সরাসরি প্রধান সামগ্রীতে চলে যান

কাঈফী আজমী ...

মেৰিন ড্রাইভ কিম্বা জুহু বীচ্চৰ আবেলিত তেওঁ হয়তো সন্ধান কৰে এছাটি শীতল, নির্মল বতাহ! প্রায়ে দেখা যায় তেওঁক। সদায় দেখাজনে কথাৰে, হাঁহিৰে সম্ভাষণ জনায়। চিনাকিৰ প্ৰয়োজন নাই, তেওঁৰ বাবে হয়তো অচিনাকি, কিন্তু সম্ভাষণ জনোৱা প্ৰতিগৰাকীৰ বাবে তেওঁ চিনাকি। চিনাকিয়ে নহয়, প্ৰতিগৰাকীৰ যেন অতি ওচৰৰ, অতি মৰমৰ। নাম তেওঁৰ কাঈফী আজমী। : কোন কাঈফী আজমী? : শ্বাবানা আজমীৰ বাবা- - এয়াই নেকি তেওঁৰ পৰিচয়নাম তেওঁৰ কাঈফী আজমী। : কোন কাঈফী আজমী? : শ্বাবানা আজমীৰ বাবা- - এয়াই নেকি তেওঁৰ পৰিচয়। হয়, তেওঁৰ নামটো শুনাৰ পিছত যিসকলে ‘কোন কাঈফী আজমী’ বুলি প্রশ্ন কৰে তেওঁৰ বাবে এয়াই পৰিচয় --কাঈফী আজমী শ্বাবানাৰ দেউতাক। নামটো শুনাৰ পিছত যিসকলে প্ৰশ্ন নকৰে, তেওঁলোকে জানে এছাটি শীতল, নির্মল বতাহৰ সন্ধানত পিটপিটাই ফুৰা এই মানুহজনক ব্যাখ্যা কৰা অসম্ভৱ। (এনেই ঘূৰি ফুৰোঁ। ক’তনো পারা নির্মল বতাহ... প্ৰদূষণ সম্পর্কীয় এটি প্রশ্নৰ উত্তৰত কাঈফী আজমী)। দেখিছোঁ, বহুজনক দেখিছোঁ। শুনিছোঁ, বহুজনৰ বিষয়ে শুনিছোঁ। চাক্ষুস চিনাকিৰ পিছত আমাৰ মনত ‘বিখ্যাত’ বহুজনে চুচুক-চামাককৈ তেওঁৰ ওচৰ চাপে, বুজিবলৈ চেষ্টা কৰে আৰু ছল পালেই আত্মীয়তা গঢ়ি তোলে। স্বার্থ কিছু হ'লেও আস্বাদ লোৱা শ্বায়েৰীৰ। শব্দৰ আন এজন যাদুকৰ গুলজাৰে লিখিছিল, "...আপুনি তেওঁৰ (কাঈফী আজমীৰ) ওচৰে-পাঁজৰে ঘূৰি ফুৰে, অথচ তেওঁৰ শ্বায়েৰী শুনা নাই, তেনেহ'লে সন্দেহ নাই, তেওঁৰ ওচৰত থাকিও আপুনি তেওঁৰ পৰা বহু নিলগত আছে। তেওঁৰ প্ৰতিটো শায়েৰী আপুনি পঢ়িছে, কিন্তু তেওঁৰ কণ্ঠ শুনা নাই, তেনেহ'লে সন্দেহ নাই তেওঁৰ শ্বায়েৰীৰ পূৰ্ণ আস্বাদ লোৱাৰ সুযোগ আপুনি এতিয়াও পোৱা নাই। সঁচা কথা কওঁনে— তেওঁৰ ওচৰ চাপিছিলোঁ কেৱল তেওঁৰ শ্বায়েৰীৰ পূৰ্ণ আস্বাদ লোৱাৰ স্বাৰ্থত।" প্ৰকৃতাৰ্থত তেওঁ আছিল শ্বায়েৰ। তেওঁৰ লক্ষ্যই আছিল শায়েৰী। উত্তৰপ্ৰদেশৰ আজমগড়ৰ তেনেই সৰু গাঁও মিজাবাৰত জন্ম হোৱা কাইফীয়ে শৈশৱতেই পাইছিল শ্বেৰো শ্বায়েৰীৰ পৰিৱেশ। পৰিৱেশেই তেওঁৰ মনত তাগিদা'ৰ সৃষ্টি কৰিছিল আৰু তাগিদাই বাধ্য কৰাইছিল হাতত কাপ তুলি ল'বলৈ। "আচলতে মোৰ মন তেতিয়া বিদ্রোহী হৈ উঠিছিল মোৰ আশে-পাশে ঘূৰি ফুৰা স্বয়েৰীপ্রেমীসকলৰ বিৰুদ্ধে। সৰুতে যেতিয়া মই তেওঁলোকক শ্বায়েৰী শুনাবলৈ চেষ্টা কৰিছিলোঁ, মোক অৱজ্ঞা কৰিছিল। দুই-এজনে শুনিছিল, সুধিছিল ক'ৰ পৰা 'কপী' কৰিছ? মানি লোৱা নাছিল সেয়া যে মই নিজেই লিখা। এনেবোৰ ঘটনাই মোক কন্দুৱাইছিল। কিন্তু মই দুৰ্বল হৈ পৰা নাছিলোঁ। মোৰ একমাত্র বন্ধু হাজিদ বাজিক কৈছিলোঁ— চাই থাকা বাজি, এদিন মই হিন্দুস্তানৰ বিখ্যাত শ্বায়েৰ হ'ম। কোনোধৰণৰ শক্তিয়েই মোক বাধা দিব নোৱাৰে।" ‘লক্ষ্য যাৰ স্থিৰ, সি লক্ষ্যস্থানত উপনীত হ'বই।'--কৈছিল ৱাজিদ বাজিয়ে : মই তেওঁক (কাঈফী আজমীক) তেতিয়াই শ্বায়েৰ হিচাপে পছন্দ কৰিছিলোঁ। আনে বুজাৰ দৰে হয়তো মই শ্বায়েৰী নুবুজোঁ। শ্বায়েৰীৰ আস্বাদ লোৱাৰ পৰিৱেশৰ মাজত আমি লালিত-পালিত হোৱা বাবেই স্বাভাৱিকতেই উত্থাপন হৈছিল ভাল লগা-বেয়া লগাৰ প্ৰশ্নটো। মোৰ উত্তৰ সদায় এটাই আছিল আন কোনো হ’ব নোৱাৰে কাঈফী..... কাঈফীৰ শ্বায়েৰীৰ ওপৰত। বাজিদ বাজিৰ প্ৰিয় শ্বায়েৰ, প্রিয় শ্বায়েৰী, আন বহুতৰো প্ৰিয় হ'ব ধৰিলে। বহুতেই, আনকি পোনতে অৱজ্ঞা কৰাসকলেও দ্বিধাবোধ নকৰিলে প্রিয় শায়েৰৰ আসনত কাঈফী আজমীক বহুৱাবলৈ। আকৌ কন্দুৱাইছিল কাঈফীক, এইবাৰ পিছে সাফল্যৰ সংকেত। 'মুদ কে বাদ উচনে জো কী লুফ কী নীগাহ/জী বৃছ তো হো গয়া মগৰ আঁছু নিকাল পড়ে।' জকাইচুকৰ শ্বায়েৰে মুম্বাইত খোজ পেলালে। মুম্বাইতো ব’বলৈ ধৰিলে ‘কাঈফী শ্বায়েৰী'ৰ সুবাস। বাঃ ইমান সুবাস। প্ৰদূষিত মুম্বাই মহানগৰীতো এনে ‘বিশুদ্ধ’ সুবাস পোৱা যায়নে? হয়, প্রদূষিত মুম্বাই। গীত, শ্বায়েৰী, অভিনয়ৰ জখলাডাল ইয়াতেই থাকে। ইয়াতেই আৰম্ভ হয় শিল্প-সাহিত্যৰ সৈতে জড়িতসকলৰ ‘এন্দুৰ দৌৰ’। ‘এন্দুৰ দৌৰ’ত যোগ দিয়াৰ লগে লগেই শিল্পকর্ম হয় প্ৰদূষিত। কোনোকালেই কিন্তু কাঈফী আজমীয়ে 'এন্দুৰ দৌৰ’ত যোগ দিয়া নাছিল। গ্লেমাৰৰ পিছত দৌৰা নাছিল। তেওঁৰ হৃদয়ত সৃষ্টি হোৱাবোৰহে কাপৰ মুখেৰে ওলাইছিল। কাপেৰে কোনোধৰণৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা নাছিল। আগশাৰীৰ গীতিকাৰ-চিত্রনাট্যকাৰ তথা কাঈফীৰ জোঁৱাই জাভেদ আখতাৰে লিখিছিল, ইয়াত (মুম্বাইত) শ্বায়েৰী, গীত সকলো সৃষ্টিকর্মই পণ্য। পৰিৱেশেই আমাক বাধ্য কৰাইছে। পৰিৱেশৰ সৈতে তাল মিলাই আমি দৌৰ আৰম্ভ কৰিছোঁ। আমি কি লিখিম সেয়া ভবাৰ দায়িত্ব যেন আমাৰ হাতৰ পৰা লাহে লাহে ওলাই গৈছে।... এতিয়া মাথোঁ আমি শব্দ ‘কম্পোজ'ত ব্যস্ত। হৈ পৰিছোঁ। আমাৰ অনুভূতি যেন লাহে লাহে হেৰাই গৈছে।... এনে পৰিৱেশৰ মাজতো কিন্তু তেওঁ (কাঈফী আজমীয়ে) নীৰৱে সৃষ্টিকৰ্ম কৰি গৈছে। ছবিৰ বাবে গীতো লিখিছে। কোনোকালেই কিন্তু আনৰ চিন্তাৰে লিখা নাই। সেই বাবেই হয়তো তুলনামূলকভাৱে গীতৰ সংখ্যা কম আছিল। কিন্তু শ্ৰোতাৰ হৃদয়ত আলোড়ন সৃষ্টি কৰিছিল প্ৰতিটো গীতেই। আজিৰ প্ৰজন্মৰ মুখত শুনা যায়। কাঈফী চাহাবৰ সেই অমৰ সৃষ্টি ‘এ দুনীয়া, এ মেহফিল, কই কাম কি নেহি'। এগৰাকী পৰিচালক, যিজনক আজিৰ তাৰিখত কোৱা হয় ‘ছুপাৰ ফিল্মমেকাৰ', তেওঁ কাঈফী আজমীৰ ওচৰ চাপিছিল বহুদিনীয়া আশা এটা লৈ। ক'লে, "কাঈফী চাহাব, মোৰ বহুদিনীয়া ‘আশা’টো লৈ আহিছোঁ, মোক হতাশ নকৰিব। অন্ততঃ এটা গান হ'লেও মোৰ বাবে লিখক। আপুনিতো শব্দৰ যাদুকৰ। মই বিচৰা গানটো...।" পৰিচালকগৰাকীৰ কথা শেষ হ’বলৈ নিদিলে কাঈফী চাহাবে। স্পষ্টভাৱে ক'লে, "আপুনি বোধহয় মোৰ গান বিচাৰি অহা নাই। মোৰ নামটো ব্যৱহাৰ কৰিব বিচাৰিছে। মোৰ নামটো পিছে সিমান বিখ্যাত নহয় আৰু আপুনি ভবাৰ দৰে মই শব্দৰ যাদুকৰো নহওঁ। বেয়া নাপাব আপুনি বিচৰা ধৰণে শব্দ কেইটামান কম্পোজ কৰি দিবলৈ মই অসমর্থ। আপোনাৰ দৰে পৰিচালকৰ ছবিত মোৰ গান থাকিলে ময়ো আনন্দ অনুভৱ কৰিলোঁহেঁতেন। মোৰেই দুৰ্ভাগ আপুনি সুযোগ দিয়াৰ পিছতো আনন্দ উপভোগ কৰিব নোৱাৰিলোঁ।" এই কথোপকথনখিনিৰ উদ্ধৃতি দি বিখ্যাত সংগীতকাৰ খয়্যাম মৰহুমে কৈছিল, "তেওঁক বুজোৱাৰ প্ৰয়োজন নাই। মাথোঁ ওচৰলৈ গৈ ক'লেই হ’ব এনেধৰণৰ ছবি এখন হাতত লৈছোঁ, আপুনি লিখা গীত ব্যৱহাৰ কৰিব খোজোঁ। দেখিব আপুনি বিচৰাধৰণৰ গানেই, আপোনাৰ হাতত তুলি দিছে। আপুনি কোৱা মতে কিন্তু আন দহজন গীতিকাৰৰ দৰে গীত লিখি দিবলৈ তেওঁ সন্মত নহ’ব। তেওঁৰ স্বভাৱ মই ভালদৰেই জানো। এই স্বভাৱৰ বাবেই বহুতেই তেওঁক অহংকাৰী বুলি কয়। মই কওঁ এই অহংকাৰৰ বাবেই তেওঁ আন দহজনতকৈ বেলেগ, শ্রেষ্ঠ। অহংকাৰী নহ'লে আমি কেতিয়াও আজি পোৱাৰ দৰে হৃদয়স্পর্শী গীত শ্বাৱেৰী নাপালোঁহেঁতেন।" গীত বা শ্বায়েৰীৰ 'ইমেজ'টো মনৰ পৰ্দাত ধৰা দিয়াৰ পিছত কাঈফী চাহাবক শব্দৰ সৈতে খেলা অৱস্থাত বহুজনেই পাইছে। খেলি থকা অৱস্থাত জাভেদ আখতাৰ, গুলজাৰৰ দৰে কোনোবা এজন যদি ওচৰত আছিল খেলখন বেছ উপভোগ্য হৈ পৰিছিল হেনো। ওচৰত থকা কোনোবাজনক শুনাইছিল, মতামত বিচাৰিছিল, মতামতলৈ অপেক্ষা নকৰি ৰং সলাইছিল। এটা সময়ত তেওঁ সন্তুষ্ট হৈছিল, ওচৰত থকা 'কোনোবাজনক' শুনাইছিল, কৈছিল,"মতামত দিব নালাগে। এতিয়া এইটো (শ্বায়েৰী বা গীতটো) মোৰ সম্পত্তি। শুনি বেয়া পালে পাহৰি যাবা।" খয়্যাম মৰহুমে কৈছিল— "এয়াই তেওঁৰ স্বভাৱ। আনৰ মতামত শুনিব নোখোজে। কাৰণ আত্মসন্তুষ্টিৰ ঊর্ধ্বত, তেওঁৰ বাবে আন একো হ’ব নোৱাৰে। মই সুধিছিলোঁ আপুনি কিয় এনেকুৱা ? ধেমালিৰ সুৰেৰে তেওঁ কৈছিল—"কাৰণ মই আনতকৈ বেলেগ।' হয়, কাঈফী আজমী আনতকৈ বেলেগ।" প্ৰদূষিত মুম্বাইত নিজেই ‘ট্রেক’ এটাৰ সৃষ্টি কৰি ‘বিশুদ্ধ সুবাস’ বিলাই গৈছে বিশুদ্ধ শ্বায়েৰী, গীতেৰে। তেওঁ মেৰিন ড্রাইভ বা জুহু বীচ্চত শীতল-নিৰ্মল বতাহৰ সন্ধান কৰাৰ দৰে কাব্যপ্রেমীসকলে ‘বিশুদ্ধ সুবাস’ বিচাৰি পৃষ্ঠা লুটিয়ায় ‘ঝংকাৰ’, ‘ছৰমায়া’ আখিৰ-ই-ছাব, কৈফিয়াৎ, নঈ গুলিস্তাঁ আদি তেওঁৰ কাব্য সংকলন। (সৌজন্য: সামনা,মুম্বাই স্বকাল,মিড ডে' /প্রকাশ : আজি/১১মে,২০০২)

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...