সরাসরি প্রধান সামগ্রীতে চলে যান

চিত্ৰনাট্য/৯

film script মানে Screenplay নহয়।
"All screenplays are scripts, film script." কিন্তু scripts, film script মানেই চিত্ৰনাট্য নহয়।
"মই চিত্ৰনাট্য নিলিখো, নিলিখো যদিও মোক চিত্ৰনাট্যকাৰ বুলি কয়।"-- কাদেৰ খানে কৈছিল। কথাটো এনেধৰণৰ নেকি কাদেৰ খানে কেৱল চিনেমাৰ কাহিনী আৰু সংলাপহে লিখিছিল! যোৱা এটা সপ্তাহ আমি এই প্ৰসংগত কেইবাগৰাকীও বলিউদৰ ভিতৰ-বাহিৰৰ খবৰ ৰখা চিনে বিশ্লেষকৰ সৈতে কথা পাতিলো, অধ্যয়ণ কৰিলো।
        ৪৫২ খন চিনেমাত অভিনয় কৰা কাদেৰ খানে চিনেযাত্ৰা আৰম্ভ ১৯৭৩ চনত। চিনেমা : দাগ। সুযোগ দিছিল সেই সময়ৰ মহাতাৰকা ৰাজেশ খান্নাই। যশ চোপ্ৰাৰ পৰিচালনাৰে নিৰ্মিত এই চিনেমা খনৰ নায়কৰ চৰিত্ৰটো নিৰ্মাণ কৰিছিল ৰাজেশ খান্নাক লৈ। আৰু এদিন ৰাজেশ খান্নায়ে কাদেৰ খানক চিত্ৰনাট্য লিখাৰ কথা ক'লে। ৰাজেশ খান্নাৰ তাগিদাত লিখিছিল 'মহাচোৰ', 'ছালিয়া বাবু', 'ফিফটি-ফিফটি' 'নয়া কদম' 'মাষ্টৰ জী'ৰ চিত্ৰনাট্য। কিন্তু পৰিচালকে কাদেৰ খানৰ চিত্ৰনাট্যৰ সংলাপ অংশহে ৰাখিছিল। আৰু পৰৱৰ্তী সময়ত সংলাপ লেখক হিচাবেহে চিনেকৰ্ম কৰিছিল। সংলাপ লিখা চিনেমাৰ সংখ্যা ২০৭ খন।
        হয়, সংলাপ লেখক। কিন্তু অভিনেতা-পৰিচালক সকলে কয় চিত্ৰনাট্যকাৰ।-- কিয়? কাৰণ আন দহগৰাকী সংলাপ লেখকৰ দৰে পৰিচালক-চিত্ৰনাট্যকাৰৰ নিৰ্দেশত খুউব কম সংখ্যক চিনেমাৰহে সংলাপ লিখিছে কাদেৰ খানে। কাদেৰ খানে সংলাপ ৰচনাৰে চিনেমা এখনৰ 'চিত্ৰনাট্য'ৰ আকাৰ দিছিল। অৰ্থাৎ সংলাপক কেন্দ্ৰ কৰিহে চিত্ৰনাট্য ৰচনাৰ অন্য পৰ্ব আগবাঢ়িছিল। পৰিচালক মনমোহন দেশায়ে কৈছিল-- "কাদেৰ খানে শব্দৰে দৰ্শকৰ মন চুব পাৰে, দৃশ্য সৌন্দৰ্যক নিস্প্ৰভ কৰি দিয়াৰ ক্ষমতা আছে কাদেৰ খানে লিখা সংলাপৰ। 'অমৰ আকবৰ এন্থনি', 'কুলী', 'ছুহাগ', 'নছিৱ', 'গংগা যমুনা সৰস্বতী'ৰ সংলাপ ৰচনাৰ সময় চোৱা সদায় মনত থাকিব। চৰিত্ৰ বুজাৰ পিছতে সংলাপেৰে চিনেমা কেইখনৰ 'চিত্ৰনাট্য'ৰ আকাৰ দিছিল। সম্পাদনাৰ সময়ত কেইবাবাৰো এনেকুৱা হৈছে-- সংলাপৰ সৌন্দৰ্যৰ বাবে দৃশ্য সৌন্দৰ্য বাদ দিছিলো। আমাক এনে এটা সংলাপ দিয়া নাছিল, যিটো সংলাপ বাদ দিয়াৰ কাৰণ বিছাৰি পাইছিলো।..." (উৎস : Cinesprint)
        মনমোহন দেশাই-কাদেৰ খানৰ চিনেকৰ্মক কেন্দ্ৰ কৰি সেই সময়ত চৰ্চা হৈছিল, "চিনেমাৰ ক্ষতি"ৰ অভিযোগ উত্থাপন হৈছিল। কোৱা হৈছিল-- "অমিতাভ বচ্চনক লৈ মনমোহন দেশাই-কাদেৰ খানে চিনেমাৰ যি ব্যৱসায় কৰি আছে সেয়া 'ভাৰতীয় চিনেমাৰ পক্ষে শুভ নহয়। অমিতাভ কেন্দ্ৰীক বজাৰৰো ক্ষতি হৈ আছে, চিনেমাৰো ক্ষতি হৈ আছে। চাহৰ মেজত চিত্ৰনাট্য তৈয়াৰ কৰা কৰ্ম বাদ নিদিলে সেইদিনা সমস্যা বঢ়িব, যিদিনা 'অমিতাভ এংৰি ইয়ংমেন ইমেজ'-এ দৰ্শকক আমুৱাব।" (উৎস: Chitralekha) -- 'অমিতাভ যুগ'ৰ সেই সময় চোৱাত 'বলীউদ বাজাৰ' চালিকা শক্তি আছিল তাৰকা, মহাতাৰকা। আৰু প্ৰথম স্থানত থকা অমিতাভ কেন্দ্ৰীক চিন্তাৰে  মনমোহন দেশাই, প্ৰকাশ মেহেৰা ( চিনেমা: মুকদ্দৰ কি ছিকন্দৰ, শাৰাৱী, লাৱাৰিছ, নমক হালাল, যাদুগৰ আদি।), মুকুল এছ আনন্দ (চিনেমা: অগ্নিপথ) সফল হোৱাৰ চৰ্চা হোৱাৰে পৰা "চাহ টেবুলত চিত্ৰনাট্য তৈয়াৰ পৰ্ব" , চিত্ৰনাট্য ৰচনাৰ নতুন শৈলী আৰম্ভ হৈছিল বলীউদত। এই শৈলীৰে ৰচনা কৰা চিত্ৰনাট্যৰে নিৰ্মাণ হৈছিল গোবিন্দা-কৰিশ্মা যুটী।
        মুকুল এছ আনন্দৰ 'অগ্নিপথ' কেন্দ্ৰীক চৰ্চাৰ পৰা জানিছিলো --সন্তোষ সৰোজৰ 'গল্প' শুনোৱাৰ পিছতে চৰিত্ৰ জানি লৈছিল কাদেৰ খানে। কেইবাটাও পৰ্যায়ত সংলাপ ৰচনা কৰিছিল। প্ৰথম পৰ্যায়ত বিজয় (অমিতাভ বচ্চন) আৰু কৃষ্ণা ( মিঠুন চক্ৰৱৰ্তী)ৰ সংলাপ অংশ ৰচনা কৰিছিল। আৰু আন চৰিত্ৰৰ সংলাপ পৰ্যায় ক্ৰমে সংযোজন কৰিছিল। 'সম্পূৰ্ণ সংলাপ'-এ নাটকৰ আকাৰ লৈছিল। আৰু 'সম্পূৰ্ণ নাটক'ক কেন্দ্ৰ কৰি সন্তোষ সৰোজে চিত্ৰনাট্য ৰচনা কৰিছিল।
       

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...