সরাসরি প্রধান সামগ্রীতে চলে যান

ছবি >>চলচ্চিত্ৰ>>কথাছবি>>চিনেমা /১

নেতৃত্বত অধ্যাপক গিলফোর্ড। আমেৰিকাৰ ক্যালিফোর্নিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক। আন ভালেমান বিষয়ৰ লগতে গবেষনা কৰিছিল বুদ্ধি (Wisdom) আৰু ধীশক্তি (Intelligence) বিষয়ত। গবেষক গৰাকীৰ মতে, "ধীশক্তি  মানুহৰ  বৌদ্ধিক শক্তিৰ সামগ্রিক আধাৰ। বুদ্ধি ধীশক্তিৰ এক অংশ। যি অংশ কৰ্মৰ মাজত স্পষ্ট হয়।" --এই কথা মনত ৰাখি কব পাৰি শৈলী নহয়, পৰিচালক এগৰাকীৰ চিনেশক্তি স্পষ্ট হয় "চিনেমেটিক" ভাষাৰ বৌদ্ধিক প্ৰয়োগত। প্ৰতিটো ফ্ৰেমতে পৰিচালকৰ চিনে ক্ষমতা লুকাই থাকে। শ্বটৰ গাণিতিক প্ৰয়োগ, শ্বটেৰে বিষয়বস্তুৰ গৰ্ভ প্ৰবেশ, শ্বটেৰে ছন্দ নিৰ্মাণত দক্ষ পৰিচালৰ পক্ষেহে দৃশ্যকাব্য সম্ভৱ, সাৰ্থক ৰূপালী গল্প সম্ভৱ। --এই খিনিতে চৰ্চাৰ অৱকাশ আছে, চিনেমা সাহিত্যৰ নহয়, চিত্ৰশিল্পৰহে (Painting)     ওচৰৰ। কেইবাটও গৱেষনাত স্পষ্ট-- প্ৰায় আঠ হাজাৰ বছৰ পূৰ্বে প্ৰাচীন স্পেইনৰ আলতামিৰা (Cave of Altamira)  গুহাচিত্ৰত ছবিক গতি দিয়াৰ তথ্য পোৱা গৈছে। কোৱা হয় এই গুহাচিত্ৰ ছবিক গতি দিয়াৰ প্ৰথম প্ৰামাণ্য দলিল। ২৮ ডিচেম্বৰ, ১৮৯৫ৰ আগলৈকে "গুহাচিত্ৰ'ৰ আৰ্হিত ছবিক গতি দিয়া পদ্ধতি জনপ্ৰিয় হৈছিল, উত্তৰণ হৈছিল। কোৱা হয় লুমেয়ৰ ভাতৃদ্বয়ৰো (Lumière brothers) প্ৰেৰণা আছিল "গুহাচিত্ৰ"। তেনেদৰে প্ৰাচীন মিছৰতো ধৰ্মীয় অনুষ্ঠান বা প্ৰাৰ্থনা ঘৰত ছবি আকি, গতিৰে গল্প কোৱা হৈছিল। এই মাধ্যমক কোৱা হয়-- Hieroglyphic. বিষয়বস্তু আছিল-- মৃত ৰজা-ৰাণী, যুদ্ধ, সৈন্য, চিকাৰ আদি। সেই শিল্পকৰ্মৰো আত্মা আছিল বিষয়বস্তু।
--হয়, বিষয়বস্তু চিনেমাৰ আত্মা। মৌলিক চিনে চিন্তাৰে, কেমেৰাৰ ভাষাৰে আত্মা স্পৰ্শ কৰিব পৰাটো, কৰিব নোৱাৰাটোৱে পৰিচালকৰ সফলতা, বিফলতা। ব্যাখ্যাৰ প্ৰয়োজন আছে বুলি নাভাবো নিৰ্বাক যুগত চিনেমাৰ ভাষা আছিল-- এটা, সকলোৱে বুজা। আৰু সেই ভাষাটো "কেমেৰা"ৰ। একাংশ চিনেপণ্ডিতে এনেদৰেও কৈ আহিছে-- সৰহ সংখ্যক বিশুদ্ধ চিনেমা নিৰ্বাক যুগৰ। নিৰ্বাক যুগৰ দুই চিনেকৰ্মী আইজেনষ্টাইন আৰু চাৰ্লি চেপলিনৰ হাততে উত্তৰণ হৈছিল বিশুদ্ধ চিনেমাৰ দুটা শৈলী। সময়ত চিনেমাৰ ভুল চৰ্চাৰ বাবে ভাৰতত নাম পাইছিল-- আৰ্ট চিনেমা, কমাৰ্চিয়েল চিনেমা। (আৰ্ট-কমাৰ্চিয়েল বিভাজনে যে ভাৰতীয় চিনেমাৰ ক্ষতি কৰিছে --এই প্ৰসংগ যথাস্থানত কেইবাবাৰো চৰ্চা কৰিছো। পুণৰ চৰ্চা অনুভৱ কৰা নাই।) বিভাজন নিৰ্বাক যুগত হোৱা নাছিল। বিভাজন স্পষ্ট হৈছিল-- ৰাজ কাপুৰ, সত্যজিৎ ৰায়ৰ সময় চোৱাত। সবাক যুগৰ এই সময় চোৱাতে চিনেকৰ্মৰ বিশুদ্ধতা ক্ৰমে হৃাস পাইছিল। "সংলাপ" কেন্দ্ৰীক চিন্তাৰে চিনেমা পৰিচালনাৰ পৰিবেশ গঢ়ি উঠিছিল। আৰু আজিৰ তাৰিখতো নিৰ্মাণ হোৱা সৰহ সংখ্যক ভাৰতীয় চিনেমায়ে "সংলাপ" কেন্দ্ৰীক চিন্তাৰ। নিৰ্বাক যুগত চলি থকা ছবিৰে (কেমেৰাৰ ভাষাৰে)
কাহিনী কোৱাৰ বিপৰীতে সবাক যুগত কথাৰে (সংলাপ) কাহিনী কোৱাত গুৰুত্ব দি আহিছে। চিনেমাত কথাৰে গল্প কোৱাৰ প্ৰৱণতা বঢ়াৰ সময়তে  "চিনেমাৰ বিশুদ্ধতা" প্ৰশ্নটো চৰ্চলৈ আহিছিল।
                 (২)
এই কথা ঠিক-- চিনেশিল্প একক নহয়। ৰং-শব্দ ইত্যাদি অলংকাৰ ব্যবহাৰ কেইবা গৰাকীও 'চিনেকৰ্মী'ৰ চিন্তাৰে হয়। কিন্তু এই কথাও ঠিক, চূড়ান্ত সিদ্ধান্ত পৰিচালকৰ; যিহেতু মিশ্রশিল্প চিনেমা পৰিচালকৰ মাধ্যম (‘Director’s Media')। গতিকে আমাৰ ধাৰণাত পৰিচলকৰ ধীশক্তিহে আলোচনাৰ বিষয় হব পাৰে চিনেমাৰ উত্তৰণ কেন্দ্ৰীক চৰ্চাত। আমাৰ ধাৰণাত প্ৰথমে চৰ্চালৈ আহিব দুটা নাম--
ছের্গেই আইজেনষ্টাইন (Sergei Eisenstein: Years active 1923–1946)  আৰু  চার্লি চেপলিন (Charlie Chaplin: Years active 1899–1976)।চিনেকৰ্মী দুগৰাকীৰ মাজত সময়ৰ দূৰত্ব আছে। চিনে চিন্তাৰো দূৰত্ব আছে। মিল-- পৰিচালক দুগৰাকীয়ে চিনেমাৰ বিশুদ্ধ ধাৰা আগবঢ়াই নিছিল দুটা ট্ৰেকত।
               (৩)
নিৰ্বাক যুগৰ মৌলিক, প্রভাবশালী ব্যক্তিত্ব চাৰ্লি চেপলিন। চাৰ্লিৰ চিনে চিন্তা আছিল স্বাধীন, একক। দৰাচলতে একক বাবেই স্বাধীন। চাৰ্লিয়ে চিনেমাৰ বিশুদ্ধতা মনত ৰাখি গল্পৰ বিকাশত গুৰুত্ব দিছিল। প্ৰায় কেইটা ৰূপালী গল্পৰ শৰীৰ হাস্যৰসৰ। হাস্যৰসৰ মাজত বিছাৰি পোৱা যায় --সামাজিক, ৰাজনৈতিক উপাদান। "দ্য গ্রেট ডিক্টেটৰ"ৰ দৰে ৰাজনৈতিক উপাদানেৰেও চিনেচিন্তা কৰিছিল। "ছিটি লাইট্‌ছ", "মডার্ন টাইমছ"ক বাদ দি আজিৰ তাৰিখতো "সম্পূৰ্ণ চিনেচৰ্চা" সম্ভৱ নহয়। চাৰ্লিৰ আন কেইটামান চিনেকৃতি-- "দ্য কিড", "এ ৱ'মেন অব পেৰিছ", "দ্য গোল্ড ৰাছ", "দ্য ছার্কাছ", "মঁছিয়ে ভের্দু", "লাইমলাইট"। "লাইমলাইট" বিশেষ চৰ্চাৰ বিষয় হৈছিল সংগীতৰ বাবে। সংগীতৰ শিক্ষা নথকা চাৰ্লিয়ে এই চিনেমা খনত  ব্যৱহাৰ কৰা সংগীতৰ বাবে "অস্কাৰ" পাইছিল, ১৯৫২ চনত। চাৰ্লিয়ে কৈছিল-- "হৃদয়ত যি আছে, সেয়া মগজুত সোমাই লোৱাৰ বাবে শিক্ষাৰ প্ৰয়োজন আছে বুলি ভাবিব পৰা নাই। মোৰ মগজুৰ চিনেমাই হৃদয় পাইগৈ! হৃদয়ত থকা সংগীতত পৰেগৈ। কাৰীকৰি কামৰ সময়ত মগজুক কষ্ট নিদিয়াকৈ হৃদয়েৰে কৰিছিলো। মই যি কৰো, মগজুৰে কৰা নহয়, হৃদয়েৰে কৰা।"

বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন আছিল চাৰ্লি চেপলিনৰ ঘনিষ্ট বন্ধু। "চিটি লাইট্‌ছ" চিনেমা খনৰ প্ৰিমিয়াৰ শ্ব'ৰ দিনা বিজ্ঞানী বন্ধুক লৈ চিত্ৰগৃহত প্ৰবেশ কৰাৰ সময়ত "দৰ্শক"ৰ আগ্ৰহ তুংগত উঠিছিল। আৰু সেই সময়ত বিজ্ঞানী বন্ধুক চাৰ্লিয়ে কৈছিল-- "দৰ্শকৰ এই আগ্ৰহ, উত্তেজনা আমাৰ বাবে। আপোনাৰ বাবে, আৰু মোৰ বাবে। আগ্ৰহৰ কাৰণ কি জানে-- আপোনাৰ মেধাশক্তি ইয়াত উপস্থিত থকা কোনো এজনেও নুবুজে, আৰু মোৰ কাম সকলোয়ে বুজে।"
"এই বুজা-নুবুজাৰ কাৰণ মোক বুজোৱা চোন!" --এলবাৰ্ট আইনষ্টাইনে কৈছিল।
"তেনেই সহজ-- আপোনাৰ কাম মগজুৰে কৰা, মোৰ কাম হৃদয়েৰে কৰা। দৰ্শকে 'কাম' অনুভৱ কৰে হৃদয়েৰে। হৃদয়ৰ পৰা হৃদয়লৈ দূৰত্ব কম।" --চাৰ্লিয়ে কৈছিল। আৰু তেতিয়া বিজ্ঞানী বন্ধুৱে চাৰ্লি চেপলিনক কৈছিল-- "বন্ধু তোমাৰ ধাৰণা শুদ্ধ নহয়। তুমিয়ো বিজ্ঞানী, ছবিক গতি দি দৰ্শকক নতুন নতুন চিন্তাৰ বাট মুকলি কৰি দিছা। চিন্তাৰ অৱকাশ দি মগজুৰ কচৰৎ কৰাৰ সুযোগ দিছা। তুমিতো বন্ধু মগজু নিৰ্মাতা! আৰু তুমি যি কাম হৃদয়েৰে কৰা বুলিছা, সেই কামতে আমি অনুভৱ কৰো তোমাৰ ধীশক্তি।" (আৰু আছে)চাৰ্লি চেপলিন- আইজেনষ্টাইন by: Utpal Mena

মন্তব্যসমূহ

Other posts

চিনেবোদ্ধা, চিনেযোদ্ধা আৰু অসমীয়া 'চিনেমা নোচোৱা' সীমান্ত শেখৰ /২

উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? উৎপল বৰপূজাৰী,জাহ্নু বৰুৱা, বিতোপন বৰবৰা, যদুমনি দত্ত, ৰীমা দাসক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষৰ দায়িত্ব দিব নোৱাৰাৰ কাৰণ কি? ৰাজ্যৰ লগতে দেশ-বিদেশৰ চিনেমাৰ অনুভৱ থকা এই নাম কেইটা উদাহৰণ মাত্ৰ। 'চিনেমা' জনা ( নিৰ্মাণ, বজাৰ, মহোৎসৱ ইত্যাদিৰ দখল থকা) লোকৰ আকাল অসমত আছে বুলি নাভাবো। এই কথা স্পষ্ট 'অসমীয়া চিনেমা'ৰ 'উন্নয়ন'ৰ বাবে অসমীয়া চিনেমাৰ লগতে 'দেশ-বিদেশৰ চিনেমা' জানিব লগিব। অধ্যয়ণ কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে।  ( যদি অধ্যক্ষ গৰাকীৰ কাম কেৱল চহী কৰা, তেতিয়া হ'লে বেলেগ কথা! তেতিয়া আমি জানিব বিছাৰিম-- অধ্যক্ষ গৰাকীয়ে কাৰ নিৰ্দেশত চহী কৰে?) চৰ্চ হৈছে --অধ্যক্ষৰ আসনত বহুওৱা সীমান্ত শেখৰে কোনোবা ইণ্টাৰভিউত হেনো কৈছিল অসমীয়া চিনেমা নাচাওঁ বুলি! যদি এয়া সত্য, স্বাভাবিকতে কব লাগিব --অসমীয়া চিনেমা নোচোৱা অধ্যক্ষ এগৰাকীৰ নেতৃত্বত অসমীয়া চিনেমাৰ উত...

ভূপেন হাজৰিকা, চিনেমা আৰু চিনেমাৰ জাল /৯

Bhupen Hazarika "এৰা বাটৰ সুৰ"-এ চিনে অভিজ্ঞতা দিলে ভূপেন হাজৰিকাক। চিত্ৰৰসিকে ভাল পালে, চিনেমা আলোচকেও প্ৰশংসা কৰিলে-- সেয়াই আছিল প্ৰথম চিনেকৰ্মৰ সুখ। দুখ-- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ "সুখ" আশা কৰিছিল, নাপালে। নপোৱাৰ বাবে আছৰিত হৈছিল, চিনেমা খনৰ দৰ্শক হোৱা চিনেমা আলোচক সকলো। কলিকতাৰ আলোচক সকলৰ ওচৰত ভৃপেন হাজৰিকাই নিজৰ মনৰ চিনেসুখ প্ৰকাশ কৰিছিল এনেদৰে-- "ছবি ভাল পোৱা সকলে ভাল পাইছে, আপোনালোকে ভাল পাইছে। আপোনালোকৰ ভাল পোৱাই মোৰ সুখ বঢ়াইছে। আৰু ছবি কৰিবলৈ সাহস দিছে। আৰু ছবি কৰিম। 'এৰা বাটৰ সুৰ'ৰ দৰে নহয়, কিছু বেলেগ। 'এৰা বাটৰ সুৰ'-এ শিকালে, যি শিকালে সেই খিনিৰে বেলেগ কৰিম।" (উৎস: চিত্ৰবাণী, সম্পাদক: গৌৰ চট্টোপধ্যায়) প্ৰথম পৰিচালনাৰ প্ৰায় ৪ বছৰ পাছত হাতত ল'লে দ্বিতীয় খন অসমীয়া চিনেমাৰ কাম। ("মোৰ মগজুত খেলালে, মই এখন অসমীয়া ছবি কৰিম। কিন্তু মই কিন্তু নলওঁ। 'এৰাবাটৰ সুৰখন পৰীক্ষামূলক আছিল, কাহিনী নাছিল। গতিশীল সমূহ এটাই বুটলি লোৱা অভিজ্ঞতাখিনিয়েই 'এৰাবাটৰ সুৰ। এইবাৰ মই ক্লাছিক বস্তু, এটা লোৱাৰ কথা ভাবিলোঁ, যিটো গাঁৱ...

গীতটো আৰু এবাৰ শুনাবানে?

assamese singer by: Utpal Mena মহাশ্বেতাই গাইছিল-- "অস্ত আকাশৰে সপোন ৰহণ সানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী। বৈয়ে যায়, বৈয়ে যায়, বৈয়ে যায়..." মঞ্চলৈ উঠি আহিয়ে স্বনামধন্য ভাৰতীয় সৰোদবাদক তথা শাস্ত্রীয় সঙ্গীতজ্ঞ আমজাদ আলী খানে কৈছিল, মহাশ্বেতা গীতটো আৰু এবাৰ শুনাবানে? শুনাইছিল। তন্ময় হৈ শুনিছিল সংগীত নক্ষত্ৰই। ২৪ ছেপ্টেম্বৰ। নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত মোৰ ভূপেন হাজৰিকা প্ৰকল্পৰ দ্বিতীয় খণ্ড "Bhupen Hazarika Volume II"  উন্মোচন কৰিছিল সংগীত নক্ষত্ৰ আমজাদ আলী খানে। এই অনুষ্ঠান মুকলি কৰা হৈছিল মহাশ্বেতাই গোৱা "ভূপেন্দ্ৰ সংগীত"টোৰে।  এই যে গীতটো গাইছিল তাৰ আগলৈকে মহাশ্বেতা নামৰ গায়িকা গৰাকীক আমিয়ো জনা নাছিলোঁ। শুনিছিলো মাত্ৰ। ইউটিউবত। কিন্তু ইমান সুন্দৰ সাংগীতিক অনুভৱ কৰা নাছিলোঁ, মঞ্চত "অস্ত আকাশৰে সপোন..." শুনাৰ আগলৈকে। ১৯৫৮ চনতে সুধাকণ্ঠই শব্দ-সুৰেৰে ৰচনা কৰা এই গীতত আকৌ এবাৰ অনুভৱ কৰিছিলোঁ "লুইতৰ অস্ত ৰবিৰ সৌন্দৰ্য", "দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস", "জীৱনৰে দিগন্ত অপাৰ" ইত্যাদি। পাছত মহাশ্বেতাক সুধিছিলোঁ--...

The Seventh String

" The Seventh String by: Utpal Mena "The Seventh String" (দ্যা চেভেন্থ ষ্ট্ৰিং) --নাট্যকৰ্মী বাহাৰুল ইছলামৰ চিনেকৰ্ম। চিনেমা খনৰ লেখক বৰ্ষা বাহাৰ। নাট্যকৰ্মী বাহাৰুল ইছলামৰ তনয়া বৰ্ষা বাহাৰে ইংৰাজিত লিখা এটা চুটি গল্প চিনেমা খনৰ শিপা। --চিনেমা খনত লেখক বৰ্ষা বাহাৰ এটা "চৰিত্ৰ'লৈ ৰূপান্তৰ হৈছে, যিটো "চৰিত্ৰ" (নিষ্ঠা কাশ্যপ) চিনেমা খনৰ মূল বিন্দু, যিটো বিন্দুৰ সৰল ৰৈখিক গতিয়ে আকাৰ দিছে এটা কাহিনীৰ। "বাস্তৱবাদ"ৰ ওচৰৰ কাহিনী, বাস্তৱ অভিনয় (realistic acting) -ৰে নিৰ্মাণ কৰা ৰূপালী গল্পৰ। শীৰ্ষ বিন্দু (climax)-ৰ পৰা গতি কৰিছে নিষ্ঠা কাশ্যপ বিন্দুটো। নিষ্ঠাই মৃত্যু বিচাৰিছে। হাতৰ শিৰা কাটি চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা নিষ্ঠাৰ। এই প্ৰথম বিন্দুটো পৰিচালকে ঠিয় কৰাইছে কেমেৰাৰ ভাষাৰে। কাট কাট-- কেইটা মান শ্বটেৰে। চিনেমেটিক কাৰবাৰত --উত্তেজনা। দৰ্শকক ভাবিবলৈ সময় দিয়া নাই। উত্তেজনাৰ মাজত সোমাবলৈ বাধ্য-- দৰ্শক। আৰু যেতিয়া দৰ্শক উত্তেজনাৰ পৰা মুক্ত হৈছে কাহিনীয়ে আকাৰ লৈ গতি কৰিছে। কাহিনীয়ে দৰ্শকক বন্দী কৰিছে। --ৰূপালী গল্পটো আৰম্ভ হৈছে মুম্বাইত। লো...