সরাসরি প্রধান সামগ্রীতে চলে যান

প্ৰতিশ্ৰুতি /চিনেচৰ্চা

প্ৰথম কথা--  "প্ৰতিশ্ৰুতি"ৰ (বিষয়বস্তুৰ) দৰে চিনেমা এখনৰ প্ৰয়োজন আছিল। চিনেমা খনৰ বিষয়বস্তু: ড্ৰাগছ সমস্যা। চিনেমা খনৰ কাহিনীলৈ আহিছে সৰুৰে পৰা পিতৃ-মাতৃৰ পৰা "মৰমৰ সময়" নোপোৱা এজন যুৱক, যিয়ে ড্ৰাগছৰ কৱলত পৰি জীৱনৰ সোণালী সময় হেৰুৱাই। চহকী পিতৃ-মাতৃৰ একমাত্ৰ সন্তান, এই যুৱক ৰূপালী গল্পটোৰ এটা বিন্দু। যুৱক জন ড্ৰাগছ আসক্ত হোৱাৰ কাৰণ-- পিতৃ-মাতৃৰ প্ৰতি ক্ষোভ। কাহিনীৰ প্ৰথমৰে পৰা দেখা যায় ড্ৰাগছ আসক্ত যুৱক জনৰ মন-মগজুত আছে সংগীত, লোকসংগীত। লোক সংগীত অধ্যয়ণত ব্যস্ত থকা এক যুৱতীৰ সান্নিধ্যলৈ আহে যুবক জন; আৰু যুৱতী গৰিকীৰ তাগিদাত যুবক জন ড্ৰাগছৰ পৰা মুক্ত হয়, সুৰ-সংগীতৰ মাজত বন্দি হয়। ড্ৰাগছ হাৰে, সংগীত জিকে। আৰু স্বাভাৱিকতে (চিনেমা খনৰ নায়ক-নায়িকা যেতিয়া) যুৱক-যুৱতীৰ মাজত প্ৰেমৰ সম্পৰ্ক হয়। "সমস্যা"ৰ লগতে এটা ৰোমাণ্টিক কাহিনী নিৰ্মাণ কৰে পৰিচালকে। ৰোমাণ্টিক কাহিনীটোৰ সৌন্দৰ্য-- গীত, সংগীত আৰু কিছু পৰিমানে কেমেৰাৰ ভাষা। 

চিনেমা খনৰ কাহিনীৰ আন এটা বিন্দু-- ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে ঠিয় দিয়া পুলিছ, এগৰাকী পুলিছ বিষয়া (চৰিত্ৰটো নিৰ্মান কৰিছে প্ৰস্তুতি পৰাশৰক লৈ)। এই বিন্দুটোৰ গতিত দেখা যায়-- চৰকাৰে বিছাৰে, পুলিছ বিভাগে বিছাৰে, এখন ড্ৰাগছ মুক্ত অসম। বিছৰাৰ পাছতো ড্ৰাগছ ব্যৱসায় কেনদৰে চলি থাকে! ড্ৰাগছ ব্যৱসায় চলাই "ৰাজনৈতিক ক্ষমতা" থকা লোকে, সহযোগ কৰে একাংশ পুলিছ বিষয়াই। (ধাৰণা-- এই "গল্প" এই অসমৰে! চিনেমা খনৰ কাহিনী লেখক: চিনেমা খনৰ প্রযোজনাক ৰাতুল বৰুৱাৰ।) সাহিত্যৰ ভাষাৰে, কাহিনীৰ গতিত অসমলৈ ড্ৰাগছ অহাৰ বাট, ড্ৰাগছৰ বজাৰ নিৰ্মাণ কেনেদৰে হয় ইত্যাদিৰো ছবি খন দেখুৱাই। 

--কাহিনীৰ শেষত (দুয়োটা বিন্দুৰ গতি য'ত শেষ হয়) "দৰ্শক"ক আহ্বান, ড্ৰাগছ মুক্ত অসম গঢ়াৰ।

--চিনেমা খনৰ পৰিচালক কিশোৰ তহবিলদাৰে "শক্তি শালি" বিষয়বস্তুক কাহিনীৰে গুঠি (চিত্ৰনাট্য, সংলাপ: কিশোৰ তহবিলদাৰ, ৰাতুল বৰুৱা) কাহিনী, বিষয়বস্তু স্পষ্ট কৰাত সফল। আৱহ সংগীত, গীত আৰু গতিয়ো ইতিবাচক। কিন্তু সাহিত্যৰ ভাষা প্ৰয়োগ হোৱা ছিকুৱেন্সৰ সৰহ ভাগেই "নাট্য মুক্ত" নহয়। আৰু ৰূপালী গল্পটোৰ সৰহ ভাগতে কেমেৰাৰ ভাষা সাহিত্যৰ ভাষাৰ দাস হৈ থাকিল। 

চিনেমা খনৰ আমাৰ ভাল নলগা আন এটা দিশ-- চৰিত্ৰ নিৰ্মাণ। অভিনেতা-অভিনেত্ৰীৰ চেহেৰা ভাষা, সংলাপ প্ৰক্ষেপনে "চৰিত্ৰ"ক প্ৰাণ দিয়াত বা চিন সৌন্দৰ্যলৈ ৰূপান্তৰ কৰাত ব্যৰ্থ। কেইবাটাও ছিকুৱেন্সত চোৱাৰ সময়ত আমাৰ অনুভৱ-- অভিনেতা বা অভিনেত্ৰীয়ে "চৰিত্ৰ" বুজা নাই, কাহিনীৰ গতি আৰু পৰিবেশ অনুভৱ কৰিব পৰা নিই বা পৰিচালকে অনুভৱৰ সুযোগ দিয়া নাই। কথাটো এনেদৰে ক'ব পাৰি-- বেছিভাগ "চৰিত্ৰ" নিৰ্মাণ হৈছে "যান্ত্ৰীক অভিনয়" (mechanical acting)-ৰে। (যান্ত্ৰীক অভিনয়" ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত, বহু ক্ষেত্ৰতে স্বাভাৱিক হ'ব পাৰে! চিনেমাত স্বাভাৱিক বুলিব নোৱাৰি--, দোষ বুলিব পাৰি। এই দোষৰ বিপৰীতে ভাল অভিনয় কৰিছে চিন্ময় চক্ৰৱৰ্তী আৰু প্ৰিয়াংশু বৰুৱাই। অতি কম দৈৰ্ঘৰ চৰিত্ৰত কৰা প্ৰিয়াংশুৰ লগতে পুলিছ বিষয়াৰ চৰিত্ৰত অভিনয় কৰা চিন্ময় চক্ৰৱৰ্তীৰ অভিনয়ে আমাক চুই গৈছে। বিভূতি ভূষণ হাজৰিকাক লৈ নিৰ্মাণ কৰা (অতি-নাটকীয়) খলনায়কৰ চৰিত্ৰটো অতি সাধাৰণ পৰ্যায়তে থাকিল। দক্ষ অভিনেতা গৰাকীক লৈ বাস্তৱিক অভিনয় (realistic acting)-ৰে খলনায়কৰ চৰিত্ৰ এটি নিৰ্মাণৰ বাট নিশ্চয় আছিল! 

শেষত আকৌ সংগীত প্ৰসংগলৈ আহিছোঁ-- পৰিচালকে সংগীত প্ৰয়োগ কৰিছে পৰিবেশ নিৰ্মাণৰ বাবে, কাহিনীক গতি দিয়াত। গীত কেন্দ্ৰিক ছিকুৱেন্স নিৰ্মাণত কেমেৰা ডিজাইন প্রশংসনীয়। চিনেমা খনত ব্যৱহাৰ কৰা "ৰিঙা ৰিঙা মন ডিঙা/ বৰনৈ ভটিয়াই যায়…" (কথা: আমৰিনা জেৰিয়ানা, সুৰ: পৰাণ বৰকটকী, কণ্ঠ: ৰূপম ভূঞা) গীতটো ৰূপালী গল্পটোৰ অংগ, সৌন্দৰ্য, "চিনেমাৰ বাবে গীত" পৰ্যায়ৰ।




মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...