কাহিনী আগবাঢ়ে-- মিছাৰ আশ্ৰয় লৈ ৰঘুনাথে ভয় খালে। আন পক্ষৰ পৰা পোৱা অত্যাচাৰেও দুখ দিলে ৰঘুনাথক। মনলৈ আত্মহত্যাৰ চিন্তা আহিল, জানকীৰ সৈতে মৃত্যুৰ বাটত খোজ দিবলৈ লোৱাৰ সময়তে "চিন্তা" ৰূপান্তৰ হয়-- ভাল লগা সময়লৈ, গাঁৱত মন্দিৰ হ'ব, স্কুল হ'ব, দলং হ'ব!
--নগাঁৱৰ ননৈৰ অভিমুখ নাট্যগোষ্ঠীৰ নাটক "ৰঘুনাথ"ৰ কাহিনী ভাগ আমি এনে ধৰণেই আনুভৱ কৰিছোঁ। কাহিনী, অভিনয়, বিষয়-বস্তু নাটক খনৰ প্ৰথম সৌন্দৰ্য নহয়। প্ৰথম সৌন্দৰ্য-- নাট্যচিন্তা, পৰিচালনা শৈলী। নাটকীয় উন্নতি স্পষ্ট-- সংগীত শব্দ আৰু পোহৰক গুৰুত্ব দি অভিনয় কলাৰে উপস্থাপন কৰা বিষয়-বস্তু, গতি দিয়া কাহিনী। কাহিনীৰ গতিত সংলাপ শব্দৰ ব্যৱহাৰ কম। ব্যৱহাৰ কৰা সংলাপ স্বাভাৱিক, পৰিপাটি। ব্যৱহাৰ কৰা সংগীত (বাদ্যকে ধৰি)-নৃত্য শৈলী থলুৱা, শিপাৰ। সংগীত-নৃত্য নাটক খনৰ অলংকাৰ পৰ্যায়ত ৰখা নাই, সৌন্দৰ্য বঢ়াই কাহিনীৰ অংগলৈ উত্তোৰণ কৰাইছে। তেনেদৰে অভিনয় শিল্পীক ষ্টেজ প্ৰপাৰ্টি (Stage Property) -লৈ ৰূপান্তৰ কৰি আন এক নাট্য-সৌন্দৰ্য ৰচনা কৰিছে পৰিচালক বিদ্যুৎ কুমাৰ নাথে। পৰিচালক নাটক খনৰ নাট্যকাৰ, নাম ভূমিকাত অভিনয় কৰা অভিনেতা। আন কেইগৰাকী অভিনয় শিল্পী-- হিমাংশু দেউৰী, পৰেশ দাস, প্ৰাণজিত বৰা, ৰাজদ্বীপ বৰা, ৰূপম শইকীয়া, যুতৃষ্ণা গোহাঁই, জ্যোৎস্না সেনাপতি। সংগীত: গৌতম নাথ। পোহৰ: গৌতম শইকীয়া। সাজসজ্জা, মঞ্চসজ্জা, নাটকীয় সামগ্ৰী: টীম ৰঘুনাথ।
শেষত:
সন্দেহৰ অৱকাশ নাই-- "ৰঘুনাথ" উৎকৃষ্ট নাট্যকলা। কিন্তু নাটকাৰে কাহিনী নিৰ্মাণৰ সময়ত আৰু কিছু মনোযোগ দিয়াৰ প্ৰয়োজন আছিল। নাটক খনৰ দৰ্শক হৈ থকা সময়ত স্বাভাৱিকতে দৰ্শকৰ মনলৈ আহিছিল--মাক-দেউতাকে কিশোৰী গৰাকীক অকলে নদী পাৰ হৈ পঢ়াশালিলৈ যাব দিছিল কিয়? --দৰ্শকক এনে চিন্তাৰ বাট নাট্যকাৰে দিব নালাগিছিল।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন