সরাসরি প্রধান সামগ্রীতে চলে যান

ৰাঘৱ: যতীন বৰাৰ তৃতীয় পৰিচালনা

অক্টোবৰত চিত্ৰগৃহলৈ অহা আৰু দুখন চিনেমা-- নাৰায়ণ শীলৰ পৰিচালনাৰে নিৰ্মিত "বীৰ", যতীন বৰাৰ পৰিচালনাৰে নিৰ্মিত "ৰাঘৱ"। বজাৰ চিন্তাৰে নিৰ্মাণ কৰা চিনেমা। "বীৰ"চৰ্চাৰ তাগিদা আমি অনুভৱ কৰা নাই।
"ৰাঘৱ"ক কিন্তু চৰ্চাৰ বাহিৰত ৰাখিব নোৱাৰি। প্ৰথম কাৰণ-- বজাৰ চিন্তাৰে নিৰ্মাণ কৰা চিনেমা যদিও চিনে-কলা (Cine-artwork) -ৰ সৌন্দৰ্য অনুভৱৰ অৱকাশ আছে। দ্বিতীয় কাৰণ-- cinematic action Design & cinematic soundtracks (পূৰ্বে কোনো এখন অসমীয়া চিনেমাতে ইমান উন্নত মানৰ প্ৰয়োগ হোৱা নাই-- আমাৰ ধাৰণাত)-ৰ লগতে cinematic language-ৰ ইতিবাচক প্ৰয়োগ। তৃতীয় কাৰণ-- পৰিচালকৰ গল্প কোৱাৰ শৈলী আৰু চৰিত্ৰ নিৰ্মাণ।পৰিচালক যতীন বৰাই গুৰুত্ব দিছে action প্ৰয়োগত। এটা শব্দত, মুকলি মনেৰে ক'ব পাৰি-- সফল। (এই সফলতা দোষ মুক্ত নহয়। পৰিচালকে "কাহিনী"লৈ দৰ্শকক বহু সময়  অপেক্ষা কৰাইছে। action প্ৰয়োগৰ লগতে গীত ব্যৱহাৰ আৰু "গল্প" প্ৰয়োগৰ চিনে ডিজাইনত সমতা ৰক্ষাত মন দিব লাগিছিল।)
আহিছো কাহিনীলৈ। action-ৰে গুথিছে এটা পৰিয়াল কেন্দ্ৰীক কাহিনী ("অসমীয়া-অসমীয়া" লগা)। মূল বিন্দু ৰাঘৱ। গাড়ী চালক। ভাতৃ-মাতৃক লৈ ৰাঘৱৰ ঘৰখন। কিন্তু ভাতৃয়ে ৰাঘৱক ককায়েক বুলি নাভাবে, মাতৃয়ে পুত্ৰৰ স্থান নিদিয়ে। গাড়ীৰ চকাৰ চকা ঘুৰে, ৰাঘৱৰ জীৱন আগবাঢ়ে। ককায়েকৰ, পুত্ৰৰ দায়িত্ব সততাৰে পালন কৰি যায় ৰাঘৱে। মনৰ মাজত সপোন দেখা ছোৱালী জনীৰ সৈতে বিয়া হয় ৰাঘৱৰ; কিন্তু ঘটনাৰ পাকচক্ৰত। পত্নীয়েও মানি লব নোখোজে ৰাঘৱক। (নিজৰ পত্নীৰ সন্মুখত আবেগিক হৈ ৰাঘৱে কয়--
"ভাইটিয়ে কয়, মই তাৰ ককায়েক নহয় ।
মায়ে কয়, মই তেওঁৰ সন্তান নহয় ।
তুমি কোৱা, মই তোমাৰ স্বামী নহয়...।") স্বামীৰ দায়িত্বও পালন কৰে ৰাঘৱে। কেমেৰা-সাহিত্যৰ ভাষাৰে কাহিনী আগবঢ়াই। ইতিমধ্যে  ধন - সম্পত্তিৰ মোহত পৰি ঘৰ এৰি ঘৰ-জোঁৱাই হোৱা ভায়েকে নিজৰ স্বাৰ্থত মাককো লৈ যায়। আনহতে পত্নীয়ে ৰাঘৱৰ মন অনুভৱ কৰে, ৰাঘৱৰ জীৱন কিছু দিনৰ বাবে সুন্দৰ কৰে। --হয়, কিছু দিনৰ বাবে। ৰাঘৱৰ পত্নীৰ মৃত্যু হয়। মৃত্যু হয় মাতৃৰো। শান্ত ৰাঘৱ, অশান্ত হয়। ...থাকক, কাহিনী ইমানতে থাকক। চিনেমা খনৰ গতানুগতিক কাহিনীটো আজিৰ "সমাজৰ বাস্তৱতা"ৰ পৰা আঁতৰৰ নহয়। কাহিনী মাজেৰে দিয়া মেচেজ --টকাৰ পাহাৰ গঢ়া সহজ, সততাৰে জীৱন গঢ়া সহজ নহয়। এনে কাহিনী, বিষয়বস্তুৰ ধেৰ চিনেমা, নাটক হৈছে। কিন্তু নতুন ৰূপ দিছে কাহিনীটো আগবঢ়াই নিয়াৰ শৈলীয়ে। চিত্ৰনাট্যকাৰ আভিজিত ভট্টাচাৰ্য আৰু সম্পাদক প্ৰীতম খাওন্দৰ সহায়ত পৰিচালক যতীন বৰাই কম ফুটেজতে কৰা চৰিত্ৰ বিন্যাস, কাহিনীৰ দ্ৰুত চিনেমেটিক ট্ৰিটমেণ্টে "গতিৰ কবিতা"লৈ (মাজে "ফ্ৰেমৰ কবিতা") ৰূপান্তৰ কৰিছে। অভিনয়, গীত, গীতৰ চিত্ৰায়নে "গতিৰ কবিতা"ৰ  সৌন্দৰ্য বঢ়াইছে (গীত প্ৰয়োগতো পৰিচালকৰ ডিজাইন ব্যৰ্থতা স্পষ্ট। চিনেমা খনৰ প্ৰথম ছোৱাত গীত তিনিটা ব্যৱহাৰ কৰাৰ বিপৰীতে দ্বিতীয় ছোৱাত এটা গীত Rrpeat কৰিছে। ৰূপালী গল্পটোত কাট কাট কৰি গীতাংশৰ চিত্ৰায়ণ প্ৰয়োগ কৰি গীতালংকাৰলৈ ৰূপান্তৰ কৰাৰ সুযোগ আছিল।)। কম ফুটেজত চিন্ময় কটকীক লৈ নিৰ্মাণ কৰা চৰিতটোৰ পৰা নিশিতা গোস্বামীকলৈ নিৰ্মাণ কৰা নায়িকাৰ চৰিত্ৰটোলৈকে 'চৰিত্ৰ নিৰ্মাণ" প্ৰক্ৰিয়া পৰিপাটি। মৃদুলা বৰুৱা (ৰাঘৱৰ মাকৰ চৰিত্ৰত), ডাঃজয়ন্ত দাসকে (নায়িকাৰ দেউতাকৰ চৰিত্ৰত) ধৰি প্ৰতিটো চৰিত্ৰয়ে অতি অভিনয় মুক্ত, কাহিনীৰ অংগ। তেনেদৰে গীত তিনিটাকো কাহিনীৰ গতি বঢ়োৱাত ব্যৱহাৰ কৰিছে। --এই সকলোবোৰ দিশত এগৰাকী দক্ষ পৰিচালকৰ পৰিশ্ৰম স্পষ্ট। বিপৰীতে এয়াও স্পষ্ট, কাহিনী নিৰ্মাণ আৰু সংলাপত পৰিশ্ৰমৰ প্ৰয়োজন আছিল। (নাটকৰ সংলাপ আৰু চিনেমাৰ সংলাপৰ মাজত দূৰত্ব আছে। নাটকীয় সংলাপে ৰূপালী গল্পটোৰ ক্ষতি কৰিছে। --এই ক্ষতিয়ে যে চিনেমা খনৰ আৰু দৰ্শকৰ মাজত দূৰত্ব বঢ়াব সন্দেহ নাই। আৰু চিনেমা খনত এনে কেইটা মান সংলাপ ব্যৱহাৰ কৰিছে, যি কেইটাক ক'ব পাৰি-- outdated.এনে সংলাপেৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ গেলাৰীৰ দৰ্শকৰ পৰা হাত চাপৰি পাব পাৰি, চিনেমাৰ সৌন্দৰ্য বঢ়াব নোৱাৰি। আৱশ্যে দক্ষিণ ভাৰতৰ বিশেষ ইমেজত বন্দী তাৰকা কেইগৰাকী মনৰ মুখত একাংশ চিনপ্ৰেমীয়ে outdated সংপাপ শুনি আনন্দ অনুভৱ নকৰা নহয়।)  পৰিচালকে ৰূপালী গল্পটোক গতি দিয়াৰ সময়ত সকলো শ্ৰেণীৰ দৰ্শকৰ কথা মনত ৰাখিব লাগিছিল। (বজাৰ চিন্তাৰে নিৰ্মাণ কৰা চিনেমা যে, সেই কাৰণে।) চিনে সৌন্দৰ্য বঢ়োৱা দ্ৰুত গতি কাহিনীৰ বাবে চিনেমা চোৱা একাংশ দৰ্শকৰ বাবে যে সমস্য হ'ব সন্দেহ নাই। আমাৰ ধাৰণাত বজাৰ চিনেচিন্তাৰে নিৰ্মাণ কৰা চিনেমাৰ কাহিনী, কাহিনী কোৱাৰ শৈলী সৰল ৰৈখিক হোৱা উচিৎ, বাণিজ্যিক কাৰণত। হয়তো পৰিচালকে "দৰ্শকৰ বাবে চিনেমা"ত গুৰুত দিয়ো "চিনেশিল্পৰ বাবে চিনেকৰ্ম"ৰ আঁতৰত থাকিব খোজা নাই! চিনেমাৰ ভূগোল, চিনেমাৰ ইতিহাস স্পষ্ট কৰাতো গুৰুত্ব দিছে। সততে বজাৰ চিনেচিন্তাৰ ৰূপালী গল্পত এই বোৰ দিশত গুৰুত্ব দিয়া দেখা নাযায়। এই যে গুৰুত্ব দিছে, সেই বাবে আৰু সামগ্ৰিক পৰিচালনাৰ বাবে যতীন বৰাক মুকলি মনেৰে প্ৰশংসা কৰাত বাধা নাই-- আমাৰ ধাৰণাত (প্ৰশংসা কৰাৰ পাছতো ক'ম, দুৰ্বল কাহিনী-সংলাপৰ চিত্ৰনাট্য নিৰ্বাচন পৰিচালক গৰাকীৰ চিনে ব্যৰ্থতা।)। আৰু মূল চৰিত্ৰটোত কৰা অভিনয়ৰ বাবেও যতীনক অৱশ্যেই প্ৰশংসা কৰিম।মুনিন বৰুৱাই নিৰ্মণ কৰা "যতীন ইমেজ" ভাঙি, ঊৰ্ধ্বলৈ গৈ চৰিত্ৰটোত অভিনয় কৰিছে, অভিনয়ক "অভিনয় সৌন্দৰ্য"লৈ ৰূপান্তৰ কৰিছে।
[আৰু আছে😊]ৰাঘৱ assamese cinema

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...