সরাসরি প্রধান সামগ্রীতে চলে যান

সুৰেখা চিক্ৰি

বলিউডৰ " তৰা " নাছিল ! - কিন্তু ভালেমান ৰূপালী গল্পৰ পোহৰ তেও ! নক্ষত্ৰৰ দৰে অভিনয় চমক দেখিছো " তমছ " , " মাম্মো " ( ১৯৯৪ ত চিত্ৰগৃহলৈ অহা চিনেমা খনৰ ফায়াজী চৰিত্ৰটোই মনত সাঁচ বহুৱাই থৈছে । ) , " ছৰদাৰী বেগম " , " জো বোলে চো নিহাল " , " মিষ্টাৰ এণ্ড মিচেছ আয়াৰ " , " বধাই হো " আদি চিনেমাত । নাম -- সুৰেখা চিক্ৰি । মঞ্চ অভিনেত্ৰী আছিল । অবিভক্ত ভাৰতৰ দিল্লিত ১৯৪৫ চনৰ ১৯ এপ্রিলত জন্ম সুৰখা চিক্ৰিৰ । আলিগড় মুছলিম বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়তে ঠিক কৰিছিল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত " অভিনয় " পঢ়িব । ১৯৭১ চনত এন এছ ডি স্নাতক হোৱাৰ পিছত সুৰেখাই দিল্লীৰ পৰা মুম্বাইলৈ আহিছিল কেবল চিনেমাত অভিনয় কৰিবলৈ । " নাটক মোৰ প্ৰিয় বিষয় । অভিনয়ৰ ভোক গুচাব পাৰি কেৱল মঞ্চত । কিন্তু এদিন মোক নাটকে আমুৱালে । আর্থিক সমস্যাত পৰিছিলো । আৰু সিদ্ধান্ত লৈছিলো চিনেমাত অভিনয় কৰি আৰ্থিক সমস্যাৰ পৰা মুক্ত হবলৈ চেষ্টা কৰিম ! কম দিনৰ ভিতৰতে চিনেমাত অভিনয়ৰ সুযোগ পাইছিলো । -- নাই , নাটক এৰিব পৰা নাছিলো । আৰু মোৰ ভাগ্য ভাল আছিল চিনেমাটো অভিনয়ৰ ভোক গুচাব পৰা চৰিত্ৰত অভিনয়ৰ সুযোগ পাইছিলো । " -- কৈছিল , সুৰেখা চিক্ৰিয়ে । ( সেই দিনটো মোৰ ভালদৰে মনত আছে ! মুম্বাইৰ উপকণ্ঠ চহৰ ডম্বিভলিত ১৯৯৮ চনৰ ডিচেম্বৰৰ এটা শনিবাৰে " জনমদিনম " নামৰ মালায়ালাম চিনেমা এখন প্ৰদৰ্শন হৈছিল । -- মন কৰিছিলো প্ৰতি শনিবাৰে নিৰ্দিষ্ট সেই চিত্ৰগৃহটোত দক্ষিণ ভাৰতীয় চিনেমা প্ৰদৰ্শন হয় । মাজে মাজে আমিয়ো দৰ্শকৰ আসনত বহো । সেই বিশেষ দিনটোতো বহিছিলো । নিৰ্দিষ্ট সময়ত চিনেমা শেষ হৈছিল । ৰূপালী গল্পটো বুজা নাছিলো । সুৰেখা চিক্ৰিৰ অভিনয় উপভোগ কৰিছিলো । সেইদিনা সুৰেখা চিক্ৰিও উপস্থিত আছিল । আৰু " দৰ্শক"ৰ প্ৰশ্নৰ উত্তৰত তেনেদৰে কৈছিল । ) প্ৰথম খন চিনেমা -- " কিচ্ছা কুৰ্ছি কা " । " The film was a satire on the politics of Indira Gandhi and her son Sanjay Gandhi and was banned by the Indian Government during the Emergency period and all prints were confiscated. ' স্বাভাবিকতে চৰ্চাৰ বিষয় হৈছিল । অমৃত নাহতাৰ পৰিচালনা । শাবানা আজমি , ৰাজ কিৰণ , উৎপল দত্ত , ৰেহানা সুলতান আদিৰ লগতে সুৰেখা চিক্ৰিয়ে অভিনয় কৰিছিল । আৰু স্বাভাবিকতে সুৰেখা চিক্ৰিৰ অভিনয়ো চিত্ৰৰসিকৰ চকুত পৰিছিল । ১৯ ৭৮ত আৰম্ভ হোৱা এই চিনেযাত্ৰা ক'ৰ'না সমস্যাৰ বাবে দিবলৈ বাধ্য হোৱা " লকডাউন "লৈ চলি আছিল । " লকডাউন "ৰ বাবে চিনেযাত্ৰা স্থিৰ হৈছিল ! আৰ্তনাদ কৰিছিল অভিনেত্ৰী গৰাকীয়ে । আৰ্তনাদ অনুভৱ কৰিছিলো আন কেইবাখনো কাকত - আলোচনীৰ লগতে " আনন্দ বাজাৰ পত্ৰিকা "ত -- " যদি প্রৌঢ় নেতাৰা কাজ কৰতে পাৰেন, তবে অভিনেতাদেৰ বেলায় নিষেধাজ্ঞা কেন । " ( ৬৫ ঊর্ধ্বৰ অভিনেতা - অভিনেত্ৰীক কাম কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল মহাৰাষ্ট্র চৰকাৰে। এই সিদ্ধান্ত মানি লব পৰা নাছিল সুৰেখা চিক্ৰিয়ে । ) -- চিনেমাৰ কাম নাছিল , নাট্যমঞ্চ বন্ধ হৈছিল । অসহায় অনুভৱ কৰিছিল । আৰ্থিক সমস্যা বাঢ়িছিল । -- শৰিৰ ভাল নাছিল , তথাপি কাম কৰি আৰ্থিক চেপাৰ পৰা মুক্ত হবলৈ ইচ্ছা কৰিছিল । -- ২০১৯ ত মহাবালেশ্বৰত চিনেমা এখনৰ বাবে শ্বট দি থকা সময়ত সুৰেখা চিক্ৰিৰ ব্রেইন ষ্ট্ৰোক হৈছিল । অভিনয়ৰ পৰা বেছ কিছু দিন আতৰি থাকিবলৈ বাধ্য হৈছিল । সুষ্ট হৈ ব্যস্ত হৈছিল জোয়া আখতাৰৰ " ঘোষ্ট ষ্টোৰিজ " । যদি অভিনয়ৰ মাজত থকাৰ সুযোগ পালে হেতেন ! আজি ( ১৬ জুলাই, ২০২১ ) আভিনেত্ৰী গৰাকীৰ মৃত্যুৰ খবৰ চিত্ৰৰসিকে নাপালে হেতেন ! এন ধৰণৰ আৱেগীক চৰ্চাও হৈছে । " আনাদী অনন্ত " , " ছেলিম লাংডে পে মাদুৰ ৰো " , " পৰিণীতি " , " নজৰ " " ছোটা বুদ্ধ " , " জুবেইদা " , " দেহম " আদি চিনেমাতো অভিনয় কৰা সুৰেখা চিক্ৰিয়ে তিনিবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে ( চিনেমা : মাম্মো , তমছ ,বধাই হো ) সন্মানিত হৈছিল । আৰু কেইবাটাও বঁটাৰ লগতে হিন্দী নট্যকৰ্মৰ বাবে সংগীত নাটক অকাডমীৰে সন্মানিত হৈছিল ১৯৮৯ত । সৰু পৰ্দাৰ বাবে কৰা অভিনয়ৰ বাবে ভাৰতীয় টেলিভিচন অকাডেমিৰ বঁটা লাভ কৰিছিল । এক থা ৰাজা এক থানি ৰানী , বালিকা বধু বিশেষ ভাবে চৰ্চিত টি ভি ধাৰাবাহিক । -- ধাৰাবাহিক , চিনেমাৰ অভিনয়ৰ কথা মনত ৰাখি কব পাৰি চেহেৰা অভিনয়ৰ অসাধাৰণ প্ৰতিভাৰ আন এক নাম -- সুৰেখা চিক্ৰি । কেতিয়াবা ঘৃণা কৰিব পৰা ক্ৰুৰতা , কেতিয়াব মৰমে চুই যাব পৰা মমতা , কেতিয়াবা বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হোৱা আভিজাত্য স্পষ্ট হয় সেই একে চেহেৰাত , সুৰেখা চিক্ৰিৰ সহজ - সৰল চেহেৰাত । ৰূপালী গল্পৰ এই প্ৰতিতো ৰূপেৰেই চিত্ৰৰসিকক চুই গৈছিল সুৰেখা চিক্ৰিয়ে ।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...