[ জয়মতী চাৰি নে পাঁচ নম্বৰ... প্ৰথমখন অসমীয়া চিনেমা 'জয়মতী’কেন্দ্রিক দুটা চর্চা প্রায়ে হয়—
ক) ভাৰতৰ চতুর্থখন সবাক চিনেমা,
(খ) ডাবিং কৰা প্ৰথমখন ভাৰতীয় চিনেমা।
—হয় জানো?
২০ মার্চ, ১৯৩৫ চনৰ আগৰ সময়ছােৱাত মাত্র তিনিখনহে সবাক ভাৰতীয় চিনেমা নির্মাণ হােৱা 'তথ্য’টো কিমান সত্য?
-- এই প্ৰশ্নৰ উত্তৰৰ সন্ধানত এই চৰ্চা।]
ভাৰতীয় চিনেমাৰ সবাক যুগ আৰম্ভ হৈছিল ১৯৩১ চনৰ ১৪ মাৰ্চত। চিনেমা খনৰ নাম: আলম-আৰা। পৰিচালক: অৰ্দেশিৰ ইৰাণী। ৪০-৫০ হাজাৰ টকা বাজেটৰ এই চিনেমা খনৰ দৈৰ্ঘ প্ৰায় ১২৪ মিনিট (২ ঘণ্টা ৪ মিনিট)। প্ৰিণ্টৰ সংখ্যা দুটা। চিনেমা খন বাণিজ্যিক দিশত সফল হোৱাৰ তথ্য পোৱা যায়। কিমান টকা সংগ্ৰহ কৰিছিল সঠিক তথ্য পোৱা নাযায়। কাৰণ সেই সময়ত ভাৰতত systematic box office record-keeping নাছিল।("Alam Ara, directed by Ardeshir Irani, was a major commercial success and widely regarded as a blockbuster of its time, drawing unprecedented crowds, although exact box office figures are not documented." উৎস: ভিন্ন।)
[বিতৰ্ক, চৰ্চা: ইমানদিনে আলমআৰা ভাৰতৰ প্ৰথমখন সবাক চিনেমা বুলি কৈ অহা হৈছে। কিন্তু শেহতীয়াভাৱে কেইবাগৰাকীও চিনে আলােচকে উল্লেখ কৰিছে যে কানাড়া ভাষাৰ 'ভক্ত কবীৰ'হে ভাৰতৰ প্ৰথমখন সবাক ছবি বা বােলছবি। (ভাৰতৰ চিনেমা ইতিহাসত ১৯৩৪ চনতহে 'সতী সুলােচনা'ৰে কন্নড় চিনেমাৰ ‘সবাক যুগ' আৰম্ভ হােৱা যি তথ্য পােৱা যায়, সেয়া যে সত্য নহয়, যুক্তি আগবঢ়াইছে একাংশ চিনে পণ্ডিতে।) ১৯৩০ চনত চিনেমা খন দর্শকে চোৱাৰ সুযােগ পাইছিল। 'ইণ্ডিয়ান চিনেমা’ নামৰ সংকলন এটাত সন্নিবিষ্ট লেখা এটাত এই বিষয়ে এনেদৰে উল্লেখ কৰিছে- 'গাব্বি বিৰান্না এগৰাকী মঞ্চকর্মী। তেওঁক নাটকৰ ন-ন শৈলীৰ আৱিষ্কাৰক বুলি কোৱা হয়। আজিও এইগৰাকী নাট্যকর্মীৰ নাম শ্রদ্ধাসহকাৰে লােৱা হয়। ১৯২২-২৩ চনৰ সময়ছােৱাত গাব্বিৰ এখন নাটকে দর্শকৰ বিশেষ সমাদৰ লাভ কৰিছিল। দর্শকসকলৰ মাজত জনপ্রিয় হােৱা বাবে নাটকখন অসংখ্য বাৰ মঞ্চস্থ কৰিবলগীয়া হৈছিল। কিন্তু গাব্বিৰ পক্ষে দর্শকে বিচৰা