সরাসরি প্রধান সামগ্রীতে চলে যান

গছ কটা মানুহ | চিনেচৰ্চা

চিনেমা খনৰ বিষয়বস্তু-- লোকসংগীত। এয়াই সত্য-- আজিৰ তাৰিখতো মূল শিপাত খামোচ মাৰি লোকসংগীতৰ চৰ্চা কৰি আছে গাওঁৰ শ্ৰমজীৱীয়ে। দিনটোৰ পৰিশ্ৰমৰ অন্তত ভাগৰ জুৰাই লোকসংগীত চৰ্চাৰে। এই সকল লোকে লোকগীতৰ ফিউজন, আধুনিকীকৰণ ইত্যাদিৰ কথা মনলৈ আনিব নোৱাৰে। লোকগীত মানে লোকগীত। বনজিতক গাওঁৰ দুই-একে দিহা দিয়ে-- লোকগীতৰ ভিডিঅ' নিৰ্মাণ কৰি সামাজিক মাধ্যমত দিলে সিহতক দহে জানিব! মোবাইলত সহজতে সিহতে গীত গোৱা সময় খিনি কোনোবা এজনৰ হতুৱাই ধৰি ৰাখিব পাৰে! বনজিতৰ মন নথকা নহয়, দুই-একক ক'লে। বনজিতৰ কথা শুনি সামাজিক মাধ্যমত ৰীল চোৱাতে সময় খৰচ কৰি ভালপোৱা পিলিঙা এজনে বনজিতক ইতিকিং কৰিলে, কোনে চাব বুলি! আন এজনে বনজিতক ফিউজনৰো পৰামৰ্শ দিলে। কিন্তু বনজিত তেনে কথা ভাবিব নোৱাৰে। আনে শুনক-নুশুনক যি লোকগীত শুনি আহিছে সেয়াই চৰ্চা কৰি যাব! কষ্টৰ মাজতো বনজিত আৰু তেওঁৰ সৰু দলটোৱে ম্লান হৈ অহা লোক পৰম্পৰা ৰক্ষাৰ বাবে অক্লান্তভাৱে আখৰা কৰি যায়। 

বনজিত-- ৰূপালী গল্পটোৰ মূল চৰিত্ৰ। ৰূপালী গল্পটোৰ নাম-- গছ কটা মানুহ (The Woodcutter)। লেখক-পৰিচালক: প্ৰকাশ ডেকা। বনজিত চৰিত্ৰটো নিৰ্মাণ কৰিছে বাহাৰুল ইছলামক লৈ। বহু দিনৰ পৰা চৰ্চাত আছিল বাহাৰুল ইছলামে অভিনয় কৰা চৰিত্ৰটো আৰু "The Woodcutter" নামটো, ২২ মে', ২০২৪-ত কান চলচ্চিত্ৰ মহোৎসৱৰ ভাৰত পেভিলিয়নত ট্ৰেইলৰ মুকলি কৰাৰ পাছৰে পৰা। অভিনেতা গৰাকীৰ "নতুন অৱতাৰ" আছিল চৰ্চাৰ, আকৰ্ষণৰ মূল কাৰণ। মঞ্চত নিৰ্দিষ্ট ছন্দত জপিয়াই জপিয়াই গোৱা (অভিনয় কৰা) "অ' মোৰ মলুৱা ৰে..." চিত্ৰৰসিকৰ মাজত চৰ্চাৰ বিষয় হৈছিল। চিনেমা খন চোৱাৰ পাছত অনুভৱ কৰিছোঁ-- আৰু এগৰাকী পৰিচালকক এটা "শ্ৰেষ্ঠ চৰিত্ৰ" নিৰ্মাণ সহায় কৰিলে, বাহাৰুল ইছলামে আৰু এবাৰ অভিনয় শক্তি (acting power) দেখুৱালে। 

লোকগীতৰ শিল্পী বনজিতে গছ কাটে। 

সংসাৰ চলাবলৈ গছ কাটে। একমাত্ৰ কিশোৰী সন্তান, পত্নীক লৈ বনজিতৰ সংসাৰ। একেখন চোতালতে থকা "ডাঙাৰ মাই"কো সংসাৰৰ এজন বুলি, নিজৰ মাকৰ দৰে যতন লয় তৰালি শৰ্মাৰ গীত ভাল পোৱা বনজিতে।

হঠাতে বনজিতক কিশোৰী কন্য মুনুৱে তেওঁক ভয় কৰিবলৈ আৰম্ভ কৰে। শিক্ষকে প্ৰসংগক্ৰমে মুনু হ'তক কয়-- গছ কটা মানুহক "বেয়া মানুহ"! এই কথাক কেন্দ্ৰ কৰি স্কুলৰ সহপাঠীয়ে মুনুক জোকায়। মুনুৰ মনত লাগে! মুনুৰ মানসিক অৱস্থালৈ চাই বনজিতে গাছ কটা কামটো বাদ দিয়ে, সংগীত চৰ্চাত মন দিয়াৰ লক্ষ্য স্থিৰ কৰি তৰালি শৰ্মাক লগ পাবলৈ যায়। তৰালিক লগ নাপায় দুখ মনেৰে উভতি আহে। মনত দুখলৈ কামত ব্যস্ত থকা সময়তে বনজিতে শুনা পায়-- সিহতৰ গাওঁলৈ তৰালি শৰ্মা আহিব, গীত গাবলৈ। তৰালি যি খন মঞ্চত গীত গাব, সেই খন মঞ্চতে গীত গোৱাৰ সুবিধা কৰি ল'লে, গীত গালে।  কিন্তু বনজিত হ'তে গীত গোৱাৰ সময়ত মঞ্চৰ সম্মুখত তৰালি নাছিল। মনত দুখ লৈয়ে গালে-- "মোৰ মলুৱাৰে..."। 

তৰালি শৰ্মা নাই, বেছি শ্ৰোতা-দৰ্শকো নাই মঞ্চৰ সম্মুখত। কোনোমতে গীতটো শেষ কৰি ঘৰলৈ দৌৰ দিলে বনজিতে-- "ডাঙাৰ মাই"ৰ যোৱা-থোৱা অৱস্থা। শেষৰ ছিকুৱেন্সটোত দেখা যায়-- বনজিত, বনজিতৰ পত্নীয়ে "ডাঙাৰ মাই"ক লৈ চিকিৎসায়লৈ বুলি বাট বুলে, মঞ্চত বনজিতৰ  কণ্ঠক প্ৰশংসা কৰে তৰালি শৰ্মাই। ৰূপালী গল্পটোৰ শেষ বিন্দুত দৰ্শকে জানিলে, বনজিতে নাজানিলে তৰালি শৰ্মাই যে তাৰ গীত শুনিছে, প্ৰশংসা কৰিছে। [জনা হ'লে-- আশাবাদত ৰূপালী গল্পটো শেষ হ'ল হেতেন।]

চিনেমা খন চোৱাৰ সময়ত অনুভৱ কৰিলোঁ--বনজিতৰ "তৰালি শৰ্মাৰ গীতৰ" প্ৰতি থকা আৱেগ বা টান অস্পষ্ট হৈ থাকিল।

"তৰালি শৰ্মা"ৰ বিন্যাসৰ প্ৰয়োজন আছিল।বনজিতে "তৰালি শৰ্মা"ক লগ পাবলৈ কিয় গৈছিল, অস্পষ্ট হৈ থাকিল। 

চিনেমা খনৰ ভাল লগা দিশ-- বিষয়বস্তুৰ লগতে চৰিত্ৰ নিৰ্মাণ, পৰিৱেশ নিৰ্মাণ, কলা নিৰ্দেশনা, সংগীত প্ৰয়োগ।

(লিখি আছো)

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...