শুক্রবার, ৩ নভেম্বর, ২০২৩

ভূত লেখকৰ আত্মকথা/১

চাৰিও ফালে হাহাকাৰ দেখিছিল বিপুলে।

 "নিয়মীয়া বাৰ্তা" এৰি এখন নতুন দৈনিক কাকতত যোগ দিছিল। কিন্তু কাকত খন কেইটি মান সংখ্যাৰ পাছতে বন্ধ হৈ থাকিল। কোনো নতুন বাটৰ সন্ধান পোৱা নাছিল।

--হাহাকাৰ মন-মগজুত লৈ থাকিয়ো বহু দিনৰ পৰা পৰিকল্পনা কৰি থকা উপন্যাস খনৰ কাম কৰি গৈছিল বিপুলে। 

"জীৱন নদীৰ দুটি ঘাট..." বিপুলৰ মেগা প্ৰকল্প। উপন্যাস। চাৰি বছৰ পৰিশ্ৰম কৰি দুহেজাৰ মান পৃষ্ঠা লিখিছে। দুহেজাৰ পৃষ্ঠাৰ পৰা চাৰিশ মান পৃষ্ঠালৈ কমাব, সম্পাদনা কৰি।

হাতত টকা নাই, তথাপি কাম আগবঢ়াই নিছে বিপুলে। ডিটিপি অ'পাৰেটৰ নিতমৰ সহায়ত। 

দহ হেজাৰ মান টকা বাকী আছে, তথাপি বিপুলৰ আৱেগ অনুভৱ কৰি নিতমে সহায় কৰি গৈছে।

বিপুলৰ আৰ্থিক সমস্যা বাঢ়ি গৈ আছিল। দৈনিক খৰচ, ঘৰৰ ভাড়া ইত্যাদি মিলি বিশ হাজাৰ মান টকাৰ প্ৰয়োজন! উপন্যাস খনৰ কামত ঘুৰোতে আশি হাজাৰ মান টকা খৰচ হৈছিল। জমাৰ যি কেইটা আছিল উপন্যাস খনৰ কামত খৰচ হৈছিল! 

"ছাৰ, আপোনাৰ কিবা সম্পত্তি আছে যদি বিক্ৰি কৰি সমস্যাৰ পৰা মুক্ত হৈ ল'লে নতুন বাট বিছৰাৰ বাবে শিতল মগজুৰে চিন্তা কৰিব পাৰিব।" --এদিন কামৰ মাজতে নিতমে বিপুলক কৈছিল।

"পৈতৃক সম্পত্তি বিক্ৰিৰ কথা ভৱাতোও ভাল কথা নহয় নিতম!"

"ছাৰ, আপুনি বেয়া নাপালে কথা এটা ক'ব পাৰোঁ!"-- প্ৰশ্নবোধক দৃষ্টিৰে চাইছিল নিতমে।

"তোমাক আৰু বেয়া কিয় পাম?"

"আপুনি যে লিখি আছে, উপন্যাস খন, সেই খন বিক্ৰী কৰি দিয়ক।"

"মোৰ প্ৰথম উপন্যাস! কোন প্ৰকাশকে কিনিব!"

"প্ৰকাশকে নহয় ছাৰ! লেখকে!"

--নিতমৰ কথাত মাত হেৰাল বিপুলৰ, সাংবাদিক বিপুল কাশ্যপৰ। সাংবাদিকতাৰ বাটে-ঘাটে ধেৰ কথা শুনে, এনে কথা শুনা নাছিল! 

"ছাৰ, বহুতৰে লেখক হোৱাৰ মন! কিন্তু লিখিব নোৱাৰে। বহুতে বাক্য এটাও লিখিব নোৱাৰে, বহুতে আকৌ এখন উপন্যাসৰ বাবে, এই যে আপুনি এখন উপন্যাসৰ বাবে বছৰৰ পাছত বছৰ পৰিশ্ৰম কৰি আছে, তেনেদৰে পৰিশ্ৰম কৰাৰৰ বাবে সময় বা ধৈৰ্য নাথাকে। তেওঁলোকেই উপন্যাস, গল্প আদি ক্ৰয় কৰে। কেতিয়াবা লিখায়ো লয়। আপোনাক তেনে এজন লোকৰ ঠিকনা দিব পাৰোঁ। যদি আপোনাৰ 'নৈ বৈ যায়' উপন্যাস খন বিক্ৰী কৰি আৰ্থিক সমস্যাৰ পৰা মুক্ত হোৱাৰ মন, মানুহ জনৰ সৈতে কথা পাতিব পাৰে!" --নিতমে কৈ গৈছিল। বিপুলৰ মুখত মাত নাছিল।

"ছাৰ, আপুনি এনে ধৰণৰ ধেৰ উপন্যাস লিখিব পাৰিব! আপুনি, মই চিনি পোৱা বহুতে গল্প, উপন্যাস লিখি বিক্ৰি কৰে। অলপতে আপুনি যে সম্পাদনা কৰি দিছিল 'চীনা শিপা' উপন্যাস খন, সেই খন নন্দনদাই লিখা। এতিয়া দেখিছে আপোনাৰ নামো নাই, নন্দনদাৰো নাম নাই। পাঠকে জানে-- 'চীনা শিপা' ৰক্তিমা চৌধুৰীৰ উপন্যাস, বঁটা লৈছে, সম্বোৰ্ধনা লৈ ঘুৰি ফুৰিছে। এনেদৰে চলি আছে...।" --নিতমে আৰু কৈছিল।

¥

আৰ্থিক হেচা আৰু নিতমৰ কথাৰ হেচাত সপোনৰ উপন্যাস খন বিক্ৰি কৰিবিলৈ নিজকে সাজু কৰিছিল বিপুলে।

--বিপুলক এটা ঠিকনা দিছিল, নিতমে। নামটো শুনা মাত্ৰকে বিপুল আচৰিৎ হৈছিল। 'ঠিকনা'ৰ মানুহ জনক বিপুলে আগৰে পৰা জানিছিল।

¥

কৌশলেৰে, মনত ভয় লৈ 'ঠিকনা'ৰ মানুহজনক কৈছিল বিপুলে। 

কোৱাৰ পাছতহে বিপুলে অনুভৱ কৰিছিল 'ঠিকনা'ৰ মানুহ জনৰ বাবে উপন্যাস এখন ক্ৰয় কৰি নিজৰ নামত ছপোৱাটো যেন গতিনুগতিক কথা।

¥

নিতমক কৈছিল বিপুলে।

নিতমে হাঁহিছিল।

¥

'ঠিকনা'ৰ মানুহ জনৰ বাবেই কৰ্মৰ নতুন বাট দেখিছিল বিপুলে।

¥

আজিহে বিপুলে অনুভৱ কৰিলে, সেই বাটত জীৱন নাথাকে। (ক্ৰমশঃ)

কোন মন্তব্য নেই:

একটি মন্তব্য পোস্ট করুন