ধৰণে নাটকখন একেৰাহে ইমানবােৰ দর্শনী মঞ্চস্থ কৰাটো সম্ভৱ নাছিল। বিশেষকৈ নাটকখনৰ অভিনেতা-অভিনেত্ৰীসকলক গাব্বিয়ে ইয়াৰ বাবে সন্মত কৰাব পৰা নাছিল। সেই সময়ত দক্ষিণ ভাৰতৰ তামিল আৰু তেলেগু চিনেমাৰ ক্ষেত্ৰ দুখনত নির্বাক যুগ আৰম্ভ হৈছিল। গাব্বিয়ে ঠিক কৰিলে— নাটকখন কেমেৰাত বন্দী কৰা হওক। কিন্তু সংলাপৰ কি কৰা হ'ব? সেই কথা ভাবি গাব্বি প্রায় নিৰাশ হৈ পৰিছিল। কিন্তু নিৰাশ নহ’ল বিজ্ঞান চর্চা কৰি ভাল পােৱা তেওঁৰ দলৰে এজন অভিনেতা। অৱশ্যে ইয়াৰ বাবে গাব্বিয়ে ১৯৩০ চনলৈকে অপেক্ষা কৰিবলগীয়া হ’ল। সেই অভিনেতাজনে ১৯২৯ চনৰ কোনােবা এটা দিনত মুম্বাইৰ মে ডানা থিয়েটাৰত আমেৰিকান সবাক ছবি ‘মেল’ডী অব লাভ’ চোৱাৰ সুযােগ পাইছিল। অভিনেতাজনে ‘মেল’ডী অৱ লাভ’ৰ প্রযুক্তি ব্যৱহাৰ কৰি 'ভক্ত কবীৰ'ত শব্দ দিয়াৰ ব্যৱস্থা কৰিলে। এই সবাক ছবিখন দর্শকে চোৱাৰ সুযােগ পালে ১৯৩০ চনৰ ২৭ মার্চত। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি বিশ্বৰ প্ৰথমখন সবাক ছবি ১৯২৭ চনৰ ৬ অক্টোবৰত নিউয়র্কত মুক্তি পাইছিল। All talking, all singing, all dancing বুলি প্ৰচাৰ চলােৱা হিন্দী ভাষাৰ ‘আলমআৰা’ মুম্বাইত মুক্তি পাইছিল ১৯৩১ চনৰ ১৪ মার্চত, ‘ভক্ত কবীৰ'ৰ প্রায় এবছৰ পাছত। অৱশ্যে এটা কথা স্পষ্ট— ‘ভক্ত কবীৰ' প্ৰকৃতাৰ্থত পূর্ণদৈর্ঘ্যৰ ছবি নাছিল। সেই হিচাপত এম ইৰানীৰ ‘আলমআৰা'হে প্রথমখন ভাৰতীয় পূর্ণদৈর্ঘ্যৰ সবাক ছবি। আন এখন সবাক ছবি 'কালিদাস’ মুক্তি পাইছিল ১৯৩১ চনৰ জানুৱাৰীত, তৃতীয় শুকুৰবাৰে৷ কিন্তু এইখনো পূৰ্ণদৈৰ্ঘ্যৰ ছবি নাছিল৷ হ’লেও ‘কালিদাস' ‘আলমআৰাত’কৈ আগেয়ে চিত্ৰগৃহলৈ আহিছিল। এতিয়া স্বাভাৱিকতে প্রশ্ন উত্থাপন হৈছে– চিনেমা সম্পর্কে চিন্তা-চৰ্চা কৰাসকলৰ মাজত এই তথ্য বিভ্রান্তিৰ কাৰণ কি? এইখিনিতে এটা কথা স্পষ্ট কৰি হােৱা ভাল হ'ব—এই চিনেমাবােৰ মুক্তি পােৱাৰ সময়লৈকে কোনাে চেন্সৰৰ ব্যৱস্থা নাছিল। চিনেমাবােৰ সম্পূৰ্ণ হােৱাৰ লগে লগে দর্শকৰ ওচৰলৈ গুচি গৈছিল। সেই কাৰণেই সম্ভৱতঃ এই তথ্য বিভ্রান্তিৰ সূত্রপাত হৈছে। আৰু এটা কথা, চিনেপণ্ডিতসকলৰ চিনেমা চর্চা আছিল হয়তাে মুম্বাই কেন্দ্রিক। ফলত আঞ্চলিক ভাষাবােৰত নির্মাণ হােৱা ছবিবােৰ আঁৰতে ৰৈ গৈছিল। তাৰ ফলত ভাৰতীয় চিনেমাৰ বুনিয়াদ গঢ়ি তােলা ভাৰতৰ আঞ্চলিক ভাষাবােৰৰ আঁৰতে ৰৈ গৈছিল। তাৰ ফলত ভাৰতীয় চিনেমাৰ বুনিয়াদ গঢ়ি তােলা ভাৰতৰ আঞ্চলিক ভাষাবােৰৰ ভালেকেইগৰাকী চিত্রকর্মী স্বীকৃতিৰ পৰা বঞ্চিত হৈ আহিছে। এতিয়া কথা হ'ল— সেই মহান চিত্রকর্মসকলক আজিও স্বীকৃতি দিয়া নহ'ব নেকি? সেই কাৰণেই ভাৰতৰ চিনেমাৰ ইতিহাস নতুনকৈ লিখাৰ কাম চলিছে। ১৯৩৫ চনৰ ২৭ মার্চলৈকে 'ভাৰতীয় চিনেমাৰ ইতিহাস’ অধ্যয়ন কৰিছিলোঁ বিভিন্ন মাধ্যমত। চিনেমা বিষয়ত গৱেষণা কৰি থকা আৰ কে ৰাঘৱনে ক'লে—১৯৩০ চনৰ ৭ মার্চলৈকে তামিল, তেলেগু ভাষাত ১৮খন পূর্ণদৈর্ঘৰ কথাছবি নির্মাণ হৈছিল। চুটি-চুটি বােলছবিও নির্মাণ হৈছিল। শুদ্ধ তথ্য পােৱা নাযায়।' তামিল চিনেমাৰ ‘সবাক’ আৰম্ভ হৈছিল 'কালিদাস’ৰে, ১৯৩১ চনত। 'ভক্ত প্রহ্লাদ’ৰে সেই একেটা বর্ষতে তেলেগু চিনেমাৰ 'সবাক যুগ’ আৰম্ভ হৈছিল।]
--এই চিনেমা খনৰ সফলতাই আকৰ্ষণ কৰিছিল, সেই সময়ৰ কেইবাগৰাকীও চিনেমাৰ প্ৰতি (কথা কোৱা চলন্ত ছবিৰ প্ৰতি) দুৰ্বলতা থকা লোকক। ১৯৩১--১৯৩৫ চনত মুক্তি পালে কেইবাখনো "কথা কোৱা চলন্ত ছবি"য়ে।
সংখ্যাৰ তালিকা খন এনে ধৰণৰ--
১৯৩১ চনত ২৪ খন
১৯৩২ চনত ৮০ খন
১৯৩৩ চনত ১০০+ খন
১৯৩৪ চনত ১৫০+ খন
১৯৩৫ চনত ২০০+ খন
মুঠ প্ৰায় ৫৫০–৬০০ খন ভাৰতীয় পূৰ্ণদৈৰ্ঘ্য সবাক চিনেমা মুক্তি পোৱাৰ তথ্য পোৱা গৈছে। আন চৰ্চাত পোৱা যায় দৈৰ্ঘ কেন্দ্ৰিক বিতৰ্কৰ উৰ্ধত সেই সময় চোৱাত মুক্তি পোৱা পূৰ্ণদৈৰ্ঘৰ চিনেমাৰ সংখ্যা ৮০–১২০ খন বুলি ধৰা অধিক যুক্তিসংগত। (টোকা: "চুটি চিনেমা", "পূৰ্ণদৈৰ্ঘ চিনেমা"ৰ ধাৰণাটো মূলতঃ ১৯৩০ দশকৰ পৰা প্ৰচলিত যদিও ১৯৫০ দশকতহে সম্পূৰ্ণ স্থিৰ বা স্পষ্ট হয়। আৰু পাছৰ পৰ্যায়ত গৱেষণাৰ সময়ত ভালেমান চিনেমাৰ সম্পূৰ্ণ প্ৰিণ্ট গৱেষক সকলে পোৱা নাছিল।)
এই খিনিতে উল্লেখ নকৰিলে ভুল হ'ব এয়া আনুমানিক সংখ্যাহে। এয়া ঠিক সংখ্যা কম নহব, বাঢ়িব পাৰে। কাৰণ সেই সময়ৰ সম্পূৰ্ণ তথ্য সংৰক্ষণ হোৱা নাছিল। বিশেষকৈ আঞ্চলিক ভাষাত হোৱা ভালেমান চিনেকৰ্ম আঁৰতে ৰৈ যোৱা বুলি ভৱাৰ অৱকাশ আছে। তথ্য পোৱা যায়-- প্ৰথম খন সবাক চিনেমাৰ বাণিজ্যিক সফলতাৰ পাছত বম্বে, কলিকটা, মাদ্ৰাজত সবাক চিনেমাৰ উৎপাদন বৃদ্ধি পাইছিল।
আন এক তথ্যত (গ্ৰন্থ: আজছা চিত্ৰপট) পোৱা যায়-- ১৯৩১–১৯৩৪ সময়ছোৱাতেই প্ৰায় ৩৫০–৪০০ খন সবাক চিনেমা নিৰ্মাণ হৈছিল। গ্ৰন্থ খনত খনত তথ্যক কেন্দ্ৰ কৰি এক "অধ্যয়ণ" আৰম্ভ কৰিছিলোঁ, ভাষা ভিত্তিক চিনেমাৰ। তথ্য এনেদৰে উল্লেখ কৰিব পাৰি--
বাংলা ১০–১২খনৰ ভিতৰত।
মাৰাঠী ৫ + খন। (সেই সময়ত মাৰাঠী আৰু হিন্দী দুয়ো ভাষাত একেলগে নিৰ্মাণ হৈছিল। সৰহ সংখ্যক ভাৰতীয় সবাক চিনেমা নিৰ্মাণ হৈছিল হিন্দী ভাষাত।)
দক্ষিণ ভাৰতীয় (তামিল + তেলেগু + কন্নড়) ১২ + খন।
--এই সময় চোৱাত (১৯৩১-৩৪) কমেও ১০টা ভাৰতীয় ভাষাত সবাক চিনেমা নিৰ্মাণ হৈছিল-- হিন্দী, উৰ্দু (প্ৰথম: আলম-আৰা/ ১৯৩১), বাংলা (প্ৰথম:;জামাই ষষ্ঠী আৰু দেনা পাওনা/১৯৩১ দুখন চিনেমাৰ তথ্য পোৱা যায়। কোন খন প্ৰথমে মুক্তি পাইছিল স্পষ্ট উত্তৰ পোৱা নাযায়।), তামিল (প্ৰথম: কালিদাস/ ১৯৩১), তেলুগু (ভক্ত প্রহ্লাদ/ ১৯৩১), মাৰাঠী (প্ৰথম: অযোধ্যেচা ৰাজা/১৯৩২), গুজৰাটী (প্ৰথম: নৰসিংহ মেহতা/১৯৩২), পাঞ্জাবী (প্ৰথম: হীৰ ৰাঞ্জা/১৯৩২), ইংৰাজী (প্ৰথম: Noorjehan/১৯৩৩)।
আহিছোঁ-- "জয়মতী"লৈ। ১৯৩৫ চনৰ ২০ মাৰ্চত গুৱাহাটীৰ "উজান বজাৰৰ থিয়েটাৰ হল"ত মুক্তি পোৱা চিনেমা খনৰ প্ৰিমিয়াৰ হৈছিল ১০ মাৰ্চ ১৯৩৫ -ত, কলকাতাৰ ধৰ্মতলৰ (কলিকতাৰ) "ৰৌনক মহল"ত।
[টোকা: ১৯৩০ চনতে স্থাপিত এই ঐতিহাসিক চিত্ৰগৃহটোৰ বৰ্তমান নাই। তথ্য মতে, ৰৌনক মহলৰ পূৰ্বৰ নাম ক্ৰমে পাৰ্ল চিনেমা (Pearl Cinema), ৰুবী (Ruby) আছিল। কলকাতাৰ ধৰ্মতলা অঞ্চলৰ ৩২/১ লেনিন সৰণিত অৱস্থিত "ৰৌনক মহল"ৰ নাম পৰৱৰ্তী সময়ত 'জ্যোতি চিনেমা' ৰখা হৈছিল। ১৯৭০-ৰ দশকত চিত্ৰগৃহটো প্ৰথমবাৰৰ বাবে ৭০ মিমি পৰ্দা আৰু ষ্টেৰিঅ’ফোনিক ছাউণ্ডৰ ব্যৱস্থা কৰা হৈছিল, যিয়ে সেই সময়ত এক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ব্লকবাষ্টাৰ 'শ্বোলে' চিনেমা খন এই চিত্ৰগৃহটোত একেৰাহে ১০৩ সপ্তাহ চলিছিল। মাল্টিপ্লেক্সৰ জনপ্ৰিয়তা বৃদ্ধি পোৱা বাবে লোকচান হোৱাত ২০০৮ চনত চিত্ৰগৃহটো স্থায়ীভাৱে বন্ধ কৰি দিয়া হয়। ২০১৬ চনৰ ২ অক্টোবৰত এক ভয়ংকৰ অগ্নিকাণ্ডত এই ঐতিহাসিক চিত্ৰগৃহটো সম্পূৰ্ণৰূপে ধ্বংস হয়।]
প্ৰায় ৫০ হাজাৰ টকা বাজেটৰ (খৰচৰ লগতে সুদ যোগ কৰি) "জয়মতী"ৰ প্ৰিণ্টৰ সংখ্যা আছিল ২টা আছিল বুলি কোৱা হয়, ভিন্ন মাধ্যমত চৰ্চা হোৱাৰ তথ্য পোৱা যায়। (“two prints only” বুলি secondary reference হিচাপে উল্লেখ কৰা দেখা যায়।) কিন্তু প্ৰামাণিক তথ্য পোৱা নাযায়। পৰিচালক-নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালা "আতি সীমিত প্ৰিণ্টত মুক্তি পাইছিল" বুলি উল্লেখ কৰিছিল।
কোৱা হয়, বিভিন্ন গ্ৰন্থত তথ্য হিচাবে প্ৰকাশ পাইছে-- "জয়মতী" চতুৰ্থ খন সবাক ভাৰতীয় চিনেমা। এই "তথ্য"ৰ কথা মনত ৰাখি এটা শব্দয়ে ক'ব পাৰি-- অশুদ্ধ। ওপৰত কৰি অহা চৰ্চাত "অশুদ্ধতা" স্পষ্ট।
"জয়মতী"ৰ মুক্তিৰ ক্ৰম সম্পৰ্কত দুটা তথ্য চৰ্চালৈ আনিব পাৰি-- "অসমীয়া ভাষাৰ প্ৰথম খন চিনেমা ভাৰতীয় সবাক চিনেমাৰ প্ৰায় ৪০০–৫০০ নম্বৰ (আনুমানিক হিচাপ) অংশৰ ভিতৰত পৰে।" আন এটি তথ্য-- "সেই সময় চোৱাত (১৯৩৪ চনৰ আগলৈকে) পূৰ্ণদৈৰ্ঘৰ সবাক ভাৰতীয় চিনেমা মুক্তি পাইছিল ৮০–১২০ খন। গতিকে 'জয়মতী'ৰ মুক্তিৰ ক্ৰম উল্লেখ কৰি অহাৰ দৰে ৪ বা ৫ নম্বৰ নহয়।"
১৯৩৫ চন। "জয়মতী" মুক্তি পোৱা এই বছৰটোৰ আন কেইখন চিনেমা (হিন্দী চিনেমা) দেৱদাস, ১৯৩৬
হান্টাৰৱালী, ডাকু মনছুৰ, জৱানী কি হাৱা,
কৰৱান-এ-হায়াত,খুনি খঞ্জৰ, মজদুৰ, মিছ মানোৰমা, মাই ডাৰ্লিং, নেক পৰৱিন, প্ৰেম পূজাৰী
ছন অফ ইণ্ডিয়া, সাৱিত্ৰী, বামন অৱতাৰ, শিৰিন ফৰহাদ, আলিবাবা, দিল কি প্যাস, গৌৰী, ইণ্ডিয়ান গেজেট, জুডিছিয়েল ৱাইফ,
(বাংলা চিনেমা) দেৱদাস, ভাগ্যচক্র, ধূপছায়া, (হিন্দী-বাংলা দ্বিভাষিক) মহানিশা, ৰূপলেখা, সতী,
পল্লী সমাজ, গৃহদাহ,
(তামিল চিনেমা) নন্দনাৰ, সাবিত্ৰী, আল্লি অৰ্জুনা,
(তেলুগু চিনেমা) শ্ৰী কৃষ্ণ লীলালু,
(মাৰাঠী চিনেমা) ধাৰ্মাত্ম, সন্ত তুকাৰাম,
(কন্নড়) সতী সুলোচনা।
--এই চিনেমা খনৰ মুক্তিৰ স্পষ্ট তাৰিখ পোৱা নাযায়। গতিকে ক'ব পৰা নাযায় মুক্তৰ ক্ৰম "জয়মতী"ৰ আগত নে পাছত।
*****
ভক্ত প্ৰহ্লাদ (৬ ফেব্ৰুৱাৰী ১৯৩২)। তেলেগু চিনেমা। ১৯৩১ চনত ভাৰতৰ প্ৰথমখন সবাক চিনেমা "আলম-আৰা " (হিন্দী) -ৰ পাছত আৰ্দেশী ইৰানীয়ে দক্ষিণ ভাৰতীয় চিনেমালৈ নিজৰ পৰিসৰ বৃদ্ধি কৰিব বিচাৰিছিল! চিনেমা খনৰ প্ৰসংগত এনেদৰে কোৱা হয়-- "এই চিনেমাখন আন ভাষালৈ ডাবিং কৰা হৈছিল—যি ভাৰতীয় চিনেমাত ডাবিং প্ৰচলনৰ আৰম্ভণিৰ এক গুৰুত্বপূৰ্ণ উদাহৰণ। কিন্তু সেয়া আধুনিক post-synchronization ডাবিং নাছিল। ইয়াত ব্যৱহাৰ হোৱা পদ্ধতিটো আছিল একেবাৰে প্ৰাথমিক আৰু সীমিত।" (উৎস: তামিল আলোচনী "Gundoosi" ১/৬/১৯৪৮)
সেই সময়ত একে "চিত্ৰনাট্য"ৰ কেইবাখনো তামিল চিনেমা (চুটি চিনেমা!) কেইবাটাও ভাষাত মুক্তি পোৱাৰ তথ্য পোৱ যায়। তথ্য মতে-- বিভিন্ন ভাষাত পুনৰ শ্বুট কৰা হৈছিল, ডাবিং প্ৰযুক্তি নতুন বা চালুকীয়া পৰ্যায়ত আছিল বাবে। একাংশ গৱেষকৰ ব্যাখ্যা-- "ভক্ত প্ৰহ্লাদ" একেটা গল্প, একেটা ছেটত বেলেগ বেলেগ ভাষাত পুনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল।
কিছুমান ক্ষেত্ৰত একে অভিনেতাই ভিন্ন ভাষাত সংলাপ ক'ব লাগিছিল। অৰ্থাৎ—"ডাবিং" নাছিল, "re-shooting"-হে আছিল। শ্বুটিংৰ সময়তেই শব্দ ৰেকৰ্ড (লাইভ ৰেকৰ্ডি) কৰা হৈছিল। ভুল হ'লে (সংলাপ কোৱাত, অভিনয়ত) সম্পূৰ্ণ দৃশ্য পুনৰ শ্বুট কৰিব লাগিছিল।
১৯৯৭ চনৰ ১৮ মাৰ্চ তাৰিখে মুম্বাইৰ পৰা প্ৰকাশ সাপ্তাহিক কাকত "ফিল্মছিটি"য়ে থানেত আয়োজন কৰা "ছিত্ৰপট চৰ্চা"ত অংশ লৈ মাৰাঠী চিনেমাৰ লেখক অজয় মহাত্রেই কৈছিল-- "মোৰ ধাৰণাত ভাৰতৰ চিনেমাত ডাবিং প্ৰযুক্তি প্ৰথম বাৰ ব্যৱহাৰ হৈছিল 'কালিদাস'ত। সেই সময়ত sound editing আৰু mixing প্রযুক্তি অত্যন্ত সীমিত আছিল। ১৯৩২-৩৪ সময় চোৱাত কিছুমান সংলাপ, গান পুনৰ ৰেকৰ্ড কৰি চলমান-ছবিত মিলোৱা হৈছিল। মিলোৱা হৈছিল বুলি কোৱাতকৈ মিৰাবলৈ চেষ্টা কৰিছিল বুলিলে বেছি শুদ্ধ হ'ব! এইটছ এন ৰেড্ডিয়ে 'কালিদাস' শ্বুট কৰিছিল তামিল আৰু তেলেগু ভাষাত। কোনো জনে যদি তামিল কৈছিল, আন কোনোৱে তেলেগু। দুয়োটি ভাষা ব্যৱহাৰ হৈছিল।
