বলিউডৰ " তৰা " নাছিল ! - কিন্তু ভালেমান ৰূপালী গল্পৰ পোহৰ তেও ! নক্ষত্ৰৰ দৰে অভিনয় চমক দেখিছো " তমছ " , " মাম্মো " ( ১৯৯৪ ত চিত্ৰগৃহলৈ অহা চিনেমা খনৰ ফায়াজী চৰিত্ৰটোই মনত সাঁচ বহুৱাই থৈছে । ) , " ছৰদাৰী বেগম " , " জো বোলে চো নিহাল " , " মিষ্টাৰ এণ্ড মিচেছ আয়াৰ " , " বধাই হো " আদি চিনেমাত । নাম -- সুৰেখা চিক্ৰি । মঞ্চ অভিনেত্ৰী আছিল । অবিভক্ত ভাৰতৰ দিল্লিত ১৯৪৫ চনৰ ১৯ এপ্রিলত জন্ম সুৰখা চিক্ৰিৰ । আলিগড় মুছলিম বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়তে ঠিক কৰিছিল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত " অভিনয় " পঢ়িব । ১৯৭১ চনত এন এছ ডি স্নাতক হোৱাৰ পিছত সুৰেখাই দিল্লীৰ পৰা মুম্বাইলৈ আহিছিল কেবল চিনেমাত অভিনয় কৰিবলৈ । " নাটক মোৰ প্ৰিয় বিষয় । অভিনয়ৰ ভোক গুচাব পাৰি কেৱল মঞ্চত । কিন্তু এদিন মোক নাটকে আমুৱালে । আর্থিক সমস্যাত পৰিছিলো । আৰু সিদ্ধান্ত লৈছিলো চিনেমাত অভিনয় কৰি আৰ্থিক সমস্যাৰ পৰা মুক্ত হবলৈ চেষ্টা কৰিম ! কম দিনৰ ভিতৰতে চিনেমাত অভিনয়ৰ সুযোগ পাইছিলো । -- নাই , নাটক এৰিব পৰা নাছিলো । আৰু মোৰ ভাগ্য ভাল আছিল চিনেমাটো অভিনয়ৰ ভোক গুচাব পৰা চৰিত্ৰত অভিনয়ৰ সুযোগ পাইছিলো । " -- কৈছিল , সুৰেখা চিক্ৰিয়ে । ( সেই দিনটো মোৰ ভালদৰে মনত আছে ! মুম্বাইৰ উপকণ্ঠ চহৰ ডম্বিভলিত ১৯৯৮ চনৰ ডিচেম্বৰৰ এটা শনিবাৰে " জনমদিনম " নামৰ মালায়ালাম চিনেমা এখন প্ৰদৰ্শন হৈছিল । -- মন কৰিছিলো প্ৰতি শনিবাৰে নিৰ্দিষ্ট সেই চিত্ৰগৃহটোত দক্ষিণ ভাৰতীয় চিনেমা প্ৰদৰ্শন হয় । মাজে মাজে আমিয়ো দৰ্শকৰ আসনত বহো । সেই বিশেষ দিনটোতো বহিছিলো । নিৰ্দিষ্ট সময়ত চিনেমা শেষ হৈছিল । ৰূপালী গল্পটো বুজা নাছিলো । সুৰেখা চিক্ৰিৰ অভিনয় উপভোগ কৰিছিলো । সেইদিনা সুৰেখা চিক্ৰিও উপস্থিত আছিল । আৰু " দৰ্শক"ৰ প্ৰশ্নৰ উত্তৰত তেনেদৰে কৈছিল । ) প্ৰথম খন চিনেমা -- " কিচ্ছা কুৰ্ছি কা " । " The film was a satire on the politics of Indira Gandhi and her son Sanjay Gandhi and was banned by the Indian Government during the Emergency period and all prints were confiscated. ' স্বাভাবিকতে চৰ্চাৰ বিষয় হৈছিল । অমৃত নাহতাৰ পৰিচালনা । শাবানা আজমি , ৰাজ কিৰণ , উৎপল দত্ত , ৰেহানা সুলতান আদিৰ লগতে সুৰেখা চিক্ৰিয়ে অভিনয় কৰিছিল । আৰু স্বাভাবিকতে সুৰেখা চিক্ৰিৰ অভিনয়ো চিত্ৰৰসিকৰ চকুত পৰিছিল । ১৯ ৭৮ত আৰম্ভ হোৱা এই চিনেযাত্ৰা ক'ৰ'না সমস্যাৰ বাবে দিবলৈ বাধ্য হোৱা " লকডাউন "লৈ চলি আছিল । " লকডাউন "ৰ বাবে চিনেযাত্ৰা স্থিৰ হৈছিল ! আৰ্তনাদ কৰিছিল অভিনেত্ৰী গৰাকীয়ে । আৰ্তনাদ অনুভৱ কৰিছিলো আন কেইবাখনো কাকত - আলোচনীৰ লগতে " আনন্দ বাজাৰ পত্ৰিকা "ত -- " যদি প্রৌঢ় নেতাৰা কাজ কৰতে পাৰেন, তবে অভিনেতাদেৰ বেলায় নিষেধাজ্ঞা কেন । " ( ৬৫ ঊর্ধ্বৰ অভিনেতা - অভিনেত্ৰীক কাম কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল মহাৰাষ্ট্র চৰকাৰে। এই সিদ্ধান্ত মানি লব পৰা নাছিল সুৰেখা চিক্ৰিয়ে । ) -- চিনেমাৰ কাম নাছিল , নাট্যমঞ্চ বন্ধ হৈছিল । অসহায় অনুভৱ কৰিছিল । আৰ্থিক সমস্যা বাঢ়িছিল । -- শৰিৰ ভাল নাছিল , তথাপি কাম কৰি আৰ্থিক চেপাৰ পৰা মুক্ত হবলৈ ইচ্ছা কৰিছিল । -- ২০১৯ ত মহাবালেশ্বৰত চিনেমা এখনৰ বাবে শ্বট দি থকা সময়ত সুৰেখা চিক্ৰিৰ ব্রেইন ষ্ট্ৰোক হৈছিল । অভিনয়ৰ পৰা বেছ কিছু দিন আতৰি থাকিবলৈ বাধ্য হৈছিল । সুষ্ট হৈ ব্যস্ত হৈছিল জোয়া আখতাৰৰ " ঘোষ্ট ষ্টোৰিজ " । যদি অভিনয়ৰ মাজত থকাৰ সুযোগ পালে হেতেন ! আজি ( ১৬ জুলাই, ২০২১ ) আভিনেত্ৰী গৰাকীৰ মৃত্যুৰ খবৰ চিত্ৰৰসিকে নাপালে হেতেন ! এন ধৰণৰ আৱেগীক চৰ্চাও হৈছে ।
" আনাদী অনন্ত " , " ছেলিম লাংডে পে মাদুৰ ৰো " , " পৰিণীতি " , " নজৰ " " ছোটা বুদ্ধ " , " জুবেইদা " , " দেহম " আদি চিনেমাতো অভিনয় কৰা সুৰেখা চিক্ৰিয়ে তিনিবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে ( চিনেমা : মাম্মো , তমছ ,বধাই হো ) সন্মানিত হৈছিল । আৰু কেইবাটাও বঁটাৰ লগতে হিন্দী নট্যকৰ্মৰ বাবে সংগীত নাটক অকাডমীৰে সন্মানিত হৈছিল ১৯৮৯ত । সৰু পৰ্দাৰ বাবে কৰা অভিনয়ৰ বাবে ভাৰতীয় টেলিভিচন অকাডেমিৰ বঁটা লাভ কৰিছিল । এক থা ৰাজা এক থানি ৰানী , বালিকা বধু বিশেষ ভাবে চৰ্চিত টি ভি ধাৰাবাহিক । -- ধাৰাবাহিক , চিনেমাৰ অভিনয়ৰ কথা মনত ৰাখি কব পাৰি চেহেৰা অভিনয়ৰ অসাধাৰণ প্ৰতিভাৰ আন এক নাম -- সুৰেখা চিক্ৰি । কেতিয়াবা ঘৃণা কৰিব পৰা ক্ৰুৰতা , কেতিয়াব মৰমে চুই যাব পৰা মমতা , কেতিয়াবা বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হোৱা আভিজাত্য স্পষ্ট হয় সেই একে চেহেৰাত , সুৰেখা চিক্ৰিৰ সহজ - সৰল চেহেৰাত । ৰূপালী গল্পৰ এই প্ৰতিতো ৰূপেৰেই চিত্ৰৰসিকক চুই গৈছিল সুৰেখা চিক্ৰিয়ে ।
জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন