সরাসরি প্রধান সামগ্রীতে চলে যান

কাঈফী আজমী ...

মেৰিন ড্রাইভ কিম্বা জুহু বীচ্চৰ আবেলিত তেওঁ হয়তো সন্ধান কৰে এছাটি শীতল, নির্মল বতাহ! প্রায়ে দেখা যায় তেওঁক। সদায় দেখাজনে কথাৰে, হাঁহিৰে সম্ভাষণ জনায়। চিনাকিৰ প্ৰয়োজন নাই, তেওঁৰ বাবে হয়তো অচিনাকি, কিন্তু সম্ভাষণ জনোৱা প্ৰতিগৰাকীৰ বাবে তেওঁ চিনাকি। চিনাকিয়ে নহয়, প্ৰতিগৰাকীৰ যেন অতি ওচৰৰ, অতি মৰমৰ। নাম তেওঁৰ কাঈফী আজমী। : কোন কাঈফী আজমী? : শ্বাবানা আজমীৰ বাবা- - এয়াই নেকি তেওঁৰ পৰিচয়নাম তেওঁৰ কাঈফী আজমী। : কোন কাঈফী আজমী? : শ্বাবানা আজমীৰ বাবা- - এয়াই নেকি তেওঁৰ পৰিচয়। হয়, তেওঁৰ নামটো শুনাৰ পিছত যিসকলে ‘কোন কাঈফী আজমী’ বুলি প্রশ্ন কৰে তেওঁৰ বাবে এয়াই পৰিচয় --কাঈফী আজমী শ্বাবানাৰ দেউতাক। নামটো শুনাৰ পিছত যিসকলে প্ৰশ্ন নকৰে, তেওঁলোকে জানে এছাটি শীতল, নির্মল বতাহৰ সন্ধানত পিটপিটাই ফুৰা এই মানুহজনক ব্যাখ্যা কৰা অসম্ভৱ। (এনেই ঘূৰি ফুৰোঁ। ক’তনো পারা নির্মল বতাহ... প্ৰদূষণ সম্পর্কীয় এটি প্রশ্নৰ উত্তৰত কাঈফী আজমী)। দেখিছোঁ, বহুজনক দেখিছোঁ। শুনিছোঁ, বহুজনৰ বিষয়ে শুনিছোঁ। চাক্ষুস চিনাকিৰ পিছত আমাৰ মনত ‘বিখ্যাত’ বহুজনে চুচুক-চামাককৈ তেওঁৰ ওচৰ চাপে, বুজিবলৈ চেষ্টা কৰে আৰু ছল পালেই আত্মীয়তা গঢ়ি তোলে। স্বার্থ কিছু হ'লেও আস্বাদ লোৱা শ্বায়েৰীৰ। শব্দৰ আন এজন যাদুকৰ গুলজাৰে লিখিছিল, "...আপুনি তেওঁৰ (কাঈফী আজমীৰ) ওচৰে-পাঁজৰে ঘূৰি ফুৰে, অথচ তেওঁৰ শ্বায়েৰী শুনা নাই, তেনেহ'লে সন্দেহ নাই, তেওঁৰ ওচৰত থাকিও আপুনি তেওঁৰ পৰা বহু নিলগত আছে। তেওঁৰ প্ৰতিটো শায়েৰী আপুনি পঢ়িছে, কিন্তু তেওঁৰ কণ্ঠ শুনা নাই, তেনেহ'লে সন্দেহ নাই তেওঁৰ শ্বায়েৰীৰ পূৰ্ণ আস্বাদ লোৱাৰ সুযোগ আপুনি এতিয়াও পোৱা নাই। সঁচা কথা কওঁনে— তেওঁৰ ওচৰ চাপিছিলোঁ কেৱল তেওঁৰ শ্বায়েৰীৰ পূৰ্ণ আস্বাদ লোৱাৰ স্বাৰ্থত।" প্ৰকৃতাৰ্থত তেওঁ আছিল শ্বায়েৰ। তেওঁৰ লক্ষ্যই আছিল শায়েৰী। উত্তৰপ্ৰদেশৰ আজমগড়ৰ তেনেই সৰু গাঁও মিজাবাৰত জন্ম হোৱা কাইফীয়ে শৈশৱতেই পাইছিল শ্বেৰো শ্বায়েৰীৰ পৰিৱেশ। পৰিৱেশেই তেওঁৰ মনত তাগিদা'ৰ সৃষ্টি কৰিছিল আৰু তাগিদাই বাধ্য কৰাইছিল হাতত কাপ তুলি ল'বলৈ। "আচলতে মোৰ মন তেতিয়া বিদ্রোহী হৈ উঠিছিল মোৰ আশে-পাশে ঘূৰি ফুৰা স্বয়েৰীপ্রেমীসকলৰ বিৰুদ্ধে। সৰুতে যেতিয়া মই তেওঁলোকক শ্বায়েৰী শুনাবলৈ চেষ্টা কৰিছিলোঁ, মোক অৱজ্ঞা কৰিছিল। দুই-এজনে শুনিছিল, সুধিছিল ক'ৰ পৰা 'কপী' কৰিছ? মানি লোৱা নাছিল সেয়া যে মই নিজেই লিখা। এনেবোৰ ঘটনাই মোক কন্দুৱাইছিল। কিন্তু মই দুৰ্বল হৈ পৰা নাছিলোঁ। মোৰ একমাত্র বন্ধু হাজিদ বাজিক কৈছিলোঁ— চাই থাকা বাজি, এদিন মই হিন্দুস্তানৰ বিখ্যাত শ্বায়েৰ হ'ম। কোনোধৰণৰ শক্তিয়েই মোক বাধা দিব নোৱাৰে।" ‘লক্ষ্য যাৰ স্থিৰ, সি লক্ষ্যস্থানত উপনীত হ'বই।'--কৈছিল ৱাজিদ বাজিয়ে : মই তেওঁক (কাঈফী আজমীক) তেতিয়াই শ্বায়েৰ হিচাপে পছন্দ কৰিছিলোঁ। আনে বুজাৰ দৰে হয়তো মই শ্বায়েৰী নুবুজোঁ। শ্বায়েৰীৰ আস্বাদ লোৱাৰ পৰিৱেশৰ মাজত আমি লালিত-পালিত হোৱা বাবেই স্বাভাৱিকতেই উত্থাপন হৈছিল ভাল লগা-বেয়া লগাৰ প্ৰশ্নটো। মোৰ উত্তৰ সদায় এটাই আছিল আন কোনো হ’ব নোৱাৰে কাঈফী..... কাঈফীৰ শ্বায়েৰীৰ ওপৰত। বাজিদ বাজিৰ প্ৰিয় শ্বায়েৰ, প্রিয় শ্বায়েৰী, আন বহুতৰো প্ৰিয় হ'ব ধৰিলে। বহুতেই, আনকি পোনতে অৱজ্ঞা কৰাসকলেও দ্বিধাবোধ নকৰিলে প্রিয় শায়েৰৰ আসনত কাঈফী আজমীক বহুৱাবলৈ। আকৌ কন্দুৱাইছিল কাঈফীক, এইবাৰ পিছে সাফল্যৰ সংকেত। 'মুদ কে বাদ উচনে জো কী লুফ কী নীগাহ/জী বৃছ তো হো গয়া মগৰ আঁছু নিকাল পড়ে।' জকাইচুকৰ শ্বায়েৰে মুম্বাইত খোজ পেলালে। মুম্বাইতো ব’বলৈ ধৰিলে ‘কাঈফী শ্বায়েৰী'ৰ সুবাস। বাঃ ইমান সুবাস। প্ৰদূষিত মুম্বাই মহানগৰীতো এনে ‘বিশুদ্ধ’ সুবাস পোৱা যায়নে? হয়, প্রদূষিত মুম্বাই। গীত, শ্বায়েৰী, অভিনয়ৰ জখলাডাল ইয়াতেই থাকে। ইয়াতেই আৰম্ভ হয় শিল্প-সাহিত্যৰ সৈতে জড়িতসকলৰ ‘এন্দুৰ দৌৰ’। ‘এন্দুৰ দৌৰ’ত যোগ দিয়াৰ লগে লগেই শিল্পকর্ম হয় প্ৰদূষিত। কোনোকালেই কিন্তু কাঈফী আজমীয়ে 'এন্দুৰ দৌৰ’ত যোগ দিয়া নাছিল। গ্লেমাৰৰ পিছত দৌৰা নাছিল। তেওঁৰ হৃদয়ত সৃষ্টি হোৱাবোৰহে কাপৰ মুখেৰে ওলাইছিল। কাপেৰে কোনোধৰণৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা নাছিল। আগশাৰীৰ গীতিকাৰ-চিত্রনাট্যকাৰ তথা কাঈফীৰ জোঁৱাই জাভেদ আখতাৰে লিখিছিল, ইয়াত (মুম্বাইত) শ্বায়েৰী, গীত সকলো সৃষ্টিকর্মই পণ্য। পৰিৱেশেই আমাক বাধ্য কৰাইছে। পৰিৱেশৰ সৈতে তাল মিলাই আমি দৌৰ আৰম্ভ কৰিছোঁ। আমি কি লিখিম সেয়া ভবাৰ দায়িত্ব যেন আমাৰ হাতৰ পৰা লাহে লাহে ওলাই গৈছে।... এতিয়া মাথোঁ আমি শব্দ ‘কম্পোজ'ত ব্যস্ত। হৈ পৰিছোঁ। আমাৰ অনুভূতি যেন লাহে লাহে হেৰাই গৈছে।... এনে পৰিৱেশৰ মাজতো কিন্তু তেওঁ (কাঈফী আজমীয়ে) নীৰৱে সৃষ্টিকৰ্ম কৰি গৈছে। ছবিৰ বাবে গীতো লিখিছে। কোনোকালেই কিন্তু আনৰ চিন্তাৰে লিখা নাই। সেই বাবেই হয়তো তুলনামূলকভাৱে গীতৰ সংখ্যা কম আছিল। কিন্তু শ্ৰোতাৰ হৃদয়ত আলোড়ন সৃষ্টি কৰিছিল প্ৰতিটো গীতেই। আজিৰ প্ৰজন্মৰ মুখত শুনা যায়। কাঈফী চাহাবৰ সেই অমৰ সৃষ্টি ‘এ দুনীয়া, এ মেহফিল, কই কাম কি নেহি'। এগৰাকী পৰিচালক, যিজনক আজিৰ তাৰিখত কোৱা হয় ‘ছুপাৰ ফিল্মমেকাৰ', তেওঁ কাঈফী আজমীৰ ওচৰ চাপিছিল বহুদিনীয়া আশা এটা লৈ। ক'লে, "কাঈফী চাহাব, মোৰ বহুদিনীয়া ‘আশা’টো লৈ আহিছোঁ, মোক হতাশ নকৰিব। অন্ততঃ এটা গান হ'লেও মোৰ বাবে লিখক। আপুনিতো শব্দৰ যাদুকৰ। মই বিচৰা গানটো...।" পৰিচালকগৰাকীৰ কথা শেষ হ’বলৈ নিদিলে কাঈফী চাহাবে। স্পষ্টভাৱে ক'লে, "আপুনি বোধহয় মোৰ গান বিচাৰি অহা নাই। মোৰ নামটো ব্যৱহাৰ কৰিব বিচাৰিছে। মোৰ নামটো পিছে সিমান বিখ্যাত নহয় আৰু আপুনি ভবাৰ দৰে মই শব্দৰ যাদুকৰো নহওঁ। বেয়া নাপাব আপুনি বিচৰা ধৰণে শব্দ কেইটামান কম্পোজ কৰি দিবলৈ মই অসমর্থ। আপোনাৰ দৰে পৰিচালকৰ ছবিত মোৰ গান থাকিলে ময়ো আনন্দ অনুভৱ কৰিলোঁহেঁতেন। মোৰেই দুৰ্ভাগ আপুনি সুযোগ দিয়াৰ পিছতো আনন্দ উপভোগ কৰিব নোৱাৰিলোঁ।" এই কথোপকথনখিনিৰ উদ্ধৃতি দি বিখ্যাত সংগীতকাৰ খয়্যাম মৰহুমে কৈছিল, "তেওঁক বুজোৱাৰ প্ৰয়োজন নাই। মাথোঁ ওচৰলৈ গৈ ক'লেই হ’ব এনেধৰণৰ ছবি এখন হাতত লৈছোঁ, আপুনি লিখা গীত ব্যৱহাৰ কৰিব খোজোঁ। দেখিব আপুনি বিচৰাধৰণৰ গানেই, আপোনাৰ হাতত তুলি দিছে। আপুনি কোৱা মতে কিন্তু আন দহজন গীতিকাৰৰ দৰে গীত লিখি দিবলৈ তেওঁ সন্মত নহ’ব। তেওঁৰ স্বভাৱ মই ভালদৰেই জানো। এই স্বভাৱৰ বাবেই বহুতেই তেওঁক অহংকাৰী বুলি কয়। মই কওঁ এই অহংকাৰৰ বাবেই তেওঁ আন দহজনতকৈ বেলেগ, শ্রেষ্ঠ। অহংকাৰী নহ'লে আমি কেতিয়াও আজি পোৱাৰ দৰে হৃদয়স্পর্শী গীত শ্বাৱেৰী নাপালোঁহেঁতেন।" গীত বা শ্বায়েৰীৰ 'ইমেজ'টো মনৰ পৰ্দাত ধৰা দিয়াৰ পিছত কাঈফী চাহাবক শব্দৰ সৈতে খেলা অৱস্থাত বহুজনেই পাইছে। খেলি থকা অৱস্থাত জাভেদ আখতাৰ, গুলজাৰৰ দৰে কোনোবা এজন যদি ওচৰত আছিল খেলখন বেছ উপভোগ্য হৈ পৰিছিল হেনো। ওচৰত থকা কোনোবাজনক শুনাইছিল, মতামত বিচাৰিছিল, মতামতলৈ অপেক্ষা নকৰি ৰং সলাইছিল। এটা সময়ত তেওঁ সন্তুষ্ট হৈছিল, ওচৰত থকা 'কোনোবাজনক' শুনাইছিল, কৈছিল,"মতামত দিব নালাগে। এতিয়া এইটো (শ্বায়েৰী বা গীতটো) মোৰ সম্পত্তি। শুনি বেয়া পালে পাহৰি যাবা।" খয়্যাম মৰহুমে কৈছিল— "এয়াই তেওঁৰ স্বভাৱ। আনৰ মতামত শুনিব নোখোজে। কাৰণ আত্মসন্তুষ্টিৰ ঊর্ধ্বত, তেওঁৰ বাবে আন একো হ’ব নোৱাৰে। মই সুধিছিলোঁ আপুনি কিয় এনেকুৱা ? ধেমালিৰ সুৰেৰে তেওঁ কৈছিল—"কাৰণ মই আনতকৈ বেলেগ।' হয়, কাঈফী আজমী আনতকৈ বেলেগ।" প্ৰদূষিত মুম্বাইত নিজেই ‘ট্রেক’ এটাৰ সৃষ্টি কৰি ‘বিশুদ্ধ সুবাস’ বিলাই গৈছে বিশুদ্ধ শ্বায়েৰী, গীতেৰে। তেওঁ মেৰিন ড্রাইভ বা জুহু বীচ্চত শীতল-নিৰ্মল বতাহৰ সন্ধান কৰাৰ দৰে কাব্যপ্রেমীসকলে ‘বিশুদ্ধ সুবাস’ বিচাৰি পৃষ্ঠা লুটিয়ায় ‘ঝংকাৰ’, ‘ছৰমায়া’ আখিৰ-ই-ছাব, কৈফিয়াৎ, নঈ গুলিস্তাঁ আদি তেওঁৰ কাব্য সংকলন। (সৌজন্য: সামনা,মুম্বাই স্বকাল,মিড ডে' /প্রকাশ : আজি/১১মে,২০০২)

মন্তব্যসমূহ

এই ব্লগটি থেকে জনপ্রিয় পোস্টগুলি

চিনেমাৰ জুবিন

জুবিন গাৰ্গ অভিনেতা নাছিল। "অভিনেতা জুবিন" নিৰ্মাণ কৰিছিল বা নিৰ্মাণ কৰাইছিল। "গায়ক ইমেজ"ৰ পৰা "নায়ক ইমেজ"ৰ মাজত বন্দী হব পাৰিছিল "মনযায়"ত। এম মণিৰামৰ পৰিচালনাৰে নিৰ্মান কৰা অসমীয়া চিনেমা "মনযায়"ত মানৱৰ চৰিত্ৰত দৰ্শকে, চিত্ৰৰসিকে গ্ৰহণ কৰিছে। চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ২০০৮ চনত। বিশ্লেষণ কৰিলে স্পষ্ট হয়-- মানৱ কিন্তু "জুবিন"ৰ পৰা মুক্ত নাছিল। মানৱে কথা কৈছিল (সংলাপ প্ৰক্ষেপন কৰিছিল) জুবিনৰ দৰে। চেহেৰা-শৰীৰ ভাষাতো মানৱ "জুবিন"ৰ পৰা মুক্ত নহয়। তথাপি চিত্ৰৰসিকে জুবিনৰ অভিনয় গ্ৰহণ কৰিছে। মুনিন বৰুৱাৰ "দীনবন্ধু" (২০০৪)-ৰ বিপুলকো দৰ্শকে গ্ৰহণ কৰিছে। চৰিত্ৰ দুটাৰ মাজত দূৰত্ব অতি কম। কিন্তু বিপুলতকৈ মানৱ বেছি উজ্বল। "চৰিত্ৰ" দুটাক চিত্ৰৰসিকে ইতিবাচক সহাৰি দিয়াৰ প্ৰাথমিক কাৰণ-- cinematic acting, যাক আমি বাস্তবিক অভিনয় (realistic acting) বুলিব পাৰোঁ। আমাৰ ধাৰণা-- জুবিনে সততে (যদিওবা চিনেমা পৰিচিলকৰ মাধ্যম) "জুবিন"ৰ মাজতে থাকি "চৰিত্ৰ"ক গতি দিয়ে বা পৰিচালকক চৰিত্ৰ নিৰ্মাণত স...

নৈ কথা | চিনেচৰ্চা

‘নৈ কথা’ এখন অসমীয়া চিনেমা। ড° পঙ্কজ বৰাৰ পৰিচালনা। চিনেমা খনৰ কাহিনী ৰেখাৰ মূল বিন্দু এজন মাচুৱৈ। নাম-- তিলেশ্বৰ, তিলো। নৈপৰীয়া তিলোৰ চালিকা শক্তি, সংসাৰ চলোৱাৰ শক্তি নৈ খনত থকা মাছ কেইটা। তিলোৰ বাবে সমস্যা-- নৈ খনত মাছ কমি আহিছে। আৰু দিনটোৰ পৰিশ্ৰমৰ মূৰকত পোৱা মাছ কেইটাত উচিৎ দাম নিদয়ে, গ্ৰাহকে আগ্ৰহ নেদেখুৱাই।  [বিপৰীতে গ্ৰাহকৰ-- চালানী মাছ, ব্ৰইলাৰ মুৰ্গী প্ৰতিহে! পৰিচালকে কেমেৰাৰ ফ্ৰেমত একেলগে তিলোৰ স্থানীয় নৈৰ মাছৰ, চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ "দোকান" তিনিখন ৰাখিছে। দেখুৱাইছে-- চালানী মাছৰ, ব্ৰইলাৰ মুৰ্গীৰ নিৰ্দিষ্ট দাম দিবলৈ ক্ৰেতাই আপত্তি নকৰে, বিপৰীতে তিলোৰ সৈতে কিমান যে দৰ-দাম কেন্দ্ৰিক কথা! চিত্ৰায়ণ--  বাস্তৱিক। পৰিপাটি-- কেমেৰাৰ ভাষা প্ৰয়োগ, যিমান প্ৰয়োজন সিমান সাহিত্যৰ ভাষা ব্যৱহাৰ।]  তিলোৰ ঘৰ নচলে! দুই এমা ডিমা সন্তান আৰু পত্নী বাসন্তীক লৈ তিলোৰ সংসাৰ। প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী আনোতে আনোতে মহাজনৰ দোকানত "বাকী" বাঢ়ি গৈ আছে।  তিলো হ'তৰ  সমস্যা [সমস্যা কেৱল তিলোৰ নহয়, নৈ পৰীয়া মাচুৱৈৰ। এই দিশটো পৰিচালক পৰিপাটিকৈ স্পষ্ট কৰিছে, কাহিনীৰ গতি...

হেৰোৱা ছন্দ | পূৰ্বালোকন

আৰু এখন চিনেমা-- জাহ্নু বৰুৱাৰ। আৰু এটা গীত-- ইবচন লাল বৰুৱাৰ। কথা-সুৰ-সংগীত ইবচন লাল বৰুৱাৰ।  " দামি গহনা পিন্ধি হাঁহিছা  হাঁহিটিয়েই চোন এটি গহনা  গহনা বুলি ধাতু কিনিছা  কিনিব জানো হাঁহি পাৰিবা পাৰা যদি সুৰ তুমি ঢালিবা  ঢালি গভীৰৰ সঁচা তৰঙ্গ  অঙ্গ ভেদি গান কঁপিব  কঁপি উঠিব হেৰোৱা ছন্দ..." চিনেমাৰ গীত।  চিনেমাৰ নাম: হেৰোৱা ছন্দ।  জাহ্নু বৰুৱাৰ চিনেমা। (জাহ্নু বৰুৱাৰ চিনেমা মানেই মনত ৰৈ যোৱা চিনে-চিন্তা, চুই যোৱা চিনে-সৌন্দৰ্য।) জাহ্নু বৰুৱাৰ বাবে ইয়াৰ পূৰ্বে ইবচন লাল বৰুৱাই নিৰ্মাণ কৰিছিল (নিজৰ কথা, সুৰেৰে) -- "বিষুৱ ৰেখা নাপাওঁ দেখা ভৰিৰ তলত দুখন ধৰা এখন আকাশ আকাশ ফালি মেঘৰ বিবাদ… মোৰ ভগা খিৰিকী পোহৰ দিয়া খিৰিকী মোৰ ভগা খিৰিকী দুৱাৰ খোলা খিৰিকী …" (চিনেমা : ভগা খিৰিকী) পূৰ্বৰ গীতটোৰ দৰে "হেৰোৱা ছন্দ"ৰ বাবে নিৰ্মাণ কৰা গীতটোও চিনে-সৌন্দৰ্যৰে ভৰপূৰ, আমাৰ অনুভৱত। আমাৰ ধাৰণাত গীতটোৰ কথা-সুৰ, গায়কীত চিনেমা খনৰ "কাহিনী" আছে, বিষয়-বস্তু আছে। গীতটোত ব্যৱহাৰ কৰিছে ঊষা উত্থুপ আৰু অনিন্দিতা পলৰ কণ্ঠ। সম্ভৱতঃ ৰূপালী গল্পটোৰ মূল ...