কথাটো এনেধৰণৰ-- আমি জুবিন গাৰ্গ "গায়ক" গৰাকীক অসমৰ পৰা চাবলৈ বা অনুভৱ কৰিবলৈ চেষ্টা কৰো বাবে "বলিউদত জুবিনৰ জনপ্ৰিয়তা" দেখো। এই যে আমাৰ বহুতে লিখে "বলিউদত জিলিকিছে", বলিউদত জিলিকা সহজ নহয়। (বলিউদ পৰিয়ালৰ ঋত্বিক ৰৌচন, অভিষেক বচ্চন আদিৰ কথা মনলৈ আনক, আনুভৱ কৰিব-- বলিউদৰ বাটত পিছল নোখোৱাকৈ কোনোমতে ঠিয় হৈ আছে। আজিৰ তাৰিখতো "মিডিয়া ষ্টাৰ" হৈয়ে আছে। "ষ্টাৰ" হব পৰা নাই। আৰো হোৱাৰ আশাও দেখা নাই। গতিকে "বলিউদ জনপ্ৰিয়তা" অনুভৱ কৰিবলৈ চেষ্টা কৰক।) --জুবিন গাৰ্গৰ বাবেও সহজ নাছিল। আৰু সহজ নাছিল বাবেই জুবিন অসমৰহে 'heartthrob" হৈ থাকিল। এই কথা স্পষ্ট, বলিউদৰ বাটত সংঘৰ্ষ কৰি থাকিলে সংগীত ৰসিকে ভালেমান সুৰীয়া অসমীয়া গীত জুবিনৰ পৰা নাপালে হেতেন! হয়তো অসমত অসমীয়া গীতৰ শ্ৰোতাৰ মাজত ইমান জনপ্ৰিয় নহ'ল হেতেন, বৰ্তমান যিমান জনপ্ৰিয়!
--কথা এটা মনলৈ আহিছে। বাৰ, তাৰিখ মনত নাই। মুম্বাইৰ ফেমাছ ষ্টুডিঅ'ৰ ওচৰত আড্ডা দি আছিলো। বলিউদৰ বাটে-ঘাটে সংবাদৰ সন্ধানত পিট্পিটাই ফুৰা এগৰাকীয়ে কৈছিল জুবিনৰ কথা। এখন চিনেমাত গীত গোৱাৰ সুযোগ পোৱাৰ খবৰ। কৈছিল, জুবিনে সময়ত ৰেকৰ্ডিং ষ্টুডিঅ' নোপোৱাৰ বাবে গীতটো গোৱাৰ পৰা বঞ্চিত হোৱাৰ খবৰ। (এই খবৰ কিমান দূৰ সত্য, সেয়া আমি নাজানো। আজিলৈকে জুবিনক সোধা নাই। সোধাৰ প্ৰয়োজন অনুভৱ কৰা নাই।) বঞ্চিত হোৱা সেই গীতটো হ'ল-- "ভিগে ওঁঠ তেৰি..." (চিনেমা: মাৰ্ডাৰ ২ এপ্রিল ২০০৪)। এই গীতটো গোৱা হ'লে "বলিউদত জনপ্ৰিয়" হবলৈ জুবিনে দুটা বছৰ অপেক্ষা কৰিব নালাগিল হেতেন! (২৮ এপ্ৰিল ২০০৬ চনত চিত্ৰগৃহলৈ আহিছিল "গেংষ্টাৰ"। ব্যখ্যাৰ প্ৰয়োজন আছে জানো!)
--সময়ত জুবিনে ষ্টুডিঅ'ত উপস্থিত নোহোৱাৰ কথা কেইবাগৰাকীও সংগীত ৰসিকৰ মুখত শুনিছোঁ। ধাৰণা কৰিব পাৰি জুবিন moody. (এয়া শিল্পীৰ "স্বাভাৱিক গুণ" বুলি কৱা হয়। কিন্তু শিল্প বাণিজ্যত --দোষ। এই দোষে জুবিন গাৰ্গৰ "সংগীত কেৰিয়াৰ"ত ক্ষতি কৰা নাই বুলিব নোৱাৰি।) বাণিজ্যিক শিল্প কেৰিয়াৰৰ মূলমন্ত্ৰ-- "professional" আৰু নিয়মানুবর্তিতা। জুবিন গাৰ্গৰ "inner circle"-এ জানিব।
দৃশ্য সংবাদ মাধ্যমত পোৱা তথ্য: জুবিনে গোৱা গীতৰ সংখ্যা ৩২ হাজাৰ। জুবিনে লিখা গীতৰ সংখ্যা ৪ হাজাৰ। এই তথ্য মনত ৰাখি কব পাৰি, "জনপ্ৰিয় গীত"ৰ সংখ্যাৰে জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ড°ভূপেন হাজৰিকা, দ্বিপেন বৰুৱাৰ পাছতহে স্থান জুবিনৰ। কিয়? --এই "কিয়" চৰ্চা কৰাৰ প্ৰয়োজন আছিল, চৰ্চা কৰিব লাগিছিল সংগীত শিল্পী গৰাকীৰ "inner circle"-এ। (নামটো এই মূহুৰ্তত মনলৈ অহা নাই, জুবিন গাৰ্গে গোৱা ৩২ হাজাৰৰো বেছি গীত সংৰক্ষণ কৰিছে সংগীত ৰসিক গৰাকীয়ে। সংগীত ৰসিক গৰাকীয়ে দৃশ্য সংবাদ মাধ্যমত কৈছে, জুবিনৰ এনে গীতো আছে, যি বোৰ গীত খুব কম সংখ্যক শ্ৰোতাই শুনিছে। --এই তথ্য মনত ৰাখি সহজতে উলিয়াই লব পাৰি জুবিনৰ স্থান "জনপ্ৰিয় গীত"ৰ সংখ্যাৰে কিয় প্ৰথম নহয়।)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন