বৃহস্পতিবার, ১৮ জুন, ২০২৬

চিনেমাত ফুটবল

চিনেমাৰ বিষয়: ফুটবল।
বিষয়টো চৰ্চালৈ আহিলেই প্ৰথমে মনলৈ আহে--   "এস্কেপ টু ভিক্টৰি" ( #EscapetoVictory)। জন হিউষ্টনৰ পৰিচালনা। ১৯৮১ চনত চিত্ৰগৃহত মুক্তি পোৱা চিনেমা। 
দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত নিৰ্মিত চিনেমা খনৰ আকৰ্ষণ-- চিলভেষ্টাৰ ষ্টেলন আৰু মাইকেল কেইনৰ দৰে হলিউডৰ শীৰ্ষ অভিনেতাৰ লগতে ফুটবল সম্ৰাট পেলে আৰু ববী মূৰৰ দৰে কিংবদন্তী ফুটবলাৰে একেলগে অভিনয় কৰিছিল। 
চিনেমা খনৰ কাহিনী-ৰেখা  জাৰ্মান নাজী বাহিনীৰ এটা যুদ্ধবন্দী শিবিৰত আবদ্ধ মিত্ৰশক্তিৰ সৈনিকসকলক কেন্দ্ৰ কৰি আগবাঢ়ে। বন্দীসকলৰ মাজত বহুজন দক্ষ ফুটবল খেলুৱৈও আছিল।
এদিন নাজী জাৰ্মান বিষয়াসকলে নিজৰ শ্ৰেষ্ঠত্ব আৰু প্ৰচাৰমূলক শক্তি বিশ্বৰ আগত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে জাৰ্মানীৰ ৰাষ্ট্ৰীয় ফুটবল দল আৰু যুদ্ধবন্দীসকলৰ এটা সংমিশ্ৰিত দলৰ মাজত এখন প্ৰদৰ্শনীমূলক ফুটবল খেলৰ আয়োজন কৰে। ব্ৰিটিছ কেপ্তেইন জন ক’লবিৰ নেতৃত্বত বন্দীসকলৰ দলটো গঠন কৰা হয়। বিভিন্ন দেশৰ দক্ষ খেলুৱৈসকল এই দলত অন্তৰ্ভুক্ত হয়।
এই খেলৰ আয়োজনক বন্দীসকলৰ বাবে এক সুবৰ্ণ সুযোগ হিচাপে গণ্য কৰা হয়। আমেৰিকান সৈনিক ৰবাৰ্ট হেচ আৰু আন বন্দীসকলে ফ্ৰান্সৰ প্ৰতিৰোধ বাহিনীৰ সহায়ত খেলখনৰ সময়তে পলাই যোৱাৰ এক গোপন পৰিকল্পনা প্ৰস্তুত কৰে। পেৰিছৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ বিৰতিৰ সময়ত ড্ৰেছিং ৰুমৰ তলৰ এটা গোপন সুৰংগ ব্যৱহাৰ কৰি পলায়ন কৰাৰ ব্যৱস্থা কৰা হয়।
খেল আৰম্ভ হোৱাৰ পিছত জাৰ্মান দল আৰু ৰেফাৰীৰ পক্ষপাতিত্বমূলক সিদ্ধান্তৰ ফলত বন্দীসকলৰ দলটো প্ৰথমাৰ্ধৰ শেষত ৪-১ গ’লত পিছপৰি থাকে। বিৰতিৰ সময়ত যেতিয়া পলাই যোৱাৰ সকলো পথ মুকলি হয়, তেতিয়া খেলুৱৈসকলৰ মাজত এক নতুন মানসিকতাৰ জন্ম হয়। তেওঁলোকে উপলব্ধি কৰে যে পলাই যোৱাতকৈ মৈদানতে জাৰ্মানসকলৰ সন্মুখত নিজৰ সামৰ্থ্য, সাহস আৰু আত্মসম্মানৰ পৰিচয় দিয়াটোৱেই অধিক গুৰুত্বপূৰ্ণ।
ফলত দলটোৱে পলায়নৰ সুযোগ ত্যাগ কৰি পুনৰ খেলপথাৰত নামি অসাধাৰণ প্ৰত্যাৱৰ্তন ঘটায়। দ্বিতীয়াৰ্ধত তেওঁলোকে একেৰাহে গ’ল শোধ কৰি খেলখন সমতালৈ আনে। বিশেষকৈ লুইছ ফাৰ্নাণ্ডেছৰ অনবদ্য বাইচাইকেল কিকে দৰ্শকক মুগ্ধ কৰে। অন্তিম মুহূৰ্তত গ’লৰক্ষক ৰবাৰ্ট হেচে এটা গুৰুত্বপূৰ্ণ পেনাল্টী ৰক্ষা কৰি দলটোক খেলখনত জীয়াই ৰাখে।
অৱশেষত খেলখন ৪-৪ গ’লত ড্ৰ’ হয়। এই ফলাফলে ষ্টেডিয়ামত উপস্থিত হাজাৰ হাজাৰ ফৰাচী দৰ্শকৰ মাজত তীব্ৰ উল্লাসৰ সৃষ্টি কৰে। উত্তেজিত দৰ্শকসকল মৈদানত সোমাই পৰাত এক বিশৃংখল পৰিস্থিতিৰ উদ্ভৱ হয়। সেই বিশৃংখলতাৰ সুযোগ লৈ যুদ্ধবন্দী খেলুৱৈসকলে জনসমুদ্ৰৰ মাজেৰে সফলতাৰে পলায়ন কৰি স্বাধীনতাৰ পথ বিচাৰি লয়।
ফুটবল, সাহস, আত্মসম্মান আৰু স্বাধীনতাৰ আকাংক্ষাক একেলগে সন্নিবিষ্ট কৰা "এস্কেপ টু ভিক্টৰি"-- এখন উচ্চ মানৰ ক্ৰীড়াভিত্তিক চিনেমা, যুদ্ধৰ অমানৱিকতাৰ বিপৰীতে মানৱিক স্পৃহা আৰু মুক্তিৰ আকাংক্ষাৰ শক্তিশালী কাহিনীৰ চিনেমা।

 || সমালোচকৰ দৃষ্টিত... ||
চিনেমা খনক লৈ  সমালোচক সকলে সেই সময়ত উংসাহ অনুভৱ কৰা নাছিল। কিন্তু সময়ৰ লগে লগে ছবিখনে এক বিশেষ cult status অৰ্জন কৰে, বিশেষকৈ ফুটবলপ্ৰেমী আৰু ক্ৰীড়াভিত্তিক চিনেমাৰ অনুৰাগীসকলৰ মাজত।
সমালোচকসকলৰ মতে, চিনেমা খনৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে ইয়াৰ ধাৰণা (concept)। যুদ্ধবন্দী, নাজী জাৰ্মানী, ফুটবল আৰু পলায়নৰ কাহিনী --এই চাৰিটা উপাদানক একেলগে সংযোগ কৰাৰ চিন্তাধাৰা যথেষ্ট অভিনৱ আছিল। বিশেষকৈ ফুটবল খেলখনক কেৱল ক্ৰীড়া প্ৰতিযোগিতা হিচাপে নহয়, বৰঞ্চ স্বাধীনতা, আত্মমৰ্যাদা আৰু প্ৰতিবাদৰ প্ৰতীক হিচাপে উপস্থাপন কৰাটো বহু সমালোচকে প্ৰশংসা কৰিছে।
আনহাতে, চিনেমা খনৰ কাহিনী-চিত্ৰনাট্যক লৈ আপত্তি উত্থাপন হৈছিল। বহু সমালোচকৰ মতে, কাহিনীৰ কিছু অংশ অত্যধিক নাটকীয় আৰু বাস্তৱতাৰ পৰা আঁতৰত। বিশেষকৈ বন্দীসকলৰ পলায়নৰ পৰিকল্পনা আৰু খেলখনৰ শেষাংশত দেখা দিয়া ঘটনাবোৰ যথেষ্ট "হলিউডীয়" আৰু আবেগ-নিৰ্ভৰ বুলি ধৰা হয়। যুদ্ধৰ কঠোৰ বাস্তৱতাক চিনেমা খনে বহু ক্ষেত্ৰত ৰোমাঞ্চকৰ ক্ৰীড়া-নাটকলৈ ৰূপান্তৰিত কৰিছে বুলিও মত প্ৰকাশ কৰা হৈছে।
অভিনয়ৰ ক্ষেত্ৰত মাইকেল কেইনৰ অভিনয় সাধাৰণতে প্ৰশংসিত। কিন্তু ছিলভেষ্টাৰ ষ্টেলনক ফুটবল খেলুৱৈ আৰু গ’লৰক্ষক হিচাপে বিশ্বাসযোগ্য কৰি তোলাত  সম্পূৰ্ণ সফল হোৱা নাই বুলি বহু সমালোচকে মন্তব্য কৰিছে। অৱশ্যে ষ্টেলনৰ উপস্থিতিয়ে চিনেমা খনক আন্তঃৰাষ্ট্ৰীয় বজাৰত জনপ্ৰিয়তা লাভ কৰাত সহায় কৰিছিল।
বহু সমালোচকৰ মতে, চিনেমা খনৰ আটাইতকৈ স্মৰণীয় দৃশ্যসমূহ অভিনয়তকৈ ফুটবলৰ মুহূৰ্ত বোৰহে। 
আজিৰ দৃষ্টিৰে চালে, "এস্কেপ টু ভিক্টৰি" হয়তো নিখুঁত যুদ্ধ-চিনেমা নহয়, আনকি নিখুঁত ক্ৰীড়া-চিনেমাও নহয়। কিন্তু যুদ্ধ, ক্ৰীড়া আৰু মানৱিক স্পৃহাৰ এক আকৰ্ষণীয় সংমিশ্ৰণ হিচাপে আজিও এক সুকীয়া স্থান অধিকাৰ কৰি আছে। বিশেষকৈ ফুটবল ইতিহাসৰ কিংবদন্তীসকলক একেলগে ৰূপালী পৰ্দাত দেখুওৱাৰ বাবে চিনেমা খন আজিও এক বিশেষ সাংস্কৃতিক দলিল হিচাপে বিবেচিত হয়।
[দুই]
আধুনিক ফুটবল-চিনেমাৰ ভিতৰত "বেন্ড ইট লাইক বেকহ্যাম" (#BendItLikeBeckham) বিশেষভাৱে উল্লেখযোগ্য। এগৰাকী ভাৰতীয়-মূলৰ ব্ৰিটিছ কিশোৰীৰ ফুটবলাৰ হোৱাৰ সপোনক কেন্দ্ৰ কৰি গঢ়ি উঠা এই চিনেমা খন খেলৰ সীমা অতিক্ৰম কৰি লিংগ বৈষম্য, পৰিয়ালিক মূল্যবোধ আৰু সাংস্কৃতিক পৰিচয়ৰ প্ৰশ্নকো উত্থাপন কৰিছে। চিনেমা খনত দেখুৱাইছে ফুটবল কেৱল পুৰুষৰ খেল নহয়; সপোন দেখিবলৈ সাহস কৰা ছোৱালীৰো খেল।
গুৰিন্দৰ চাধাৰ পৰিচালনাৰে নিৰ্মিত এই চিনেমা খন  গভীৰভাৱে পৰ্যবেক্ষণ কৰিলে বুজা যায়-- মূল বিষয় ফুটবল নহয়; ফুটবল ইয়াৰ কাহিনীক আগবঢ়াই নিয়াৰ এক মাধ্যমহে। আচলতে এয়া এগৰাকী প্ৰবাসী ভাৰতীয় পঞ্জাবী ছোৱালীৰ আত্মপৰিচয়, স্বাধীনতা আৰু সপোন পূৰণৰ সংগ্ৰামৰ কাহিনী।
লণ্ডনৰ হাউনছলো অঞ্চলত বসবাস কৰা জেছমিন্দৰ "জেছ" ভামৰা এজনী ব্ৰিটিছ-ভাৰতীয় পঞ্জাবী শিখ পৰিয়ালৰ কন্যা। তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ আবেগ ফুটবল। বিশ্ববিখ্যাত ফুটবলাৰৰ খেলত অনুপ্ৰাণিত জেছে সপোন দেখে পেছাদাৰী ফুটবলাৰ হোৱাৰ। কিন্তু পৰিয়ালৰ দৃষ্টিত ছোৱালীৰ বাবে এই পথ উপযুক্ত নহয়। মাক-দেউতাকৰ আশা-- জেছে পঢ়া-শুনাত মন দি পৰম্পৰাগত জীৱনধাৰাকেই অনুসৰণ কৰিব।
এই সময়তে স্থানীয় মহিলা ফুটবল দলৰ খেলুৱৈ জুলছ পেক্সটনে জেছৰ প্ৰতিভা লক্ষ্য কৰে আৰু দলত যোগদানৰ সুযোগ দিয়ে। জুলছৰ উৎসাহ আৰু দলটোৰ প্ৰশিক্ষক জ'ৰ সমৰ্থনত জেছে নিজৰ সপোনৰ দিশে আগবাঢ়িবলৈ আৰম্ভ কৰে। কিন্তু পৰিয়ালৰ অনুমতি নথকাত তেওঁ গোপনে অনুশীলন আৰু খেলত অংশ ল’বলৈ বাধ্য হয়।
কাহিনী-ৰেখা আগবাঢ়ি যোৱাৰ লগে লগে জেছৰ ব্যক্তিগত সপোন আৰু পাৰিবাৰিক মূল্যবোধৰ সংঘাত তীব্ৰ হৈ উঠে। জাৰ্মানীত অনুষ্ঠিত এখন খেলৰ সময়ত সংঘটিত কিছুমান ঘটনাৰ ফলত তেওঁৰ গোপনীয়তা ফাদিল হয় আৰু পৰিয়ালে ফুটবল খেলাত বাধা আৰোপ কৰে। কিন্তু এই সংঘাতৰ মাজতেই চিনেমা খনত কেতবোৰ গুৰুত্বপূৰ্ণ সামাজিক আৰু সাংস্কৃতিক প্ৰশ্ন উত্থাপন কৰে।
জেছৰ দেউতাকৰ চৰিত্ৰটো বিশেষভাৱে উল্লেখযোগ্য। প্ৰথম দৃষ্টিত তেওঁ যেন জেছৰ সপোনৰ আটাইতকৈ ডাঙৰ বাধা। কিন্তু কাহিনীৰ গভীৰলৈ গ'লে বুজা যায় যে তেওঁ আচলতে নিজৰ অতীতৰ অভিজ্ঞতাৰ বন্দী। ভাৰতীয় হোৱাৰ বাবে এসময়ত তেওঁ বৰ্ণবৈষম্য আৰু অপমানৰ সন্মুখীন হৈছিল। সেই কাৰণেই তেওঁ ছোৱালীজনীকো একেধৰণৰ কষ্টৰ পৰা আঁতৰাই ৰাখিবলৈ বিচাৰে। ফলত চিনেমা খনত  পিতৃ-পুত্ৰীৰ সংঘাতৰ অন্তৰালত এক বেদনাদায়ক অতীতৰ ছাঁ স্পষ্ট হৈ উঠে।
একেদৰে জুলছৰ কাহিনীটোৱে চিনেমা খন অধিক বিস্তৃত তাৎপৰ্য প্ৰদান কৰে। জেছৰ সমস্যা সাংস্কৃতিক পৰম্পৰাৰ সৈতে জড়িত হ’লেও জুলছৰ সমস্যা পশ্চিমীয়া সমাজৰ আন এক ধৰণৰ পূৰ্বধাৰণাৰ সৈতে সম্পৰ্কিত। ফুটবল খেলাৰ বাবে জুলছক বহু সময়ত "ছোৱালীসুলভ নহয়" বুলি ধৰা হয়। অৰ্থাৎ চিনেমা খনে পূব আৰু পশ্চিম-- দুয়ো খন সমাজৰ লিংগ-সংক্ৰান্ত ধাৰণাক প্ৰশ্নৰ সন্মুখীন কৰিছে।
চিনেমা খনত সমকামিতা সম্পৰ্কীয় উপ-কাহিনী এটাও আছে। জুলছ আৰু জেছৰ বন্ধুত্বক লৈ জুলছৰ মাকৰ ভুল ধাৰণা আৰু জেছৰ বন্ধু টনিৰ সমকামী পৰিচয়-- এই দুয়োটা দিশে সেই সময়ৰ মূলধাৰাৰ চিনেমাত এক তুলনামূলকভাৱে সাহসী আলোচনাৰ সূচনা কৰিছিল।
কাহিনীৰ চূড়ান্ত পৰ্যায়ত ফুটবল লীগৰ ফাইনেল খেলখন আৰু জেছৰ ভনীয়েকৰ বিয়া একেদিনাই পৰে। পৰিয়ালৰ দায়িত্ব আৰু ব্যক্তিগত সপোনৰ মাজত দোদুল্যমান জেছক শেষ মুহূৰ্তত দেউতাকে খেলপথাৰলৈ যাবলৈ উৎসাহিত কৰে। এই মুহূৰ্তটো চিনেমা খনৰ আৱেগিক শিখৰ। এই ছিকুৱেন্সটোত কেৱল এগৰাকী ছোৱালীৰ বিজয় নহয়; এগৰাকী পিতৃৰ মানসিক মুক্তিও প্ৰতিফলিত হয়।
খেলখনত সফলতাৰ পাছত জেছ আৰু জুলছে আমেৰিকাৰ ছাণ্টা ক্লাৰা বিশ্ববিদ্যালয়ত ক্ৰীড়া-বৃত্তিৰ সুযোগ লাভ কৰে। পৰিয়ালৰ সমৰ্থন আৰু আত্মবিশ্বাসক সঙ্গী কৰি জেছে নতুন জীৱনৰ দিশে যাত্ৰা আৰম্ভ কৰে।
সমালোচকৰ দৃষ্টিত-- ‘বেণ্ড ইট লাইক বেকহাম’ কেৱল এখন ক্ৰীড়াভিত্তিক ছবি নহয়।  ‘Coming of Age’ কাহিনী, য’ত এগৰাকী যুৱতীয়ে নিজৰ সত্তা, নিজৰ কণ্ঠস্বৰ আৰু নিজৰ সপোনক স্বীকৃতি আদায় কৰে। ফুটবল ইয়াত লক্ষ্য নহয়; লক্ষ্য হৈছে আত্মপ্ৰতিষ্ঠা।

কোন মন্তব্য নেই:

একটি মন্তব্য পোস্ট করুন