সরাসরি প্রধান সামগ্রীতে চলে যান

আৰু সান্নিধ্য / ৩ (খ)

মাতিছিলো– মুনিন দা বুলি পৰিচালকগৰাকীয়ে এদিন নিজেই ক'লে— “মোক সকলোৱে ভাইমনদা বুলি মাতে।" মুনিন বৰুৱা এতিয়া আমাৰ বাবেও ‘ভাইমনদা'। ভাইমনদা নামটো সম্ভৱতঃ ভাইটিৰ পৰা আহিছে। কাৰণ পৰিয়ালৰ সদস্যসকলৰ ওচৰত প্ৰকৃত নামটো আঁৰতে থাকি গৈছিল। সকলোৱে মাতিছিল ভাইটি বুলি। অৱশ্যে এই প্ৰসংগত ভাইমনদাৰ পৰা কোনো ধৰণৰ কথা জনা নাই আৰু জানিবলৈ চেষ্টাও কৰা নাই। কেৱল এদিন 'মুনিন বৰুৱা' নামটো কেনেদৰে হ'ল তাৰহে ব্যাখ্যা আগবঢ়াইছিল। পৰিচালকগৰাকীৰ ভাষাত— “মোৰ পৰিয়ালৰ লোকসকলে মোৰ প্ৰকৃত নামটো হয়তো পাহৰিয়ে গৈছে। স্কুললৈ গৈ এদিন মই নামটো নিজেই দি ল'লোঁ— মুনীন্দ্ৰনাথ বৰুৱা। ইয়াৰ কাৰণ মোৰ ককাদেউতাৰ নাম মহেন্দ্ৰনাথ বৰুৱা, দেউতাৰ নাম হেমেন্দ্রনাথ বৰুৱা। সেই আৰ্হিতে মোৰ নামটো ৰাখিছিলোঁ মুনীন্দ্ৰনাথ বৰুৱা। কিছুদিন যোৱাত ভাবিলোঁ নামটো কিছু চুটি কৰা যাওক। চুটি কৰি নামটো ৰাখিলোঁ— মুনিন বৰুৱা। আৰু এদিন 'ঈ’কাৰ আঁতৰাই ‘ই'কাৰ লগাই ল'লোঁ। কিয় লগালোঁ তাৰ ব্যাখ্যা মোৰ ওচৰত নাই। ভাল লাগিল লগাই ল'লোঁ। এতিয়া সকলোৱে মোৰ নামটো মুনিন বৰুৱা বুলি লিখিলে ভাল পাম। মোৰ মোৰ পৰিয়ালৰ লোকসকলে মোৰ প্ৰকৃত নামটো হয়তো পাহৰিয়ে গৈছে। স্কুললৈ গৈ এদিন মই নামটো নিজেই দি ল'লোঁ— মুনীন্দ্ৰনাথ বৰুৱা। ইয়াৰ কাৰণ মোৰ ককাদেউতাৰ নাম মহেন্দ্ৰনাথ বৰুৱা, দেউতাৰ নাম হেমেন্দ্রনাথ বৰুৱা। সেই আৰ্হিতে মোৰ নামটো ৰাখিছিলোঁ মুনীন্দ্ৰনাথ বৰুৱা। কিছুদিন যোৱাত ভাবিলোঁ নামটো কিছু চুটি কৰা যাওক। চুটি কৰি নামটো ৰাখিলোঁ— মুনিন বৰুৱা। আৰু এদিন 'ঈ’কাৰ আঁতৰাই ‘ই'কাৰ লগাই ল'লোঁ। কিয় লগালোঁ তাৰ ব্যাখ্যা মোৰ ওচৰত নাই। ভাল লাগিল লগাই ল'লোঁ। এতিয়া সকলোৱে মোৰ নামটো মুনিন বৰুৱা বুলি লিখিলে ভাল পাম। মোৰ বোধেৰে মোৰ নামটোৰ ভুল-শুদ্ধ বিচাৰ কৰি থকাৰ কোনো অর্থ নাই।” মুনীন্দ্ৰনাথ বৰুৱাৰ পৰা মুনিন বৰুৱা হোৱা বর্তমান সময়ৰ দক্ষ পৰিচালকগৰাকীৰ জন্ম গোলাঘাট জিলাৰ খুমটাইত, ১৯৪৭ চনত। খুমটাই মৌজাৰ মৌজাদাৰ আছিল দেউতাক হেমেন্দ্ৰনাথ বৰুৱা। মাক লতিকা বৰুৱা। তিনিটা সন্তান। একেবাৰে সৰু আছিল মুনিন বৰুৱা। মূল ঘৰ খুমটাইত যদিও নিগাজিকৈ থাকিবলৈ লৈছিল গোলাঘাট চহৰৰ বেঙেনাখোৱাত। দুগৰাকী ছোৱালীৰ পিছত একমাত্ৰ ল'ৰা হোৱাৰ বাবে স্বাভাৱিকতে সীমাহীন মৰমৰ মাজত ডাঙৰ হৈছিল। পৰিয়ালটো আছিল যৌথ। সৰুৰে পৰা দেউতাক-খুৰাকহঁতৰ লগত গাঁৱৰ সেউজ পৰিৱেশ আৰু চাহ বাগিচাৰ মাজত অতিবাহিত কৰিছিল শৈশব, যৌৱনৰ বহু বসন্ত, শৰৎ। পৰিচালকগৰাকীয়ে কৈছিল— “মোৰ দদাইদেৱে ২০ বছৰৰো অধিক কাল চাকৰি কৰিছিল বিহৰা চাহ বাগিচাত। দেউতাই বেছি সময় খৰচ কৰিছিল খুমটাইত। মৌজাৰ কামত গাঁৱে গাঁৱে ঘুৰি ফুৰিছিল। গতিকে গাঁও আৰু চাহ বাগিচাৰ পৰিৱেশৰ মাজত মোৰ বেছিভাগ সময় অতিবাহিত হৈছিল। সেই সেউজ সময়বোৰেই মোৰ পৰৱৰ্তী সময়ত ৰচনাৰ উৎস।”
                            (8) 
 আজিৰ জনপ্ৰিয় পৰিচালক মুনিন বৰুৱাই 'চিনেমা কেৰিয়াৰ' আৰম্ভ কৰিছিল সংগীতৰ মাজেৰে। পৰিচালকগৰাকীয়ে জানিবলৈ দিয়ে, সংগীতৰ মাজেৰেই তেওঁৰ সংযোগ ঘটিছিল চিনেমাৰ সৈতে। “মই জড়িত হোৱা প্রথমখন চিনেমা যে 'মমতা' সেই কথা বহুতেই নাজানে। নলীন দুৱৰাৰ ‘মমতা’ৰ সংগীতৰ সৈতে মই জড়িত আছিলোঁ। চিনেমাখনৰ গানৰ ৰেকর্ডিং গোলাঘাটতেই আউট ড’ৰত কৰা হৈছিল। কোনো ষ্টুডিঅ'ত ৰেকৰ্ডিং হোৱা নাছিল। তাত মই মেণ্ডোলিন বজাইছিলোঁ। তোমাৰ নিশ্চয় মনত আছে। ৰেহেনা আখতাৰ হান্নানে গোৱা 'আঁউসীৰ পিছতে...' গানটো। গানটোত মেণ্ডোলিনৰ পিচকেইটা মই বজোৱা। দৰাচলতে সেই সময়ত মই আছিলোঁ নাটকৰ মানুহ। সেই সময়ত শিৱপ্ৰসাদ ঠাকুৰ ছাৰহঁতৰ ‘মিট বিটান’ নামৰ নাট্যগোষ্ঠী এটা আছিল। আমি কেইজনমান ডেকাই 'ত্রিশূল' নামৰ নাট্যগোষ্ঠী এটাৰ জন্ম দিছিলোঁ। আমি প্রথমবাৰৰ বাবে মঞ্চস্থ কৰিছিলোঁ বাংলা নাটক ‘অন্যছায়া'ৰ অনুবাদ। নাটকখনৰ নাম দিছিলোঁ— 'সেই মানুহজন'। শিৱ ঠাকুৰ ছাৰে নাটকখন পৰিচালনা কৰিছিল। তাৰ পিছৰে পৰা আৰম্ভ হৈছিল আমাৰ ধাৰাবাহিক নাট্যচর্চা।” অতীতলৈ উভতি গৈছিল ভাইমনদা। ৰোমন্থন কৰিছিল নাটকৰ সৈতে জড়িত ভাল লগা মুহূৰ্তবোৰ। “দেৱৰাজ ৰয় কলেজত বি এছ চি পঢ়ি থাকোঁতে কলেজ উইকত আমি নাটক কৰিছিলোঁ। আমাৰ ব’টানীৰ ছাৰ শিৱপ্ৰসাদ ঠাকুৰৰ নাটক। মই আছিলোঁ প্রম্পটাৰ। নাটকখন মঞ্চস্থ কৰাৰ দুদিন আগতে মোৰ স্থান সলনি হ'ল। ছাৰে ক'লে— 'তুমি অভিনয় কৰিব লাগিব। তুমি পাৰিবা, বুজিছা...।' প্রম্পটাৰৰ আসনৰ পৰা ছাৰে দিয়া উৎসাহৰ বাবেই অভিনেতাৰ আসনত বহিলোঁ। প্ৰম্পটাৰ আছিলোঁ যেতিয়া সংলাপবোৰ প্ৰায় মুখস্থ হৈয়েই গৈছিল। দিগদাৰ অনুভৱ কৰা নাছিলোঁ। নাটকখন শেষ হোৱাৰ পিছত দীঘলকৈ উশাহ এটা লৈ চিঞৰি দিছিলোঁ— “উঃ ৰক্ষা! পিছদিনাখন প্ৰতিযোগিতাৰ ৰিজাল্ট ওলাল। মই আচৰিত। মোৰ নামটো আছিল যুটীয়াভাৱে মোৰ বন্ধু ৰাণা গগৈৰ সৈতে শ্রেষ্ঠ অভিনেতাৰ তালিকাত। মোৰ আত্মবিশ্বাস বাঢ়িল। শ্রেষ্ঠ অভিনেতাৰ সেই বঁটাটোৱে মোৰ যেন বিশ্বাস দিলে— অভিনেতা হ’ব পাৰিম। মই গোলাঘাটৰ নাটকত ওতপ্রোতভাৱে অভিনেতা হিচাপে জড়িত হৈ পৰিলোঁ। কিন্তু সংগীতক বাদ দিব পৰা নাছিলোঁ। কাৰণ মই আছিলোঁ সংগীতৰহে ছাত্র। তেতিয়া গোলাঘাটত সংগীতৰ ভাল পৰিৱেশ আছিল। দুখনকৈ নাম কৰা সংগীত মহাবিদ্যালয় আছিল। মোৰ দুয়োজনী বাইদেৱে সংগীত শিকিছিল। মাই হেঁচা দিলে— ময়ো কিবা এটা শিকিব লাগে। মই গোলাঘাটৰ বিশেষ সংগীত মহাবিদ্যালয়খনলৈ নগ'লোঁ, যিখনত বাইদেউহঁতে শিকিছিল। মোমাইদেউ প্রদীপ চলিহাৰ অজন্তা কলামণ্ডলত তবলা শিকিবলৈ গ'লোঁ। এতিয়াৰ নৃত্যপটীয়সী ইন্দিৰা পি পি বৰায়ো তেতিয়া অজন্তা কলামণ্ডলত নাচিছিল। দেওধনী, বিহু আদি দলীয় নৃত্যত ল’ৰা কম হোৱাৰ বাবে আমাকো নাচিবলৈ লগাই দিছিল। সেই সময়তে আমি দেখিছিলোঁ ফিলিম মেকফার্লিন ছাৰক। তেওঁ গুণী-জ্ঞানী সংগীতজ্ঞসকলৰ ভিতৰৰ এজন। প্রাচ্য আৰু পাশ্চাত্যৰ বাদ্যযন্ত্ৰসমূহ খুব সুন্দৰকৈ বজাইছিল। ছাৰে গোলাঘাট সংগীত বিদ্যালয়ত বাদ্যযন্ত্ৰৰ শিক্ষা দিছিল। ছাৰৰ প্ৰতি আকৰ্ষিত হৈ ময়ো মেণ্ডোলিন শিকিবলৈ তাতেই নাম লগালোঁ। পিছত গীটাৰো শিকিছিলোঁ। গীটাৰৰ শিক্ষা দিছিল মোৰ এজন বন্ধু মেজেন চাংমাই। সেই সময়ত যোৰহাটত এটা অর্কেষ্ট্রা গ্রুপ আছিল। মূল শিল্পী দুগৰাকী আছিল জিতু-তপন। সেই গ্রুপটোৰ জনপ্ৰিয়তা দেখি আমিও এটা গ্রুপ খুলিলোঁ। নাম দিলোঁ ইক'। আমাৰ গ্ৰুপটোত বাবুল নাগ, মেজেন চাংমা, ৰবীন দে’ আদিৰ লগতে পিছৰ সময়ত আমাৰ সৈতে মেক-আপ মেন হিচাপে কাম কৰা যোগেন দাসো আছিল। বিভিন্ন ঠাইত আমি সংগীতৰ অনুষ্ঠান কৰোঁ। মাননি আদিৰ কথা নাছিল। প্ৰ'গ্ৰেম কৰিব পাৰিলেই হ'ল। ইমানেই।" ভাইমনদাই কৈছিল-- "সেই যে মই শ্রেষ্ঠ অভিনেতা হৈছিলোঁ, তেতিয়াৰ পৰাই ছাৰে (শিৱপ্ৰসাদ ঠাকুৰে) তেওঁৰ প্ৰায়কেইখন নাটকতে মোক কামত লগাবলৈ ল’লে। ছাৰৰ নাটকত মিউজিক দিয়াৰ সুবিধাও পালোঁ। মিউজিক দিছিলোঁ ৰেকৰ্ড প্লেয়াৰৰ সহায়ত। কামটো আছিল আজিকালি ‘ডি জে’বোৰে যে কৰে, ঠিক তেনেধৰণৰ।” সন্দেহ নাই, সংগীতেই ভাইমনদাক শিৱপ্ৰসাদ ঠাকুৰৰ ওচৰ চপাই নিছিল। বিশেষভাৱে। সম্ভৱতঃ সেই কাৰণেই নলীন দুৱৰাক পৰিচালক হিচাপে লৈ শিৱপ্ৰসাদ ঠাকুৰে যেতিয়া ‘মমতা’ৰ কাম হাতত লৈছিল, ভাইমনদাকো সংগীতৰ কামত লগাইছিল। আৰু পৰৱৰ্তী সময়ত ব্যস্ত হৈ পৰিছিল জনপ্রিয় পৰিচালকগৰাকী চিত্রনাট্যকাৰ, সহকাৰী পৰিচালক হিচাপে। (আৰু আছে/ ২০০২/ 'আজি'ৰ পৰা)

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...