অসমীয়া চিনেমাৰ প্ৰচাৰ কেনদৰে চলিছিল, আজিৰ তাৰিখত কেনেদৰে চলে? --এই প্ৰশ্নৰ উত্তৰৰ সন্ধান কৰিলে আন এটা "প্ৰশ্ন"হে পোৱা যায়। প্ৰকৃতাৰ্থত অসমীয়া চিনেমাৰ প্ৰযোজক-পৰিচালকে "প্ৰচাৰ পৰিকল্পনা" দিশটোত গুৰুত্ব দিয়ে জানো! চিনেমা এখনত যেনেদৰে সংগীত পৰিচালক, চিত্ৰগ্ৰহণকাৰী ইত্যাদি থাকে, তেনেদৰে প্ৰচাৰ পৰিকল্পনাকাৰী থাকিব লাগে। কিন্তু অসমীয়া চিনেমাত প্ৰকৃত প্ৰচাৰ পৰিকল্পনাকাৰী নাথাকে। বিষয়টোত গুৰুত্ব নিদিয়ে। এনেদৰেও ক'ব পাৰি-- অসমীয়া চিনেমা নিৰ্মাতাৰ "শুদ্ধ প্ৰচাৰ পৰিকল্পনা" ধাৰণা নাই।
প্ৰথম খন অসমীয় চিনেমা "জয়মতী"ৰ (১৯৩৫) পৰা "স্মৃতিৰ পৰশ" (১৯৫৬) আগলৈকে কাকত-আলোচনীত "খবৰ" ছপোৱা আৰু পোষ্টাৰ চপাই বিভিন্ন স্থানত লগোৱাৰ বাহিৰ আন প্ৰচাৰ-চিন্তা কৰা নাছিল। (উৎস: লেখক-অভিনেতা দিলীপ কুমাৰ হাজৰিকাৰ সাক্ষাৎকাৰ/ "নতুন সময়" ১৭ জুন ২০০২)
আমি বুজা হ'বৰে পৰা দেখি আহিছোঁ-- কাকত আলোচনীত ছপা হোৱা "চিনেমাৰ খবৰ"-শ্বুটিং ৰিপ'ৰ্ট", বিজ্ঞাপন আৰু বাটে-ঘাটে, নিৰ্দিষ্ট চিত্ৰগৃহৰ সন্মুখত লগোৱা পোষ্টাৰ। "প্ৰচাৰ" বুলিবলৈ ততকৈ বেছি কিবা কৰিছিল বুলি নাজানো।
১৯৯৩-৯৪ চনৰ পৰা ২০০৮-১০ চনলৈ পোষ্টাৰ আৰু ছপা মাধ্যমেত ছপোৱা গতানুগতিক "খবৰ" বাহিৰে বিশেষ "প্ৰচাৰ কৌশল" দেখা নাছিলোঁ। (লিখি আছোঁ)
কোন মন্তব্য নেই:
একটি মন্তব্য পোস্ট করুন