'চিনেমাখন কেনে পালা? 'নাটক' হৈ আছে নেকি?” – প্রথমে হজম কৰিব নোৱৰা, পিছলৈ ‘ভাল লাগি' যোৱা এটি প্ৰশ্নৰেই আমাৰ প্ৰথম মুখামুখি। পৰিচালক মুনিন বৰুৱাৰ সৈতে প্ৰথম মুখামুখি। ভাতৃপ্রতিম সাংস্কৃতিক কর্মী পৱিত্ৰ মাৰ্ঘেৰিটাই ‘কন্যাদান'ৰ প্ৰিমিয়াৰ শ্ব’ৰ পিছত আমাক চিনাকি কৰি দিছিল পৰিচালকগৰাকীৰ সৈতে। মাজত কোনো শব্দৰ বিনিময় নাছিল। প্রথম মুখামুখিতেই এনেধৰণৰ প্ৰশ্ন! দিগদাৰ অনুভৱ কৰিছিলোঁ। ('ফোন'ত দুবাৰ মান মুনিন বৰুৱাৰ সৈতে কথা নপতা নহয়। এবাৰ ফোন কৰিছিলো মুম্বাইৰ প্ৰকাশ পোৱা 'ফিল্মচিটি' নে 'কিংষ্টাৰ'ত 'হিয়া দিয়া নিয়া' চিনেমা খনৰ খবৰ আৰু স্থিৰচিত্ৰ প্ৰকাশ পোৱাৰ পিছত। কৈছিলো-- দাদা, মই মুম্বাইত। ইয়াৰ কাকতত আপোনাৰ চিনেমাৰ খবৰ আৰু স্থিৰচিত্ৰ ছপা হৈছে। 'হিয়া দিয়া নিয়া'ৰ ১০০% শতাংশ কালেকচনৰ খবৰ ছপা হৈছে। ...)
২০০২ চন। কেইটামান মাহ পূর্বে মোৰ কৰ্মস্থান সলনি কৰিছিলোঁ। কেইবাবছৰো মুম্বাইত থকাৰ পিছত গুৱাহাটীলৈ উভতি আহিছিলোঁ। আহিয়েই সময় খৰচ কৰিছিলোঁ আঁতৰি থকা দিনকেইটাত চিত্ৰগৃহলৈ অহা ‘অসমীয়া চিনেমা অধ্যয়ন'ত। প্রথমে ‘অধ্যয়ন’ কৰিবলৈ চেষ্টা কৰিলোঁ ‘পিতা-পুত্ৰ'ৰ (মুনিন বৰুৱাৰ প্ৰথম স্বতন্ত্র পৰিচালনা) পৰা মুনিন বৰুৱা কিমান দূৰ আগুৱাইছে। বিষয়বস্তু আৰু পৰিচালনা শৈলীৰ দিশত আমাৰ ‘অধ্যয়ন’ যোগাত্মক আছিল যদিও ছিকুরেন্স নিৰ্মাণত থকা ‘নাটকৰ গোন্ধে' আমাক আমনি কৰিছিল। এই ‘আমনি'ৰ কথা কাকত-আলোচনীৰ পৃষ্ঠাত ছপা হৈছিল। সম্ভৱতঃ সেই কাৰণেই প্রথম মুখামুখিতেই আছিল ‘হজম' কৰিব নোৱৰা সেই প্রশ্ন। প্রশ্নটো আমি হজম কৰিব পৰা নাছিলোঁ। সেই কথা হয়তো মুনিন বৰুৱাই অনুভৱ কৰিছিল। আমি কোনো ধৰণৰ মন্তব্য দিয়া নাছিলোঁ। মুনিন বৰুৱাই নিজে কৈ গৈছিল। চিনেমাৰ ছিকুৱেন্সৰ প্ৰসংগত। চিনেমাৰ সংলাপৰ প্ৰসংগত। কেতিয়াবা চিনেমাৰ ছিকুৱেন্সে ‘নাটক’ হৈ কিয় থাকে... ইত্যাদি ইত্যাদি। সেই কথাবোৰৰ মাজত বিচাৰি পাইছিলোঁ ‘এজন ভাল দর্শক, সমালোচক মুনিন বৰুৱা’ক।
হজম কৰিব নোৱৰা প্ৰশ্নটো ‘ভাল লাগিবলৈ আৰম্ভ কৰিছিল। স্পষ্ট হৈ পৰিছিল সেয়া আমাৰ সন্মুখত উত্থাপন কৰা প্ৰশ্ন নাছিল। মুনিন বৰুৱাৰ ভাষাত— “ 'দাগ’ৰ প্ৰসংগত যিকেইটা কথা তুমি উল্লেখ কৰিছা, বিশেষকৈ ‘নাটক’ প্ৰসংগতো, তোমাৰ লগত পিছত এদিন আলোচনা কৰিম। মই ভাবোঁ, ‘নাটক'ৰ পৰা ‘কন্যাদান' মুক্ত। তুমি কি কয়?...”
সঁচাকৈয়ে আছিল ‘কন্যাদান'ৰ পৰিচালনা শৈলী ‘দাগ 'তকৈ বহু বেলেগ। পৰিচালকে ‘ছাবজেক্ট মুভমেণ্ট-কেমেৰা মুভমেণ্ট’ত বিশেষভাৱে গুৰুত্ব দিছিল।
আমাৰ এই মনৰ ভাব প্রকাশ নকৰি প্ৰস্তাৱ এটা দিলোঁ— এদিন কেইঘণ্টামান বহি মত বিনিময় কৰাৰ। কাৰণ ইতিমধ্যে মুনিন বৰুৱা ‘পৰিচালক মুনিন বৰুৱা'ৰ প্ৰতি আমাৰ আগ্ৰহ বাঢ়িছিল।
(২)
মুনিন বৰুৱাৰ চিনেমা কাৰ বাবে?
মুনিন বৰুৱাই কিয় চিনেমা পৰিচালনা কৰে? পৰিচালক মুনিন বৰুৱাৰ চিনে চিন্তাত ‘চিনেমা বজাৰে’ দিগদাৰ দিয়ে নেকি?
– ইতিমধ্যে মুনিন বৰুৱাৰ সৈতে আমাৰ সম্পৰ্ক সহজ হৈ আহিছিল। বুজি উঠিছিলোঁ— চিনেমা বিষয়ত ঘণ্টাৰ পিছত ঘণ্টা ‘আড্ডা’ দি ভাল পোৱা মানুহ মুনিন বৰুৱা। নিজতকৈ আনৰ (হিন্দী, ইংৰাজী, বাংলা ভাষাৰ সুপৰিকল্পিত ৰচনাসমূহ) প্ৰসংগত আলোচনা কৰি আনন্দ অনুভৱ কৰে। কথা প্ৰসংগত এদিন কৈছিল— “মহেশ ভাট ভাল পৰিচালক। সন্দেহ নাই। মোৰ কেতিয়াবা কেনে ভাব হয় জানা— পিছৰ পৰ্যায়ত পৰিচালকগৰাকীয়ে কেৱল প্ৰযোজকৰ বাবে, দৰ্শকৰ বাবেহে চিনেমা পৰিচালনা কৰিছে।”
—হয়, ‘অৰ্থ’, ‘সাৰাংশ’ৰ পৰিচালকগৰাকী হেৰাই থাকিল 'দিল হো কি মানতা নহী’ত। ‘সাৰাংশ’ৰ মহেশ ভাটক বিচাৰিলে যিকোনো চিত্ৰৰসিকৰে কষ্ট হয়। বেদনা হয়। এজন ভাল পৰিচালকক হেৰুওৱাৰ বেদনা।
—সেই বেদনা মহেশ ভাটে নিজে অনুভৱ কৰেনে? মহেশ ভাটৰ দৰে ‘পিতা-পুত্ৰ’ৰ মুনিন বৰুৱাই কেৱল দৰ্শকৰ বাবে ‘হিয়া দিয়া নিয়া’ পৰিচালনা কৰিছিল নেকি?
–স্পষ্ট হ'বৰ বাবে উত্থাপন কৰিলোঁ ওপৰৰ প্ৰশ্নটো। পৰিচালকগৰাকীয়ে ক'লে— “বজাৰৰ বাবে অসমীয়া চিনেমা নিৰ্মাণৰ পৰিৱেশ ৰচনা হোৱা নাই। ৰচনা হোৱাৰ আশাও নাই। কেইখন অসমীয়া চিনেমা নির্মাণ হৈছে, কেইজন ভাল পৰিচালক ওলাইছে সেয়া বেলেগ কথা। অসমৰ প্ৰতিগৰাকী পৰিচালক-প্রযোজকে ‘ভাল চিনেমা' নিৰ্মাণৰ চেষ্টা কৰে। প্ৰথমে নিজৰ চিন্তাৰে চিনেমাখন নিৰ্মাণ কৰে। তাৰ পিছতহে চিন্তা কৰে চিত্ৰগৃহত কেনেকৈ চলাব, ‘বজাৰ’ৰ চিন্তাই মোক কোনো মুহূর্ততে আমনি কৰা নাই। আমনি কৰিবলৈ দিয়া নাই। কিন্তু মই সদায় নিজৰ দায়িত্ব বুলি ভাবোঁ— প্রযোজকৰ কথা চিন্তা কৰিব লাগে, প্ৰযোজকৰ টকা ঘূৰাই দিয়াৰ কথা পৰিচালকে চিন্তা কৰিব লাগে, দায়িত্ব বুলি ভাবিব লাগে।”
প্ৰসংগক্ৰমে মুনিন বৰুৱাই কৈছিল --"চিনেমাৰে ব্যৱসায় কৰক। চিনেমাৰে ব্যৱসায় কৰিবই লাগিব। চিনেমা খৰচী মাধ্যম। গতিকে নিৰ্মাণৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ ব্যৱসায় কৰিবই লাগিব। মোৰ ব্যক্তিগত মত— ব্যৱসায়ৰ বাবে চিনেমা নিৰ্মাণৰ পদ্ধতিয়ে চিনেমাৰ ক্ষতি কৰাৰহে আশংকা বেছি। আৰু তুমি কি ভাবা নাজানো! মোৰ মতে, ব্যৱসায়ৰ বাবে নিৰ্মাণ কৰা চিনেমা এখনে যে ব্যৱসায় কৰিব, তাৰ কোনো গেৰাণ্টী নাই। কিন্তু দৰ্শকৰ কথা নাভাবি পৰিচালকে সুচিন্তাৰে পৰিচালনা কৰা চিনেমা এখনে ব্যৱসায় কৰাৰ আশা থাকে। সত্যজিৎ ৰায়ে ‘পথেৰ পাঁচালী', ছাৰে (ড° ভবেন্দ্ৰনাথ শইকীয়াই) ‘সন্ধ্যাৰাগ’ নিশ্চয় ব্যৱসায়ৰ বাবে নিৰ্মাণ কৰা নাছিল। কিন্তু ভাল ব্যৱসায় কৰা নাছিল জানো?ব্যৱসায়ৰ বাবে চিনেমা নিৰ্মাণৰ পদ্ধতিয়ে চিনেমাৰ ক্ষতি কৰাৰহে আশংকা বেছি। আৰু তুমি কি ভাবা নাজানো! মোৰ মতে, ব্যৱসায়ৰ বাবে নিৰ্মাণ কৰা চিনেমা এখনে যে ব্যৱসায় কৰিব, তাৰ কোনো গেৰাণ্টী নাই। কিন্তু দৰ্শকৰ কথা নাভাবি পৰিচালকে সুচিন্তাৰে পৰিচালনা কৰা চিনেমা এখনে ব্যৱসায় কৰাৰ আশা থাকে। সত্যজিৎ ৰায়ে ‘পথেৰ পাঁচালী', ছাৰে (ড° ভবেন্দ্ৰনাথ শইকীয়াই) ‘সন্ধ্যাৰাগ’ নিশ্চয় ব্যৱসায়ৰ বাবে নিৰ্মাণ কৰা নাছিল। কিন্তু ভাল ব্যৱসায় কৰা নাছিল জানো?
'আশা’কেই কৰি আছোঁ ইমানদিনে, অসমীয়া চিনেমাৰ দিন ভাল হব! মই তোমাক এটা কথা কৈ থওঁ — অসমীয়া চিনেমাৰ শ্মশানযাত্রা, অসমীয়া চিনেমাৰ মৃত্যু ইত্যাদি ইত্যাদি যে লিখা হয় বা কোৱা হয়, সেই সম্পর্কত মই একমত হ’ব নোৱাৰোঁ। মোৰ বোধেৰে তেনেদৰে লিখা বা কোৱা উচিত নহয়। অসমীয়া চিনেমাৰ মৃত্যু নহয়। অসমীয়া চিনেমাৰ গতি বৃত্তাকাৰ। কেতিয়াবা ছবিঘৰত ভালদৰে চলিছে, একেলগে কেইবাখনো চিনেমা ফ্ল’ৰলৈ গৈছে। কেতিয়াবা চলা নাই। নির্মাণ কৰ্ম হৈছে। ভাল-বেয়াৰ মাজেৰেই চলি আছে, চলি থাকিব অসমীয়া চিনেমা।" ( আৰু আছে/ প্ৰকাশ: আজি,
জানুৱাৰী ২০০৩। )

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন