সরাসরি প্রধান সামগ্রীতে চলে যান

হেমন্ত দত্তই কৈছিল...

"নাটক-চিনেমা"ৰ হেমন্ত দত্ত/১


নৰিয়াপাটিত লাচিত বৰফুকন-- নাটকখনৰ বিষয়বস্তু। নাটকখনৰ নাম 'লাচিত বৰফুকন'। আখৰা চলিছিল। মঞ্চস্থ হোৱাৰ আগদিনা হাহাকাৰ লাগিল-- বিমলা কটকী নৰিয়াত পৰিল। লাচিতৰ চৰিত্ৰত অভিনয় কৰিম বুলি আখৰা কৰি আছিল বিমলা কটকীয়ে। এতিয়া কি হ'ব! সমস্যাত পৰিল। একেটা শ্রেণীতে পঢ়া ইন্দ্র বনিয়াই আন এটা চৰিত্ৰ লৈছে। অভিনয় কৰিব পৰা আন সকলো ব্যস্ত 'চৰিত্ৰ'ক লৈ। মূল চবিত্রটোরে নৰিয়াত পৰিল যেতিয়া নাটক হ'ব কেনেকৈ!-- তেনে হাহাকাৰৰ মাজতে এজনে ক'লে-- হেমন্তই কৰিব। নৃত্যত ভাল, কিন্তু অভিনয় কৰিব পাৰিব জানো হেমন্তই! হেমন্তই ক'লে-- 'মই কেনেকৈ কৰিম!' অৱশেষত কৰিবলৈ বাধ্য হ'ল। বহুতরে হেঁচাত হেমন্তই কম সময় আখৰা কৰি লাচিত বৰফুকনৰ 'গেট-আপ'ত মঞ্চত উঠিল। কোনোমতে দায়িত্ব পালন কৰিলে। কিন্তু কি আচৰত!-- শ্রেষ্ঠ অভিনেতাৰ বঁটা পালে হেমন্তই। আৰু সেই তেতিয়াৰে পৰায়ে অভিনয়ৰ বাটত খোজ পেলালে। যাত্রা আৰম্ভ কৰিলে। হয়তো বিমলা কটকী নৰিয়াত নপৰিলে, শ্রেষ্ঠ অভিনেতাৰ বঁটা নাপালে নাট্যৰসিকে 'অভিনেতা হেমন্ত দত্ত'ক নাপালেহেঁতেন !

--হয়, ১৯৫২-৫৩ চনৰ সেই হেমন্তয়ে নাট্যকাৰ, পৰিচালক, অভিনেতা, গীতিকাৰ হেমন্ত দত্ত। "সেইদিনা মই অভিনয় কৰিব পৰা নাছিলোঁ। সংলাপ কম আছিল, কেনোমতে কঁপি কঁপি কৈছিলোঁ। ভয়ত কঁপিছিলোঁ, ঘামিছিলোঁ। হয়তো ভয়ৰ বাবে নৰিয়াত পৰা লাচিত বৰফুকনৰ চৰিত্ৰটো ফুটি উঠিছিল। সেইবাবে মোক শ্রেষ্ঠ অভিনেতাৰ বঁটা দিছিল।..." --হেমন্ত দত্তই কৈছিল। মোৰ আগ্ৰহত আৰু বহু কথা কৈছিল। ঘটনাক্রমে গীতিকাৰ, নাট্যকাৰ, কলানিৰ্দেশক হোৱাৰ বহু কথা।

তেনেদৰে নাট্যকাৰ হৈছিল হঠাতে। স্কুলৰ শিক্ষকসকলৰ তাগিদাতে লিখি উলিয়াইছিল জীৱনৰ প্ৰথমখন নাটক 'সমাপ্তিত যাৰ ছন্দ মিলিল'। "লিখিবলৈ লৈ মই ভয় খাইছিলোঁ। মোক সাহস দিছিল ইৰছাদ আলীয়ে। মোৰ নলেগলে লগা বন্ধু। ইৰছাদ এতিয়া ডঃ ইৰছাদ আলী হ'ল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক। সেই নাটকখন লৈয়ে আমি তেজপুৰলৈ গৈছিলোঁ। প্রতিযোগিতাত অংশ লৈছিলোঁ। বিচাৰকৰ আসনত আছিল আমাৰ সপোনৰ অভিনেতা-পৰিচালক ফণী শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু তুলসী দাস। মই বিশেষ একো আশা কৰা নাছিলোঁ। বঁটা আদি যে পাম এবাৰলৈ ভবা নাছিলোঁ। মাত্র বহি আছিলোঁ ফণী শর্মাইনো কি কয়, নাটকৰ শেষত বিষ্ণু ৰাভাইনো কি কয় শুনিবলৈ। কিন্তু বিশেষ একো নক'লে। প্রতিযোগিতা শেষ হোৱাৰ পাছতে ফলাফল ঘোষণা কৰিলে। আমি পালোঁ শ্রেষ্ঠ নাট্যকাৰ, শ্ৰেষ্ঠ পৰিচালক, শ্রেষ্ঠ অভিনেতাকে ধৰি ছটা শিতানত বঁটা। জীৱনৰ প্ৰথমখন নাটক লিখি বঁটা পালোঁ, আৰু বঁটা গ্রহণ কৰিলো আমাৰ সপোনৰ অভিনেতাৰ পৰা। ইয়াতকৈ ডাঙৰ ভাগ্য আৰু কি হ'ব

পাৰে। বুজিছা, মই ভাগ্যক বিশ্বাস কৰোঁ। ভাগ্যই মোক আজি এই স্থানত থিয় কৰাইছে।" হেমন্ত দত্তই কৈছিল। 

****

অভিনেতা গৰাকীয়ে কৈছিল-- "যেনেদৰে অভিনেতা হ'ম বুলি ভবা নাছিলোঁ, তেনেদৰে নাট্যকাৰ-পৰিচালক হোৱাৰ কথাও ভবা নাছিলোঁ। সময়ত দায়িত্ব পালন কৰিবলগীয়া হ'ল।" আৰু দায়িত্ব পালন কৰিবলৈ গৈ সফলতাৰ বাটত খোজ

পেলাইছিল। 

চিনেমাত অভিনয় কৰিব! চিনেমা পৰিচালনা কৰিব! --নাই, তেনে কোনো "সপোনো" দেখা নাছিল, পৰিকল্পনাও কৰা নাছিল। মহাবিদ্যালয়ৰ শিক্ষা শেষ কৰাৰ বছৰৰ কথা। কোনো বিশেষ কাম নাই। ঘূৰি ফুৰিছে। হঠাতে এদিন বিজু ফুকনে খবৰ এটা লৈ হেমন্ত দত্তৰ ওচৰ পালে। "ব্রজেন বৰুৱাই আৰু এখন চিনেমা কৰিব। 'ডক্তৰ বেজবৰুৱা'। মইব্ৰজেন বৰুৱাক জানো। ব'ল এপাক আহোঁ।" বিজু ফুকনৰ তাগিদাতে হেমন্ত দত্ত গৈ ব্ৰজেন বৰুৱাৰ ওচৰ পালে। চিনেমাকেন্দ্ৰিক ইটো সিটো কথা পতাৰ অন্তত হেমন্ত দত্তই দায়িত্ব পালে-- 'ডঃ বেজবৰুৱা'ৰ কলা নিৰ্দেশনাৰ দায়িত্ব। চিনেমাখনৰ পৰিচালকক সহায় কৰাৰ সুযোগো পালে। "চিনেমাখনত অভিনয়ৰ সুযোগ গাইছিলোঁ। মানুহৰ জুমৰ মাজত। অৱশ্যে অভিনেতা হেমন্ত দত্তজনক চিনি উলিওৱাটো মোৰ বাহিৰে কাৰোপক্ষে সম্ভৱ নহ'ব। মানে মোৰ পিছফালটোহে দেখা গৈছিল। অৱশ্যে পিছত গম পাইছিলোঁ ব্ৰজেন বৰুৱাই বিজু ফুকনৰ মুখত মোৰ কথা শুনি মাতি পঠিয়াইছিল আৰু মোক যিটো দায়িত্ব দিয়া হৈছে সেই দায়িত্বটো দিম বুলি ঠিক কৰি থৈছিল।..." --হেমন্ত দত্তই কৈছিল। আৰু পৰৱৰ্তী সময়ছোৱাত অসমীয়া চিনেমাৰ অভিনেতা, গীতিকাৰ, পৰিচালকৰ পৰিচয় পালে। স্বাধীনভাৱে পৰিচালনা কৰিলে-- 'উপপথ'। 'উপপথ'ৰ পূর্বে কেইবাখনো চিনেমাত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল, অভিনয় কৰিছিল হেমন্ত দত্তই। বেছি কাম কৰিছিল দ্বিবন বৰুৱাৰ সৈতে। ব্যৱসায়িক দিশত সফল 'তৰামাই'ৰ মুখ্য সহকাৰী পৰিচালক আছিল হেমন্ত দত্ত। সেই চিনেমাখনৰ কিছু খেলিমেলিৰ বাবেই পৰিচালকে কৰিবলগীয়া সকলোখিনি কাম কৰাৰ সুযোগ পাইছিল, আৰু সুযোগেই স্বাধীনভাৱে চিনেমা পৰিচালনা কৰাৰ বাট মুকলি কৰি দিছিল। হেমন্ত দত্তই কৈছিল-- "দ্বিবনদাই খুব ড্রিংকছ কৰিছিল। 'তৰামাই'ৰ সময়ৰ কথা। অভিনেতা-অভিনেত্রীসকলে মুখত মেকআপ লৈ সাজু হৈ থাকে, ছেট সাজু হৈ থাকে, লাইট-কেমেৰা লৈ আমি সাজু হৈ থাকো। দ্বিবনদা আহি নাপায় হে নাপায়। চিনেমাখনৰ কলা নির্দেশক আছিল হীৰেন চৌধুৰী। এদিন হীৰেনদাই ক'লে-- কিনো ৰৈ থাকিব লাগেহে,  তোমাৰো যিহেতু আইডিয়া আছে আগবঢ়োৱা। শ্বট লোৱা। সময়ত দেখা যাব কি হয়। মই কিন্তু সাহস কৰা নাছিলোঁ। কাৰণ চিনেমাৰ পৰিচালক মইতো নহয়। দ্বিবনদাইহে চিন্তা কৰিব! দ্বিবনদাই যি চিন্তা কৰে সেয়াহে কৰাটো মোৰ দায়িত্ব। তেনেদৰে কাম চলি থকাৰ সময়তেই দ্বিবনদাই ড্রিংকছ কৰি থাকোঁতেই হীৰেনদাই ক'লে-- আমি সকলো আছোৱেই খালি, কেমেৰা চলোৱাৰ নিৰ্দেশটোহে দিব লাগে। আপোনাক ৰৈ থকাতকৈ আমি দেখোন কামবোৰ আগুৱাব পাৰোঁ। আপোনাৰ হৈ হেমন্তই চোন কামখিনি কৰিব পাৰে। কথাটো দ্বিবনদাই সহজেই মানি ল'লে। মুখ্য সহকাৰী পৰিচালক হৈ মই পৰিচালকৰ কাম কৰাৰ সুযোগ পালোঁ। কিছু আত্মবিশ্বাস গোটালোঁ আৰু কিছু কাম শিকিলোঁ। 'তৰামাই'ৰ প্ৰযোজকে হয়তো মোক চাই আছিল। কামবোৰ দেখি আছিল। সেয়ে পৰৱৰ্তী চিনেমাখনৰ দায়িত্ব মোক দিম বুলি বহুতকে ক'লে। এই কথাটো সম্ভৱতঃ দ্বিবনদাই কেনেবাকৈ শুনিলে! তেতিয়া মই গুৱাহাটীত থাকো। হঠাতে এদিন ককাইদেউৰ ঘৰত মই থাকোঁ বুলি জানি দ্বিবনদা আহি ওলাল। আহিয়েই মানুহজনে খুব কান্দিলে। কান্দি কান্দি ক'লে-- তুমি বুধিয়ক ল'ৰা! খুব কম সময়তে তুমি কামখিনি শিকি ল'লা। তুমি শিকিছা বাবে মোৰ ভাল লাগিছে। কিন্তু ভাই তুমি মোক এই লাইনটোৰ পৰা খেদি নপঠিয়াবা। বিশ্বাস কৰা সেইদিনা দ্বিবনদা মানুহজনলৈ মোৰ খুব বেয়া লাগিছিল। মই প্রযোজকৰ ওচৰ পাইছিলোঁ, আৰু কৈছিলোঁ কামটো দ্বিবনদাকে দিয়ক। মই অনুৰোধ কৰিছিলোঁ, কিন্তু প্রযোজকগৰাকীয়ে মানি নল'লে। স্পষ্টকৈ কৈ দিলে-- তুমিয়ে কৰিব লাগিব। কামটো দ্বিবনদাক নিদিলে, ময়ো নকৰিলোঁ। তেনেদৰেই কিছুদিনলৈ পৰিচালক হোৱাৰ ইচ্ছা মনৰ পৰা আঁতৰাই ৰাখি আগৰ দৰেই কাম কৰি গৈছিলোঁ। যি কৰিছিলোঁ নিষ্ঠাৰে পালন কৰিছিলোঁ। আৰু বেচ কিছুদিন পিছতহে 'উপপথ'ৰ কামটো হাতত লৈছিলোঁ। চিনেমাখনৰ সংগীতৰ কাম জয়ন্ত হাজৰিকাই কৰিলে সুখী হ'ম বুলি কৈছিলোঁ। কৈছিলোঁ, মানে ৰাণা (জয়ন্ত হাজৰিকা)ক কৈছিলোঁ। কিন্তু শেষত চিনেমাখনৰ সংগীতৰ কাম মিঠুইহে (মণীষা হাজৰিকা)ই কৰিছিল।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...