আৰু এদিন আহিছিল বিষ্ণু ৰাভা। সেই একে চিঞৰ-- 'প্ৰুভাত ...প্ৰুভাত!'
আইক কৈছিল --'সেইবাৰ যে খুৱাছিলে, সেই জলপানেই খাম।'
মই আহি চোতাল পাইছিলো। এখন হাত নথকা চকী খনত আয়ে বিষ্ণু ৰাভাক বহিব দিছিল। মোক দেখি কৈছিল-- 'আৰু এখন নাটকত তই বাঁহী বজাব লাগিব।'
'মই নোৱাৰিম দিয়ক! আপোনাৰ লগত মই আৰু কাম নকৰো। আপোনাৰ কথাৰ ঠিক নাই। সেইবাৰ কিমান দিন গৈ ঘুৰি আহিছো!'
--মই কৈছিলো।
--আয়ে খং কৰিছিল। 'তেনেকৈ নকয়'বুলি খং কৰিছিল। ঠিক সেই সময়তে কৰোবাৰ পৰা আহি চোতাল পোৱা বাবাই কিন্তু একো কোৱা নাছিল। মই বুজিছিলো বাবাই লাজ পাইছিল। আৰু বহুত বেছি খং উঠিছিল। বাবাৰ যেতিয়া বহুত খং উঠে একো নকৈ আকাশৰ ফালে চাই ঠিয় হৈ থাকে।
--কোনে কি কৈছে শুনিবলৈ যেন সময় নাই বিষ্ণু প্ৰসাদ ৰাভাৰ! মোক আদেশৰ সুৰত ক'লে-- 'বাঁহীটো আন!'
--মই বাঁহীটো আনিছিলো। বাবাৰ 'খং'টোৰ ভয়ত।
--বাঁহীত সুৰ তুলিলে বিষ্ণু ৰাভাই।
--মই সকলো পাহৰি চোতালতে, মাটিতে বহিছিলো। বাঁহীৰ সুৰত ডুব গৈছিলো!
--১০ মিনিট মান বজাইছিল। আৰু কৈছিল, 'এনদৰে বজাব লাগিব। জলপান খোৱাৰ পিছত আমি আখৰালৈ যাম। তই খোল বজাব পাৰিবি নহয়!' বুলি বিষ্ণু ৰাভাই আয়ে দিয়া জলপানত মন দিছিল।
#প্ৰভাত_শৰ্মা
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন