"চাইকেলৰ টিলিঙা হৈ
সময়ে সকিয়াব
নিউটনৰ দিহাটি লৈ
ঠেলিলে চলি যাব…"
—গীতটোৰ প্ৰথম চাৰিটা শাৰী। "আৱেগ" প্ৰকাশ। চিনেমা (উপন্যাস খনত পঢ়া, পৰিচালকৰ সৈতে কথা পাতি অনুভৱ কৰা) খনৰ কাহিনী-ৰেখা মনত ৰাখি এনেদৰে ক'ব পাৰোঁ: "চাইকেলৰ টিলিঙা..."-- দৈনন্দিন, সৰল শব্দচিহ্ন। স্পষ্ট-- সময়ৰ আগমনৰ সংকেত। চিনেমাখনত সন্তনু বৰুৱাৰ দূৰত্বত থকা জীৱন— এই "সকিয়নি"ৰ দৰে; "সময়" আগবাঢ়ে! এই "সময়ে"তে পৰিয়ালৈ জটিল সমস্যা আহে। ("temporal consciousness" স্পষ্ট।)
"জীৱনৰ চকা ঘুৰিব
হেপাহৰ বাটত…" ("Narrative Compression device" প্ৰতিষ্ঠা।)
পিতৃ সন্তনুৰ সংগ্ৰাম, পুত্ৰ পাৰ্থৰ অবক্ষয়, পৰিয়ালৰ ভাঙোন-- এই "চকা"ৰ গতিৰ মাজতেই স্পষ্ট।
পাৰ্থৰ বিপথগামিতা, তাৰ অন্তৰ্নিহিত শূন্যতা-- "হেপাহৰ বাট"ৰেই অপ্ৰাৰ্থিত অধ্যয়।
"এহাতৰ খালী মোনা খন
দুহাতে লব…" --গীতটোৰ কেন্দ্ৰীয় ৰূপক।
-- পিতৃৰ অনুপস্থিতিত পৰিয়ালৰ দায়িত্ব পাৰ্থই ল'ব! পিতৃৰ আকাংক্ষা! কিন্তু ৰূপালী গল্পটোত পিতৃৰ এই পূৰণ সহজ নহয়; পাৰ্থৰ সহিংস আচৰণে পিতৃৰ মনৰ শূন্যতাক আৰু গভীৰ কৰি তোলে।
"সৌৰজগতৰ ভাল বেয়া ভাবিস্থল যে সময় এইয়া
অজ্ঞতাৰ এন্ধাৰ দ কুঁৱাৰ
বাহিৰত আছে
পোহৰৰ এখন পৃথিৱী…" (সংঘাত আৰু আত্ম-অনুসন্ধান স্পষ্ট)
পাৰ্থৰ হিংসা, মাক-ভনীয়েকৰ ওপৰত অত্যাচাৰ-- "অজ্ঞতাৰ এন্ধাৰ কুঁৱা"। কিন্তু এই অন্ধকাৰত শেষ নহয়। পোহৰ বাট আছে।
[পোহৰে কাহিনীৰ নৈতিক প্ৰশ্নসমূহ উন্মোচন কৰিব! বিশেষকৈ আৰক্ষীৰ তদন্তৰ সময়ত।]
"সহানুভূতিযে তৰে য'ত আকাশ
আৱেগৰ টোপোলা হৈ
ন মাহেই মাথোঁ নহয়
প্ৰসৱৰ যাতনা লৈ
হাঁহিবোৰ তুমি তনয়... (মাতৃত্ব, শৰীৰ আৰু মনৰ একেলগ যন্ত্ৰণা, সহানুভূতিৰ নৈতিকতা)
--এই শাৰী কেইটাই বেছিকৈ চুই গৈছে।
"আকাশ"-- নৈতিক, মানৱিক পৰিসৰ।
"সহানুভূতিযে তৰে"-- এই জীৱন বাটত টিকি থাকিবলৈ সহানুভূতিহে মূলমন্ত্ৰ।
ৰূপালী গল্পটোত পাৰ্থৰ সহিংসতা এই "সহানুভূতিৰ আকাশ"ৰ সম্পূৰ্ণ বিপৰীত। এই খিনিতে গীতিকাৰে "নৈতিক বৈপৰীত্য" নিৰ্মাণ কৰিছে। "কি হোৱা উচিত! কি হৈ আছে!"
আৰু "আৱেগ"!
আৱেগ মুক্ত নহয়, সঞ্চিত যন্ত্ৰণা।
"ন মাহ"ৰে যাতনা নহয়, মাতৃত্ব-- নিৰন্তৰ যন্ত্ৰণা! যন্ত্ৰণাৰ মাজত মৰম, "হাঁহিবোৰ তুমি"-- মাকৰ বাবে সুখৰ উৎস।
"ক্রমজম কদাপি নহয়
চিনাকি কাৰো
বিবেকৰ অনুমতি লৈ স্বাধীন
চেতনা হব…" (ৰূপালী গল্পটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দাৰ্শনিক বিন্দু।)
ৰক্ত-সম্পৰ্ক যথেষ্ট নহয়। পাৰ্থ সন্তনুৰ সন্তান। কিন্তু পাৰ্থৰ আচৰণ দেউতাকৰ বাবে, পৰিয়ালৰ বাবে গ্ৰহণযোগ্য নহয়। অস্বীকাৰ কৰে। পিতৃৰ ভয়ংকৰ সিদ্ধান্ত-- নিজৰ পৰিয়ালক নিজৰেই তেজৰ পৰা ৰক্ষা কৰাৰ, নৈতিকভাৱে বুজোৱাৰ।
"এদিন
বুজিব
এদিন
সিও যুজিব
এদিন
জীৱন ফুলিব..." (পুনৰাবৃত্তি, আশা)
এই পুনৰাবৃত্তি মূল বিষয়বস্তু। কাহিনী-ৰেখাৰ প্ৰথম বিন্দুৰ পৰা শেষ বিন্দুলৈ বিস্তৃত। স্পষ্ট-- পাছলৈ ঠেলি দিয়া আশা!
পাৰ্থৰ জীৱন, পৰিয়ালৰ যন্ত্ৰণা, পিতৃৰ সিদ্ধান্ত-- এই সকলোবোৰৰ মাজতো "গীত"টোৱে কয়, "এদিন জীৱন ফুলিব"। বুজাবুজি, মুক্তি সম্ভৱ!
--গীতটো এনেদৰে ব্যাখ্যা কৰিব পাৰোঁ, "Diegetic narrator/Philosophical commentary/Emotional spine.
(অসম্পাদিত/ লিখি আছোঁ)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন