তৰালিৰ গীত। তৰালিৰ সাংগীতিক অনুভৱ-- মাতিলেই নামি অহা জোনাক... ('ডেউকা' এটি ...)।
তৰালিৰ এই সাংগীতিক অনুভৱে 'ডেউকা' মেলি সংগীত ৰসিকৰ ওচৰলৈ আহিব ২৪ নবেম্বৰ,২০২১ত। তৰালিৰ গীত। তৰালিৰ সাংগীতিক অনুভৱ-- মাতিলেই নামি অহা জোনাক... ('ডেউকা' এটি ...)।তৰালিৰ এই সাংগীতিক অনুভৱে 'ডেউকা' মেলি সংগীত ৰসিকৰ ওচৰলৈ আহিব ২৪ নবেম্বৰ,২০২১ত।
স্বাভাবিকতে মনলৈ আহিছিল -- তৰালিয়ে সংগীত অনুভৱ কৰিছিল কেতিয়াৰ পৰা?
(| এখন গ্ৰন্থৰ খচৰা /২ ||
মোৰ প্ৰশ্ন আছিল -- সংগীত কেতিয়াৰ পৰা অনুভৱ কৰিছিলা ?)
তৰালি শৰ্মা : গানবোৰ অথবা সুৰবোৰ যে ক’ৰবাত চুই যোৱা ধৰণৰ অনুভৱ এটা হোৱাৰ পৰাই ইয়াৰ আৰম্ভণি। পার্বতী প্রসাদ বৰুৱাৰ “তোমাৰ প্রেমৰ ভোগজৰাটি”, “তোৰ নাই যে বন্ধোৱা বাট”, “জোনাক জোনাক শীতল জোনাক” এই গীতবোৰ লাহে লাহে বুকুৰ ক’ৰবাত লগা হ’ল, বাৰে বাৰে ৰিৱাইণ্ড কৰি শুনিব মন যোৱাকৈ। সৰু থাকোতে নেপালী চেন্টাৰ খুউব শুনিছিলো। ৰেডিঅ’ শুনাতো মোৰ চখ আছিল। ৰেডিঅ’টোৰ গীতবোৰ যেতিয়া শুনো, শুনিয়েই থাকো। পাছলৈ এনেকোৱা হৈ গৈছিল যে কোনটোৰ পিছত কোনটো গীত দিব আগতীয়াকৈ জনা হৈ গৈছিলো। আৰু সেই গীতবোৰেও এনেকুৱাকৈ চুই গৈছিল যে সংগীতৰ প্রতি থকা প্রেম এটাই ক’ব নোৱাৰাকৈ ক্রমান্বয়ে ঠাই লৈছিল, বুকুত। থাউকতে মনত পৰাকৈ এই যে দিলীপ দাসৰ কণ্ঠৰ “ৰ’দ পাই ৰঙা হ’ল সোৱাদ সুমথিৰা” গীতটো- ক’ৰবাত কথাখিনি যেতিয়া ব’হাগৰ বতৰত গধূলি সময়ত দূৰৰ পৰা ভাঁহি আহে- সেই বতাহ, সেই আকাশখন, সেই বিহু বিহু গাত লগাকৈ অহা পৰিৱেশটো.. মানে সেই অনুভৱবোৰ... পাঁচোটা ইন্দ্রিয় সক্রিয় হৈ এটা সময়ত একমুখী হৈ পৰিছিল গানবোৰ শুনি শুনি।
বৰগীতৰ ক্ষেত্রতো তেনেকুৱা। মই শিকা প্রথম বৰগীতটি দেউতাই প্রথম গাই শুনাইছিল। গীতটো আছিল শ্রীমন্ত শংকৰদেৱ বিৰচিত “প্রাণনাথ নকৰা বঞ্চিত”। বৰগীতটো প্রথম শুনাৰ লগে লগে- ক’ৰবাত যে কিবাকে খুন্দিয়াই যায়, মানে সেই আৱেগবোৰ- ভৰাই তুলিছিল বুকুখন। বা হিন্দীগীতৰ কথাবোৰো সেই চতুর্থ-পঞ্চম শ্রেণীত পঢ়ি থকা সময়ত বুজা নাছিলো, কিন্তু সুৰবোৰে ইমান চুই যায়.. শুনাৰ সময়ত মনটোৱে যেনেকৈ আচৰণ কৰে, লগতে মোৰ চেতনায়ো একেধৰণেই আচৰণ কৰিছিল। মই ভাৱো-তেনে ধৰণেই আৰম্ভ হৈছিল সংগীত বুজাৰ কথাটো বা সংগীত অনুভৱ কৰাতো। মানে সংগীতৰ সাতটা স্বৰ মাত্র গোৱাৰ বাবেই নহয় বা ৰেৱাজৰ বাবেই নহয়, সাধনাৰ আন এটা দিশ হৈছে অনুভৱ কৰাটো। কিবা এটা গান শুনি গোটেই ৰাতিটো বিষাদময় হৈ যায়, বা ক’ৰবাত ভাগিয়েই পৰো জীৱনটো অসাৰ বুলি।কাৰণ গানটোত তেনেকুৱা কথা এটাই কৈছে। কোনোবা এটা গান শুনি এপাক নাচিবলৈও মন যায়, কোনোবা এটা গান শুনি জীৱনটো নতুনকৈ জীয়াবলৈও মন যায়-- হয়তো গানৰ সুৰ বা কথা তেনেধৰণৰ বাবেই। গানৰ এই উপলব্ধিবোৰ যে স্কুলৰ দিনৰ পৰাই, যেতিয়াৰ পৰা বুজা হৈছো, তেতিয়াৰ পৰাই গানবোৰে ক’ব নোৱাৰাকৈ চুবলৈ ধৰিছিল। মানে দেহত এজন মানুহৰ স্পর্শটো যেনেকুৱা-- মোৰ মাৰ স্পর্শটো বা দেউতাৰ স্পর্শ যেনেকুৱা, থিক তেনেকৈ গানবোৰে মোক স্পর্শ কৰিবলৈ ল’লে। সেই স্পর্শবোৰেই এটা সময়ত অনুভৱ হ’লগৈ ছাগে, গম নোপোৱাকৈ.. যিটো অনুভৱত আজিও জীয়াই আছো। সেই অনুভৱৰ কাৰণেই যি নটা ৰস আছে তাক অনুভৱ কৰিব পাৰো; সেই অনুভৱৰ কাৰণেই প্রকৃতিক বিৰাট ভাল পাওঁ; সেই অনুভৱৰ কাৰণেই বতাহ দিলে বেলেগ এটা ভাৱনা বিচাৰি পাওঁ; বৰষুণত তিতিবলৈ, জোনাক চাই উজাগৰী নিশা পাৰ কৰিবলৈ অথবা পাহাৰৰ বুকুত সময় কটাবলৈ ভাল পাওঁ, কিজানি সেই অনুভৱৰ কাৰণেই... সংগীতক তেনেকৈয়ে অনুভৱ কৰো- সাতটা স্বৰৰ মাজত, শব্দৰ মাজত, সুৰৰ মাজত, মনৰ মাজত..
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন