Joymotiজ্যোতি চৰ্চা
(৩)
জ্যোতি প্ৰসাদ আগৰৱাল 'মন-চিন্তা' অনুভৱ কৰিব পাৰি নাটকৰ মাজত। ৰচনা কৰা নাটকৰ মাজত। কল্পনাৰ ঘোড়াত উঠি মনিমুগ্ধৰ দৰে সৌন্দৰ্য অনুভৱ কৰে শিপাত খামোচি। সংলাপেৰে সপোনৰ ছবি আঁকে মাটিত থাকি। চিনেকৰ্মতো মাটিত থাকি সপোনৰ চৰিত্ৰবোৰ নিৰ্মাণ কৰিছিল। কথা প্ৰসংগত "জয়মতী"ৰ অভিনেতা থানুৰাম বৰাই কৈছিল--"আমি বহি আছোঁ। আখৰালৈ মাতিছিল। জ্যোতিদেউ ভাবত বিভোৰ। নৰেন বৰদলৈয়ে ভয়ে ভয়ে সুধিলে--'কিবা চিন্তাত পৰিছে নেকি? আখৰা নহব নেকি?'
'আখৰা হব। চৰিত্ৰ কেইটামানহে সলনি হব। সলনি কৰিব লাগিব। ছাঁয়াছবিৰ চৰিত্ৰ, সংলাপ নাটকৰ দৰে হ'লে নহব। বাস্তৱ হব লাগিব। গদাপাণিৰ ভাওত প্ৰভাত শৰ্ম্মাক ভাল নালাগিব। প্ৰভাত শৰ্মাতকৈ ফুনুকহে বাস্তৱৰ গদাপাণি যেন লাগিব। প্ৰভাত শৰ্মৰ চেহেৰা ঠিকেই আছে। কিন্তু কলাফুল ফুনুৰ দৰে শকত নহয়। নগা সাজেৰে ফুনুৰ শকত-আৱত কলাফুলহে ভাল লাগিব।' --জ্যোতিদেৱে কৈছিল।
'আপুনি বাস্তৱ চৰিত্ৰ বুলিলে যে! গদাপাণিক দেখিছে জানো!' --কৌতুক কৰি নৰেন বৰদলৈয়ে কৈছিল।
'দেখা নাই। কিন্তু মোৰ কল্পনাত গদাপাণি আৰু আন চৰিত্ৰ কেইটা যেনেদৰে গঢ় লৈছে, সেয়াই মোৰ ধাৰণাত বাস্তৱ।' --গহীন মনে কৈছিল জ্যোতিদেৱে। ফুনু বৰুৱাক প্ৰথমে লালুকসোলাৰ চৰিত্ৰত অভিনয় কৰাৰ কথাহে কৈছিল।" অভিনেতা গৰাকীয়ে আৰু কৈছিল নাটক-ভাওনত কৰাৰ দৰে অভিনয় কৰিব দিয়া নাছিল। "চৰিত্ৰ"টোই বাস্তৱত যেনেদৰে কয় বা কব পাৰে, সেই দিশটো মনত ৰাখি অভিনয় কৰাৰ কথা কৈছিল। বাস্তৱ পৰিবেশ ৰচনাৰ বাবে প্ৰয়োজনত সঁচা ভালুক (পোহনীয়া ভালুক), সাপ আদি কেমেৰাৰ সম্মুখলৈ অনা হৈছিল। সংগীতসূৰ্য ভূপেন হাজৰিকাই লিখিছিল, "গদাপাণিক Rug এখন মেৰিয়াই, হাতত Dagger এখন দি ফেক্টৰীৰ ওপৰ মহলৰ পৰা নমাই আনে। সেয়া ল'ৰাৰজাই ৰাতি সপোন দেখা ছুপাৰইমপজিশ্বনৰ আখৰা। গদাপাণিৰ ওচৰত ভালুক ওলোৱা দৃশ্য পোহনীয়া ভালুক এটা লৈ কৰা হৈছিল—। কিন্তু সাপ ওলোৱা দৃশ্যটো Co incidental। নগা ল'ৰা কেইজনমানে শ্বুটিঙত অংশ গ্ৰহণ কৰিবলৈ আহিছিল। সিহঁতে বাগিচাৰ ওচৰতে প্ৰকাণ্ড ইন্দ্ৰজিৎ সাপ এটা মূৰত মৰিয়াই মাৰি জ্যোতিক দিলে। তেওঁ সেই Shot-টো সেই ৰাতিয়েই Artificial light-এৰে ল'লে। জ্যোতিয়ে অৰগেন বজোৱা দৃশ্য চাবলৈ বৰ মনোৰম। সুৰ সৃষ্টিত ব্যক্ত থাকিলে জ্যোতি আপোনপাহৰা হয়।"
--থানুৰাম বৰাৰ এই কথা, সংগীতসূৰ্যৰ এই লেখা মনত ৰাখি আমি নিশ্চয় কব পাৰো, জ্যোতি প্ৰসাদ আগৰৱালাই চিত্ৰনাট্যৰ কাম কৰাৰ সময়তে মনৰ মাজত চৰিত্ৰ নিৰ্মাণ কৰিছিল। আৰু চিত্ৰগ্ৰহণৰ আগলৈকে চৰিত্ৰ নিৰ্মাণ প্ৰক্ৰিয়া চলাই আছিল। আৰু ক'ব পাৰো, সেই সময়তে realestic acting-এৰে চৰিত্ৰ নিৰ্মাণত গুৰুত্ব দিছিল।(জ্যোতি প্ৰসাদ আগৰৱালাই লিখিছিল-- "মই ‘জয়মতী' ছবিখন আৰু তাৰ অভিনেতাক একেবাৰেই বাস্তৱিক (realistic)দৃষ্টিৰে পৰিচালনা কৰিছোঁ যিটো সকলো ইংলিছ, আমেৰিকান আৰু ৰুছীয় প্ৰথম শ্ৰেণী ফিল্মৰ লক্ষণ। সেই কাৰণে মোৰ 'জয়মতী'য়ে ৰাজসভাত বক্তৃতা দি— আন ঠাইত নানা ভাবপ্ৰৱণ বক্তৃতাৰে গোৰোহনি মৰা নাই। ধৈৰ্য্যশীলা, অল্পভাষিণী অসমীয়া সম্ভ্রান্ত বোৱাৰীয়ে নিজৰ কাৰ্য্যৰে, মৌনভাৱে, য'ত কথা ক’ব লাগে মাত্র তাতহে মাতি আৰু ঘটনাৰ মাজেদি নিজৰ কৰ্ম্মৰ দ্বাৰাই চৰিত্ৰবল দেখুৱাই যায়, সেইদৰেই 'জয়মতী কো অঁকা হৈছে।)
('ইস্তাহাৰ' প্ৰকাশ পাইছিল,মাৰ্চ-১৯৮৪ত: উৎপল মেনা)
মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন