বৃহস্পতিবার, ১৮ নভেম্বর, ২০২১

শূন্যৰ পৰা..("চিনেমা চিনেমা" গ্ৰন্থৰ পৰা)

শক্তি সামন্ত। এটা সময়ৰ প্ৰখ্যাত চিনেমা পৰিচালক। এইগৰাকী পৰিচালকৰ চিনেমাৰ ফ্ল'ৰ। নায়িকা সুপ্রিয়া চৌধুৰী আৰু ৰীতা ভাদুৰীৰ মাতৃ চন্দ্ৰিকা ভাদুৰীয়ে ‘ধৰ্ম যুগ’ত প্ৰকাশ পোৱা গল্প এটাৰ চর্চাত মচগুল। স্পটবয় এজনে পৰিচালকৰ নিৰ্দেশ ক্রমে সুপ্রিয়াক চেণ্ডেল পিন্ধোৱাত ব্যস্ত। চেণ্ডল পিন্ধাই স্পটবয়জন আঁতৰিল। আতৰি যোৱাৰ পাছত আন এজন স্পটবয়ে সুপ্রিয়াক ক'লে— মেদাম আপোনালোকে যিটো গল্পৰ বিষয়ে চৰ্চা কৰি আছে, গল্পকাৰ জন কোন জানেনে? 
--এই মাত্ৰ যে চেণ্ডেল পিন্ধাই গ'ল সেইজনেই। শক্তি সামন্ত। এটা সময়ৰ প্ৰখ্যাত চিনেমা পৰিচালক। এইগৰাকী পৰিচালকৰ শ্বট। নায়িকা সুপ্রিয়া চৌধুৰী আৰু ৰীতা ভাদুৰীৰ মাতৃ চন্দ্ৰিকা ভাদুৰী ‘ধৰ্ম যুগ’ত প্ৰকাশ পোৱা গল্প এটাৰ চর্চাত মচগুল। স্পটবয় এজনে পৰিচালকৰ নিৰ্দেশ ক্রমে সুপ্রিয়াক চেণ্ডেল পিন্ধোৱাত ব্যস্ত। চেণ্ডল পিন্ধাই স্পটবয়জন আঁতৰি . আপোনাক এইমাত্র যে যোৱাৰ পাছত আন এজন স্পটবয়ে সুপ্রিয়াক ক'লে— মেদাম আপোনালোকে যিটো গল্পৰ বিষয়ে চৰ্চা কৰি আছে, গল্পকাৰ্জন কোন জানেনে? চেণ্ডেল পিন্ধাই গ'ল সেইজনেই।
—এয়া পঞ্চাছ বছৰ আগৰ ঘটনা। স্পটবয় আবিদ আজি এক সন্মানীয় ব্যক্তি। কেৱল কলমেৰেই নহয়, ৰং-তুলিকাৰেও সপোন ৰাজ্যৰ সৃষ্টি কৰা আবিদ সুৰভি আজি বহুতৰে ওচৰৰ, মৰমৰ, প্রিয় কথাশিল্পী, চিত্ৰশিল্পী। সাধাৰণ পাঠক-দর্শকৰে নহয়, ৰাজকাপুৰৰ দৰে স্বপ্নৰ সদাগৰৰ হৃদয় আলোড়িত কৰিছিল আবিদৰ শব্দৰ মালাই। আবিদ আছিল ৰং-তুলিকাৰে সৈতে খেলা শিল্পী। হাতত কলম তুলি লৈছিল কেৱল আৰ্থিক দীনতাৰ পৰা মুক্ত হ’বলৈ। ‘ধর্মযুগ’ত গল্প প্রকাশ হোৱাৰ পাছত স্পট বয় আবিদক ‘স্ক্রীপ্ট’ৰ কামত লগাইছিল। আঁৰত থাকি কেইবাখনো বিখ্যাত, জনপ্রিয় চিনেমাৰ ‘স্ক্রীপ্ট’ৰ কাম কৰিছিল। কেৱল স্ক্রীপ্টৰ কামেই কৰিছিলনে? আবিদৰ মুখেৰেই শুনক— ‘কেৱল টকাৰ কাৰণেই, আর্থিক সমস্যাৰ পৰা মুক্তি পাবলৈকে আনৰ নামত স্ক্রীপ্টৰ লগতে চিনেমাৰ কাহিনী, সংলাপ, গীত আৰু কিতাপ লিখাৰ লগতে অনুবাদৰ কামো কৰিছিলোঁ। এই কামত মোৰ অকণো আক্ষেপ নাই। মই যি বিচাৰিছিলোঁ, সেয়া পাইছোঁ। আর্থিক সমস্যাৰ পৰা মুক্তি পাইছিলোঁ।” খুব কম সংখ্যকেহে জানে চিত্রনাট্যকাৰ আবিদক। পঞ্চাছখন উপন্যাস, দহখন গল্প সংগ্ৰহ আৰু অন্যান্য কুৰিখন ৰচনাৰ বাবে মূলতঃ হিন্দী, গুজৰাটী, মাৰাঠী আৰু উৰ্দু সাহিত্যৰ পাঠকেহে জানে। অৱশ্যে ‘কালি কিতাব’ নামৰ গ্ৰন্থখন বিতৰ্কৰ চাকনৈয়াত পৰাৰ পাছত দেশ-বিদেশৰ, আন ভাষাৰ পাঠকৰো ওচৰ চাপে লেখকগৰাকী৷ ইয়াৰ পাছত চৰ্চালৈ আহে আৰু কেইবাখনো গ্রন্থ। বিশেষকৈ উল্লেখ কৰিব পাৰি সুভাষ চন্দ্ৰ বসুৰ জীৱনৰ আধাৰত ৰচিত উপন্যাস ‘গুলমোহৰ কি আঁসু’ (১৯৭৭), দেহ ব্যৱসায়ক উপজীৱ্য হিচাপে লৈ লিখা উপন্যাস ‘বাসক সজ্জা’ (১৯৭৯) আৰু বাবৰি মছজিদ কাণ্ডক লৈ লিখা উপন্যাস ‘কথা বাছক’ (২০০১)। 
--এই উপন্যাসকেইখনেৰে ইংৰাজী সাহিত্যৰ পাঠকৰো ওচৰ চাপে আবিদ। কিন্তু আবিদ সকলোৰে প্ৰিয়, শিশুৰ পৰা বৃদ্ধলৈকে ওচৰৰ কথা চিত্ৰ ‘টাব্বুজী’ৰ বাবে। আজিৰ তাৰিখতো দেশ-বিদেশৰ কাকত আলোচনীৰ পৃষ্ঠাত দেখা যায় ‘টাব্বুজী’। ২৮, জুলাই, ১৯৬৩ত ‘টাব্বুজী’ক সৃষ্টি কৰিছিল পকেট খৰচৰ বাবে। আবিদে সৃষ্টি কৰা জনপ্ৰিয় কথা চিত্ৰৰ চৰিত্ৰকেইটা হ’ল—ইন্সপেক্টৰ বিক্ৰম, ইন্সপেক্টৰ আজাদ, বাহাদুৰ আদি। নায়িকাৰ ভৰিত চেণ্ডেল পিন্ধোৱা আবিদে এদিন নায়িকাক ‘একশ্বন’ বুলিও ক’লে। ১৯৯০ চনত আবিদে পৰিচালনা কৰা প্ৰথমখন চিনেমা ‘আজকা মাছিহা’ চিত্ৰগৃহলৈ আহে। আশীৰ দশকত আবিদে নাট্যক্ষেত্ৰখনতো খোজ পেলায়; আৰু ৰচনা কৰে দহখনৰো অধিক নাটক। এই নাটককেইখন পৰিচালনাও কৰে। ১৯৮৬ চনত লিখা, পৰিচালনা কৰা নাটক ‘ৰাধে-ৰাধে হাম চব আধে’ পৃথ্বি থিয়েটাৰত পঞ্চাছটা হাউচফুল শ্ব’ হয়। পিছৰ সময়ছোৱাত কথাশিল্পী আবিদে নিষ্প্রভ কৰি পেলাইছিল চিত্রশিল্পী আবিদক। 
[ লিখিছিলো ২০০২ত। ‘আজি’ (অজিত কুমাৰ ভূঞা সম্পাদিত)ত প্ৰকাশ পাইছিল।]

কোন মন্তব্য নেই:

একটি মন্তব্য পোস্ট করুন