কিছুমান অংশ পাছত ডাবিং কৰি প্ৰদৰ্শন কৰা হৈছিল বুলি উল্লেখ পোৱা যায়, "Gundoosi" নামৰ তেলেগু ভাষাৰ আলোচনী এখনত। চিনেমা খন প্ৰথম পৰ্যায়ত দ্বিভাষিক চিনেমা হিচাবে মুক্তি পাইছিল। পাছৰ পৰ্যায়ত এটা ভাষাৰ কৰা হৈছিল।এই দিশত গৱেষণা আজিও শেষ হোৱা নাই।..." সেই সময়ত Dubbing (ডাবিং) শব্দটো ব্যৱহাৰ কৰা নাছিল। "Mozhi Kalappu" (তামিল ভাষাত। ইংৰাজীত: Language Mixing, Code-mixing) বুলিছিল।
আহিছোঁ "জয়মতী" প্ৰসংগলৈ। সেই সময়ৰ আন দহখন চিনেমাৰ দৰে এই প্ৰথম অসমীয়া খনৰো চিত্ৰগ্ৰহণৰ সময়তেই শব্দ গ্ৰহণ কৰা (সেই সময়ত কোৱা হৈছিল-- Sync Sound / Direct Sound) পদ্ধতিত। কেমেৰাৰে দৃশ্য ধৰি ৰখা সময়ত একেলগে শব্দটো লাইভ ৰেকৰ্ড কৰা হৈছিল।
[এই খিনিতে উল্লেখ কৰিব পাৰি-- এই ব্যৱস্থা উন্নত ৰূপত, ভাৰতত "লগান" (১৫ জুন ২০০১) হিন্দী চিনেমা খনত ব্যৱহাৰ কৰাৰ পাছত আকৌ গুৰুত্ব বাঢ়িছে।
ডাবিং টেকন’লজি উন্নত নাছিল বাবে ভাৰতত সবাক যুগ আৰম্ভ হোৱাৰে পৰা অধিকাংশ চিনেমাত Sync Sound ব্যৱহাৰ হৈছিল। এই পদ্ধতিৰে ১৯৫০ চনলৈ চিনেকৰ্ম চলিছিল। এই পদ্ধতিত কেমেৰাৰ শব্দ চিনেমাৰ বাবে "সমস্যা" হৈছিল, মাইক্ৰ’ফোন সীমাবদ্ধতাৰ বাবে "সমস্যা" হৈছিল। এই "সমস্যা" (আঁতৰ কৰাৰ) বাবে ১৯৫০ চনৰ পাছৰ পৰা Post-synchronization / Dubbing পদ্ধতিয়ে ভাৰতৰ চিনেকৰ্ম ক্ষেত্ৰ খনত সম্পূৰ্ণভাৱে আধিপত্য কৰে। বিশেষকৈ বলিউডত "তাৰকা যুগ" আৰম্ভ হোৱাৰ পাছত Sync Sound সম্পূৰ্ণকৈ এৰি দিয়া হৈছিল।]
লাইভ ৰেকৰ্ডিঙৰ সময়ত হোৱা "সমস্যা" আঁতৰ কৰাৰ বাবে পৰিচালক জ্যোতি প্ৰসাদ আগৰৱালাই "মাত" নথকা চিনেমা খনৰ চৰিত্ৰক ডাবিং পদ্ধতিৰে "মাত" দিছিল। এয়া একাংশই ডাবিং বুলি কোৱাৰ বিপৰীতে আন একাংশই "আধুনিক অৰ্থত সম্পূৰ্ণ ডাবিং নহয় বৰং টেকনিকেল সংশোধন" বুলি ক'ব বিছাৰে।
এতিয়া নিশ্চয় এনেদৰে ক'ব পাৰোঁ, এনেদৰে ক'লে তথ্যগত ভুল থাকিব বুলি নাভাবো--
আলম-আৰা → Sound revolution
কালিদাস → Language experiment
জয়মতী→ Early dubbing experiment
(তথ্য ভুল থাকিব পাৰে। সম্পাদনা কৰা নাই। লিখি আছোঁ)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন