বৃষ্টিবৃষ্টি। চিনেমা খনৰ নাম । চিনেমা খনৰ নায়িকাৰ নাম । বিয়াৰ পিছত প্ৰথম বাৰ বৃষ্টি আহিছে , ঘৰলৈ ।অকলে আহিছে । বিমানকোঠৰ পৰা অনাৰ দায়িত্ব পৰিল পংকজৰ ।বিমানকোঠলৈ গৈ থকা সময়ত পংকজৰ মনলৈ আহে বৃষ্টি , জাজ , জাজনী ,ৰথি ,বীণা বাইদেউ ... । যোৰহাটৰ পংকজ দত্ত । আইন পঢ়িব । ডিব্ৰুগড়লৈ আহিছে । ৰথি হতৰ ঘৰ এটা ভাড়াত লৈছে । সময়ত ঘৰ খনৰ সদস্যৰ দৰে হয় পংকজ । ৰথিৰ দেউতাক নাই । তাৰ চাকৰিও নাই । ৰথিৰ বাইদেউ -- বীণা বাইদেউ । ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনত পঢ়ুৱাই । বেকাৰ জীৱন । ৰথিৰ মনত ক্ষোভ -- একো নকৰে বাবেই তাক কোনেও গুৰুত্ব নিদিয়ে । মদ - ভাঙৰ মাজত থাকে , তথাকথিত শিক্ষিত সকলৰ বিৰূদ্ধে তাৰ মনত -- বিদ্ৰোহ । অৱশ্যে স্বধীন মনৰ ৰথিয়ে কাৰো দয়া - মৰম আশা নকৰে । সি তৰা - চন্দ্ৰক থাপ মাৰি আনি ঠেকিচিব খোজে । বীণা বাইদেউৰ দুখেও ৰথিক চুই থাকে । এজন টকা থকা মানুহে বিয়া পাতিম বুলি বীণা বইদেউক কামাখ্যালৈ নিছিল ।বিয়া নাপাতিলে । বাইদেউ কেলেংকাৰী হয় । বাইদেউ নিৰ্লিপ্ত । বাইদেউৰ খং ৰথিয়ে দাড়ী নকটাক কেন্দ্ৰ কৰি । দাড়ী কেন্দ্ৰীক খং ধেমালীলৈ ৰূপান্তৰ হোৱা মূহুৰ্ত এটাত ৰথিয়ে বায়েকৰ লগতে পংকজকো বেয়াকৈ কয় । আৰু তাৰ কেইদিন মান পিছতে পংকজক জাজে লৈ যায় ।
পংকজ জাজৰ ঘৰতহে থকাৰ কথা আছিল । কিন্তু তাৰ ভাল লগা নাছিল এঘৰ মানুহৰ ঘৰত চিনকী সূত্ৰে এনেয়ে থাকিবলৈ । কিন্তু জাজৰ কথা পেলাব নোৱাৰিলে । জাজৰ ছোৱালী বৃষ্টি । বৃষ্টিৰ সৈতে পংকজে মুকলি সময় কটালে । জাজে আশা কৰিছিল ভায়েক - ভনীয়েকৰ দৰে থাকিব সিহত । কিন্তু যেতিয়া বৃষ্টিৰ বিয়া ঠিক হ'ল পংকজে বুকুৰ কোনোবা খিনিত বিষ অনুভৱ কৰিলে । বৃষ্টিয়ে মাকক ক'লে -- পংকজৰ সৈতেহে বিয়াত বহিব । জাজে কথাতো সহজ ভাবে লৈছিল ।কিন্তু পংকজে কথাটো সহজ ভাবে কব পৰা নাছিল । বিয়াৰ দিনায়ো বৃষ্টিয়ে পংকজক কয় -- 'তুমি মোক নতুনকৈ শিৰত সেন্দূৰ দি লৈ যোৱা পংকজ !' বিপৰীতে পংকজে মৰমেৰ কয় -- ' বৃষ্টি , তুমি বিয়া হৈ যোৱা ।' ক্ষোভ বাঢ়ে বৃষ্টিৰ । আৰু কাপুৰুষ বুলি আতৰি যায় । -- বিমানকোঠত বাস্তৱলৈ আহে পংকজ । বৃষ্টি ৰৈ আছে । গাড়ীৰ সমুখৰ দুৱাৰ খুলি দিয়ে বৃষ্টিক । বৃষ্টিয়ে পিছৰ দুৱাৰ খুলি বহে । 'কেনে আছা বৃষ্টি ?' -- পংকজে সোধে । বৃষ্টিয়ে একো নকয় । খিৰিকীৰে বাহিৰলৈ চায় । ঘৰ পায় । গেৰেজত গাড়ী খন থৈ পংকজে নিজৰ স্কুটাৰ খন লৈ নিজ বাটে আঁতৰি যায় (ৰথিৰ ঘৰলৈ । চেহেৰাত বয়সৰ আঁচোৰ পৰা পংকজ ৰথি হতৰ ঘৰতে থাকে। অৱশেষত ৰথিৰ চাকৰি হ'ল। ৰথি হত গ'ল , চাকৰিৰ স্থানলৈ । ) পৰ্দাৰ আঁৰত ৰৈ যায় সেমেকা চকুৰে বৃষ্টি । -- গল্প আৰু গল্গ কোৱাৰ শৈলী চিনেমা খনৰ সৌন্দৰ্য । পৰিচালক দেউতি বৰুৱাই সংলাপ প্ৰধান ছিকুৱেন্সেৰে চিনেমা খনক গতি দিছে । কাহিনীত গীত গুঠিছে , কাহিনীৰ অংগলৈ ৰূপান্তৰ কৰি । 'ৰম্ভা, মেনকা কিম্বা যুথিকা নামবোৰ নাজানো ভাই...' , 'কাৰোবাৰ দুনয়ন সৰগৰ তৰা যেন লাগে...' ,
'তুলসীৰ তলেতলে কত চাকি জ্বলালো...' , 'সুৰাত মগন ভয়াল ৰাতি মৌন কোলাহল...' গীত কেইটাও কাহিনীক গতি দিয়াত ব্যৱহাৰ হৈছে । মুলতঃ প্ৰেমৰ গল্পটোৰ বিষয়বস্তু -- মধ্যবিত্তীয় আদৰ্শ আৰু সংঘাত । শিক্ষিত-নিবনুৱা খঙাল যুৱক ৰথি চৰত্ৰটো চিনেমা খনৰ আন এক সৌন্দৰ্য । অভিনয় কৰিছে বিষ্ণু খাৰঘৰীয়াই । (১৯৯৪/'আজিৰ অসম)
উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে। ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন