এখন গ্ৰন্থৰ খচৰা / ৩ || মোৰ প্ৰশ্ন : মনত আছেনে কাৰ সংগীতে তোমাক আকৰ্ষণ কৰিছিল?
তৰালি শৰ্মা : আছে, বহুত বেছিকৈ আছে। গুৰু দুজনাৰ সংগীত। পূর্বে উল্লেখ কৰিছোৱেই মই যেতিয়া সৰু আছিলো গীত-পদ, ঘোষা, বৰগীতৰ অর্থ বিশেষ একো বুজি নাপাও, কিন্তু দেউতাই যেতিয়া গায় বা সত্রত যেতিয়া কেৱলীয়া ভকতে পুৱাৰ গীত “তেজৰে কমলাপতি” গায়, কিবা এক অদ্ভুত ধৰণৰ প্রশান্তি বিচাৰি পাও তাত। সেইটোৱেই এক ধৰণে মোক আকর্ষণ কৰিছিল- স্বৰৰ প্রতি, সুৰৰ প্রতি, ভক্তিৰ প্রতি, সাধনাৰ প্রতি। সেয়া আছিল গুৰুদুজনাৰ সংগীতৰ প্রতি প্রথম আকর্ষণ। তাৰ পিছৰ আকর্ষণ হিচাপে জ্যোতিপ্রসাদ-বিষ্ণুপ্রসাদৰ গীতসমূহো সৰুতেই শিকিছিলো। নাম উল্লেখ কৰিব পৰাকৈ এলাহ নলগাকৈ যাৰ গীত বাৰে বাৰে শুনিছিলো বা যি গীতে মোক অত্যন্ত বেছি আকর্ষণ কৰিছিল, সেয়া আছিল পার্বতী প্রসাদৰ গীত। বিশেষকৈ “জোনাক জোনাক শীতল জোনাক”, “তোৰ নাই যে বন্ধোৱা বাট”, “তোমাৰ প্রেমৰ ভোগজৰাটি”, “……..”, “…….” গীত কেইটিয়ে। আৰু দুগৰাকী মান ব্যক্তিৰ কথা মই ক’বই লাগিব। দীপালি বৰঠাকুৰ, হেমলতাৰ মোৰ বৰ প্রিয়। দ্বিতীয়তে যিগৰাকী ব্যক্তিৰ গান শুনি ডাঙৰ হৈছো-লতা মংগেশকাৰ, প্রতি পলে যাৰ গানেৰেই উশাহ-নিশাহ লোৱা বুলি ক’লেও ভুল কোৱা নহ’ব- ইমান বেছি আকর্ষণ মোৰ বাবে তেওঁৰ মাতটো। তেওঁৰ গায়কী, ভাৱ-ভংগী, তেওঁৰ সুৰ, তেওঁৰ ব্যক্তিত্বই মোক ইমান বেছি প্রভাৱিত কৰিছিল যে সেই আকর্ষণ আজি পর্যন্ত একেই আছে।
ভাৰতীয় শাস্ত্রীয় সংগীত যেতিয়া শিকিবলৈ লৈছিলো, তাৰে কেইটিমান ৰাগ যেনে- মালকোস, ভূপালী, পুৰিয়া ধনশ্রী, তৰী আদিয়ে বিশেষভাৱে আকর্ষণ কৰিছিল। আকর্ষণ কৰিছিল কেশৱ মহন্তৰ গীতৰ কথাবোৰে, ভূপেন হাজৰিকাৰ গীতবোৰে। অৱশ্যে ভূপেন হাজৰিকাৰ গীতবোৰ সৰুতে ভাল লাগে বাবে শুনো যদিও তাৰ প্রকৃত তত্ত্ব জনা-বুজা হোৱাৰ পৰাহে বেছিকৈ উপলব্ধি কৰিবলৈ শিকিছো।
অসমৰ বাহিৰৰ সংগীত শিল্পীৰ গীতেও মোক প্রভাৱিত কৰিছিল। ৰবীন্দৰ জৈন আৰু খয়াম-এই দুজন ব্যক্তিয়ে সৃষ্টি কৰা যি সুৰ, সেই সুৰসমূহে বুজাব নোৱাৰাকৈ মোৰ বুকুত চুই গৈছিল সেইসময়ত। দেউতাৰো প্রিয় আছিল দুয়োজন। আচলতে মোৰ এই সংগীত ভালপোৱাৰ আঁৰৰ একো একোটা কাৰণ তেওঁলোক, তেওঁলোকৰ সুৰ, তেওঁলোকৰ সংগীত। ৰবীন্দৰ জৈনৰ সুৰৰ “গৰিয়া ৰে তেৰে আনে চে চজ গয়ী হামৰী টুটি ফুতি নাও”, “গীত গাতা চল”, “আখিয়ৌ কি ঝাৰখোঁ চে” থিক তেনেকৈয়ে খয়ামৰ “নুৰি” আদি গীতবোৰে সংগীতৰ প্রতি জাগি উঠা ভালপোৱা ক্রমান্বয়ে বঢ়াই গৈছিল।
উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে। ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন