সরাসরি প্রধান সামগ্রীতে চলে যান

চিত্ৰনাট্য/৯

film script মানে Screenplay নহয়।
"All screenplays are scripts, film script." কিন্তু scripts, film script মানেই চিত্ৰনাট্য নহয়।
"মই চিত্ৰনাট্য নিলিখো, নিলিখো যদিও মোক চিত্ৰনাট্যকাৰ বুলি কয়।"-- কাদেৰ খানে কৈছিল। কথাটো এনেধৰণৰ নেকি কাদেৰ খানে কেৱল চিনেমাৰ কাহিনী আৰু সংলাপহে লিখিছিল! যোৱা এটা সপ্তাহ আমি এই প্ৰসংগত কেইবাগৰাকীও বলিউদৰ ভিতৰ-বাহিৰৰ খবৰ ৰখা চিনে বিশ্লেষকৰ সৈতে কথা পাতিলো, অধ্যয়ণ কৰিলো।
        ৪৫২ খন চিনেমাত অভিনয় কৰা কাদেৰ খানে চিনেযাত্ৰা আৰম্ভ ১৯৭৩ চনত। চিনেমা : দাগ। সুযোগ দিছিল সেই সময়ৰ মহাতাৰকা ৰাজেশ খান্নাই। যশ চোপ্ৰাৰ পৰিচালনাৰে নিৰ্মিত এই চিনেমা খনৰ নায়কৰ চৰিত্ৰটো নিৰ্মাণ কৰিছিল ৰাজেশ খান্নাক লৈ। আৰু এদিন ৰাজেশ খান্নায়ে কাদেৰ খানক চিত্ৰনাট্য লিখাৰ কথা ক'লে। ৰাজেশ খান্নাৰ তাগিদাত লিখিছিল 'মহাচোৰ', 'ছালিয়া বাবু', 'ফিফটি-ফিফটি' 'নয়া কদম' 'মাষ্টৰ জী'ৰ চিত্ৰনাট্য। কিন্তু পৰিচালকে কাদেৰ খানৰ চিত্ৰনাট্যৰ সংলাপ অংশহে ৰাখিছিল। আৰু পৰৱৰ্তী সময়ত সংলাপ লেখক হিচাবেহে চিনেকৰ্ম কৰিছিল। সংলাপ লিখা চিনেমাৰ সংখ্যা ২০৭ খন।
        হয়, সংলাপ লেখক। কিন্তু অভিনেতা-পৰিচালক সকলে কয় চিত্ৰনাট্যকাৰ।-- কিয়? কাৰণ আন দহগৰাকী সংলাপ লেখকৰ দৰে পৰিচালক-চিত্ৰনাট্যকাৰৰ নিৰ্দেশত খুউব কম সংখ্যক চিনেমাৰহে সংলাপ লিখিছে কাদেৰ খানে। কাদেৰ খানে সংলাপ ৰচনাৰে চিনেমা এখনৰ 'চিত্ৰনাট্য'ৰ আকাৰ দিছিল। অৰ্থাৎ সংলাপক কেন্দ্ৰ কৰিহে চিত্ৰনাট্য ৰচনাৰ অন্য পৰ্ব আগবাঢ়িছিল। পৰিচালক মনমোহন দেশায়ে কৈছিল-- "কাদেৰ খানে শব্দৰে দৰ্শকৰ মন চুব পাৰে, দৃশ্য সৌন্দৰ্যক নিস্প্ৰভ কৰি দিয়াৰ ক্ষমতা আছে কাদেৰ খানে লিখা সংলাপৰ। 'অমৰ আকবৰ এন্থনি', 'কুলী', 'ছুহাগ', 'নছিৱ', 'গংগা যমুনা সৰস্বতী'ৰ সংলাপ ৰচনাৰ সময় চোৱা সদায় মনত থাকিব। চৰিত্ৰ বুজাৰ পিছতে সংলাপেৰে চিনেমা কেইখনৰ 'চিত্ৰনাট্য'ৰ আকাৰ দিছিল। সম্পাদনাৰ সময়ত কেইবাবাৰো এনেকুৱা হৈছে-- সংলাপৰ সৌন্দৰ্যৰ বাবে দৃশ্য সৌন্দৰ্য বাদ দিছিলো। আমাক এনে এটা সংলাপ দিয়া নাছিল, যিটো সংলাপ বাদ দিয়াৰ কাৰণ বিছাৰি পাইছিলো।..." (উৎস : Cinesprint)
        মনমোহন দেশাই-কাদেৰ খানৰ চিনেকৰ্মক কেন্দ্ৰ কৰি সেই সময়ত চৰ্চা হৈছিল, "চিনেমাৰ ক্ষতি"ৰ অভিযোগ উত্থাপন হৈছিল। কোৱা হৈছিল-- "অমিতাভ বচ্চনক লৈ মনমোহন দেশাই-কাদেৰ খানে চিনেমাৰ যি ব্যৱসায় কৰি আছে সেয়া 'ভাৰতীয় চিনেমাৰ পক্ষে শুভ নহয়। অমিতাভ কেন্দ্ৰীক বজাৰৰো ক্ষতি হৈ আছে, চিনেমাৰো ক্ষতি হৈ আছে। চাহৰ মেজত চিত্ৰনাট্য তৈয়াৰ কৰা কৰ্ম বাদ নিদিলে সেইদিনা সমস্যা বঢ়িব, যিদিনা 'অমিতাভ এংৰি ইয়ংমেন ইমেজ'-এ দৰ্শকক আমুৱাব।" (উৎস: Chitralekha) -- 'অমিতাভ যুগ'ৰ সেই সময় চোৱাত 'বলীউদ বাজাৰ' চালিকা শক্তি আছিল তাৰকা, মহাতাৰকা। আৰু প্ৰথম স্থানত থকা অমিতাভ কেন্দ্ৰীক চিন্তাৰে  মনমোহন দেশাই, প্ৰকাশ মেহেৰা ( চিনেমা: মুকদ্দৰ কি ছিকন্দৰ, শাৰাৱী, লাৱাৰিছ, নমক হালাল, যাদুগৰ আদি।), মুকুল এছ আনন্দ (চিনেমা: অগ্নিপথ) সফল হোৱাৰ চৰ্চা হোৱাৰে পৰা "চাহ টেবুলত চিত্ৰনাট্য তৈয়াৰ পৰ্ব" , চিত্ৰনাট্য ৰচনাৰ নতুন শৈলী আৰম্ভ হৈছিল বলীউদত। এই শৈলীৰে ৰচনা কৰা চিত্ৰনাট্যৰে নিৰ্মাণ হৈছিল গোবিন্দা-কৰিশ্মা যুটী।
        মুকুল এছ আনন্দৰ 'অগ্নিপথ' কেন্দ্ৰীক চৰ্চাৰ পৰা জানিছিলো --সন্তোষ সৰোজৰ 'গল্প' শুনোৱাৰ পিছতে চৰিত্ৰ জানি লৈছিল কাদেৰ খানে। কেইবাটাও পৰ্যায়ত সংলাপ ৰচনা কৰিছিল। প্ৰথম পৰ্যায়ত বিজয় (অমিতাভ বচ্চন) আৰু কৃষ্ণা ( মিঠুন চক্ৰৱৰ্তী)ৰ সংলাপ অংশ ৰচনা কৰিছিল। আৰু আন চৰিত্ৰৰ সংলাপ পৰ্যায় ক্ৰমে সংযোজন কৰিছিল। 'সম্পূৰ্ণ সংলাপ'-এ নাটকৰ আকাৰ লৈছিল। আৰু 'সম্পূৰ্ণ নাটক'ক কেন্দ্ৰ কৰি সন্তোষ সৰোজে চিত্ৰনাট্য ৰচনা কৰিছিল।
       

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...