সরাসরি প্রধান সামগ্রীতে চলে যান

পুলক গগৈ : আন এক অধ্যায়

পুলকদাই গীত গাইছিল। এটা কাম শেষ হোৱাৰ আনন্দত আমাৰ গীত-মাতৰ আড্ডা বহিছিল পুলকদাৰ বিশেষ কোঠাটোত ("এই কোঠাটো মোৰ বাবে বিশেষ। সকলোৰ বাবে নহয়, মোক বুজা সকলৰ বাবেহে মোৰ এই কোঠাটোৰ দুৱাৰ মুকলি কৰি ৰাখো। এই কোঠাটোত মই লিখো, আঁকো, গীত শুনো, সপোন দেখো। চকু খুলি। চকু খুলি দেখা সপোনকহে বাস্তৱ ৰূপ দিব পাৰি। মই ভাবো, এনেদৰে।" --কথা প্ৰসংগত পুলক গগৈয়ে কৈছিল।) মনত আছে, ভাল দৰেই মনত আছে দিনটো--, ৮ জুলাই ২০১৭। সেই দিনটোতে শেষ হৈছিল পুলকদাৰ আত্মকথা "পুলকে কৈছে পুলকৰ কথা"। পুলকদাই ৰেকর্ড প্লেয়াৰত গীত শুনাইছিল। "পাকিজা"ৰ ৰেকৰ্ড খন লগাই দি নিজেও গুণগুণাইছিল। " ১৯৫৭ চনত মেট্ৰিক পাছ কৰিছিলো। পঢ়াত মধ্যমীয়া আছিলো। ‘সংস্কৃত’ আৰু ‘অংক’ বৰ বেয়া পাইছিলোঁ । কোনোমতে কাণে কাণ মাৰি  তৃতীয় বিভাগত উত্তীৰ্ণ হৈছিলো। আৰু জগন্নাথ বৰুৱা কলেজত কলা শাখাত নাম লগাইছিলোঁ। পঢ়াত ভাল নাছিলোঁ যদিও সেই অঞ্চলত মোক সকলোৱে জানিছিল, গান গোৱা বাবে। ১৯৫৭ চনত মেট্ৰিক পৰীক্ষা দিয়াৰ আগলৈকে গান গাইছিলোঁ। যোৰহাটত উজনি স্কুল টুর্নামেণ্টত হোৱা সংগীত প্রতিযোগিতাত আধুনিক গীতত প্রথম স্থান পাইছিলোঁ। যুটীয়াভাৱে। জিতুৰ সৈতে।এতিয়াৰ সংগীত পৰিচালক জিতু-তপন যুটীৰ জিতুৰ সৈতে। জিতুৱে বৰ ভাল তবলা বজাইছিল আৰু এতিয়াও বজায়। তপন পাকৈত, গীতত সুৰ দিয়াত। জিতু সংগীতৰ বাটত আগ বাঢ়িল। মই ৰৈ দিছিলোঁ, কলেজ পোৱাৰ পাছত। মই ঠিক কৰিছিলোঁ, আৰ্ট শিকিম, ছাৰ জে জে স্কুল অৱ আৰ্টত (Sir Jamsetjee Jeejeebhoy School of Art) আৰ্ট
শিকিম।" বুলি কৈ আকৌ "পাকিজা"ৰ গীত গুণগুণাইছিল। 
--সংগীত এৰি হঠাতে আাৰ্ট কিয়?
"হঠাতে নহয়, গীত গাইছিলোঁ, আৰ্টো কৰিছিলোঁ। --তেতিয়া গীত আছিল মোৰ প্ৰথম পছন্দ।মেট্ৰিকৰ ফলাফলে মোক লাজ দিছিল। মানুহৰ সন্মুখত গীত গোৱা সাহস হেৰুৱাইছিলোঁ। গতিকে ঠিক কৰিছিলোঁ আৰ্টত ধৰায়ে ভাল! কব নোৱাৰাকৈয়ে মই লোহিত বৰা, উমেশ গোস্বামী, গোপাল মহন্ত আদিৰ ওচৰ চাপিছিলোঁ। সঘনে অহা-যোৱা কৰিছিলোঁ। তেওঁলোকৰ কাষলৈ গৈ আৰ্ট চাইছিলোঁ, আৰ্ট কৰিছিলোঁ। ঘৰতে DRAWING SHEET WATER Colourৰ বাকচ, ব্ৰাছ, পেন্সিল, কোমল ৰাবাৰ অলপ অলপকৈ গোট খাইছিল আৰু খেলা-ধূলাৰ সলনি, সংগীতৰ সলনি আৰ্টৰ মাজত সময় খৰচ কৰিছিলোঁ। আঁকিছিলোঁ, ছবি চাবলৈ শিকিছিলোঁ। বিখ্যাত বিখ্যাত আৰ্ট। তেতিয়া আৰ্টৰ আংগিক সম্বন্ধে একোকে বুজা নাছিলো, কিন্তু সেইবোৰ দেখিয়ে বাস্তৱবাদী Figure আদি আঁকিছিলোঁ।--এদিন বন্ধু এজনে খবৰ এটা লৈ আহিছিল,  "আছাম ট্ৰিবিউন" কাকতত Children Cornner বোনা এটা Section খুলিছে, তাতে সদৌ অসম ভিত্তিত বিভিন্ন চিত্রাংকন প্রতিযোগিতা হ'ব—তাত মই আঁকা ছবি পঠাব পাৰো, ট্ৰিবিউন' কাকতৰ FORM এখন  বন্ধু গৰাকীয়ে  গৈ  লৈ আহিছিল, সেইখন  Fillup কৰিছিলোঁ।  আৰু পেঞ্চিলেৰে  "এজনী বান্দৰ আৰু তাইৰ বুকুতে পোৱালি " আঁকিলোঁ।  বন্ধু জনে  পঠিয়াই দিলে, মোৰ ফটো এখনো পঠিয়ালে। ফলাফল ওলাল। মই সদৌ অসমৰ প্ৰতিযোগিতাত প্ৰথম হৈছিলোঁ। ছবিখন আৰু মোৰ ফটো "আছাম ট্ৰিবিউন" প্ৰকাশ পাইছিল।  সেই দিনা ঠিক কৰিছিলোঁ, বাকী বাদ। আৰ্টেই কৰিম।" --কৈ কৈ গীতৰ ৰেকৰ্ড খন সলনি কৰি দিছিল। "খোজ"ৰ গীত শুনাইছিল। 
"মোৰ প্ৰথম খন চিনেমাৰ গীত। 'খোজ'। মোৰ কাম হয়তো কোনেও মনত ৰখা নাই। কিন্তু মোৰ চিনেমা খনৰ এই গীত এই প্ৰজন্মৰো প্ৰিয়। ভূপেনদাৰ সংগীত। প্ৰিয় নহব কিয়!" --কৈ কৈ পুলকদা ফাইলৰ মাজত ব্যস্ত হৈছিল। আৰু কেইমিনিট মান পাছত চিঞৰাৰ দৰে কৈছিল, "পালো, পালো।"
কি পুলকদা?
"মোৰ প্ৰথম খন চিত্ৰনাট্য। 'খোজ'ৰ প্ৰথম খন চিত্ৰনাট্য। এই চিত্ৰনাট্য খনত ভূপেনদাৰ স্পৰ্শ আছে। চিত্ৰনাট্য খন চাই-- ভূপেনদাই প্ৰশংসা কৰিছিল। ভূপেনদাৰ প্ৰশংসাই মোক আনন্দ দিছিল, সাহস দিছিল। সেই বিশেষ দিনটোত ভূপেনদাৰ হাতত এই চিত্ৰনাট্য খন তুলি দিছিলোঁ। বুকুত কপনি, ভয়ৰ বোজা! বহু সময় পাছত ভূপেনদাই কৈছিল --'পৰিপাটিকৈ শ্বটবোৰ ভাগ কৰিছা। সুন্দৰকৈ সংলাপ বোৰ পৰিপাটি কৰিছা। ভাল হৈছে। আগবাঢ়া।' ভূপেনদাৰ কথাই ভয়ৰ বোজা নোহোৱা কৰিছিল। চিনেমাৰ কামত আগবাঢ়িছিলোঁ।"
আপুনিতো আাৰ্টৰ বাহিৰে আন শিল্পকৰ্ম কৰাৰ কথা নাছিল! গীত, আৰ্টৰ পাছত চিনেমা? --সুধিছিলোঁ।
"চিনেমাৰ প্ৰতি আকৰ্ষণ আছিল সৰুৰে পৰা। মুম্বাইলৈ আৰ্ট শিকিবলৈ যে গৈছিলোঁ, গৈয়ে প্ৰথমে চিনেমাৰ পোষ্টাৰবোৰহে চাই ফুৰিছিলোঁ। মুম্বাইত এগৰাকী ফটোগ্রাফৰক লগ পাইছিলোঁ। আমাৰ সম্পৰ্ক ওচৰ হৈছিল। চিনেমাৰ ষ্টিল ফটোগ্রাফাৰ। মই চান্দু ভাই বুলি মাতিছিলোঁ। মোক চান্দু ভায়ে ফিল্মিস্তান স্টুডিঅ'লৈ নিছিল। চান্দু ভায়ে  ষ্টুডিঅ' এটাৰ ভিতৰলৈ নি মোক দেখুৱাইছিল। প্ৰথম  ষ্টুডিঅ'ৰ ফ্ল'ৰ (মজিয়া) দেখিছিলোঁ। এটা সাধাৰণভাৱে বনোৱা ঘৰ। বেৰ মাত্ৰ দুখন। এখন সৰু, আনখন দীঘল; ওখ প্রায় ১১ ফুটমান হ'ব। সৰু লাইট কেবাটাও, ৰে'ল লাইনৰ দৰে দুডাল চিৰি, তাৰ ওপৰত চাৰি চকা থকা এখন। ডাঙৰ পীৰাৰ সমান পীৰা আৰু মূৰতে মানুহে হাতেৰে ধৰি টানিব পৰা, ঠেলিব পৰা ষ্টেণ্ড। 'সেইখনক ট্রলী বুলি কয়' -- কৈছিল চান্দু ভায়ে। সেই দিনা ষ্টুডিঅ'ত সুলোচনা চেটার্জীক লগ পাইছিলোঁ। বাংলাতে কথা পাতিছিলোঁ। অভিনেত্ৰী গৰাকীয়ে মোক ষ্টুডিঅ'ৰ ভিতৰ দেখুৱাইছিল। সম্পাদনা কক্ষ, ৰেকৰ্ডিং কক্ষ আদি দেখুৱাইছিল। সেই দিনা চিনেমা এখন কেনেকৈ নিৰ্মাণ কৰে ধাৰণা কৰি লৈছিলোঁ। কিন্তু চিনেমা নিৰ্মাণ কৰিম বুলি এবাৰো ভবা নাছিলোঁ। মনলৈ হয়তো নাহিল হেতেন, যদিহে এবাৰ বিদেশৰ পৰা উভতাৰ সময়ত মোৰ দুটা বেগ সময়ত আহি নোপোৱাত বোম্বেত এয়াৰপৰ্ট কর্তৃপক্ষৰ আলহী হৈছিলো, মেৰিন ড্রাইভত। ছুটকেছটো ফ্রেঙ্কফ'ৰ্ট এয়াৰপ'ৰ্টত ভুলতে নমাই দিয়াত তিনিদিন পাছতহে আমাৰ হাতত পৰিছিল। মই পঞ্চ তাৰকা হোটেলত থাকি আমনি পাইছিলোঁ। মই হোটেল এৰি মুম্বাইত থকা চিনেমা সম্পাদক বিজয় চৌধুৰীৰ লগ লৈছিলো। বিজয় চৌধুৰিৰ সৈতে তিনিটা ৰাতি পাৰ কৰিছিলোঁ। সেই তিনিটা নিশাতে মোৰ মূৰত চিনেমা পৰিচালনাৰ পোক সুমুৱাই দিছিল বিজয় চৌধুৰীয়ে। বিজয় চৌধুৰীৰ ফ্লেটৰ সংগী আছিল চিনেমাৰ শব্দ গ্ৰহণকাৰী পীযূষকান্তি ৰয়। এদিন ভূপেনদায়ো আহিছিল। কথা প্ৰসংগত ওলাইছিল, মই চিনেমা নকৰো কিয়! আৰ্ট কৰা মানুহৰ বাবে চিনেমা সহজ! কথা বোৰ মোৰ মনলৈ শিপালে আৰু অসম পায়ে চিত্ৰনাট্যত হাত দিলো। 'আশ্ৰয়' নামৰ গল্প এটা লিখিছিলোঁ, কলেজ পোৱাৰ সময়ত। সেই গল্পটোৰ আধাৰতে চিত্ৰনাট্যৰ কাম আগবঢ়াইছিলোঁ। ... এয়া লোৱা চিত্ৰনাট্য খন!" --মোলৈ চিতনাট্য খন আগবঢ়াই দিলে পুলকদাই। পৃষ্ঠা লুটিয়াইছিলোঁ, মন ভৰিছিল। 
--"খোজ"। তাৰ পাছত? চৰ্চাৰ প্ৰয়োজন আছে জানো! "পূজা", "সূৰুয"ৰ দৰে বজাৰ সফল চিনেমা পৰিচালনা কৰিছিল। "পত্নী", "ৰেলৰ আলিৰ দুবৰি বন"ৰ (৪০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত 'ৰজতকমল' বঁটা প্ৰাপ্ত)
 দৰে চিনেমাৰে চিত্ৰৰসিকক মোহিছিল। কিন্তু ভালপোৱা নাছিল ছবি অঁকা এৰি চল ছবিত সময় দিয়া বাবে, একাংশই। সেই দিনা পুলকদাৰ পৰা বিদায় লোৱা সময়ত কেইটামান অসমীয়া, বাংলা, ইংৰাজী আলোচনী দিছিল, "পঢ়ি চাবা" বুলি। পঢ়িছিলো, পুলকদাৰ আৰ্টৰ প্ৰশংসা।কবি-সমালোচক নীলমণি ফুকনৰ লিখিছিল --"চিত্রশিল্পী, ব্যংগ চিত্ৰকৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু পৰিচালক শ্ৰী পুলক গগৈ এজন ৰসিক আৰু প্ৰাণৱন্ত মানুহ। এটা সময়ত তেওঁ চিত্রচর্চাতেই মনে- প্রাণে আত্মনিয়োগ কৰিছিল। ভাষা আৰু আংগিকগত দিশত পিকাছো আৰু হুছেইনৰ চিত্ৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ তেতিয়াই অঁকা কেইখনমান ছবি— ৰূপকল্পনা, ভাবলাৱণ্য, বর্ণচয়ন আৰু বৰ্ণ প্ৰয়োগৰ দিশৰ পৰা আধুনিক অসমীয়া চিত্ৰকলাৰ উল্লেখযোগ্য সৃষ্টি। দেশ-বিদেশত, আনকি সুদূৰ মার্কিন যুক্তৰাষ্ট্ৰতো তেওঁ কেইবাখনো চিত্রপ্রদর্শনী কৰিছিল। একাণপতীয়াকৈ একেৰাহে ছবি আঁকি থকা হ'লে হয়তো ইতিমধ্যেই তেওঁ কোনো অনন্য সুন্দৰ চিত্ৰৰ স্ৰষ্টা হোৱাৰ গৌৰৱ অৰ্জন কৰিব পাৰিলেগৈহেঁতেন।"

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...