ডক্তৰ বেজবৰুৱা' অসমীয়া চিনেমাৰ এটা ‘টার্ণিং পইণ্ট’। অসমীয়া চিনেমাৰ ‘বজাৰ চিন্তা’ আৰম্ভ হৈছিল এই চিনেমাখনেৰে। ‘বজাৰ চিন্তা’ মনত ৰাখিয়ে চিনেমাখনৰ কাহিনী নির্বাচন কৰা হৈছিল,ডক্তৰ বেজবৰুৱা' অসমীয়া চিনেমাৰ এটা ‘টার্ণিং পইণ্ট’। অসমীয়া চিনেমাৰ ‘বজাৰ চিন্তা’ আৰম্ভ হৈছিল এই চিনেমাখনেৰে। ‘বজাৰ চিন্তা’ মনত ৰাখিয়ে চিনেমাখনৰ কাহিনী নির্বাচন কৰা হৈছিল, পৰিচালনা শৈলী-চিত্রগ্রহণ ‘চিন্তা’ পৰিৱৰ্তন কৰা হৈছিল। এই কথা অনুভৱ কৰিছিলোঁ ‘ৰূপকাৰ’ আলোচনীত চিনেমাখনৰ চিত্ৰনাট্য পঢ়ি। ‘ক’লা-বগা’ এই অসমীয়া চিনেমাখনৰ আন এটা উল্লেখযোগ্য দিশ হ’ল— প্ৰথমবাৰৰ বাবে সম্পূর্ণ চিত্ৰগ্ৰহণ অসমত, কেৱল অসমীয়া শিল্পীৰ দ্বাৰা কৰোৱা হৈছিল। ক'ব পাৰি অসমীয়া চিনেমা নিৰ্মাণৰ ‘থলুৱা ভেটি’ নিৰ্মাণ কৰিছিল চিনেমাখনৰ পৰিচালক, চিত্রনাট্যকাৰ ব্ৰজেন বৰুৱাই। পৰিচালকৰ নিৰ্দেশত চিত্ৰগ্ৰহণকাৰী সুজিত সিংহই বাস্তৱিক লোকেচনত (অসমৰ ঘৰ-দুৱাৰতে) চিত্ৰগ্ৰহণ কৰিছিল। স্বাভাৱিকতে এই চিত্ৰগ্ৰহণ ব্যৱস্থাৰ বাবে আৰু চিনেমাখনৰ সম্পূৰ্ণ ‘নির্মাণ পর্ব’ অসমত সম্পূর্ণ কৰা বাবে ‘বাজেট’ কম হৈছিল। ব্যৱসায়িক দিশত সফল হৈছিল। চিনেমাখনৰ প্রযোজক ‘ৰংঘৰ চিনে প্ৰডাকচন’ৰ লাভ হৈছিল। '‘বাজেট'ৰ স্পষ্ট তথ্য পোৱা নাযায়। ‘অসম বাণী’ত ব্ৰজেন বৰুৱাই কোৱা ‘তথ্য’ এটা প্রকাশ পাইছিল। ‘লাভৰ পৰিমাণ ৮০ শতাংশ...'।
বিশ্লেষণ কৰিলে স্পষ্ট হয়— ‘ডক্তৰ বেজবৰুৱা'ৰ সফলতাৰ মূল কাৰণ কাহিনী আৰু কাহিনী কোৱাৰ কৌশল। প্ৰথমটো ছিকুৱেন্সৰ পৰায়ে পৰিচালকে ‘নির্মাণ’ কৰিছে— কৌতুহল। চিনেমাখনৰ গতি দ্রুত নহয়। গতিত প্রশংসা কৰিব পৰা ছন্দও নাই। গতিত ভাৰসাম্য ৰক্ষাত ব্যৰ্থতা স্পষ্ট। দ্রুতবেগী থ্রিলাৰৰ বিপৰীতে আবেগিক ছিকুৱেন্সৰ গতি মন্থৰ। কিন্তু ‘গল্প’ কোৱাৰ কৌশলৰ বাবে চিনেমাখন দৰ্শকৰ বাবে আমনিদায়ক হোৱা নাই। এইখিনিতে উল্লেখ কৰিব পাৰি সাধাৰণ ‘ক্রাইম থ্রীলাৰ’ আছিল যদিও অসমীয়া চিনেমাৰ দৰ্শকৰ বাবে ‘নতুন’ আছিল। চিনেমাখনৰ ‘নায়ক’ক দেখা যায় দ্বৈত চৰিত্ৰত। এজন ক্রিমিনেল, আনজন বিলাত ফেৰৎ ডাক্তৰ। দুয়োটা 'চৰিত্ৰ'ৰ ‘চিনেমেটিক কাৰবাৰ'ৰ মাজত পদালৈ আহে সেন্দূৰীকণা গাঁৱৰ, দুখৰ মাজত ককবকাই থকা জেউতিৰ কাহিনী। বিলাত ফেৰৎ ডাক্তৰ বেজবৰুৱাৰ ক্লিনিক নির্মাণ চলি আছে। বেজবৰুৱাৰ বন্ধু ললিত দুৱৰা আহিছিল; ‘ক্লিনিক’ চাবলৈ। হঠাতে, সেই দিনা দুৱৰাৰ তিনি বছৰীয়া সন্তান মন্তিৰ মৃত্যু হয়, নির্মাণ কার্য চলি থকা ‘ক্লিনিক’খনৰ ওপৰৰপৰা পৰি।
সেইদিনা সেন্দূৰীকণা গাঁৱৰ জেউতিৰ স্বামী নাৰায়ণ ভূঞাৰ ভৰি ভাগিল। ভূঞাক নিবলৈ গাঁৱৰ পৰা পত্নী আহে। আঢ়ৈ বছৰীয়া পুত্ৰক লৈ। নাম দীপ। নামটো হাতত টাটু কৰি লিখি থোৱা দর্শকে দেখে। দীপক ললিত দুৱৰাই হাস্পতালৰ বাৰাণ্ডাৰপৰা চুৰি কৰি লৈ যায় পত্নীৰ উকা কোলা পূৰ কৰিবলৈ। ‘টাটু’ কৰা যে আছিল দীপ, সেই ‘দীপ’ৰ আগত ‘প্ৰ’ বহুৱাই দিয়ে।
প্রদীপ ডাঙৰ হয়। বন্ধুৰ ঘৰলৈ ফুৰিব যাওঁতে ভাগৰুৱা প্ৰদীপক বয়সিয়াল মানুহ এগৰাকীয়ে খাবলৈ দিয়ে। ‘দৰ্শকে' ঠিকেই বুজি পায়— প্রদীপক খাবলৈ দিছে প্রকৃত মাতৃয়ে। কিন্তু চৰিত্ৰ দুটাই পৰস্পৰক চিনি নাপায়। কাহিনী আগবাঢ়ে। পালিত মাতৃ ৰেণু দুৱৰাই প্ৰদীপক হেৰুওৱাৰ ভয়ত চক্রান্ত কৰি জেউতিক পুলিচ হাজোতত বন্দী কৰায়।
কাহিনী আগবাঢ়ে। ডাক্তৰ বেজবৰুৱাৰ ঘৰত দাগী এজন সোমায়। সোঁ বাহুত গুলীৰ ক্ষত চিহ্ন। আৰু সেই দিনাই ডাক্তৰ বেজবৰুৱাৰ জীৱনলৈ বিৰাট পৰিৱৰ্তন আহে। ডাক্তৰ বেজবৰুৱাই বাকদত্তা মণিকাক হত্যা কৰে, চম্পাক অপৰহণ কৰে ইত্যাদি। পুলিচে ডাক্তৰ বেজবৰুৱাক গ্ৰেপ্তাৰ কৰে। কাহিনী শেষ কৰে ‘বেয়া নায়ক’ৰ বেয়া ফল, ‘ভাল নায়ক’ৰ ভাল ফল আৰু মিলনেৰে।
সংগীত : ‘ডক্তৰ বেজবৰুৱা'ৰ গীত আজিৰ তাৰিখতো জনপ্রিয়। চিনেমাখনৰ সংগীত ৰমেন বৰুৱাৰ। বিহুসুৰীয়া গীত প্ৰথমবাৰৰ বাবে ‘চিনেমা’ত ব্যৱহাৰ কৰি সংগীত জগতলৈ পৰিৱৰ্তন আনে, নতুন ঢৌৰ সৃষ্টি কৰে। জনপ্রিয় হয় ‘মইনা কোন বিধাতাই সাজিলে, তোমাৰ পদুম চকুটি...' (গীতিকাৰ : ব্ৰজেন বৰুৱা), ‘ফুল ফুল ফুলে মেলিলে পাহি...' (গীতিকাৰ : এলি আহমেদ), ‘কি নাম দি মাতিম...' (গীতিকাৰ : নিৰ্মলপ্ৰভা বৰদলৈ)। গীতকেইটাত কণ্ঠদান কৰিছিল দ্বীপেন বৰুৱাই। চিনেমাখনেৰে আত্মপ্রকাশ কৰি দ্বীপেন বৰুৱাই গায়কীৰে, ৰমেন বৰুৱাই সুৰেৰে ‘অসমীয়া সংগীত’ৰ এটা ‘নতুন যুগ’ৰ সৃষ্টি কৰিছিল।
— এইখিনিতে উল্লেখ কৰিব পাৰি দ্বীপেন বৰুৱা, নিৰ্মলা মিশ্ৰই কণ্ঠদান কৰা ‘কি নাম দি মাতিম...’ অসমীয়া চিনেমাৰ প্ৰথম ৰোমান্টিক গীত। ফুল-পখিলা, সেউজীয়া আৰু নায়ক-নায়িকাক ফ্ৰেমত লৈ চিত্ৰায়ণ কৰিছে গীতটো। নায়িকাৰ মৰম দিয়া-লোৱা ফুল- পখিলাক প্রতীক হিচাপে ব্যৱহাৰ কৰিছে, কেমেৰাৰ ভাষাক গুৰুত্ব দি।
অভিনয় : দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল নিপন গোস্বামীয়ে। অন্যান্য চৰিত্ৰত অভিনয় কৰিছিল ব্ৰজেন বৰুৱা, মেঘালী দেৱী, তৰুণ দুৱৰা, ৰঞ্জনা বৰদলৈ, ৰেণু শইকীয়া, প্রবীণ বৰা, প্রতিভা ঠাকুৰ, সত্যেন চৌধুৰী, ৰবীন বৰুৱা, ৰেণু বৰুৱা, তিলক দুৱৰা আদিয়ে। ‘চৰিত্ৰ’ নিৰ্মাণত পৰিচালকে বিশেষ গুৰুত্ব দিয়া যেন নালাগে। ৭ নৱেম্বৰ, ১৯৬৯ত চিত্ৰগৃহলৈ অহা চিনেমাখনত পৰিচালকে গুৰুত্ব দিছিল কাহিনী কোৱাত।
শেষত : ব্যৱসায়িক সফলতাক বাদ দি ধাৰাবাহিক ‘চিনেকৰ্ম’ অসম্ভৱ। ‘ডক্তৰ বেজবৰুৱা’ৰ সফলতাই অসমীয়া চিনেমাৰ প্ৰযোজকক সাহস দিছিল আৰু এই সফলতাৰ বাবেই চিনেমাৰ সংখ্যা বাঢ়িছিল। সত্তৰ-আশীৰ দশক দুটা অসমীয়া চিনেমাৰ সোণালী যুগ হিচাপে চিহ্নিত হৈছিল। এই চিনেমাখনে ১৯৬৭ চনত শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাও লাভ কৰিছিল। (গুৱাহাটী, ১৯৯২/ পদ্ম বৰকটকী পম্পাদিত 'ইস্তাহাৰ'ত প্ৰকাশিত।)
উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে। ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন