সরাসরি প্রধান সামগ্রীতে চলে যান

আৰু ডলী ঘোষ ...

ইটো-সিটো কথাৰে আগবাঢ়িছিল আমাৰ সময়। বিশ্বাস মিত্ৰ চিনেমাৰ পোক। কলকাতালৈ গ'লে প্ৰায়ে মুখা-মুখি হওঁ। কলকতাৰ ৰাছেল ষ্ট্ৰিটত। পুৱাৰ চাহকাপ-জলপানেৰে সততে সদায় দিনটো আৰম্ভ কৰে ৰাছেল ষ্ট্ৰিটৰ নিৰ্দিষ্ট চাহৰ দোকান খনত। কলকতালৈ গ'লে আমিয়ো সেই বিশেষ চাহৰ দোকান খনলৈ গৈ পুৱাতেই মাটিৰ কাপত দিয়া চাহৰ সোৱাদ লও। সেই চাহৰ দোকানতে আমাৰ চিনাকি। চিনাকিৰ পিছত আড্ডা। আমাৰ 'চিনেমাৰ আড্ডা' আৰম্ভ হৈছিল 'মাটি'ৰে। লীনা গঙ্গোপাধ্যায়, শৈবাল ব্যানার্জীৰ পৰিচালনাৰে নিৰ্মিত 'মাটি'। মূল চৰিত্ৰ দুটা নিৰ্মাণ কৰিছে আদিল হুসেইন (চৰিত্ৰ: জামিল), পাৱলি দাম (মেঘলা চৌধুৰী)ক লৈ। 'পৰিপাটি চিনেমা, ভুল আলোচনা-সমালোচনাৰ চিকাৰ। আমাৰ ভাৰতীয় চিনেমাৰ এটা সমস্যা কি জানে-- ভুল চৰ্চা। ভুল চৰ্চাৰ কাৰণ-- চিনেমা নজনাকৈ চিনেমাৰ আলোচনা-সমালোচনা কৰা লোকৰ সংখ্যা বাঢ়িছে। যেতিয়া বঁটা চিনেমাৰ মান নিৰ্ণয়ৰ যন্ত্ৰ বুলি ভবা 'সমালোচক'ৰ সংখ্যা বাঢ়ে, তেতিয়া চিনেমা উত্তৰণৰ বিপৰীত মুখী হোৱাটোৱে স্বাভাৱিক।' --বিশ্বাস মিত্ৰই কোৱা এই কথা মনলৈ আহিছে ২০১৯-২০২১ সময় চোৱাৰ অসমীয়া চিনেমাৰ একাংশ পৰিচালকৰ প্ৰচাৰ বিলাস আৰু আৰ্থিক আয় নহয়, ব্যায় কৰি 'বঁটা জয়ৰ কচৰৎ' দেখি। সেই দিনাও ইটো-সিটো কথাৰে আগবাঢ়িছিল আমাৰ সময়। আমি সম্পাদনা কৰা গ্ৰন্থ এখন উন্মোচন হৈছিল কলকাতাত। অনুষ্ঠানৰ পিছত বিশ্বাস মিত্ৰই 'আপোনাক গানৰ মানুহ এগৰাকীৰ সৈতে চিনাকী কৰি দিম।' বুলি হাতত ধৰি টানি লৈ গৈছিল। আৰু মানুহ এগৰাকীৰ সন্মুখত স্থিৰ হৈ ক'লে-- "মেনা, বাইদেউক চিনি পাইছে! ডলী ঘোষ বাইদেউ। 'অসমী আইৰে লালিতা পালিতা...' ডলী বাইদেউ। এসময়ত কৰ্মসূত্ৰে মই ডিব্ৰুগড়ত আছিলো। তেতিয়াই বাইদেউৰ গায়কী-কণ্ঠৰ প্ৰেমত পৰিছিলো। আৰু এদিন বাইদেউক লগ পাইছিলো ইয়াত, কলকাতাত।..." আমি কথা আগবঢ়াইছিলো। ডলী ঘোষ বাইদেৱে কৈ গৈছিল নিজৰ কথা, সংগীত যাত্ৰাৰ কথা। সংগীতসূৰ্যই কেনেদৰে সংগীতৰ বাটত আগ বঢ়াই দিছিল ইত্যাদি কথা। ১৯ডলী ঘোষ বাইদেৱে কৈ গৈছিল নিজৰ কথা, সংগীত যাত্ৰাৰ কথা। সংগীতসূৰ্যই কেনেদৰে সংগীতৰ বাটত আগ বঢ়াই দিছিল ইত্যাদি কথা। ১৯৭৪ চন। ডলী ঘোষ দশম শ্ৰেণীৰ ছাত্ৰী। গীত গায় ভাল পায়। সংগীতৰ মাজত সময় খৰছ কৰি ভাল পায়। গীত-সংগীত নুবুজা সেই বয়সতে ডলী ঘোষে সাংগীতিক সান্নিদ্ধ পাইছিল হীৰেণ গোহাঁই, চৈয়দ চাদুল্লা, ৰাজেন গোহাঁই, প্ৰশান্ত বৰদলৈ আদিৰ। সেই সেউজ সান্নিধ্যই ডলী ঘোষক গীত-সংগীত বুজাত, অধ্যয়নত সহায় কৰে। আৰু সংগীত যাত্ৰাৰ বাটো মুকলি কৰে। গ্রামোফোন ৰেকৰ্ড, চিনেমাৰ বাবে গীত গায়। ৰাজহুৱা মঞ্চ দখল কৰে। চৰ্চা হয়, 'অসমীয়া সংগীতৰ তৰা' ডলী ঘোষ। শ্ৰোতাৰ মনৰ মাজত সোমাই পৰিছিল 'নীলা আকাশৰ ৰূপোৱালী তৰা...', 'এই বিহুৰে উৰুকা নিশা', 'নাহৰ ফুলিবৰ হ’ল নে...', 'নাহৰ ফুলৰ বতৰতে মোৰ...’, 'ভাল লাগে মোৰ...', 'দুবৰিৰ দলিচাতে...', আদি গীতেৰে। আকাশবাণীৰ প্ৰথম শ্ৰেণীৰ গায়িকা ডলী ঘোষৰ জন্ম ডিব্ৰুগড়ত। জন্মসূত্রে বঙালী যদিও গায়িকা গৰাকীৰ অসমীয়া গান, গানৰ সৈতে ভাষা, ভাষাৰ উচ্চাৰণ সকলোখিনিয়ে বিশুদ্ধ। এই গীতটো যেন মোৰেই গীত-- অসমী আইৰে লালিতা-পালিতা মই তোলনীয়া জী অসমীৰ সন্মান সদায়ে ৰাখিমে আৰুনো কওঁ মই কি? অসমীৰ মাতষাৰ আজীৱন শুনিলোঁ অসমীৰ মাতষাৰ আজীৱন শিকিল বিহুসুৰ বিনন্দীয়া, বৰগীত জিকিৰক তামোল দি মানিলোঁ বাটিলোঁ মুগাৰ বটীয়া ; বৰলুইত পাৰৰে শীতলকৈ নাদৰে মিঠা পানী টুপি পি অসমীৰ সন্মান সদায়ে ৰাখিমে আৰুনো কওঁ মই কি ? -- ১৯৫৬ চনত ৰচনা কৰ গীত। সংগীতসূৰ্যৰ গীত। মাতৃভাষা অসমীয়া নহয়; কিন্তু অসমতে জন্ম,অসমী আইৰে লালিতা-পালিতা। সংগীতসূৰ্যই গীতটো শিকোৱাৰ সময়ত ডলী ঘোষক কৈছিল-- তোমাৰ মনৰ কথা,তোমাৰ দৰে বহুতৰে মনৰ কথা। তোমাৰ মনৰ কথা শ্ৰোতাক কৈছা, তেনেদৰে গোৱা। প্ৰতিটো শব্দৰ উচ্চাৰণ, শব্দ কেনেদৰে সুৰত এৰি দিব লাগে সংগীত সূৰ্যই গায়িকা গৰাকীক শিকাইছিল। "মোৰ শব্দ উচ্চাৰণ শুদ্ধ কৰিছিল ভূপেন হাজৰিকাই।" --ডলী ঘোষে কৈছিল। ২৩ ফেব্ৰুৱাৰী, ১৯৭৯ চনত কৰা সংগীতসূৰ্যৰ আন এক সৃষ্টি-- এই বিহুৰে উৰুকা নিশা মোৰ কলিজা পৰিছে ক'লা চিঠি দিম বুলি চিঠিও নিদিলা তুমি পৰদেশী হ’লা ... এই গীতটোও ৰেকৰ্ডিং হৈছিল ডলী ঘোষৰ কণ্ঠত। আমি যেতিয়া উভতিছিলো বিশ্বাস মিত্ৰই গাড়ীৰ Sound System -টোত বজাই দিছিল এই গীতটো।

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...