"ৰ দুৰ্বল আন্তঃগাঠনিৰ লগতে যোগাযোগ অব্যৱস্থাৰ বাস্তৱ ছবি খন স্পষ্ট কৰিছে। --হয়, আমাৰ ধাৰণাত "গ্ৰাম্য চিকিৎসা" চিনেমা খনৰ বিষয়বস্তু। এখন মাত্ৰ বাঁহৰ দলং, বন্যহস্তীৰ তাণ্ডৱ, গণবিৰোধী ৰাজনীতিকৰ ভণ্ডামি আদি বিষয়বস্তু নিৰ্মাণৰ উপাদান। --বিষয়বস্তুক গতি দিছে খগেন দাস হতৰ কাহিনীৰে। বিষয়বস্ত নিৰ্বাচন আৰু উপস্থাপন, গল্প কোৱাৰ শৈলীৰ বাবে 'বেলকনিত ভগৱান'-এ আমাক বহুদিনলৈ চুই থাকিব। চুই থাকিব হৰিশ খান্না (খগেন), প্ৰণামী বৰা (নুমলী), পৰিনন্ধী জীমা চুলতানা (কুঁৱলী) ৰ অভিনয়ে। বিশেষকৈ হৰিশ খান্নাৰ চেহেৰা-দেহৰ অভিনয় চিনেমা খনৰ মূল অলংকাৰ। সৌন্দৰ্য।
-- সীতাংশু খামাৰীৰ চিত্ৰগ্ৰহণ, বিশাল খত্ৰীৰ সংগীতো চিনেমা খনৰ যোগাত্মক দিশ।
মন চুই থকা আন কেইটামান ছিকুৱেন্স-- ছাগলী পোৱালীটোৰ সৈতে প্ৰথমে নুমলীৰ, পাছত কুৱলীৰ সম্পৰ্ক। অতি কম ফুটেজতে খগেন-নুমলীৰ মৰম-ভালপোৱা নিৰ্মাণ।
চিনেমা খনে আমাক চুই থকাৰ আন এটা কাৰণ--মেদহীন সাহিত্য প্ৰয়োগ, কেমেৰাৰ ভাষা কেন্দ্ৰীক চিনেকৰ্ম।
ইমান খিনি ভালৰ পাছতো বিশ্বজিতৰ এই চিনেকৰ্মক মুকলি মনেৰে প্ৰসংসা কৰিব নোৱাৰিম এই কাৰণে--
(ক) প্ৰথমটো ফ্লেছ-বেকৰ দৈৰ্ঘ, গতি। বেছি দৈৰ্ঘৰ ফ্লেছ-বেকটো বিভাজনেৰে চিনে সৌন্দৰ্য বঢ়োৱাৰ থল আছিল। মন্থৰ গতিয়ে খন্তেক সময় আমনি দিছে।
(খ) চিনেমা খনৰ শেষৰ ফালে 'সময়' নিৰ্মাণ বা স্পষ্ট কৰাত পৰিচালক বিফল। স্থানীয় বিধায়কৰ ভণ্ডামি দেখুৱাবলৈ গৈ আধাৰশিলা আদি এটা দিনতে নিৰ্মাণ, স্থাপন, বাঁহৰ দলং খন ভাগি স্থানীয় বিধায়ক, সাংবাদিক নদীৰ পানীত পৰা আদি এটা দিনৰে নে? যদি এটা দিনৰ বাস্তৱতাৰ আঁতৰতে থাকি গ'ল চিনেমা খনৰ এই অংশ।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন