অক্টোবৰত চিত্ৰগৃহলৈ অহা আৰু দুখন চিনেমা-- নাৰায়ণ শীলৰ পৰিচালনাৰে নিৰ্মিত "বীৰ", যতীন বৰাৰ পৰিচালনাৰে নিৰ্মিত "ৰাঘৱ"। বজাৰ চিন্তাৰে নিৰ্মাণ কৰা চিনেমা। "বীৰ"চৰ্চাৰ তাগিদা আমি অনুভৱ কৰা নাই।
"ৰাঘৱ"ক কিন্তু চৰ্চাৰ বাহিৰত ৰাখিব নোৱাৰি। প্ৰথম কাৰণ-- বজাৰ চিন্তাৰে নিৰ্মাণ কৰা চিনেমা যদিও চিনে-কলা (Cine-artwork) -ৰ সৌন্দৰ্য অনুভৱৰ অৱকাশ আছে। দ্বিতীয় কাৰণ-- cinematic action Design & cinematic soundtracks (পূৰ্বে কোনো এখন অসমীয়া চিনেমাতে ইমান উন্নত মানৰ প্ৰয়োগ হোৱা নাই-- আমাৰ ধাৰণাত)-ৰ লগতে cinematic language-ৰ ইতিবাচক প্ৰয়োগ। তৃতীয় কাৰণ-- পৰিচালকৰ গল্প কোৱাৰ শৈলী আৰু চৰিত্ৰ নিৰ্মাণ।পৰিচালক যতীন বৰাই গুৰুত্ব দিছে action প্ৰয়োগত। এটা শব্দত, মুকলি মনেৰে ক'ব পাৰি-- সফল। (এই সফলতা দোষ মুক্ত নহয়। পৰিচালকে "কাহিনী"লৈ দৰ্শকক বহু সময় অপেক্ষা কৰাইছে। action প্ৰয়োগৰ লগতে গীত ব্যৱহাৰ আৰু "গল্প" প্ৰয়োগৰ চিনে ডিজাইনত সমতা ৰক্ষাত মন দিব লাগিছিল।)
আহিছো কাহিনীলৈ। action-ৰে গুথিছে এটা পৰিয়াল কেন্দ্ৰীক কাহিনী ("অসমীয়া-অসমীয়া" লগা)। মূল বিন্দু ৰাঘৱ। গাড়ী চালক। ভাতৃ-মাতৃক লৈ ৰাঘৱৰ ঘৰখন। কিন্তু ভাতৃয়ে ৰাঘৱক ককায়েক বুলি নাভাবে, মাতৃয়ে পুত্ৰৰ স্থান নিদিয়ে। গাড়ীৰ চকাৰ চকা ঘুৰে, ৰাঘৱৰ জীৱন আগবাঢ়ে। ককায়েকৰ, পুত্ৰৰ দায়িত্ব সততাৰে পালন কৰি যায় ৰাঘৱে। মনৰ মাজত সপোন দেখা ছোৱালী জনীৰ সৈতে বিয়া হয় ৰাঘৱৰ; কিন্তু ঘটনাৰ পাকচক্ৰত। পত্নীয়েও মানি লব নোখোজে ৰাঘৱক। (নিজৰ পত্নীৰ সন্মুখত আবেগিক হৈ ৰাঘৱে কয়--
"ভাইটিয়ে কয়, মই তাৰ ককায়েক নহয় ।
মায়ে কয়, মই তেওঁৰ সন্তান নহয় ।
তুমি কোৱা, মই তোমাৰ স্বামী নহয়...।") স্বামীৰ দায়িত্বও পালন কৰে ৰাঘৱে। কেমেৰা-সাহিত্যৰ ভাষাৰে কাহিনী আগবঢ়াই। ইতিমধ্যে ধন - সম্পত্তিৰ মোহত পৰি ঘৰ এৰি ঘৰ-জোঁৱাই হোৱা ভায়েকে নিজৰ স্বাৰ্থত মাককো লৈ যায়। আনহতে পত্নীয়ে ৰাঘৱৰ মন অনুভৱ কৰে, ৰাঘৱৰ জীৱন কিছু দিনৰ বাবে সুন্দৰ কৰে। --হয়, কিছু দিনৰ বাবে। ৰাঘৱৰ পত্নীৰ মৃত্যু হয়। মৃত্যু হয় মাতৃৰো। শান্ত ৰাঘৱ, অশান্ত হয়। ...থাকক, কাহিনী ইমানতে থাকক। চিনেমা খনৰ গতানুগতিক কাহিনীটো আজিৰ "সমাজৰ বাস্তৱতা"ৰ পৰা আঁতৰৰ নহয়। কাহিনী মাজেৰে দিয়া মেচেজ --টকাৰ পাহাৰ গঢ়া সহজ, সততাৰে জীৱন গঢ়া সহজ নহয়। এনে কাহিনী, বিষয়বস্তুৰ ধেৰ চিনেমা, নাটক হৈছে। কিন্তু নতুন ৰূপ দিছে কাহিনীটো আগবঢ়াই নিয়াৰ শৈলীয়ে। চিত্ৰনাট্যকাৰ আভিজিত ভট্টাচাৰ্য আৰু সম্পাদক প্ৰীতম খাওন্দৰ সহায়ত পৰিচালক যতীন বৰাই কম ফুটেজতে কৰা চৰিত্ৰ বিন্যাস, কাহিনীৰ দ্ৰুত চিনেমেটিক ট্ৰিটমেণ্টে "গতিৰ কবিতা"লৈ (মাজে "ফ্ৰেমৰ কবিতা") ৰূপান্তৰ কৰিছে। অভিনয়, গীত, গীতৰ চিত্ৰায়নে "গতিৰ কবিতা"ৰ সৌন্দৰ্য বঢ়াইছে (গীত প্ৰয়োগতো পৰিচালকৰ ডিজাইন ব্যৰ্থতা স্পষ্ট। চিনেমা খনৰ প্ৰথম ছোৱাত গীত তিনিটা ব্যৱহাৰ কৰাৰ বিপৰীতে দ্বিতীয় ছোৱাত এটা গীত Rrpeat কৰিছে। ৰূপালী গল্পটোত কাট কাট কৰি গীতাংশৰ চিত্ৰায়ণ প্ৰয়োগ কৰি গীতালংকাৰলৈ ৰূপান্তৰ কৰাৰ সুযোগ আছিল।)। কম ফুটেজত চিন্ময় কটকীক লৈ নিৰ্মাণ কৰা চৰিতটোৰ পৰা নিশিতা গোস্বামীকলৈ নিৰ্মাণ কৰা নায়িকাৰ চৰিত্ৰটোলৈকে 'চৰিত্ৰ নিৰ্মাণ" প্ৰক্ৰিয়া পৰিপাটি। মৃদুলা বৰুৱা (ৰাঘৱৰ মাকৰ চৰিত্ৰত), ডাঃজয়ন্ত দাসকে (নায়িকাৰ দেউতাকৰ চৰিত্ৰত) ধৰি প্ৰতিটো চৰিত্ৰয়ে অতি অভিনয় মুক্ত, কাহিনীৰ অংগ। তেনেদৰে গীত তিনিটাকো কাহিনীৰ গতি বঢ়োৱাত ব্যৱহাৰ কৰিছে। --এই সকলোবোৰ দিশত এগৰাকী দক্ষ পৰিচালকৰ পৰিশ্ৰম স্পষ্ট। বিপৰীতে এয়াও স্পষ্ট, কাহিনী নিৰ্মাণ আৰু সংলাপত পৰিশ্ৰমৰ প্ৰয়োজন আছিল। (নাটকৰ সংলাপ আৰু চিনেমাৰ সংলাপৰ মাজত দূৰত্ব আছে। নাটকীয় সংলাপে ৰূপালী গল্পটোৰ ক্ষতি কৰিছে। --এই ক্ষতিয়ে যে চিনেমা খনৰ আৰু দৰ্শকৰ মাজত দূৰত্ব বঢ়াব সন্দেহ নাই। আৰু চিনেমা খনত এনে কেইটা মান সংলাপ ব্যৱহাৰ কৰিছে, যি কেইটাক ক'ব পাৰি-- outdated.এনে সংলাপেৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ গেলাৰীৰ দৰ্শকৰ পৰা হাত চাপৰি পাব পাৰি, চিনেমাৰ সৌন্দৰ্য বঢ়াব নোৱাৰি। আৱশ্যে দক্ষিণ ভাৰতৰ বিশেষ ইমেজত বন্দী তাৰকা কেইগৰাকী মনৰ মুখত একাংশ চিনপ্ৰেমীয়ে outdated সংপাপ শুনি আনন্দ অনুভৱ নকৰা নহয়।) পৰিচালকে ৰূপালী গল্পটোক গতি দিয়াৰ সময়ত সকলো শ্ৰেণীৰ দৰ্শকৰ কথা মনত ৰাখিব লাগিছিল। (বজাৰ চিন্তাৰে নিৰ্মাণ কৰা চিনেমা যে, সেই কাৰণে।) চিনে সৌন্দৰ্য বঢ়োৱা দ্ৰুত গতি কাহিনীৰ বাবে চিনেমা চোৱা একাংশ দৰ্শকৰ বাবে যে সমস্য হ'ব সন্দেহ নাই। আমাৰ ধাৰণাত বজাৰ চিনেচিন্তাৰে নিৰ্মাণ কৰা চিনেমাৰ কাহিনী, কাহিনী কোৱাৰ শৈলী সৰল ৰৈখিক হোৱা উচিৎ, বাণিজ্যিক কাৰণত। হয়তো পৰিচালকে "দৰ্শকৰ বাবে চিনেমা"ত গুৰুত দিয়ো "চিনেশিল্পৰ বাবে চিনেকৰ্ম"ৰ আঁতৰত থাকিব খোজা নাই! চিনেমাৰ ভূগোল, চিনেমাৰ ইতিহাস স্পষ্ট কৰাতো গুৰুত্ব দিছে। সততে বজাৰ চিনেচিন্তাৰ ৰূপালী গল্পত এই বোৰ দিশত গুৰুত্ব দিয়া দেখা নাযায়। এই যে গুৰুত্ব দিছে, সেই বাবে আৰু সামগ্ৰিক পৰিচালনাৰ বাবে যতীন বৰাক মুকলি মনেৰে প্ৰশংসা কৰাত বাধা নাই-- আমাৰ ধাৰণাত (প্ৰশংসা কৰাৰ পাছতো ক'ম, দুৰ্বল কাহিনী-সংলাপৰ চিত্ৰনাট্য নিৰ্বাচন পৰিচালক গৰাকীৰ চিনে ব্যৰ্থতা।)। আৰু মূল চৰিত্ৰটোত কৰা অভিনয়ৰ বাবেও যতীনক অৱশ্যেই প্ৰশংসা কৰিম।মুনিন বৰুৱাই নিৰ্মণ কৰা "যতীন ইমেজ" ভাঙি, ঊৰ্ধ্বলৈ গৈ চৰিত্ৰটোত অভিনয় কৰিছে, অভিনয়ক "অভিনয় সৌন্দৰ্য"লৈ ৰূপান্তৰ কৰিছে।
[আৰু আছে😊]ৰাঘৱ assamese cinema
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন