কেলেণ্ডাৰ (মিষ্টাৰ ইণ্ডিয়া /১৯৮৭), পাপ্পু পেজাৰ (দীৱানা মাস্তানা /১৯৯৭)-- একোটা হাঁহিৰ ঢৌ। হিন্দী চিনেমাৰ দৰ্শকৰ মনত স্থান লোৱা ইমেজ। 'ইমেজ'ৰ নাম-- সতীশ কৌশিক। হঠাতে, আজি সেই হাঁহিৰ ঢৌ হেৰাই থাকিল, অভিনেতা অনুপম খেৰৰ 'টুইট'ত আহিল দুখৰ খবৰটো-- "जानता हूँ 'मृत्यु ही इस दुनिया का अंतिम सच है!' पर ये बात मैं जीते जी कभी अपने जिगरी दोस्त SatishKaushik के बारे में लिखूँगा, ये मैंने सपने में भी नहीं सोचा था।45 साल की दोस्ती पर ऐसे अचानक पूर्णविराम !! Life will NEVER be the same without you SATISH ! ओम् शांति!" ৬৬ বছৰীয়া চিনেমা নিৰ্মাতা, অভিনেতা গৰাকী এনেদৰে, হঠাতে উভতি নহা বাটেৰ যোৱা খবৰটো চিত্ৰৰসিক, চিনেকৰ্মীৰ বাবে --বিনা মেঘে বজ্রপাত।
সতীশ কৌশিকৰ প্ৰথম পৰিচয়-- মঞ্চাভিনেতা। আৰু তাৰ পাছত চিনেমাৰ অভিনেতা। মূলতঃ কমেডী চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিছিল। চৰ্চালৈ আহিছিল কেলেণ্ডাৰ-পাপ্পু পেজাৰ (চৰিত্ৰ দুটাত কৰা অভিনয়ৰে।) নামেৰে।
নেচনেল স্কুল অৱ ড্ৰামা, ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানত অভিনয়ৰ শিক্ষা লৈ, অৰ্থাৎ অভিনয়ৰ সম্পূৰ্ণ পাঠ অধ্যয়ণ কৰিহে বলিউদৰ বাটত খোজ দিছিল সতীশ কৌশিকে। " কিৰোৰী মাল কলেজ (দিল্লী বিশ্ববিদ্যালয়) -ত পঢ়ি থকা সময়তে ঠিক কৰিছিলো, মই অভিনয় কৰিম, অভিনয় শিকিহে অভিনয় কৰিম। মোৰ ধাৰণাত যি কোনো কামেই পৰিপাটিকৈ তেতিয়াহে কৰিব পাৰি, যেতিয়া বিষয়টোৰ গণিত-বিজ্ঞান সকলো আয়ত্ব কৰি লোৱা হয়।"
মঞ্চত 'Willy Loman', 'Death of a Salesman' আদি নাটকত কৰা অভিনয়ৰে চৰ্চালৈ অহা কৌশিকে অভিনয় কৰা চিনেমাৰ তালিকা খন চুটি নহয়। জানে ভি দো ইয়াৰো, ৱ' সাত দিন, মাসুম, উৎসব, কাশ, ঠিকানা, ৰাম লখন, জামাই ৰাজা, আন্দাজ, পযদেশী বাবু, ঘৰৱালি বাহাৰৱালি, হাছিনা মান যায়েগি, চল মেৰে ভাই, কলকাতা মেইল, মিলেংগে মিলেংগে, অতিথি তুম কাব যাওগে, ডাবল ধামাল, ছালাং, থৰ আদি। দেখা যায়-- খলনায়ক আদি চৰিত্ৰটো অভিনয় কৰিছিল কৌশিকে।
১৯৮৭-৮৮ চনৰ কথা। শেখৰ কাপুৰে হাতত লৈছিল এখন বিগ-বাজেটৰ চিনেমা। বনি কাপুৰৰ প্ৰযোজনা। নাম-- "ৰূপ কি ৰাণী চোৰন কা ৰাজা"। সেই সময়ত বনি-শেখৰ বলিউদ বাজাৰত চৰ্চাৰে শীৰ্ষত। "মিষ্টাৰ ইণ্ডিয়া"ৰ সফলতাৰ বাবে। বিৰাট সফলতাৰ বাবে। এই সফলতাৰ বুনিয়াদতে ঠিয় হৈ বনি কাপুৰে আকৌ শেখৰ কাপুৰক আৰু এটা চিনে-পৰিকল্পনাৰ বাবে, পৰিচালনাৰ বাবে অনুৰোধ কৰিলে। মান্তি হ'ল। "মিষ্টাৰ ইণ্ডিয়া"ৰ চিত্ৰনাট্যকাৰ চেলিম–জাভেদক চিত্ৰনাট্য ৰচনাৰ দায়িত্ব দিয়া হ'ল। শেষত চিত্ৰনাট্য লিখিলে জাভেদ আখতাৰে। চিত্ৰনাট্য পৰ্ব শেষ হোৱাৰ পাছত শেখৰ কাপুৰৰ ফালৰ পৰা কোৱা হ'ল-- "মোৰ দ্বাৰা 'ৰূপ কি ৰাণী চোৰন কা ৰাজা' সম্ভৱ নহব!" প্ৰায় কাম আগবঢ়া চিনেমা খনক লৈ বিপদত পৰিল বনি কাপুৰ। আৰু সেই বিপদৰ সময়ৰ সিদ্ধান্ত-- 'ৰূপ কি ৰাণী চোৰন কা ৰাজা' প্ৰথম সহকাৰী পৰিচালক সতীশ কৌশিকে পৰিচালনাৰ দায়িত্ব ল'ব। তেনেদৰেই বলিউদত 'পৰিচালক সতীশ কৌশিক'ৰ প্ৰথম খোজ। ৯ কোটি টকা (সেই সময়ত বিগ বাজেট। সেই সময়ত 'ৰূপ কি ৰাণী চোৰো কা ৰাজা'ৰ লগতে ১০ খন বিগ বাজেটৰ চিনেমা ফ্লপ হৈছিল।) বাজেটৰ চিনেমা খনক বক্স অ'ফিচ বৈতৰণী পাৰ কৰাব নোৱাৰিলে কৌশিকে। প্ৰথম খোজতে পিছল খাইছিল।
চিনে পণ্ডিত সকলে ধাৰণা কৰিছিল-- সতীশ কৌশিক'ৰ পৰিচালক কেৰিয়াৰ ইমানতে ইতি! কিন্তু বিফলতাৰ দুবছৰতে চিত্ৰগৃহলৈ আহিল কৌশিকৰ পৰিচালনাৰে বনি কাপুৰ দ্বিতীয় খন চিনেমা-- "প্ৰেম' (৫ মে’ ১৯৯৫ চন) । কম বাজেটৰ চিনেমা। বক্স-অ'ফিচ চৰ্চাৰ বহু আঁতৰতে ৰৈ যোৱা এখন চিনেমা।
সফলতাৰ বাটৰ সন্ধানত দক্ষিণ ভাৰতৰ চিনেমাত চকু দিলে কৌশিকে। চিত্ৰনাট্য সাজু কৰিলে তেলেগু চিনেমা "পবিত্ৰ বন্ধম"ৰ আধাৰত "হুম আপকে দিল মেই ৰেহতে হায়"ৰ (চিত্ৰগৃহলৈ আহিছিল ২২ জানুৱাৰী ১৯৯৯ -ত। ৬.২৫ কোটি টকা বাজেটৰ চিনেমা খনে ব্যৱসায় কৰিছিল ৩৬.৬৫ কোটি টকা)। এই চিনেমা খনৰ বক্স-অ'ফিচ সফলতাই "পৰিচালক কৌশিক"ৰ বলিউদৰ দুৱাৰ খন বহলকৈ মেলি দিছিল। পৰিচালনা কৰিছিল-- 'হামাৰা দিল আপকে পাস হ্যায়', 'মুঝে কুছ কেহনা হ্যায়', 'বাধাই হো বাধাই', 'তেৰে নাম', 'ৱাদা', 'ছাদি ছে পেহলে', 'কৰ্জ', 'তেৰি ছং', 'মিলেংগে মিলেংগে', 'গেং অব ঘোষ্ট' আৰু 'কাগজ'।
(আৰু লিখিম)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন