আজি ২২ নৱেম্বৰ ২০২২।
বিজু ফুকন। "অসমীয়া চিনেমা"ৰ মানুহ। কেৱল নিজৰ চিনেমাৰ কথা ভৱা নাছিল, "অসমীয়া চিনেমা"ৰ কথা ভবিছিল, অসমীয়া চিনেমাৰ উত্তোৰণৰ স্বাৰ্থত কাম কৰা মানুহ আছিল। সক্ৰিয় হৈ থকা দিনটোলৈ কৈ আছিল "চলচ্চিত নীতি"ৰ কথা, "মিনি চিত্ৰগৃহ"ৰ কথা। ১৯৯৪ চনৰ কোনো এটা দিনত "আজিৰ সংবাদ" নামৰ দৈনিক কাকতত উপ-সম্পাদক হিচাপে যোগ দিয়া পাছৰে পৰা বিজু ফুকনক লগ পাইছিলোঁ ১৮ -২০ বাৰ। "চিনেমা নিৰ্মাণৰ সংখ্যা বাঢ়িলেহে ভাল চিনেমা নিৰ্মাণ হ'ব। আজিৰ তাৰিখতো আমি যি সকলে অসমীয়া চিনেমাত কাম কৰো, আমাৰ বাবে পাৰ্ট টাইম কামহে হৈ আছে। ফুল টাইমৰ কাম যেতিয়া হব, তেতিয়াৰ পৰাহে ভাল অসমীয়া চিনেমা নিৰ্মাণ হব-- এয়া মোৰ ধাৰণা।" --বিজু ফুকনে কৈছিল, প্ৰথম সাক্ষাৎকাৰটোত, ১৯৯৪ চনৰ শেষৰ ফালে।

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন