সরাসরি প্রধান সামগ্রীতে চলে যান

আৰু ডলী ঘোষ ...

ইটো-সিটো কথাৰে আগবাঢ়িছিল আমাৰ সময়। বিশ্বাস মিত্ৰ চিনেমাৰ পোক। কলকাতালৈ গ'লে প্ৰায়ে মুখা-মুখি হওঁ। কলকতাৰ ৰাছেল ষ্ট্ৰিটত। পুৱাৰ চাহকাপ-জলপানেৰে সততে সদায় দিনটো আৰম্ভ কৰে ৰাছেল ষ্ট্ৰিটৰ নিৰ্দিষ্ট চাহৰ দোকান খনত। কলকতালৈ গ'লে আমিয়ো সেই বিশেষ চাহৰ দোকান খনলৈ গৈ পুৱাতেই মাটিৰ কাপত দিয়া চাহৰ সোৱাদ লও। সেই চাহৰ দোকানতে আমাৰ চিনাকি। চিনাকিৰ পিছত আড্ডা। আমাৰ 'চিনেমাৰ আড্ডা' আৰম্ভ হৈছিল 'মাটি'ৰে। লীনা গঙ্গোপাধ্যায়, শৈবাল ব্যানার্জীৰ পৰিচালনাৰে নিৰ্মিত 'মাটি'। মূল চৰিত্ৰ দুটা নিৰ্মাণ কৰিছে আদিল হুসেইন (চৰিত্ৰ: জামিল), পাৱলি দাম (মেঘলা চৌধুৰী)ক লৈ। 'পৰিপাটি চিনেমা, ভুল আলোচনা-সমালোচনাৰ চিকাৰ। আমাৰ ভাৰতীয় চিনেমাৰ এটা সমস্যা কি জানে-- ভুল চৰ্চা। ভুল চৰ্চাৰ কাৰণ-- চিনেমা নজনাকৈ চিনেমাৰ আলোচনা-সমালোচনা কৰা লোকৰ সংখ্যা বাঢ়িছে। যেতিয়া বঁটা চিনেমাৰ মান নিৰ্ণয়ৰ যন্ত্ৰ বুলি ভবা 'সমালোচক'ৰ সংখ্যা বাঢ়ে, তেতিয়া চিনেমা উত্তৰণৰ বিপৰীত মুখী হোৱাটোৱে স্বাভাৱিক।' --বিশ্বাস মিত্ৰই কোৱা এই কথা মনলৈ আহিছে ২০১৯-২০২১ সময় চোৱাৰ অসমীয়া চিনেমাৰ একাংশ পৰিচালকৰ প্ৰচাৰ বিলাস আৰু আৰ্থিক আয় নহয়, ব্যায় কৰি 'বঁটা জয়ৰ কচৰৎ' দেখি। সেই দিনাও ইটো-সিটো কথাৰে আগবাঢ়িছিল আমাৰ সময়। আমি সম্পাদনা কৰা গ্ৰন্থ এখন উন্মোচন হৈছিল কলকাতাত। অনুষ্ঠানৰ পিছত বিশ্বাস মিত্ৰই 'আপোনাক গানৰ মানুহ এগৰাকীৰ সৈতে চিনাকী কৰি দিম।' বুলি হাতত ধৰি টানি লৈ গৈছিল। আৰু মানুহ এগৰাকীৰ সন্মুখত স্থিৰ হৈ ক'লে-- "মেনা, বাইদেউক চিনি পাইছে! ডলী ঘোষ বাইদেউ। 'অসমী আইৰে লালিতা পালিতা...' ডলী বাইদেউ। এসময়ত কৰ্মসূত্ৰে মই ডিব্ৰুগড়ত আছিলো। তেতিয়াই বাইদেউৰ গায়কী-কণ্ঠৰ প্ৰেমত পৰিছিলো। আৰু এদিন বাইদেউক লগ পাইছিলো ইয়াত, কলকাতাত।..." আমি কথা আগবঢ়াইছিলো। ডলী ঘোষ বাইদেৱে কৈ গৈছিল নিজৰ কথা, সংগীত যাত্ৰাৰ কথা। সংগীতসূৰ্যই কেনেদৰে সংগীতৰ বাটত আগ বঢ়াই দিছিল ইত্যাদি কথা। ১৯ডলী ঘোষ বাইদেৱে কৈ গৈছিল নিজৰ কথা, সংগীত যাত্ৰাৰ কথা। সংগীতসূৰ্যই কেনেদৰে সংগীতৰ বাটত আগ বঢ়াই দিছিল ইত্যাদি কথা। ১৯৭৪ চন। ডলী ঘোষ দশম শ্ৰেণীৰ ছাত্ৰী। গীত গায় ভাল পায়। সংগীতৰ মাজত সময় খৰছ কৰি ভাল পায়। গীত-সংগীত নুবুজা সেই বয়সতে ডলী ঘোষে সাংগীতিক সান্নিদ্ধ পাইছিল হীৰেণ গোহাঁই, চৈয়দ চাদুল্লা, ৰাজেন গোহাঁই, প্ৰশান্ত বৰদলৈ আদিৰ। সেই সেউজ সান্নিধ্যই ডলী ঘোষক গীত-সংগীত বুজাত, অধ্যয়নত সহায় কৰে। আৰু সংগীত যাত্ৰাৰ বাটো মুকলি কৰে। গ্রামোফোন ৰেকৰ্ড, চিনেমাৰ বাবে গীত গায়। ৰাজহুৱা মঞ্চ দখল কৰে। চৰ্চা হয়, 'অসমীয়া সংগীতৰ তৰা' ডলী ঘোষ। শ্ৰোতাৰ মনৰ মাজত সোমাই পৰিছিল 'নীলা আকাশৰ ৰূপোৱালী তৰা...', 'এই বিহুৰে উৰুকা নিশা', 'নাহৰ ফুলিবৰ হ’ল নে...', 'নাহৰ ফুলৰ বতৰতে মোৰ...’, 'ভাল লাগে মোৰ...', 'দুবৰিৰ দলিচাতে...', আদি গীতেৰে। আকাশবাণীৰ প্ৰথম শ্ৰেণীৰ গায়িকা ডলী ঘোষৰ জন্ম ডিব্ৰুগড়ত। জন্মসূত্রে বঙালী যদিও গায়িকা গৰাকীৰ অসমীয়া গান, গানৰ সৈতে ভাষা, ভাষাৰ উচ্চাৰণ সকলোখিনিয়ে বিশুদ্ধ। এই গীতটো যেন মোৰেই গীত-- অসমী আইৰে লালিতা-পালিতা মই তোলনীয়া জী অসমীৰ সন্মান সদায়ে ৰাখিমে আৰুনো কওঁ মই কি? অসমীৰ মাতষাৰ আজীৱন শুনিলোঁ অসমীৰ মাতষাৰ আজীৱন শিকিল বিহুসুৰ বিনন্দীয়া, বৰগীত জিকিৰক তামোল দি মানিলোঁ বাটিলোঁ মুগাৰ বটীয়া ; বৰলুইত পাৰৰে শীতলকৈ নাদৰে মিঠা পানী টুপি পি অসমীৰ সন্মান সদায়ে ৰাখিমে আৰুনো কওঁ মই কি ? -- ১৯৫৬ চনত ৰচনা কৰ গীত। সংগীতসূৰ্যৰ গীত। মাতৃভাষা অসমীয়া নহয়; কিন্তু অসমতে জন্ম,অসমী আইৰে লালিতা-পালিতা। সংগীতসূৰ্যই গীতটো শিকোৱাৰ সময়ত ডলী ঘোষক কৈছিল-- তোমাৰ মনৰ কথা,তোমাৰ দৰে বহুতৰে মনৰ কথা। তোমাৰ মনৰ কথা শ্ৰোতাক কৈছা, তেনেদৰে গোৱা। প্ৰতিটো শব্দৰ উচ্চাৰণ, শব্দ কেনেদৰে সুৰত এৰি দিব লাগে সংগীত সূৰ্যই গায়িকা গৰাকীক শিকাইছিল। "মোৰ শব্দ উচ্চাৰণ শুদ্ধ কৰিছিল ভূপেন হাজৰিকাই।" --ডলী ঘোষে কৈছিল। ২৩ ফেব্ৰুৱাৰী, ১৯৭৯ চনত কৰা সংগীতসূৰ্যৰ আন এক সৃষ্টি-- এই বিহুৰে উৰুকা নিশা মোৰ কলিজা পৰিছে ক'লা চিঠি দিম বুলি চিঠিও নিদিলা তুমি পৰদেশী হ’লা ... এই গীতটোও ৰেকৰ্ডিং হৈছিল ডলী ঘোষৰ কণ্ঠত। আমি যেতিয়া উভতিছিলো বিশ্বাস মিত্ৰই গাড়ীৰ Sound System -টোত বজাই দিছিল এই গীতটো।

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...