কাহিনীৰ গতিত দেখা যায়-- দিল্লীৰ কৰ্পৰেট চাকৰি এৰি হিমালয়ৰ নিজৰ গাঁওলৈ উভতি আহা বিষ্ণুই (চৰিত্ৰটো নিৰ্মাণ কৰিছে গৌময়া গুৰুঙক লৈ) নিজৰ পৰিয়াল আৰু সমাজৰ পিতৃতান্ত্রিক আশা আৰু পৰম্পৰাগত নীতি-নিয়মৰ সন্মুখীন হয়।
বিষ্ণুৰ ঘৰখনত কেৱল মহিলাই আছ। পৰিয়ালটোৰ পুৰুষ সদস্যসকলৰ অকাল মৃত্যু হৈছে, যাৰ বাবে গাঁৱত বিষ্ণুৰ পৰিয়ালটোক 'অভিশপ্ত' বুলি কোৱা হয়।
বিষ্ণুৱে স্বাধীন হ'ব বিছাৰে, নিজৰ বাটে নিজে যাব বিছাৰে! তাই ৰক্ষণশীল গাঁও সম্প্ৰদায়ৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হয়-- অবিবাহিত মৰ্যাদা আৰু স্বাধীন স্বভাৱৰ বাবে। মাকে তাইক এজন ৰাজনীতিবিদৰ পুত্ৰ জ্ঞান (চৰিত্ৰটো নিৰ্মাণ কৰিছে ৰাহুল মুখিয়াক লৈ)ৰ সৈতে বিবাহৰ প্ৰস্তাৱ দিয়ে; মাকৰ প্ৰস্তাৱৰ বিপৰীতে তাই গাঁৱত এটা ‘হোমষ্টে’ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰে। সহায় কৰিবলৈ আগবাঢ়ি আহে-- জ্ঞান।
এনেদৰে ক'ব পাৰি-- নাৰীৰ স্বাধীনতা আৰু পাৰিবাৰিক পৰম্পৰাৰ মাজৰ সংঘাতৰ লগতে হিমালয়ৰ পাদদেশ অঞ্চলৰ পৰম্পৰাগত সংস্কৃতি আৰু আধুনিকতাৰ মাজৰ সংঘাতো কাহিনী-ৰেখালৈ আনিছে। পৰিপাটিকৈ। কেমেৰাৰ ভাষাৰে, সাহিত্যৰ ভাষাৰে। গল্প কোৱাৰ শৈলী, পৰিৱেশ নিৰ্মাণ আৰু অভিনয় চিনেমা খনৰ সফলতাৰ মূলমন্ত্ৰ। চিনেমা খনত ব্যৱহাৰ কৰা সাহিত্যৰ ভাষা আমাৰ আয়ত্বৰ বাহিৰত; কিন্তু পৰিচালকৰ চিনেমেটিক সফলতাৰ বাবে চিনে-ৰস অনুভৱ কৰাত "ভাষা" বাধা হোৱা নাই। ক'ব পাৰি-- চিনেমা খন সম্পূৰ্ণ ৰূপে "চিনেমাৰ ভাষা"লৈ ৰূপান্তৰ কৰাত পৰিচাল-চিনেমা খনৰ সম্পাদক সফল।
ব্যাখ্যাৰ হয়তো প্ৰয়োজন নাই-- "চিনেমাৰ ভাষা" নিৰ্দিষ্ট ভৌগলিক ভাষা নহয়। ৰাছিয়ান পৰিচালক লেভ কুলেচভ (Lev Kuleshov) -ৰ ধাৰণাৰে ক'ব পাৰি "চিনেমাৰ প্ৰতিটো শ্বট হ’ল বৰ্ণমালাৰ আখৰৰ দৰে, যিবোৰ লগ হৈ একোটা শব্দ বা বাক্য (অৰ্থ) গঠন কৰে। যি বাক্যৰ অৰ্থ বুজিবলৈ আন কোনো ভাষা জনাৰ প্ৰয়োজন নাই।""শ্বেপ আ'ফ মোমো" চালোঁ-- ২য় গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভে। মুঠ ২৬ খন চিনেমা প্ৰদৰ্শন হৈছিল, বিভিন্ন ভাষাৰ। উজবেকিস্তানৰ চিনেমা "চানডে" (পৰিচালক: শকিৰ খোলিকভ) -ৰে। কাহিনী নিৰ্মণ কৰিছে গাঁৱ এখনত শান্তিপূৰ্ণ জীৱন কটোৱা এহাল বৃদ্ধ দম্পতীৰ কথাৰে। বৃদ্ধ দম্পতীৰ পুত্ৰসকলে তেওঁলোকৰ পুৰণি ঘৰটো ভাঙি আধুনিক সা-সুবিধাৰে এটা নতুন ঘৰ সাজিব বিচাৰে, যিটো তেওঁলোকে নিবিছাৰ। দুই প্ৰজন্মৰ মাজত সংঘাত হয়। পৰম্পৰা আৰু আধুনিকতাৰ সংঘাত। কাহিনী কোৱা শৈলী, চৰিত্ৰ নিৰ্মাণ চুই যোৱা।
চাইছিলোঁ-- "এছ" ("S")। জাপানী চিনেমা। মাছাহিরো ওটাৰ পৰিচালনা। পৰিচালকৰ প্ৰথম পূৰ্ণদৈৰ্ঘৰ কাহিনী চিনেকৰ্ম। পৰিপাটি চৰিত্ৰ নিৰ্মাণ। কাহিনী এটা স্বাভাৱিকতে আছে। কাহিনীৰ গতিত অতি সুক্ষ্মভাৱে মানুহৰ মনৰ ভিতৰত চলি থকা দ্বন্দ্ব আৰু আৱেগিক উত্তেজনা পৰ্দালৈ আনিছে। কাহিনী চিনেমা নিৰ্মাতা শিনিচি ছোমেডাৰ গ্ৰেপ্তাৰ আৰু তেওঁৰ থিয়েটাৰ জগতৰ পুৰণি বন্ধুসকলৰ পুনৰ মিলনক কেন্দ্ৰ কৰি আৱৰ্তিত। --এই দুখন চিনেমা নিম্ন মানৰ নহয়; কিন্তু "শ্বেপ আ'ফ মোমো"ৰ দৰে চুব নোৱাৰিলে।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন