সরাসরি প্রধান সামগ্রীতে চলে যান

ৰজত কাপুৰ


ৰজত কাপুৰ । " ৰজত কাপুৰৰ সৈতে বিভ্ৰান্ত হোৱাৰ  অৱকাশ নাই । ৰজত কাপুৰে পৰিচালকক পথভ্ৰষ্ট হোৱাত সহায় নকৰে । ৰজত কাপুৰে হাতে কামে পৰিচালকক কয় -- সপোন নেদেখিবা ! যি কৰাৰ মন কৰিবলৈ সাজু হোৱা , মই আছো ! " -- সেই জনেই ৰজত কাপুৰ । মোৰ সৈতে " মানুহ " জনৰ সম্পৰ্ক নাই । কিন্তু অভিনেতা জনৰ " অভিনয় "ৰ সৈতে ওচৰ সম্পৰ্ক , নিবিড় সম্পৰ্ক ।  -- ৰজত কাপুৰৰ অভিনয় অনুভৱ কৰিছো , ৰজত কাপুৰৰ " কদাখ " চাইছো ।  black comedy  --  "এটি উজ্জ্বল অন্ধকাৰ কৌতুক " ।  অৱশ্যে চৰ্চা হৈছিল " কদাখ "ৰ বুনিয়াদ  আলফ্রেড হিচককৰ   থ্রিলাৰ " ৰোপ"( চিনেমা খন মই চোৱা নাই । ১৯৪৮ চনৰ চিনেমা । " psychological crime thriller ." ৮০ মিনিট দৈৰ্ঘৰ । ) ।  -- ৰজত কাপুৰৰ আন এক পৰিচালনাই মোক চুই গৈছিল , "ৰঘু ৰোমিও "ই । চিত্ৰনাট্য নিজে ৰচনা কৰিছিল ।   ৰঘু ৰোমিও  :  কল্পনাৰ  -  বাস্তৱৰ দূৰত্ব অনুভৱত অক্ষম  এক চৰিত্ৰ । বিজয় ৰাজক লৈ নিৰ্মাণ কৰা  নিম্ন-মধ্যবিত্ত পৰিয়ালৰ  সৰল মনৰ যুৱক । যাৰ সৰলতাক আৱৰি ৰাখিছে  আৱেগে । --  পৰিচালক ৰজত কাপুৰৰ আন কেইখন মান চিনেমা  : তাৰানা ,  Hypnothesis ,  Private Detective: Two Plus Two Plus  , " Mixed Doubles , মিথ্যা  ,  ৰাত গই - বাত গই   , ফ্যাটসো!  ,  আঁখো দেখি । " আঁখো দেখি "ৰ মূল চৰিত্ৰ ৰাজ । অভিনয় কৰিছে সঞ্জয় মিশ্রই । ৰাজে প্ৰতিটো মূহুৰ্তত লৈ ফুৰে  এক নাটকীয় ঘটনা ! অনুভব কৰে সেইটোহে সত্য , যিটো দেখা যায় । আৰু সিদ্ধান্ত লয় , সেইটোহে  কেবল বিশ্বাস কৰিব , যিটো দেখিব !  অদ্ভুত চিন্তাৰ অদ্ভুত ৰূপালী গল্প ! ভাল লগাব পৰা চিনেচিন্তা । -- এই  আৰু কেইবা খনো  ভাল লগাব পৰা পৰিচালনাৰ  পিছতো মোৰ ওচৰত " পৰিচালক ৰজত কাপুৰ "তকৈ " অভিনেতা ৰজত কাপুৰ " বেছি উজ্বল । কম ফুটেজৰ চৰিত্ৰৰেও চিনেমাৰ সৌন্দৰ্য হয় , আভিনয় ক্ষমতাৰে ।  -- ১৯৮৯ চনত বলিউডত খোজ দিয়ে  কুমাৰ ছাহানীৰ " খায়াল গাথা "ৰে । ১০৩ মিনিট দৈৰ্ঘৰ চিনেমা খনত ৰজত কাপুৰৰ অভিনয় " চমক " অৱশ্যেই নাছিল ; " ভবিষ্যতৰ চমক " অনুভৱ কৰিছিল , চিত্ৰৰসিকে ।  পৰবৰ্তী সময়ত অভিনয় কৰা , " ভেজা ফ্ৰাই "  , " দিল চাহতা হ্যায় " , "  ৰঘু ৰোমিও " ,  "মিক্স ডাবলছ " , " ৰণ " আদি প্ৰায় ৫০ খন চিনেমাত অভিনয় কৰিছে ।  ও টি টি প্লেটফৰ্মতো অভিনয় কৰিছে , ১০ খন মান চিনেকৰ্মত ।  ( চিত্ৰনাট্য  লিখিছে ৬  খন চিনেমাৰ । নিৰ্মাণ  কৰিছে ৫ খন চিনেমা । কব পাৰি সম্পূৰ্ণ চিনেমাৰ মানুহ -- ৰজত কাপুৰ । ) চিত্ৰৰসিকৰ বাবে সদায় দুখৰ বিষয় হৈ ৰব -- ৰজত কাপুৰ বলিউডৰ বাবে " কম ফুটেজ"ৰ অভিনেতা হৈ ৰ'ল ! -- এই গৰাকী অভিনেতাই অলপতে এখন অসমীয়া চিনেমাতো অভিনয় কৰিলে । নাম -- " অনুৰ " । পৰিচালক : মঞ্জুল বৰুৱা ।  মঞ্জুলৰ ভাষাত , "  যোৱা বছৰৰ লকডাউনৰ সময়খিনিত মই অনুৰাধা শৰ্মা পুজাৰী বাইদেউৰ এটি চুটি গল্পৰ আধাৰত 'অনুৰ' নামৰ চিনেমা খনৰ চিত্ৰনাট্য লিখাত ব্যস্ত আছিলো। আৰু সেইখনৰ শ্বুটিং মই এইবছৰ জানুৱাৰী মাহত আৰম্ভ কৰি ফ্ৰেব্ৰুৱাৰী মাহত শেষ কৰিলো।  'অনুৰ' চিনেমাখনৰ বৰ্তমান পষ্ট প্ৰডাকচনৰ কাম চলি আছে। "  --  এই  চিনেমা খনৰে এটা মূল চৰিত্ৰত অভিনয় কৰিছে ৰজত কাপুৰে । গতিকে আশা কৰিব পাৰো চিনেমা খনত আভিনেতা গৰিকীৰ " সম্পূৰ্ণ অভিনয় " চোৱাৰ সুযোগ দিব এখন অসমীয়া চিনেমাই । ( " অনুৰ "ৰ চিত্ৰগ্ৰহণৰ সময়ত লোৱা স্থিৰচিত্ৰ খন ৰূপম শইকীয়াৰ )

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...