গাওঁ চাবলৈ জিলা চাহাব আহিব। শক্তিমান মৌজাদাৰৰ গাত তত নাই! চাহাব অসন্তুষ্ট হ'ব লাগিলে-- মৌজাদাৰৰ পৰা চাহাবে মৌজা, গাওঁ কাঢ়ি নিয়াৰ ভয়! গতিকে গাওঁবাসীক গাওঁ খনক চিকুণ কৰাৰ কথা ক'লে, হাতে-কামে লগালে। চাহাবৰ সৈতে মেমচাবো আহিব। চাহাব-মেমচাবৰ বিনোদনৰ বাবে ওস্তাদক মাতি অনালে। দায়িত্ব দিলে-- যাত্ৰা প্ৰস্তুতিৰ বাবে। সময়ত চাহাব-মেমচাবৰ সন্মুখত যাত্ৰা আৰম্ভ হয়। কিন্তু যাত্ৰাত দেখুওৱা ৰাম-সীতা-লক্ষ্মণৰ "সুখ-দুখ" ভাল নাপালে মেমচাবে! চাহাবে আদেশ দিলে মৌজাদাৰক-- মেমেচাবে আনন্দ পাব পৰাকৈ আন কিবা দেখুৱাব লাগে। গাওঁবুঢ়াই নিৰ্দেশ দিলে ওস্তাদক। তেনেতে যাত্ৰাৰ এটা চৰিত্ৰ "হনুমান" মঞ্চলৈ আহে। "হনুমান"ক মেমহাচাবে পছন্দ কৰে, হাঁহিবলৈ ধৰে। মেমহাচাবৰ হাঁহিয়ে চাহাবক সুখী কৰে; আৰু নিৰ্দেশ দিয়ে আৰু এটা হনুমান, তাৰ পাছত আৰু এটা হনুমান উলিয়াবলৈ। সময়ত হনুমানৰ সংখ্যা বাঢ়ি থাকিল-- মৌজাদাৰ, গাঁওবুঢ়াকে ধৰি গাওঁ খনৰ বাসীন্দা সকলো "হনুমান" হৈ নাচিবলৈ ধৰে। যাত্ৰাৰ কাহিনীতকৈ চাহাবৰ সন্তুষ্টিহে গাঁওবুঢ়াৰ বাবে প্ৰধান কথা! --চাহাব, মেমচাহাবক সন্তুষ্ট কৰিবলৈ গাওঁৰ সকলোৱে বান্দৰ নাচ আৰম্ভ কৰ, সম্ভৱতঃ ইমানতে শেষ হ'ব ৰূপালী গল্পটো। ৰূপালী গল্পটোৰ নাম-- "হনুমানৰ সাধু"। প্ৰবীণ হাজৰিকাৰ পৰিচালনা। "শৃংখল"ৰ পাছত পৰিচালক গৰাকীৰ দ্বিতীয় পৰিচালনা (feature film)। চিনেমা খন চিত্ৰগৃহলৈ আহিব এই বছৰটোতে।
চিনেমা খনৰ কাহিনী "ইংৰাজ কাল"ৰ। ১৯৪৭ চনৰ আগৰ। --পৰিচালক হাজৰিকাৰ ব্যখ্যা, "এই কাহিনী আজিও চলি আছে। দিল্লীৰ নেতা এগৰাকী আহিলেই আমাৰ ৰাজ্যৰ নেতাৰ গাত তত নাইকীয়া হয়! বাট-পথ চকুত লগাকৈ চিকুন কৰা হয়। চিনেমা খনৰ কাহিনীৰ গতিত চাহাবে গাওঁবুঢ়াৰ কামত (আলপৈচানত) সন্তুষ্ট হৈ কয়-- 'তোমাক আমি ৰজা বনাম'। এনে ধৰণৰ কথা আজি দিল্লীৰ নেতাৰ পৰা শুনাৰ বাবে ৰাজ্যৰ নেতা সকলে গাওঁবুঢ়াই চাহাবক তেল মৰাৰ দৰে কৰা আচৰণ আমি দেখি থকা নাই জানো! তেতিয়াৰ পৰা এতিয়ালৈ চলি থকা ৰাজনৈতিক তৈল মর্দন বা চামচামি এই চিনেমা খনত দৰ্শকে অনুভৱ কৰিব!" (আৰু আছে)
উৎপল মেনা
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন