সরাসরি প্রধান সামগ্রীতে চলে যান

১৭ জানুৱাৰী। শিল্পী দিৱস। ১৯৫৩ চনৰ ১৭ জানুৱাৰী ৰ পৰা প্ৰতি বছৰে উদযাপন কৰা হৈছে।এই দিনটো। আজিও উদযাপন কৰা হব। আজিৰ পৰা আমাৰ এই জ্যোতি চৰ্চা--

Joymoti      (এক)
  "জ্যোতি ককাইদেৱে বিলাতৰপৰা লাহোৰলৈ আহি পৰিকল্পনা কৰিলে, এখন কথাছবি কৰিব। জয়মতী ষ্টুডিঅ' খুলিব ভোলাগুৰি চাহ বাগিচাত। তেতিয়া হিমাংশুৱে বোম্বেলৈ আহি ব’ম্বে ট'কীজ আৰম্ভ কৰিছে। ইফালে, সমান্তৰালভাৱে প্রমথেশ বৰুৱা নামে আন এজন অসমীয়া ল'ৰাই কলিকতাত নিউ থিয়েটাৰ আৰম্ভ কৰি 'দেবদাস' আদি কৰি গুলজাৰ কৰি পেলাইছে। এফালে ব’ম্বে ট’কীজ আৰু আনফালে প্রমথেশ বৰুৱা। ইফালে ভোলাগুৰিত অকলে জ্যোতিপ্ৰসাদ। লাহোৰত টেক্‌নিচিয়ান বন্দোৱস্ত কৰি আহিল। লগতে ছাউণ্ড ছিষ্টেমো অসমলৈ লৈ আহিল। কেঁচা ফিল্মখিনি তেতিয়া কলিকতাৰ পৰা জাহাজত বৰফেৰে ঢাকি আনিব লগা হৈছিল। 'ফ্রিজ' নাছিল। সেয়ে, বিশ্বনাথ চাৰিআলিত আহি জাহাজ ৰওঁতে ৰওঁতে বৰফ গলি শেষ। তেতিয়া তাতে এটা গেৰেজত জ্যোতি ককাইদেৱে ৰসায়নাগাৰ এটাও কৰি ল'লে। অকল সেইটোৱেই নহয়। তাৰ পাচত, আহোমৰ দিনৰ পুৰণি কীৰ্ত্তিচিহ্নসমূহ গোটাই ভোলাগুৰি চাহ বাগিচাত এটা ডাঙৰ মিউজিয়ামৰ দৰে কৰি ল'লে। কাৰণ, সেইবিলাক ছবি কৰোঁতে দৰকাৰ হ'ব। সেই কালত ৰংঘৰ, কাৰেংঘৰৰ বাহিৰে অন্য সাধাৰণ মানুহৰ ঘৰ কেনে ধৰণৰ আছিল। খেৰিঘৰেই আছিল, নে গড়গাঁৱৰ ওচৰত পোৱা চুণ-চুৰুকীৰে সজা, তাৰ কোনো নিদর্শন নাছিল। সেয়ে, আৰ্টৰ দিশৰপৰাই কল্পনাৰে এইবিলাক ৰচনা কৰাৰ পৰিকল্পনাও ল’লে। ৰূপচর্চ্চাৰ মন্দিৰৰ নিচিনা কৰি তাক 'চিত্রবন' নাম দিলে আৰু সেইটোক এটা ইনষ্টিটিউটৰ নিচিনা কৰি পেলালে। ইয়াৰপৰাই 'জয়মতী'খন ১৯৩৩ চনত কৰিলে।" -- ভূপেন হজৰিকা লিখিছিল। এই তথ্য মনত ৰাখি আমি কব পাৰো পোষ্ট-প্রোডাকশনত (Post-production) প্ৰায় দুবছৰ সময় লৈছিল।
         জ্যোতি প্ৰসাদ আগৰৱালা পৰিপাটি, 'সময়' বুজা মানুহ আছিল। সংগীতসূৰ্যৰ ভাষাত "বিষ্ণুপ্ৰসাদ ৰাভা, ফনী শৰ্মাই ভয় কৰিছিল" সময়ৰ কাম সময়ত পৰিপাটিকৈ কৰি ভাল পোৱা জ্যোতি প্ৰসাদ আগৰৱালাক।
         জ্যোতিপ্ৰসাদ আগৰৱালাই কাহিনী-চিত্ৰনাট্যৰ পাছতে চিন্তা কৰিছিল "ফেক্টৰি"ৰ। কাম ক'ত কৰিব, ক'ত থাকি কৰিব। কৰ্মী সকলক ক'ত ৰাখিব। চিত্ৰগ্ৰহণৰ আগে আগে ঠিক কৰি লৈছিল কাম কৰা, চিনেকৰ্মী সকলক ৰখা স্থান। ১৯৩৩ চনত তেজপুৰৰ কলংপুৰ বালিজান নৈৰ পাৰত "চিত্রলেখা মুভিট"ন কোম্পানী'ৰ ফিল্ম-শিবিৰ "চিত্ৰবন" পৰিপাটিকৈ সজাই মুকলি কৰিছিল। ভাগে ভাগে কৰ্মী সকলক ৰখা হৈছিল। পুৰুষ-মহিলাক পৃথকে ৰখা হৈছিল। সংগীতসূৰ্যৰ লেখাত পঢ়িছিলো-- "জ্যোতিয়ে ফুনু বৰুৱা আদি বন্ধুৰ হাতত হাত মিলাই আনুষ্ঠানিকভাৱে শপত খাইছিল আৰু খুৱাইছিল এইবুলি 'আহা, আমি শপত খাওঁ যে আমাৰ ছবিত অভিনয় কৰিবলৈ অহা গাভৰুসকলৰ সম্মান আমি অটুট ৰাখিম। ভনীৰূপে সন্মান ৰাখিম।' ...” সংগীতসূৰ্যই আৰু লিখিছিল-- "পঞ্জাবৰ কলাকুশলী মেহতাৰ দলটো থাকে ডাক্তৰৰ কোৱাৰ্টাৰত। ১৯৩২-ৰপৰা 'জয়মতী'ৰ শ্বুটিং হৈছিল ভোলাগুৰিত। 'চিত্ৰবন'ৰ আৰম্ভণি সঁচাকৈয়ে ১৯৩২ চনত।" --এই তথ্য মনত ৰাখি আমি কব পাৰো নেকি, "চিত্ৰবন" পাছত, "জয়মতী"ৰ কাম আগতে আৰম্ভ হৈছিল! "জয়মতী"ৰ অভিনেতা থানুৰাম বৰাই আমাক কৈছিল, "১৯৩১ চনত  জ্যোতিপ্ৰসাদে তেজপুৰৰ বিখ্যাত  'পৰ্কী' ঘৰৰ (য'ত গান্ধী, নেহৰুও থাকিছিল) পৰায়ে 'জয়মতী'ৰ কাম আৰম্ভ কৰিছিল। ফটো উঠোৱা কাম আৰম্ভ কৰিছিল 'চিত্ৰবন' মুকলি কৰাৰ পাছত। ফটো উঠোৱাৰ আগতে আখৰা হৈছিল। দুই বছৰ আখৰা হৈছিল।..." সংগীতসূৰ্য ভূপেন হাজৰিকাৰ লেখাতো "জয়মতী"ৰ আখৰাৰ কথা পঢ়িছো-- " 'চিত্ৰবন’ত Internal phone connection আছিল। Light বহুতো। চাৰিটাকৈ কেম্প। দিনত ফেক্টৰী হয়। নিশা তাত Rehearsal চলে। নিশাৰ দৃশ্যবোৰ নিশা আখৰা কৰে। ২ বছৰ Rehearsal হৈছিল। পুৱাৰপৰা মেক আপ আৰম্ভ হয়। আকৌ, দুপৰীয়া দুই বজাৰপৰা মে'ক আপৰ শব্দ থপ্ থপ্ থপ্ থপ্ খঁহাৰ শব্দ। Special property-ৰ কক্ষকো অসমৰ জীৱন্ত যাদুঘৰ যেন লাগিছিল। ..."


                        (দুই)
জয়মতী'ৰ চিত্ৰনাট্য কৰ্ম এটা পৰ্যয়ত কৰা নাছিল জ্যোতি প্ৰসাদ আগৰৱালাই। এই কথা স্পষ্ট। উদাহৰণ:
                      (ক)
1. Fade in on title বনৰীয়া সৌন্দৰ্য্যৰ নন্দন ফুলনি নেদেখা নজনা নির্জনত আপোনাতে আপুনি বিকশি ফুলি মৰহি যোৱা লাখো ফুলকলিৰ হাঁহিৰ নিজৰাৰে ভৰপূৰ নগা পৰ্ব্বত।
Fade out
2. Fade in on -
Ext. Long shot slow panoram right and left of distant Naga Hills.
Mix to
Ext. Close view of certain part of Naga Hills with its jungles-view of several falls and vast flower fields.
Fade out
3. Fade in on title
         এই চিত্ৰনাট্য অংশ মন কৰক। কেমেৰাৰ ভাষা প্ৰয়োগৰ কথা আছে। আৰু মন কৰক--
                         ( খ) 
      ৰূপধৰা নাগবন সৌন্দৰ্য্য— অনাঘ্ৰাত সুৰভি সঁফুৰা— আপোনাতে আপুনি বিভোৰা, আপোনাতে আপোন পাহৰা— আপোনাৰ নৃত্যতেই আপুনিয়ে বিয়াকুল হোৱা— নিজৰাৰ পাৰে পাৰে, শিলনিৰ গায়ে গায়ে— দেও দি নাচি ফুৰা— চৰগী ৰাজ্যৰ বাট চিৰআনন্দ– চিৰসৌন্দৰ্য্যৰ জ্বলন্ত কণিকা— আজলী, ৰূপহী— ডালিমী।
      কোনে কয় মানৱী লয়ে হায় বনৰ সৌন্দৰ্য্যই ৰূপ ধৰি আহি ডেও দি চাপৰি বায় ।
      ৰূপ ধৰা নাগবন সৌন্দৰ্য্য অনাঘ্ৰাত সুৰভি সঁফুৰা আপোনাতে আপুনি বিভোৰা, আপোনাতে আপোন পাহৰা, আপোনাৰ নৃত্যতেই আপুনি বিয়াকুল হোৱা— নিজৰাৰ পাৰে পাৰে।
      (খ)ত চিত্ৰনাট্যকাৰ গৰাকীয়ে ছবি আকি লৈছিল। সন্দেহ নাই এয়া (ক)ৰ পূৰ্বে লিখা। কেমেৰাৰ 'চকু'ৰে যি দেখুৱাব, সেয়া নিশ্চয় নিজৰ মনৰ চকুৰে চায় 'সাহিত্য'ৰ ভাষাৰে বৰ্ণনা কৰি লৈছিল।
      'জয়মতী'ৰ আন এখন চিত্ৰনাট্য পোৱা যায়, যি খন চিত্ৰনাট্যৰ ৰচনাশৈলী নাটকৰ দৰে। কব পাৰি এই চিত্ৰনাট্য খন সংলাপ কেন্দ্ৰীক। আমি এনেদৰে কব পাৰো নেকি 'নাট্যকাৰ জ্যোতি প্ৰসাদ আগৰৱালা'ই চিনেমা খনৰ চিত্ৰনাট্যৰ বুনিয়াদ 'নাটকে'ৰে নিৰ্মাণ কৰি লৈছিল! ( 'জয়মতী'ৰ নিৰ্মাণ প্ৰক্ৰিয়া কেন্দ্ৰীক চৰ্চা পোৱা যায় বাংলা আলোচনী 'চিত্ৰপঞ্জী', 'চিনেমা জগৎ', 'নন্দন', অজয় মাহ্‌ত্ৰেৰ মাৰাঠী গ্ৰন্থ 'আজছা চিত্ৰপট', 'Filmindia'ৰ বিশেষ সংকলন আদিত।  উল্লেখ কৰা গ্ৰন্থ, আলোচনী কেইখনত 'জয়মতী'ৰ চিত্ৰগ্ৰহণকাৰীয়ে কোৱা, 'জয়মতী'ৰ চিত্ৰনাট্য কেন্দ্ৰীক 'চৰ্চা' আছে। সেই 'চৰ্চা'ৰ পৰা ধাৰণা কৰিব পাৰি জ্যোতি প্ৰসাদ আগৰৱালাই ফ্ল'ৰতো চিত্ৰনাট্যৰ কাম কৰিছিল, চিত্ৰনাট্য সলনি কৰিছিল, চিত্ৰগ্ৰহণকাৰীক বুজাবলৈ 'ৰেখা'ৰ আশ্ৰয় লৈছিল। । আগলৈ চৰ্চাৰ বাট মুকলি ৰাখি আৰু উল্লেখ কৰিলো জ্যোতি প্ৰসাদ আগৰৱালাই ১৯২২ চনত শিশিৰকুমাৰ ভাদুড়ী আৰু নৰেশ মিত্রৰ পৰিচালনাৰে নিৰ্মিত 'আঁধাৰে আলো' (The Influence of Love ) চোৱাৰ পিছৰে পৰা চিত্ৰনাট্য অধ্যয়ণ আৰু লিখাত ব্যস্ত হৈছিল। সেই সময়ত, 'আঁধাৰে আলো' খন চোৱাৰ পিছত হেনো জ্যোতি প্ৰসাদ আগৰৱালাই চিনেমা খনৰ চিত্ৰগ্ৰহণকাৰী ননি গোপাল ছান্যালক দুবাৰমান লগ কৰিছিল। চিনেমা চৰ্চা কৰিছিল। )১৭ জানুৱাৰী। শিল্পী দিৱস। ১৯৫৩ চনৰ ১৭ জানুৱাৰী ৰ পৰা প্ৰতি বছৰে উদযাপন কৰা হৈছে এই দিনটো। আজিও উদযাপন কৰা হব। আজিৰ পৰা আমাৰ এই জ্যোতি চৰ্চা--

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...