সরাসরি প্রধান সামগ্রীতে চলে যান

নিখিলেশ বৰুৱা Nikhilesh Barua

Nikhilesh Baruaনিখিলেশ বৰুৱা । ৭০ দশকতে কলকাতাত (কলিকতা ) হেমন্ত মুখাৰ্জী , মান্না দেৰ দে'ৰ দৰে সংগীত নক্ষত্ৰৰ সৈতে সাংগীতিক সম্পৰ্ক গঢ়িছিল। গীত গোৱাইছিল।নিখিলেশ বৰুৱা আছিল লোক সংগীতৰ শিল্পী , লেখক। গোৱালপৰীয়া লোকগীতৰ সাধক।শিল্পী গৰাকীৰ সৈতে , শিল্পী গৰাকীৰ শিল্প কৰ্মৰ সৈতে মোক চিনাকি কৰি দিছিল সাংবাদিক - সস্পাদক অজিত কুমাৰ ভূঞাই । ২০০৩ চনৰ এটা দিন । শীতৰ পুৱা । আমি অজিত কুমাৰ ভূঞা সম্পাদিত ' আজি 'ৰ উপ সম্পাদক । মহানগৰীৰ ৰাজগড় বিহুতলীৰ ওচৰত ' আজি 'ৰ কাৰ্যালয় । আহিব নালাগিলেও পুৱা ১০ বজাতে কাৰ্যালয় আহিছিলো । সেই দিনাও আহিছলো । কাৰ্যালয়ৰ সমুখত ইটো - সিটো কথা পাতি আছিলো , সম্পাদক ভূঞা ছাৰৰ সৈতে । কিছু কথা আগবঢ়াৰ সময়তে বাটৰুৱা এগৰাকী ছাৰৰ ওচৰতে ৰৈ দিছিল । নমস্কাৰ জনাই শ্ৰদ্ধাত মূৰ দোখোৱা ব্যক্তিত্বক ( বাটৰুৱা গৰাকীক ) সুধিছিল ছাৰে -- ' ভাল নে ? ' ছাৰে মোৰ ফালে চাই কৈছিল -- ' চিনি পোৱা নাই ! নিখিলেশ বৰুৱা ... ।' সেয়াই আছিল প্ৰথম সাক্ষাৎ , সংগীত - লোক সংগীতৰ গৱেষক গৰাকীৰ সৈতে। ছাৰে শিল্পী গৰাকীক কাৰ্যালয়ত বহুৱাইছিল । আমি কিছু সময় , ৪০ - ৪৫ মিনিট কথা পাতিছিলো। আমি ' নিখিলেশ বৰুৱাক ' জানিবলৈ চেষ্টা কৰিছিলো , সংগীতৰ কথা পাতিছিলো । " সংগীত অসমীয়া , ইংৰাজী , গণিত ইত্যাদিৰ দৰে শিক্ষকৰ ওচৰত শিক্ষা লৈ শিকা বিষয় নহয় । গুৰুৰ ওচৰত শিকাৰ প্ৰয়োজন নাই বুলি কব খোজা নাই । জোৰকৈ গুৰু ভোজি সংগীতৰ শিক্ষা লৈ গায়ক - গায়িকা হোৱা এজনৰ নাম কোৱাচোন! মই জানো ,কব নোৱাৰা । সেই গৰাকীয়েহে সংগীত আয়ত্ব কৰিব পাৰে বুলি মোৰ বিশ্বাস , যি গৰাকীৰ সংগীত অনুভৱ কৰাৰ ক্ষমতা আছে । মই সংগীত শিকিছিলো , সংগীতৰ প্ৰতি থকা আগ্ৰহৰ বাবে । গীত গাইছিলো শিকাৰ বহু আগৰে পৰা । " -- নিখিলেশ বৰুৱাই কৈছিল । নিখিলেশ বৰুৱাৰ জন্ম গৌৰীপুৰত, ১৯৩৬ চনত । সংগীতৰ মাজত , গোৱালপৰীয়া লোকসংগীতৰ মাজত । প্ৰতিমা (পাণ্ডে ) বৰুৱাৰ গোৱালপৰীয়া গীতৰ সুৰে স্বাভাবিকতে চুইছিল , আৰু এদিন ডাঙৰ ডাঙৰকৈ গাবলৈ চেষ্টা কৰিছিল -- ' তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে... ' । মুকলি আকাশ, মুকলি পৰিবেশত গোৱা সেই গীত স্বাভাৱিকতে বহুতৰে কানত পৰিছিল , হৃদয়ত ৰৈছিল । আৰু এদিন গাবলৈ বাধ্য হৈছিল মানুহৰ মাজত । " মোৰ বয়স ৬ - ৭ বছৰ । সংগীতৰ অনুষ্ঠান । গীত জনা , গোৱা মানুহো আছে । মোৰ গীত শুনিব । ভয় ভয়কৈ গাইছিলো । এই মুহুৰ্তত মনত পৰা নাই । মনত আছে সেই সময়ৰ সংগীত চৰ্চা কৰা কেইবা জনেও মোক উৎসাহ দিছিল -- গাব পাৰিবি । ' কিন্তু পৰৱৰ্তী সময়ত গোৱাতকৈ চৰ্চাত বেছি সময় খৰচ কৰিছিল , গোৱালপৰীয়া গীতৰ শিপাৰ পৰা পাতলৈ সন্ধানত ব্যস্ত হৈছিল । " গীত গাম বাৰু ! যদি সুৰ নহোৱা হয় ! তেতিয়া মোৰ গীত - সংগীত বুজাৰ বয়স । মই অনুভৱ কৰিছিলো গোৱালপৰীয়া লোক গীতৰ সুৰে ভিন্নৰূপ লবলৈ আৰম্ভ কৰিছে । প্ৰকৃত সুৰৰ চৰ্চাৰ প্ৰয়োজন ! গোৱাতকৈ সুৰ চৰ্চাত ব্যস্ত হ'লো । তেনেকৈয়ে সংগীত পৰিচালনাত ব্যস্ত হ'লো । " -- নিখিলেশ বৰুৱাই কৈছিল । আমাৰ প্ৰশ্ন আছিল : আপোনাক সংগীত পৰিচালক, সুৰকাৰ হিচাবে যিমানে জানে , গায়ক হিচাবে হয়তো সিমান সংখ্যকে নাজানে -- আমাৰ ধাৰনাত । গোৱালপৰীয়া লোকগীতৰ লগতে চড়ক গীত -নৃত্য , কুশান গীত- নৃত্য আদিও চৰ্চা কৰিছিল নিখিলেশ বৰুৱাই । সেই প্ৰথম সাক্ষাততে কৈছিল অসমৰ লোকসংগীত কেন্দ্ৰীক গ্ৰন্থ এখন লিখিব । শিল্পী গৰাকীক দ্বিতীয়বাৰ লগ পোৱাৰ সময়ত ' গ্ৰন্থ " খনৰ পণ্ডুলিপিৰ ৫ টা পৃষ্ঠা দিছিল , আমাৰ অনুৰোধত । সেই গ্ৰন্থ খন সম্পূৰ্ণ হ'ল নে নাই খবৰ নাৰাখিলো । শিল্পী গৰাকীক আমি লগ পাইছিলো ৫ বাৰ । প্ৰতিবাৰেই লগ পাইছিলো ' আজি 'ৰ কাৰ্যালয়তে । অজিত কুমাৰ ভূঞাই ' আজি ' হস্তান্তৰ কৰিছিল । আৰু সেই সময়তে আমি ' আজি ' এৰি ৰূপালী পৰ্দা ডট কমত ব্যস্ত হৈছিলো । তাৰ পিছত অন্যান্য কাকতত। আমি যন্ত্ৰৰ দৰে কামত ব্যস্ত হৈছিলো , আমাৰ কৰ্ম সূচিত কনো ' নিখিলেশ বৰুৱা ' নাছিল। আৰু লগ কৰা নাছিলো , লগ কৰা নহ'ল নিখিলেশ বৰুৱাক । -- " যান্ত্ৰিক সাংবাদিকতা 'ৰ পৰা আঁতৰি আহি আমি কেইটামান কামৰ বাবে সাজু হৈছিলো । তালিকাত থকা ' সংগীতৰত্ন প্ৰভাত শৰ্মা ' ৰ কাম শেষ হোৱাৰ পিছত ' গোৱালপৰীয়া লোক সংগীত , সুধাকণ্ঠ , নিখিলেশ বৰুৱা ' ৰ কাম হাতত লৈছো । ঠিক কৰিছিলো সাংবাদিক - লেখক ৰূপম বৰুৱাৰ পৰা ' নিখিলেশ বৰুৱা'ক আৰু জানিম , শিল্পী গৰাকীক আৰু লগ কৰিম । লগ কৰাৰ বাবে সময় বিছৰাত ৰূপম বৰুৱাই নিৰ্দিষ্ট সময় দিছিল মহানগৰীৰ প্ৰেছ ক্লাবত । যোৱা নহ'ল । ঠিক কৰিছিলো ' গ্ৰন্থ ' খনৰ বাকী কাম শেষ কৰি লগ কৰিম । ৰূপম দাক নিশ্চয় লগ কৰিম । 'গ্ৰন্থ ' খনৰ কামো শেষ কৰিম! কিন্তু পৰিকল্পনা কৰাৰ দৰে কামটো যে নহ'ল , নিখিলেশ বৰুৱাক যে লগ কৰা নহ'ল , সেই দুখ মনত ৰৈ যাব ।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...