সরাসরি প্রধান সামগ্রীতে চলে যান

প্ৰতিশ্ৰুতি /চিনেচৰ্চা

প্ৰথম কথা--  "প্ৰতিশ্ৰুতি"ৰ (বিষয়বস্তুৰ) দৰে চিনেমা এখনৰ প্ৰয়োজন আছিল। চিনেমা খনৰ বিষয়বস্তু: ড্ৰাগছ সমস্যা। চিনেমা খনৰ কাহিনীলৈ আহিছে সৰুৰে পৰা পিতৃ-মাতৃৰ পৰা "মৰমৰ সময়" নোপোৱা এজন যুৱক, যিয়ে ড্ৰাগছৰ কৱলত পৰি জীৱনৰ সোণালী সময় হেৰুৱাই। চহকী পিতৃ-মাতৃৰ একমাত্ৰ সন্তান, এই যুৱক ৰূপালী গল্পটোৰ এটা বিন্দু। যুৱক জন ড্ৰাগছ আসক্ত হোৱাৰ কাৰণ-- পিতৃ-মাতৃৰ প্ৰতি ক্ষোভ। কাহিনীৰ প্ৰথমৰে পৰা দেখা যায় ড্ৰাগছ আসক্ত যুৱক জনৰ মন-মগজুত আছে সংগীত, লোকসংগীত। লোক সংগীত অধ্যয়ণত ব্যস্ত থকা এক যুৱতীৰ সান্নিধ্যলৈ আহে যুবক জন; আৰু যুৱতী গৰিকীৰ তাগিদাত যুবক জন ড্ৰাগছৰ পৰা মুক্ত হয়, সুৰ-সংগীতৰ মাজত বন্দি হয়। ড্ৰাগছ হাৰে, সংগীত জিকে। আৰু স্বাভাৱিকতে (চিনেমা খনৰ নায়ক-নায়িকা যেতিয়া) যুৱক-যুৱতীৰ মাজত প্ৰেমৰ সম্পৰ্ক হয়। "সমস্যা"ৰ লগতে এটা ৰোমাণ্টিক কাহিনী নিৰ্মাণ কৰে পৰিচালকে। ৰোমাণ্টিক কাহিনীটোৰ সৌন্দৰ্য-- গীত, সংগীত আৰু কিছু পৰিমানে কেমেৰাৰ ভাষা। 

চিনেমা খনৰ কাহিনীৰ আন এটা বিন্দু-- ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে ঠিয় দিয়া পুলিছ, এগৰাকী পুলিছ বিষয়া (চৰিত্ৰটো নিৰ্মান কৰিছে প্ৰস্তুতি পৰাশৰক লৈ)। এই বিন্দুটোৰ গতিত দেখা যায়-- চৰকাৰে বিছাৰে, পুলিছ বিভাগে বিছাৰে, এখন ড্ৰাগছ মুক্ত অসম। বিছৰাৰ পাছতো ড্ৰাগছ ব্যৱসায় কেনদৰে চলি থাকে! ড্ৰাগছ ব্যৱসায় চলাই "ৰাজনৈতিক ক্ষমতা" থকা লোকে, সহযোগ কৰে একাংশ পুলিছ বিষয়াই। (ধাৰণা-- এই "গল্প" এই অসমৰে! চিনেমা খনৰ কাহিনী লেখক: চিনেমা খনৰ প্রযোজনাক ৰাতুল বৰুৱাৰ।) সাহিত্যৰ ভাষাৰে, কাহিনীৰ গতিত অসমলৈ ড্ৰাগছ অহাৰ বাট, ড্ৰাগছৰ বজাৰ নিৰ্মাণ কেনেদৰে হয় ইত্যাদিৰো ছবি খন দেখুৱাই। 

--কাহিনীৰ শেষত (দুয়োটা বিন্দুৰ গতি য'ত শেষ হয়) "দৰ্শক"ক আহ্বান, ড্ৰাগছ মুক্ত অসম গঢ়াৰ।

--চিনেমা খনৰ পৰিচালক কিশোৰ তহবিলদাৰে "শক্তি শালি" বিষয়বস্তুক কাহিনীৰে গুঠি (চিত্ৰনাট্য, সংলাপ: কিশোৰ তহবিলদাৰ, ৰাতুল বৰুৱা) কাহিনী, বিষয়বস্তু স্পষ্ট কৰাত সফল। আৱহ সংগীত, গীত আৰু গতিয়ো ইতিবাচক। কিন্তু সাহিত্যৰ ভাষা প্ৰয়োগ হোৱা ছিকুৱেন্সৰ সৰহ ভাগেই "নাট্য মুক্ত" নহয়। আৰু ৰূপালী গল্পটোৰ সৰহ ভাগতে কেমেৰাৰ ভাষা সাহিত্যৰ ভাষাৰ দাস হৈ থাকিল। 

চিনেমা খনৰ আমাৰ ভাল নলগা আন এটা দিশ-- চৰিত্ৰ নিৰ্মাণ। অভিনেতা-অভিনেত্ৰীৰ চেহেৰা ভাষা, সংলাপ প্ৰক্ষেপনে "চৰিত্ৰ"ক প্ৰাণ দিয়াত বা চিন সৌন্দৰ্যলৈ ৰূপান্তৰ কৰাত ব্যৰ্থ। কেইবাটাও ছিকুৱেন্সত চোৱাৰ সময়ত আমাৰ অনুভৱ-- অভিনেতা বা অভিনেত্ৰীয়ে "চৰিত্ৰ" বুজা নাই, কাহিনীৰ গতি আৰু পৰিবেশ অনুভৱ কৰিব পৰা নিই বা পৰিচালকে অনুভৱৰ সুযোগ দিয়া নাই। কথাটো এনেদৰে ক'ব পাৰি-- বেছিভাগ "চৰিত্ৰ" নিৰ্মাণ হৈছে "যান্ত্ৰীক অভিনয়" (mechanical acting)-ৰে। (যান্ত্ৰীক অভিনয়" ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত, বহু ক্ষেত্ৰতে স্বাভাৱিক হ'ব পাৰে! চিনেমাত স্বাভাৱিক বুলিব নোৱাৰি--, দোষ বুলিব পাৰি। এই দোষৰ বিপৰীতে ভাল অভিনয় কৰিছে চিন্ময় চক্ৰৱৰ্তী আৰু প্ৰিয়াংশু বৰুৱাই। অতি কম দৈৰ্ঘৰ চৰিত্ৰত কৰা প্ৰিয়াংশুৰ লগতে পুলিছ বিষয়াৰ চৰিত্ৰত অভিনয় কৰা চিন্ময় চক্ৰৱৰ্তীৰ অভিনয়ে আমাক চুই গৈছে। বিভূতি ভূষণ হাজৰিকাক লৈ নিৰ্মাণ কৰা (অতি-নাটকীয়) খলনায়কৰ চৰিত্ৰটো অতি সাধাৰণ পৰ্যায়তে থাকিল। দক্ষ অভিনেতা গৰাকীক লৈ বাস্তৱিক অভিনয় (realistic acting)-ৰে খলনায়কৰ চৰিত্ৰ এটি নিৰ্মাণৰ বাট নিশ্চয় আছিল! 

শেষত আকৌ সংগীত প্ৰসংগলৈ আহিছোঁ-- পৰিচালকে সংগীত প্ৰয়োগ কৰিছে পৰিবেশ নিৰ্মাণৰ বাবে, কাহিনীক গতি দিয়াত। গীত কেন্দ্ৰিক ছিকুৱেন্স নিৰ্মাণত কেমেৰা ডিজাইন প্রশংসনীয়। চিনেমা খনত ব্যৱহাৰ কৰা "ৰিঙা ৰিঙা মন ডিঙা/ বৰনৈ ভটিয়াই যায়…" (কথা: আমৰিনা জেৰিয়ানা, সুৰ: পৰাণ বৰকটকী, কণ্ঠ: ৰূপম ভূঞা) গীতটো ৰূপালী গল্পটোৰ অংগ, সৌন্দৰ্য, "চিনেমাৰ বাবে গীত" পৰ্যায়ৰ।




মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...