ব্ৰজেন বৰুৱা আছিল সংগীতৰ মানুহ । মঞ্চত গীত গাইছিল , আকাশবাণীৰ বাবে গীত গাইছিল , মঞ্চত অৰ্কেষ্ট্ৰা পৰিচালনা কৰিছিল । ৮খন চিনেমাৰ সংগীত পৰিচিলনা কৰিছিল । ব্ৰজেন বৰুৱা আছিল সংগীতৰ মানুহ । মঞ্চত গীত গাইছিল , আকাশবাণীৰ বাবে গীত গাইছিল , মঞ্চত অৰ্কেষ্ট্ৰা পৰিচালনা কৰিছিল । ৮খন চিনেমাৰ সংগীত পৰিচিলনা কৰিছিল । -- ২০০৮ চনৰ দুটা দিন । সংগীত পৰিচালক ৰমেন বৰুৱাৰ সৈতে বহিছিলো । লতাশিলৰ বিখ্যাত ঘৰটোত বহি " ব্ৰজেন বৰুৱা " ৰে আলাপ আৰম্ভ কৰিছিলো । -- সেই সময়ত মই " অসমীয়া প্ৰতিদিন "ত । দৈনিক কাকত খনৰ সেই সময়ৰ সম্পাদক অজিত কুমাৰ ভূঞাই নিৰ্দেশ দিছিল লতাশিলৰ বিখ্যাত পৰিয়ালটোৰ সাংস্কৃতিক কৰ্মক কেন্দ্ৰ কৰি লিখিব লাগে । আৰু কৈছিল -- " তুমি ৰমেন বৰুৱাৰ সৈতে বহিবা । শুদ্ধ তথ্য পাবা । " আৰু মই ৰমেন বৰুৱাৰ সৈতে বহিছিলো । জানিছিলো -- ব্ৰজেন বৰুৱাই তেনেই সৰুৰে পৰা সংগীতকৰ্ম কৰিছিল । সুৰ ৰচনা কৰিছিল । স্কুল - কলেজত পঢ়ি থকা সময়তে অজিৎ বৰুৱা, কেশৱ মহন্ত আদিৰ গীত সুৰেৰে সজাইছিল । ১৯৪৪ চনত কলিকতাত বহা নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনত সংগীত পৰিচালনা কৰিছিল । ১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ মুকলি কৰা হয়। প্ৰথমে অনাতাঁৰ কেন্দ্ৰৰ কাৰ্যালয় আৰু ষ্টুডিঅ' আছিল লতাশিলত, বৰুৱা পৰিয়ালৰ ঘৰৰ ওচৰতে। ব্ৰজেন বৰুৱাই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত সুৰকাৰ আৰু কণ্ঠশিল্পী ৰূপে সংগীত কৰ্ম কৰে। আৰু ১৯৫৬ চনত চিত্ৰগৃহলৈ অহা ভ্ৰাতৃ নিপ বৰুৱাৰ প্ৰথম চিনেমা " স্মৃতিৰ পৰশ "ৰ সঙ্গীত পৰিচালনাৰে সংগীত ক্ষেত্ৰত আৰু এখোজ আগবাঢ়ে । সংগীত পৰিচালনা কৰে -- " লখিমী " ( পৰিচালক : ভবেন দাস /১৯৫৬ ) , " মাক আৰু মৰম " (পৰিচালক : নিপ বৰুৱা /১৯৫৭ ) , " ভক্ত প্ৰহ্লাদ " ( নিপ বৰুৱা/ ১৯৫৮ ) , " আমাৰ ঘৰ " ( পৰিচালক : নিপ বৰুৱা/ ১৯৫৯ ) , " লাচিত বৰফুকন / ১৯৬১ ) , " নৰকাসুৰ " ( নিপ বৰুৱা /১৯৬১ ) , " ইটো সিটো বহুতো " ( ব্ৰজেন বৰুৱা /১৯৬৩ ) ৰ । চিনেমাৰ বাবে গীতো গাইছিল ( চিনেমা : " ভক্ত প্ৰহ্লাদ " , " আমাৰ ঘৰ " ) , গীতো লিখিছিল ( চিনেমা : ডক্তৰ বেজবৰুৱা , মন আৰু মৰম ) । অভিনয়ো কৰিছিল । ( চিনেমা : স্মৃতিৰ পৰশ , মাক আৰু মৰম , নৰকাসুৰ , ইটো সিটো বহুতো , ডক্তৰ বেজবৰুৱা , বৰুৱাৰ সংসাৰ , মুকুতা , ওপজা সোণৰ মাটি ,ললিতা ) । কিন্তু নিস্প্ৰভ হৈ থাকিল " পৰিচালক ব্ৰজেন বৰুৱাৰ " ওচৰত । পৰিচালনা কৰিছিল : ইটো সিটো বহুতো ( ১৯৬৩ ) , ডক্তৰ বেজবৰুৱা ( ১৯৬৯ ), মুকুতা ( ১৯৭০ ) , ললিতা ( ১৯৭২ ) আৰু ওপজা সোণৰ মাটি ( ১৯৭২ ) । পৰিচালক গৰাকীয়ে নিজৰ চিনেমাৰ চিত্ৰনাট্য নিজে লিখিছিল ( দ্বিবন বৰুৱাৰ "ৰজা হৰিচন্দ্ৰ " ৰ চিত্ৰনাট্যও ব্ৰজেন বৰুৱাই লিখিছিল । ) । " অসম বাণী "ত প্ৰসঙ্গ ক্ৰমে কথাশিল্পী নিৰোদ চৌধুৰীয়ে লিখিছিল -- " ব্ৰজেন বৰুৱাই কৈছিল চিত্ৰনাট্য পৰিচালকে লিখিব লাগে । আনে লিখা চিত্ৰনাট্যৰে মুকলি মনেৰে কাম কৰাত দিগদাৰ হয় । " -- ৰমেন বৰুৱাৰ সৈতে কথা পাতি অনুভৱ কৰিছিলো চিত্ৰনাট্যৰ কাম চলি থকা সময়তে ব্ৰজেন বৰুৱাই আভিনেতা , সংগীত ইত্যাদি চিন্তা কৰি যায় । আৰু সম্ভৱতঃ এনে " চিন্তা "ৰ বাবেই নিজে চিত্ৰনাট্য ৰচনা কৰিছিল ।
সংযোজন : ব্ৰজেন বৰুৱাৰ জন্ম ২৭ ফেব্ৰুৱাৰী , ১৯২৫ত । স্কুলীয়া শিক্ষা শেষ কৰি কলিকতাৰ চিটি কলেজত নাম লগায় । মোৰ ধাৰণা সেই সময় চোৱাত নিশ্চয় কলকতাৰ চহকী চিনেচিন্তা - চৰ্চাৰ স্পৰ্শ পাইছিল ! চিনেমা নিৰ্মাণ কৌশল অনুভৱৰ সুযোগ পাইছিল ! অৱশ্যে এই কথা ঠিক -- কম দিনহে ব্ৰজেন বৰুৱা কলিকতা ( কলকাতা )ত আছিল । ১৯৪৬ চনৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে উভতিবলৈ বাধ্য হৈছিল । গুৱাহাটীলৈ উভতি আহি কটন কলেজত ভৰ্তি হয় ; কিন্তু শিক্ষা শেষ নকৰি চাকৰি জীৱন আৰম্ভ কৰে । চাকৰিত মন নবহিল ! -- বহিব কেনেকৈ ! মন - মগজুত যে সৃষ্টিৰ তাগিদা !
-- বিহদিয়া গাঁৱ ( কামৰূপ জিলাৰ ) ৰ চন্দ্ৰনাথ বৰুৱা । গড়কাপ্তানি বিভাগৰ চাব ডিভিজনেল অফিচাৰ । জোনপ্ৰভা তেওৰ পত্নীৰ নাম । কৰাইছিল। চৰকাৰী চাকৰি । ইখন ঠাইৰ পৰা সিখন ঠাইলৈ বদলি হৈছিল । আৰূ এদিন গুৱাহাটীৰ লতাশিলত নিজাৰ ঘৰ নিৰ্মাণ কৰিছিল । এই চন্দ্ৰনাথ বৰুৱা - জোনপ্ৰভাৰে সন্তান ব্ৰজেন বৰুৱা। ব্ৰজেন বৰুৱাৰ ভতৃ - ভগ্নী দ্বৈতেন বৰুৱা, দ্বিজেন বৰুৱা, নৃপেন বৰুৱা, ( নিপ বৰুৱা), দ্বিবন বৰুৱা, গিৰিণ বৰুৱা, ৰমেন বৰুৱা, নিৰেণ বৰুৱা , দ্বিপেন বৰুৱা ,পদ্মাৱতী বৰুৱা, প্ৰতিভা বৰুৱা , ৰম্ভা বৰুৱা আৰু বিভা বৰুৱা । সৰুৰে পৰা ভায়েক - ভনীয়েকৰ সৈতে ব্ৰজেন বৰুৱাই সংগীত চৰ্চা কৰিছিল , চৰাঘৰৰ মজিয়াত । হাৰমনিয়াম বজায় ব্ৰজেন বৰুৱা আৰু ৰমেন বৰুৱাই গীত গাইছিল ,দ্বিবন বৰুৱাই তবলা , নিপ বৰুৱাই বাঁহী বজাইছিল । আন সকলৰ লগতে ব্ৰজেন বৰুৱাৰ মাতৃয়েও গাইছিল ।মাতৃয়ে প্ৰায়ে গাইছিল "ও প্ৰাণগোপাল পাতিলা মায়াৰে খেলা ..." লোকগীতটো " মুকুতা " ব্যৱহাৰ কৰিছিল চিনেমা খনত । -- অসমীয়া চিনেমাক চহকী কৰা এই গৰাকী শিল্পীৰ কায়িক মৃত্যু হয় ২৮ জুন, ১৯৭২ত ।
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন