সরাসরি প্রধান সামগ্রীতে চলে যান

ৰঘুনাথ/ নাট্যচৰ্চা

নৈ পৰীয়া ৰঘুনাথ-জানকীৰ একমাত্ৰ কিশোৰী সন্তানক পানীয়ে উটুৱাই নিলে। নদী পাৰ হৈ পঢ়াশালিলৈ যোৱাৰ বাটত। সিটো পাৰত পঢ়াশালি। সিটো পাৰ পাবলৈ  দলং নাই। ৰঘুনাথেই গাওঁ খনৰ এক মাত্ৰ পিতৃ, যিয়ে সন্তানক পঢ়াশালিত নাম ভৰ্তি কৰি দিছে। যদি মথাউৰিৰ কামবোৰ ঠিক মতে হ'ল হেতেন, ৰঘুনাথ-জানকীয়ে সন্তানক হেৰুওৱা বেদনা সহ্য কৰিব নালাগিল হেতেন! মথাউৰিৰ কাম কৰি ঠিকাদাৰ, আনকি মন্ত্ৰী-বিধায়কো ধনী হয়। মৰে পাৰৰ মানুহবোৰ। উপাইহীন ৰঘুনাথ হতে নিজে মথাউৰিত মাটি পেলাই বানৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰে। ৰক্ষা পাই জানোঁ! সন্তানৰ মৃত্যুৰ শোকত স্থবিৰ হৈ নাথাকিল ৰঘুনাথ। আহাৰ, নিদ্ৰা, মৈথুনৰ মাজত থাকিও ৰঘুনাথে চিন্তা কৰে সিপাৰলৈ যাবলৈ এখন দলং হ'ব! ইপাৰতে এখন পঢ়াশালি হ'ব! গাওঁ খনৰ উন্নতিৰ বাট বিছাৰি পায় ৰঘুনাথে--, ধৰ্ম। এটা মিছা সপোনৰ আশ্ৰয় ল'লে ৰঘুনাথে-- ভগৱানৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক হোৱা সপোনৰ (ৰঘুনাথে পুখুৰীত এটা প্ৰাচীন মূৰ্তি পাইছে। তাত মন্দিৰ নিৰ্মাণ কৰি স্থাপন কৰা উচিত!)। গাওঁ খনত চৰ্চাৰ বিষয় হ'ল-- ৰঘুনাথৰ সপোন। বাহিৰৰ মানুহেও জানিলে, গাওঁ খনলৈ দৃশ্য মাধ্যমৰ সাংবাদিক আহিল। সংবাদ মাধ্যমে টি আৰ পি বঢ়োৱা "সংবাদ" পালে! 

কাহিনী আগবাঢ়ে-- মিছাৰ আশ্ৰয় লৈ ৰঘুনাথে ভয় খালে। আন পক্ষৰ পৰা পোৱা অত্যাচাৰেও দুখ দিলে ৰঘুনাথক। মনলৈ আত্মহত্যাৰ চিন্তা আহিল, জানকীৰ সৈতে মৃত্যুৰ বাটত খোজ দিবলৈ লোৱাৰ সময়তে "চিন্তা" ৰূপান্তৰ হয়-- ভাল লগা সময়লৈ, গাঁৱত মন্দিৰ হ'ব, স্কুল হ'ব, দলং হ'ব! 

--নগাঁৱৰ ননৈৰ অভিমুখ নাট্যগোষ্ঠীৰ নাটক "ৰঘুনাথ"ৰ কাহিনী ভাগ আমি এনে ধৰণেই আনুভৱ কৰিছোঁ। কাহিনী, অভিনয়, বিষয়-বস্তু নাটক খনৰ প্ৰথম সৌন্দৰ্য নহয়। প্ৰথম সৌন্দৰ্য-- নাট্যচিন্তা, পৰিচালনা শৈলী। নাটকীয় উন্নতি স্পষ্ট-- সংগীত শব্দ আৰু পোহৰক গুৰুত্ব দি অভিনয় কলাৰে উপস্থাপন কৰা বিষয়-বস্তু, গতি দিয়া কাহিনী। কাহিনীৰ গতিত সংলাপ শব্দৰ ব্যৱহাৰ কম। ব্যৱহাৰ কৰা সংলাপ স্বাভাৱিক, পৰিপাটি। ব্যৱহাৰ কৰা সংগীত (বাদ্যকে ধৰি)-নৃত্য শৈলী থলুৱা, শিপাৰ। সংগীত-নৃত্য নাটক খনৰ অলংকাৰ পৰ্যায়ত ৰখা নাই, সৌন্দৰ্য বঢ়াই কাহিনীৰ অংগলৈ উত্তোৰণ কৰাইছে। তেনেদৰে অভিনয় শিল্পীক ষ্টেজ প্ৰপাৰ্টি (Stage Property) -লৈ ৰূপান্তৰ কৰি আন এক নাট্য-সৌন্দৰ্য ৰচনা কৰিছে পৰিচালক বিদ্যুৎ কুমাৰ নাথে। পৰিচালক নাটক খনৰ নাট্যকাৰ, নাম ভূমিকাত অভিনয় কৰা অভিনেতা। আন কেইগৰাকী অভিনয় শিল্পী-- হিমাংশু দেউৰী, পৰেশ দাস, প্ৰাণজিত বৰা, ৰাজদ্বীপ বৰা, ৰূপম শইকীয়া, যুতৃষ্ণা গোহাঁই, জ্যোৎস্না সেনাপতি। সংগীত: গৌতম নাথ। পোহৰ: গৌতম শইকীয়া। সাজসজ্জা, মঞ্চসজ্জা, নাটকীয় সামগ্ৰী: টীম ৰঘুনাথ।

শেষত:

সন্দেহৰ অৱকাশ নাই-- "ৰঘুনাথ" উৎকৃষ্ট নাট্যকলা। কিন্তু নাটকাৰে কাহিনী নিৰ্মাণৰ সময়ত আৰু কিছু মনোযোগ দিয়াৰ প্ৰয়োজন আছিল। নাটক খনৰ দৰ্শক হৈ থকা সময়ত স্বাভাৱিকতে দৰ্শকৰ মনলৈ আহিছিল--মাক-দেউতাকে কিশোৰী গৰাকীক অকলে নদী পাৰ হৈ পঢ়াশালিলৈ যাব দিছিল কিয়? --দৰ্শকক এনে চিন্তাৰ বাট নাট্যকাৰে দিব নালাগিছিল।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...